বলি প্ৰথা
গৌতম শৰ্মা
আৱহমান কালৰে পৰা শুনি আহিছোঁ যে বলিপ্ৰথা বন্ধ হ’ব লাগে।
কিন্তু আজিকোপতি এইখন অসমতেই বলি প্ৰথা সম্পূৰ্ণৰূপত বন্ধ নহল, এককথাত কোনেও ইয়াক বন্ধ কৰিবলৈ সক্ষম নহল! যিটো দিশে আমি পৰম্পৰাৰ নামত চলাই অহা বন্য উল্লাসকেই বাৰে-বাৰে প্ৰতিপন্ন কৰি আহিছে।
সৌ সিদিনা অসমৰ নিচেই কাষতে থকা এখন ৰাজ্য ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ৰাজ্যখনত বলি প্ৰথাক নিষিদ্ধ ঘোষণা কৰা হ’ল, লগতে যিসকলে অদূৰ ভৱিষ্যতে ইয়াৰ পোষকতা কৰিব তেওঁলোকৰ বিৰুদ্ধেও আইনৰ কাঢ়া দৃষ্টি ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু অসম মূলকত অদ্যাপী সেই চিন্তা কৰাৰ মানুহ, সেই আইন প্ৰণয়নৰ কৰাৰ সপোন যেন পৰ্বতত কাছকণী বিচৰাৰ দৰেই পৰিগণিত হৈ ৰ’ল।
অৰ্থহীন বলি প্ৰথা, যাক-যজ্ঞ তথা হিংসাত্মক ধৰ্মীয় কাৰ্যৰ বিৰুদ্ধে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাতেই বুদ্ধই এই ভাৰতভূমিত এক প্ৰবল জনমত গঢ়িবলৈ সক্ষম হৈছিল। অসমতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খ্ৰীষ্টীয় ১৫ – ১৬ শতিকাতেই নৱবৈষ্ণৱ ধৰ্মীয় প্ৰচাৰৰেৰে সেই কু-কৰ্মসমূহৰ বিৰুদ্ধে প্ৰবল সংস্কাৰ আন্দোলনৰ সূচনা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল; তৎসত্বেও আমাৰ চৰিত্ৰ সলনি নহল, সঁচাই সেয়া এক গভীৰ বিচাৰ্যৰ বিষয়!
আমাৰ বোধেৰে, ধৰ্ম ৰক্ষাৰ নামত আসুৰিকতা প্ৰদৰ্শন কৰি অবোধ প্ৰাণীবোৰক বলি দি নিমিষতে হত্যা কৰা কাৰ্য কেতিয়াও নীতিগত হ’ব নোৱাৰে অথবা এয়া কোনো ধৰ্ম ৰক্ষাৰ পথো হ’ব নোৱাৰে; এয়া মাত্ৰ সমাজৰ প্ৰভাৱশালী একশ্ৰেণী লোকৰদ্বাৰা পৰিচালিত বন্য উল্লাসৰ নামান্তৰ মাথোন!
বলি প্ৰথাৰ উদ্দেশ্য যিয়েই নহওক, এই আসুৰিকতাই যে আমাৰ সভ্যতা, সংস্কৃতি, শিক্ষা, জ্ঞানলৈ ভেঙুচালি কৰি আহিছে সেই কথাক প্ৰতিজন উচ্চশিক্ষিত আৰু বিবেকৱান লোকে ভাবি চোৱা, উপলব্ধি কৰা উচিত।
এইখিনিতে এটা বিশেষ কথা উদাহৰণ হিচাপে লোৱা হওক – এখন অৰণ্যত বাঘো থাকে, হৰিণো থাকে। কিন্তু ইচ্ছা কৰিলেই বাঘে হৰিণ নধৰে, হত্যা নকৰে; যেতিয়ালৈকে বাঘৰ ভোক নালাগে। যদি বাঘে ইচ্ছা কৰিয়েই এফালৰ পৰা সকলো হৰিণ বধ কৰি গ’লহেঁতেন তেন্তে অৰণ্যত এদিন স্বয়ং বাঘেই খাদ্য সংকটত ভুগি তাৰ নিজৰেই অস্তিত্ব সংকটাপন্ন হলহেঁতেন; যিটো দিশে আমাৰ পৰিস্থিতিতন্ত্ৰ, খাদ্যশৃংখল, খাদ্যজাল তথা পৰিবেশতন্ত্ৰলৈ প্ৰবল প্ৰত্যাহ্বান নমাই আনিলে হেতেন!
