• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

ব’লক, অলপ উভতি যাওঁ

অঞ্জন শৰ্মা

by Anjan Sarma
March 27, 2023
in Poetry, Poetry, Remembrance
Reading Time: 3 mins read
0
ব’লক, অলপ উভতি যাওঁ
Share on FacebookShare on TwitterShare on LinkedIn

ব’লক, অলপ উভতি যাওঁ

 অঞ্জন শৰ্মা

ব'লক, অলপ উভতি যাওঁ

এক হাজাৰ নহয়, দুই হাজাৰ নহয়
বাৰ হাজাৰ ৰণুৱা ঘোঁৰা চেকুৰিছিল কামৰূপলৈ
কামৰূপত প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিবলৈ


হাজাৰ হাজাৰ ঘোঁৰাৰ কদমত ধূলি উৰিছিল
জয়ধ্বনিৰ প্ৰতিধ্বনিয়ে আকাশ ৰজনজনাইছিল
ইতিহাস
ইতিহাসেও লয় উশাহ, এৰে নিশাহ, ইতিহাস
নহয় মাথো এক বিচ্ছিন্ন অতীত। আজিও শুনো
হ্ৰেষাধ্বনি, অস্ত্ৰৰ ঝনঝননি, উমান পাওঁ
মাতৃভূমিৰ হাঁহি-কান্দোন-যন্ত্ৰণা-গেঙনি
যদিও
আমাৰ মনস্তত্ব উপনিৱেশিক শক্তিৰে প্ৰক্ষালিত।
ইতিহাস
আজিও জিলিকি আছে সেই অক্ষয় লিপি-

“শাকে তুৰগ যুগ্মেশে মধু মাস ত্ৰয়োদশে।
কামৰূপং সমাগত‍্য তুৰক্ষা: ক্ষয়মায়য়ুহ।”

অৰ্থাৎ,

এঘাৰশ শকৰ চ’ত মাহৰ তেৰ তাৰিখে
কামৰূপলৈ আহি তুৰ্কীবোৰ ধ্বংস হৈছিল।

হে পাঠক, ব’লক, আমি অলপ উভতি যাওঁ
ভগ্নস্বাস্থ‍্য উদ্ধাৰাৰ্থে বৈদ‍্যক দেহৰ ইতিহাস বৰ্ণোৱাৰ দৰেই
আমিও চাওঁ ইতিহাসৰ পৃষ্ঠাৰ ধূলি আতৰাই
আঠশ বছৰ পূৰ্বৰ কামৰূপৰ শৌৰ্য-বীৰ্য
যকৃৎ-হৃৎপিন্ড-মগজু-বৃক্ক।

#       #       #       #        #

আৰম্ভণিতে কৈ থও, হে সুহৃদ পাঠক মোৰ
কলমেৰে ওলোৱা শব্দবোৰ, বাক‍্যবোৰ নিজগুণে
কৰিব লাগিব সহ‍্য, লগতে মাৰ্জনাও
যিহেতু এই লেখাৰ সৰ্বাঙ্গ চিত্ৰময় নহব, নাথাকিব
অনুভৱৰ নিশ্চিত্ৰ ব‍্যঞ্জনা, চিত্ৰকল্প, উপমা, বৰ্ণনা
উৎপেক্ষাৰে নহ’ব সৃষ্টি শব্দ-বাক্যৰ অনন্য প্ৰতিমা।
অশান্ত যন্ত্ৰণাদীৰ্ণ মেজাজে পোৰা মোৰ অনুভৱ
মই শুনা হ্ৰেষাধ্বনি, জয়োল্লাস, আৰ্তনাদ, হাহাকাৰ
মৰণ-চীৎকাৰ…সকলো একাকাৰ হব মোৰ
পদ‍্যমাৰ্কা গদ‍্যত বা গদ‍্যমাৰ্কা পদ‍্যত বা শব্দৰ খিচিৰীত!

