বয়:সন্ধি সম্পৰ্কীয় বিশ্বৰ কিছুমান লোকাচাৰ
লিপিকা দাস
শৈশৱৰ দেওনা পাৰ হৈ কৈশোৰ কালত ভৰি থোৱা সময়খিনিক বয়:সন্ধিকাল নামেৰে জনা যায় ।
ষ্টেনলী হ’লে এই সময়খিনিক “ধুমুহা তথা উৎপীড়নৰ কাল” বুলি অভিহিত কৰিছে কিন্তু আমি সেই বিষয়বোৰ আজিৰ আলোচনাৰ আওতালৈ আনিব বিচৰা নাই ।
আজিৰ আলোচনাৰ মূল বিষয় হৈছে কিছুমান আশ্বৰ্যকৰ নিয়ম নীতি যিবোৰ বিশ্বৰ বিভিন্ন কোণত পালিত হৈ আহি আছে ।
কৈশোৰ কাল প্ৰাপ্তিৰ লগে লগে কিশোৰ-কিশোৰীসকলৰ দেহত কিছুমান লক্ষণে দেখা দিবলৈ লয় । যেনে:- কণ্ঠস্বৰ সলনি হোৱা, দাড়ি-গোঁফ গজিবলৈ লোৱা, শাৰীৰিক গঠনৰ পৰিৱৰ্তন হোৱা ইত্যাদি ।
এই লক্ষণবোৰ ল’ৰা-ছোৱালী উভয়ৰে ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যদিও ভাৰতবৰ্ষত পুস্পিতা হোৱাৰ পিছত ছোৱালীৰ ক্ষেত্ৰত হে তোলনি বিয়া, ব্ৰত ৰখা ইত্যাদি কিছুমান নিয়ম পালন কৰা হয় কিন্তু সেয়ে হ’লেও আমি বিশ্বৰ অন্য প্ৰান্তত ল’ৰাসকলেও নিয়ম পালিব লগা দেখোঁ । তাৰেই কিছুমান নিয়ম সম্পর্কে ইয়াত চমুকৈ আলোচনা কৰা হ’ব ।
১) ছোমালিয়া আৰু ইজিপ্টৰ নিয়ম অনুসৰি পুস্পিতা হোৱা ছোৱালীসকলৰ যোনি চিলাই কৰি দিয়া হয় যাতে বিয়াৰ পূৰ্বে তেওঁলোক কোনোধৰণৰ শাৰীৰিক সম্পৰ্কত লিপ্ত হ’ব নোৱাৰে আৰু বিয়াৰ পিছত একমাত্ৰ স্বামীৰ হাততহে যাতে তেওঁলোকৰ কুমাৰীত্ব নাশ হয় ।
২) ব্ৰাজিলৰ উৱাপেছসকলৰ মাজত প্ৰচলিত প্ৰথা অনুযায়ী প্ৰথমবাৰৰ বাবে মাহেকীয়া হোৱাৰ লগে লগেই ছোৱালীজনীক উলংগ কৰি মাজ পথলৈ উলিয়াই আনি অসহনীয়ভাৱে তেতিয়ালৈ মাৰ-পিট কৰা হয় যেতিয়ালৈ ছোৱালীজনী মৰি নাযায় নাইবা কোব সহিব নোৱাৰি মাটিত পৰি মূর্ছা নাযায় । ইমান মাৰ-কোব খোৱাৰ পিছতো যিবোৰ ছোৱালী জীয়াই থাকে সিহঁতকহে সতী নাৰী তথা বিবাহ উপযুক্ত বুলি ঘোষণা কৰা হয় ।
৩) পূব আফ্ৰিকাৰ বাৰাবাইগ জনজাতিৰ ল’ৰাখিনিয়ে যৌৱনপ্ৰাপ্তিৰ সময়ত মুণ্ডন কৰোৱা হয় আৰু গোটেই মুখত কিছুমান দাগ কটা হয় যাক #গৰ বুলি কোৱা হয় । এই দাগ বা চিহ্নবোৰক পুৰুষত্বৰ সূচক হিচাপে গণ্য কৰা হয় ।
৪) লুইছেনো ইণ্ডিয়ান জনজাতিৰ ল’ৰাসকলৰ যৌৱন প্ৰাপ্তিৰ কালছোৱাত ৰঙা পিপৰাৰ বিছনাৰ ওপৰত শোৱাই দিয়া হয় । বিষাক্ত পৰুৱাবিধৰ কামোৰ সহ্য কৰিও, জ্বলন-বিষত জৰ্জৰিত হোৱা স্বত্তেও যিবোৰ ল’ৰাই কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰি মৌন হৈ ৰয় তেওঁলোকক সঁচা পুৰুষ বুলি স্বীকৃতি দিয়া হয় ।
৫) নৃতত্ববিদসকলৰ অধ্যয়ন অনুসৰি পাপুৱা নিউ জিনীয়াৰ ইটোৰো জনজাতিৰ লোকসকলে বয়:সন্ধিকালত উপনীত হোৱা ল’ৰাবোৰক তেওঁলোকৰ অগ্ৰজসকলৰ বীৰ্যপান কৰোৱাৰ দৰে সমকামী কাৰ্যত লিপ্ত হোৱাৰ খতিয়ান দাঙি ধৰিছে । অগ্ৰজসকলৰ বীৰ্যপানে তেওঁলোকৰ মাজত পুৰুষত্ব বৃদ্ধি কৰে বুলি তেওঁলোকৰ বিশ্বাস ।
আজৱ বিশ্বৰ এয়া কেতবোৰ আজৱ নিয়ম নহয় নে??
[Writer Lipika Das, Assistant Teacher, Goaltuli Girls’ M.E. School, Goalpara]
[images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)