• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বসন্ত ঋতু আৰু আমোদ-প্ৰমোদ!

দিলীপ দৈমাৰী

by Anjan Sarma
April 25, 2023
in Entertainment, Dance
Reading Time: 3 mins read
0
বসন্ত ঋতু আৰু আমোদ-প্ৰমোদ!
Share on FacebookShare on TwitterShare on LinkedIn

বসন্ত ঋতু আৰু আমোদ-প্ৰমোদ!

দিলীপ দৈমাৰী

বসন্ত ঋতু আৰু আমোদ-প্ৰমোদ

ঋতু কেইটা?

ঋতু ছয়টা।

RelatedPosts

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN

June 6, 2025
মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা

Indigenous Knowledge At The Intersection of Culture and Conservation

June 1, 2025
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

May 21, 2025

যেনেঃ

( ক) গ্ৰীষ্ম

(খ) বৰ্ষা

( গ) শৰৎ

(ঘ)হেমন্ত

( ঙ)শীত

(চ)বসন্ত

ইয়াৰে বসন্ত ঋতুৰ সময়ছোৱা –ইংৰাজী মাহ মধ্য ফেব্ৰুৱাৰীৰ পৰা মধ্য এপ্ৰিল আৰু অসমীয়া মাহ চ’ত ,বহাগত পৰে ৷ লাহে লাহে গৰম আহে ৷ গছত নতুন কুহিঁপাত ওলায় ৷ মাজে মাজে বৰষুণ হয় ৷ কুলি কেতেকী আৰু বিভিন্ন পৰিভ্ৰমী চৰাইৰ অসমলৈ আগমণ ঘতে ৷ এই সময়তে অসমীয়াৰ উলাহৰ বহাগ বিহু হয় ৷

এতিয়া ‘বসন্ত ঋতু‘ আৰু আমোদ-প্ৰমোদৰ বিষয়ে ইতিহাসৰ পৃষ্ঠাত পোৱা কেইষাৰমান কথা চমুকৈ ডাঙি ধৰিবলৈ ওলাইছো-

                 মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত ‘তাৰিখ-ই-আচাম‘ নামৰ পুথি এখন শ্বিহাব-আল-দিন-আহমদ-তালিছে লিপিবদ্ধ কৰিছিল। 

তেওঁ লিখিছিল যে ‘বৰ্তমান সময়ত সকলো দেশৰ স্বাধীন ভূপতিসকলে যিদৰে তেওঁলোকৰ ইচ্ছা অনুসৰি যি কোনো সময়ত আৰু যিমান বছৰ ইচ্ছা ৰাজকাৰ্য্যৰ পৰা অৱসৰ লৈ মৃগয়া আৰু দেশভ্ৰমণ আদি কৰি থাকে, ভাৰতৰ হিন্দু নৃপতিসকলে তেনে কৰা নাছিল।

বসন্ত ঋতু আৰু আমোদ-প্ৰমোদ
Photo by Pixabay on Pexels.com

সেই সুসময়ত বসন্তকালৰ (বাসন্তী পঞ্চমীৰ পৰা মদন চতুৰ্দশী পৰ্যন্ত) কিছু মাহ ৰজা-প্ৰজা সকলোৰে বাবে আমোদ-প্ৰমোদ উপভোগৰ বাবে নিৰ্দিষ্ট আছিল তথা সকলোৱে সেই বসন্ত উৎসৱৰ সময়ত নিজ নিজ কাৰ্যৰপৰা বিৰতি গ্ৰহণ কৰিছিল। মহাৰাজ প্ৰাণনাৰায়ণে সম্ভৱতঃ সেই পুৰণি আচাৰ পুনৰ প্ৰৱৰ্তন কৰিছিল।’

           কোচবিহাৰৰ মহাৰাজ প্ৰাণনাৰায়ণৰ শাসনকাল আছিল ১৬৩২-১৬৬৫ ইংৰাজী চনলৈ (ৰাজশক ১২৩-১৫৬)।