#          #          #           #

হে প্ৰিয় পাঠক,
সময়-সুবিধা বুজি আজিকালি কৰা হয়
লাচিত চৰ্চা, চিলাৰায় চৰ্চা
বহুতৰ বাবে নেহাৎ এক এৰাব নোৱাৰা আনুষ্ঠানিকতা!
মই পিছে শুনি থাকো ইতিহাসৰ বিশেষ স্পন্দন
স্পন্দনৰ অনন্য অনন্ত সুৰ
যি প্ৰাণিত কৰে মোৰ কল্পনাৰ ৰাজ্য, মোৰ মাতৃভূমি
পৌৰাণিক বীৰগাথাৰে হৈ পৰে বৰ্ণময়।
ব’লক, অলপ উভতি যাওঁ
ষোল্লশ এসত্তৰ চনত প্ৰাণত‍্যাগ কৰা লাচিতৰ
পোন্ধৰশ এসত্তৰ চনত প্ৰাণত‍্যাগ কৰা চিলাৰায়ৰ
সময়ছোৱাৰো আগলৈ উভতি যাওঁ।

#          #          #       #

আফগানিস্তানৰ তুৰ্কী-খলজ জনজাতিৰ সন্তান তেওঁ
ইখতিয়াৰ উদ্দিন মুহম্মদ বখতিয়াৰ খলজী
চমুকৈ বখতিয়াৰ খলজী
তীক্ষ্ণ সামৰিক মেধাৰে দু:সাহসী দুৰ্জেয় তেওঁ
পৰাক্ৰমেৰে, প্ৰচন্ড আক্ৰমণেৰে, বিহাৰ-বঙ্গ কৰিছিল জয়
তেজৰ নৈ বোৱাইছিল নালন্দা, ওদান্তাপুৰী, বিক্ৰমশিলাত।
তিব্বত-চীন-গ্ৰীচ-পাৰ্চিয়াৰ ছাত্ৰৰ জ্ঞানস্থলী
নালন্দা বিশ্ববিদ্যালয়
ধ্বংস কৰিছিল তেওঁ, জ্বলাই দিছিল তেওঁ
বিশ্ববিদ্যালয়ৰ আপুৰুগীয়া নব্বৈ লাখ গ্ৰন্হ
পান্ডুলিপি
তিনিমাহ নিৰ্বাপিত হোৱা নাছিল সেই অগ্নি, ধোঁৱা
তেওঁ হাজাৰ হাজাৰ বৌদ্ধক জীৱন্তে জ্বলাইছিল
তেওঁ হাজাৰ হাজাৰ বৌদ্ধৰ শিৰচ্ছেদ কৰিছিল
তেজ-ধোঁৱা-চীৎকাৰ-মৃত্যুৰ কিৰিলি, শগুণো পলাইছিল
বখতিয়াৰ খলজী
বিহাৰ-বঙ্গৰ পিছত খলজীৰ চকু পৰিছিল কামৰূপত
তেওঁৰ লক্ষ্যস্থান আছিল কামৰূপ হৈ তিব্বত, হিমালয়
হিমালয়ৰ সিপাৰৰ চীন।

বাৰশ পাঁচ চনৰ ঘটনা, বাৰহাজাৰ ৰণুৱা ঘোঁৰা লৈ
খলজীয়ে কামৰূপলৈ কৰিছিল যুদ্ধযাত্ৰা
বঙ্গৰ দক্ষিণ দিনাজপুৰৰ দেৱকোটৰ পৰা
সেয়াই আছিল কামৰূপৰ ওপৰত প্ৰথম আক্ৰমণ
মুছলমানৰ প্ৰথম আক্ৰমণ
তাকো নিষ্ঠুৰ দুৰ্জেয় বখতিয়াৰ খলজীৰ!