ঠিক একেধৰণেই উৎসৱৰ সময়ত পৰম্পৰাৰ নামত সীমাহীন পশুধন বলি দিয়া কাৰ্যৱেও যে আমাক অৰ্থনৈতিক সংকটত পেলাই আহিছে বা আগলৈকো পেলাব, সেই কথা নিঃসন্দেহে সত্য। অথচ ধৰ্ম ৰক্ষা ব্যৱস্থাত আউল লগাৰ ভয়ত এনেধৰণৰ অৰ্থহীন আসুৰিক প্ৰবৃত্তিবোৰ সমৰ্থন কৰি আমি সেই সন্দেহাতীত সত্যতাক সদায় আওকাণ কৰি আহিছোঁ।
বলি প্ৰথা মূলতঃ এক অন্ধবিশ্বাস, ই আমাৰ সামাজিক পৰিবেশ প্ৰদূষণতো বহু শতিকাজুৰি নেতিবাচক প্ৰভাৱ পেলাই আহিছে। তদুপৰি ই আমাৰ অৰ্থনৈতিক দিশটোকো বহু পৰিমাণে দুৰ্বল কৰাত অৰিহণা যোগাই আহিছে। উৎসৱৰ বতৰত এইখন অসমতেই নিতৌ কিমান গৰু, ম’হ, ছাগলী, হাঁহ, কুকুৰা, পাৰ আদি পোহনীয়া জন্তুবোৰ বলি দিয়া হয় তাৰ খতিয়ান কোনোবাই ৰাখিছে জানো ?
সিদিনা ৩০ ছেপ্টেম্বৰৰ বাতৰিকাকতত গম পালোঁ এইবাৰ পূজাত হেনো বিলেশ্বৰ দেৱালয়ত দুকুৰিৰো অধিক ম’হ বলি দিয়া হ’ব। এই দুকুৰি ম’হৰ বজাৰ মূল্য, কিমান টকা ব্যয় কৰি এইবোৰ অনা হ’ব, কোনে ইয়াৰ লোকচানৰ ভৰিব, ইয়াৰপৰানো প্ৰকৃতপক্ষে কাৰ, কি লাভ হ’ব সেই কথা কোনোবাই ভাবি চাইছে জানো!
বহুতেই আকৌ বলি প্ৰথাৰ সপক্ষে যুক্তি দি জীৱ-জন্তু হত্যা কৰাটো যে নীতিবৰ্হিভূত নহয় তাক প্ৰতিপন্ন কৰিবলৈ যায়। কিন্তু তেওঁলোকৰ চিন্তাই, বিবেকে ঢুকি নাপায় যে আচলতে বলি প্ৰথাৰ প্ৰয়োজনীয়তানো কোনখিনিত!
সেয়েহে আজি আমাৰ এটাই বৃহৎ দাবী – জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজৰপৰা বলি প্ৰথাৰ দৰে আসুৰিক কাম-কাজবোৰ বন্ধ হ’ব লাগে; আৰু এটা কথা, সেইবোৰ তেতিয়াহে বন্ধ হ’ব যেতিয়া আপোনালোকৰ দৰে উচ্চ-শিক্ষিত, সমাজ-সংগঠক, নেতৃত্বক তথা আইন প্ৰণেতাসকলে ইয়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব, তীব্ৰ জনমত গঢ়ি তুলিব অথবা আইনী প্ৰক্ৰিয়াৰ সহায় ল’ব।
তেতিয়াহে পৰম্পৰাৰ নামত বন্য উল্লাস, ধৰ্ম আৰু উৎসৱৰ নামত সামাজিক বিশৃংখলতা, অনৈতিক, অমানৱীয় কাৰ্য-কলাপসমূহ সমূলি বন্ধ হ’ব বুলি আমি সকলোৱে আশা কৰিব পাৰিম।
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন: ৯৯৫৪০-০০২০০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)