অসমৰ বুৰঞ্জী, ফাৰ্চী ভাষাত লিখিত ইতিহাস আৰু সমসাময়িক অন্যান্য প্ৰাচীন পুথিৰ দ্বাৰা প্ৰমাণিত হৈছে যে বহিৰাক্ৰমণ আৰু জ্ঞাতিবিৰোধ আদি কাৰণবশতঃ তেওঁৰ ৰাজত্বকাল নানা ধৰণৰ অশান্তিৰে পূৰ্ণ হৈ উঠিছিল তথা ৰাষ্ট্ৰৰ ভিতৰতো তেওঁৰ অধিকাৰ অব্যাহত নাছিল।

বাঙ্গলাৰ সমসাময়িক চুবেদাৰ চুলতান মহম্মদ চুজাই ৰজা তোদৰমলৰ জমাবন্দী কাগজ সংশোধন কৰিছিল; সেই কাগজত দেখা যায় যে ২৪৬ পৰগণাত বিভক্ত ‘চৰকাৰ কোচবিহাৰ‘ আৰু দুই পৰগণাত বিভক্ত ‘চৰকাৰ বাঙ্গাল ভূম‘(বাহাৰবন্দ আৰু ভিতৰবন্দ পৰগণা) মোগল সাম্ৰাজ্যভুক্ত বুলি গণ্য কৰা হৈছিল।

              মহাৰাজ প্ৰাণনাৰায়ণৰ সেইবোৰক লৈ বৰ বিশেষ চিন্তা নাছিল। তেওঁ অত্যন্ত বিলাসী আৰু অমিতব্যয়ী আছিল, মদ্যপান আৰু সুন্দৰী ৰমণীসকলৰ নৃত্য-গীত উপভোগত সদায় নিমগ্ন থকাৰ লগতে ৰাজকাৰ্য্যত বিশেষ মনযোগ নিদিছিল।

‘ৰাজোপাখ্যান’ত লিখা আছে যে এইজনা ৰজাই ছটা ঋতুৰ মাজৰ পাঁচটা ঋতুত ৰাজকাৰ্য্য অলপ-অচৰপ কৰিছিল, কিন্তু বসন্ত ঋতুত অন্যান্য সকলো কাৰ্য পৰিত্যাগ কৰি প্ৰমোদ উদ্যানত সুন্দৰীসকলৰ সৈতে নানা ধৰণৰ সুখ-আনন্দৰে কাল অতিবাহিত কৰিছিল!

বসন্ত ঋতু আৰু আমোদ-প্ৰমোদ

যি কি নহওক, এতিয়া এপ্ৰিল মাহৰ মাজভাগ। অৰ্থাৎ বসন্ত ঋতু!!

গতিকে ‘নৃত্য -গীত – উৎসৱ’ক লৈ ইমান হুলস্হূল কৰি থাকিলে শোভা পায় নে?

বসন্তকাল আৰম্ভ হৈছে হে মাথোন! চৰাইবোৰে ৰাজকাৰেঙত গীত গাবলৈ ধৰিছেহে মাথোন!!

আৰু, অসমত নো কি সমস্যা আছে! সকলোবোৰ দেখোন সমাধান হ’লেই!

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: বসন্ত ঋতু
Anjan Sarma

Anjan Sarma

Related Posts

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN
Movie

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN

by Prantik Deka
June 6, 2025
0

Filmmaker Dr. Shankar Borua talks about his new film BLUE OCEAN Prantik Deka Dr. Shankar Borua is a distinguished scholar-practitioner,...

Read moreDetails
মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা

Indigenous Knowledge At The Intersection of Culture and Conservation

June 1, 2025
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

May 21, 2025
অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

May 17, 2025
“Echoes from Russia” Resonates in Beirut

“Echoes from Russia” Resonates in Beirut

May 11, 2025
The Diplomat : Value for Your Money

The Diplomat : Value for Your Money

May 11, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d