বাৰহাজাৰ ৰণুৱা ঘোঁৰা চেকুৰিছিল কামৰূপলৈ
পশ্চিমে তিস্তা-কৰতোৱালৈ সীমা থকা কামৰূপলৈ

ইতিহাস

অজেয় পৰাক্ৰমী দু:সাহসী খলজী প্ৰথমবাৰৰ বাবে
অকল্পনীয়ভাৱে
নিৰ্লজ্জভাৱে পৰাজিত হৈছিল তয়াময়া যুদ্ধত, কামৰূপত
কামৰূপৰ মহাযোদ্ধা ৰজা পৃথুৰ হাতত! খলজী
বখতিয়াৰ খলজী পলাইছিল কামৰূপৰ পৰা
পৃথুৰ সেই অবিষ্মৰণীয় বীৰত্বৰ সাক্ষী আজিও নীৰৱ
উত্তৰ-গুৱাহাটীৰ ঐতিহাসিক শিলসাঁকো
‘কানাই বৰশী বোৱা শিল’।

ব'লক, অলপ উভতি যাওঁ
Image: Kanai Boroxi Boa Xil by Vikramjit Kakati

শিলালিপি

‘”শাকে তুৰগ যুগ্মেশে মধু মাস ত্ৰয়োদশে।
কামৰূপং সমাগত‍্য তুৰক্ষা: ক্ষয়মায়য়ুহ।”

বাৰশ আঠাইশ চনত মৃত‍্যুবৰণ কৰা কামৰূপীয়া বীৰ
মহাযোদ্ধা পৃথু
কামৰূপত হোৱা প্ৰথম আক্ৰমণ তছনছ কৰা পৃথু
বখতিয়াৰক নিৰ্লজ্জভাৱে পৰাস্ত কৰা পৃথু
কামৰূপৰ পৃথু
ইতিহাস
পৃথু ক’ত আজি, ইতিহাস, পৃথু!?
কোনোবাই আজি বাৰু তেওঁক কৰে নে স্মৰণ?
আছেনে ক’ৰবাত পৃথুৰ দ্বিমাত্ৰিক ত্ৰিমাত্ৰিক কাল্পনিক অবয়ৱ?
ইতিহাস!
পৃথুৰ প্ৰতি কিয়ইবা এনে সচেতন অৱহেলা!
পৃথুৰ নামত নেদেখিলো এখনো স্মৰণসভা!
ইতিহাস
এই লেখাৰেই প্ৰণামিলো আজি মই মহাযোদ্ধা পৃথুক
কামৰূপৰ অৱহেলিত মহাবীৰ পৃথুক
কাৰণ নালন্দা এতিয়াও হৈ আছে ৰক্তাক্ত
ধোঁৱাময়
অসমো আজি গৌৰৱোজ্জ্বল অতীতৰ পৰা বিচ্ছিন্ন টুলুঙা ফুটা নাও
অসম উদ্ধাৰৰ বাবে এতিয়া হৈ উদ্বিগ্ন
নাৱৰ টিঙত খলজী আৰু ৰামসিংহ
বঠা হাতত লৈ
ইতিহাস, সময়ৰ কি ক্ৰুৰ পৰিহাস!

(০৯/০৩/১৯)

ব'লক, অলপ উভতি যাওঁ

27-03-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary
Remembrance

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

by PAKIJA SABNAM
May 1, 2026
0

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary Hemchandra Baruah: The Secret Revolutionary Behind the Hemkosh PAKIJA SABNAM In...

Read moreDetails
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
মই খটখটী

মই খটখটী

April 11, 2026
অসমৰ নজনা বীৰৰ কথা

অসমৰ নজনা বীৰৰ কথা

March 19, 2026
লাচিত ফুকন! লাচিত ফুকন!

লাচিত ফুকন! লাচিত ফুকন!

March 15, 2026
নাম শুনিলেই যাৰ….

নাম শুনিলেই যাৰ….

January 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d