ব’হাগ আৰু অসমৰ অৰ্থনীতি

ধ্ৰুপদী বেজবৰুৱা
ব’হাগ অসমীয়াৰ প্ৰাণৰ মাহ , অসমীয়াৰ সাহৰ মাহ ৷ বছৰটো বাগৰাৰ লগে লগে ধনে-ধানে , সুখে-সন্তোষে পৰিপূৰ্ণ অসমীয়া সাজু হয় নতুুন সময় , নতুন বছৰক আদৰিবলৈ ,হেঁপাহৰ ৰঙালীক প্ৰাণ ভৰি উদযাপন কৰিবলৈ ৷ কিয়নো সুধাকণ্ঠই কোৱাৰ দৰেই — “ব’হাগ মাথোঁ এটি ঋতু নহয় , নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ !”

অসম আকু অসমীয়াৰ বাবে বিহু অতিকৈ আদৰৰ। বছৰটোৰ তিনিটা সময়ত উদযাপন কৰা বিহুকেইটা অসমীয়া জাতীয় জীৱনৰ একো একোখন প্ৰতিচ্ছবি ৷ বিহু হৈছে অসমীয়া কৃষিজীৱী সমাজখনৰ এটি সময় ৰেখা।
বিহু আৰু কৃষিজীৱী জীৱন ইটো- আনটোৰ সৈতে সংলগ্ন হৈ থকা বিষয় ৷ ফাগুনে লঠঙা কৰা প্ৰকৃতিয়ে ব’হাগত কুঁহিপাত মেলে ,ধৰালৈ বৰষুণ নামে ৷ ব’হাগে খেতিয়কলৈ লগত এমুঠি আশা আনে ৷ সাতদিন প্ৰাণ খুলি ৰঙালী বিহু উদযাপন কৰাৰ পিছত অসমীয়া ৰাইজ সাজু হয় বৰষুণে ধোৱা পথাৰখনত বছৰটোৰ প্ৰথমটো খেতিৰ বাবে শইচ সিঁচাৰ বাবে।
সেয়ে ব’হাগ বিহুৰ প্ৰথমটো দিনতে গৰু বিহু হিচাপে পালন কৰি খেতিয়কৰ পৰম সম্পদ গৰুকেইটাক মাহ- হালধিৰে গা ধোৱাই নতুন পঘাৰে বান্ধি গৰুকেইটাৰ আশু- আৰোগ্য কামনা কৰে আৰু খেতিৰ বাবে প্ৰস্তুত কৰায় ৷ ঠিক তেনেদৰে মাঘত লখিমী আদৰি নতুন ধানেৰে পৰিপূৰ্ণ হৈ থকা অসমীয়াই মাঘত উদযাপন কৰে ভোগৰ বিহু ভোগালী ৷ কাতিত খেতিৰ শস্যৰ অভাৱত কঙাল ভড়াৰে দিন কটোৱা অসমীয়া ৰাইজে শস্যৰে খেতিপথাৰ নদনবদন হোৱাৰ মানসেৰে পালন কৰে কঙালী বিহু।
ব’হাগ বিহু উল্লাসৰ উংসৱ। ব’হাগ মাহটো অসমৰ চৌদিশ ঢোল , পেঁপা ,গগণা ,তাল , টকাৰ মাতেৰে ৰজনজনাই থাকে। ই অসমৰ অৰ্থনীতিৰ এটি যোগাত্মক দিশ। কিয়নো ঢোল-পেঁপা আদি বাদ্যযন্ত্ৰৰ ব্যৱহাৰে বাদ্যযন্ত্ৰ নিৰ্মাণ আৰু ইয়াৰ ব্যৱসায়ৰ সৈতে জৰিত হৈ থকা লোকসকলক জীৱিকা নিৰ্বাহৰ পথ সহজ কৰি দিয়া দেখা গৈছে ৷
এই বাদ্যযন্ত্ৰৰ ব্যৱহাৰ প্ৰচুৰ কৰি তোলাৰ ক্ষেত্ৰত ব’হাগ মাহত ভিন্ন ঠাইত আয়োজিত “বৰবিহুৱতী” , “সৰু বিহুৱতী” প্ৰতিযোগিতাৰ “শ্ৰেষ্ঠ্য ঢুলীয়া” ৰ সন্মান লাভ কৰা ঢুলীয়াজনক এটি ঢোল প্ৰদান কৰি বা বিহু বুলি ঘৰলৈ অহা আলহীক বিহুৱাং লগতে বিহুৰ ওলগ যাঁচি এটি সুতুলি আৰু গগণা উপহাৰ হিচাপ প্ৰদান কৰাৰ প্ৰচেষ্টা কৰিলে এই বাদ্যযন্ত্ৰসমূহ বিক্ৰীত বৰঙনি যোগায় আৰ্থিকভাৱে টনকীয়াল ককি তুলিব পাৰোঁ।
বস্ত্ৰশিল্পত চহকী ৰাজ্য অসম ৷ অসমৰ পাট- মুগা বিশ্ববিখ্যাত। ব’হাগৰ সৈতে অসমৰ বস্ত্ৰশিল্প উতঃপুতঃভাৱে জড়িত ৷ ব’হাগত আপোন মানুহক বিহুৱান দিয়াটো , জেষ্ঠ্যজনক বিহুৱানৰে সেৱা জনোৱাটো অসমীয়া সমাজৰ পৰম্পৰা ৷ এই পৰম্পৰাক সৰোগত কৰিয়ে তাঁতশালত সপোন ৰঁচা শিপিনীসকলে হাতে বোৱা গামোচাৰ ব্যৱসায়ৰ প্ৰসাৰ ঘটাব পাৰে যিয়ে বহিঃৰাজ্যৰ পৰা আমদানিকৃত মেচিনত নিৰ্মিত গামোচাৰ প্ৰচলন হ্ৰাস কৰিব।

আনহাতে মুগা এনে এক শিল্প যি ভাৰতৰ কেৱল অসমত উৎপাদন কৰা হয়। মুগাৰ বাবে বিশ্ববিখ্যাত অসমে বিহুৰ বেলিকা মুগা সাজ অধিক পৰিমাণে পৰিধান কৰা উচিত। এইক্ষেত্ৰত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বিহু উৎসৱ উদযাপন কৰা সমিতিসমূহে পদক্ষেপ লোৱাৰ থল আছে।
বিহুৱতী প্ৰতিযোগিতাৰ বিজয়ী বিহুৱতীসকলৰ পুৰস্কাৰত এসাজ মুগাৰ কাপোৰ প্ৰদান কৰাটো অক্ষুণ্ণ ৰখাৰ লগতে সমিতিৰ সকলো কাৰ্য্যকৰ্তাই যদি বিহুৰ দিনটোত মুগাৰ চোলা ,মুগাৰ মেখেলা-চাদৰ পৰিধান কৰে, ইয়ে মুগাৰ প্ৰচলন বৃদ্ধি কৰাৰ লগতে অসমৰ গৌৰৱ মুগাশিল্পক অসমৰ চিনাকি ৰূপে গঢ়ি তুলিব পাৰে ৷ ই অসমৰ শিপিনীসকলৰ আৰ্থিক স্বাভলম্বীতাৰো থল সৃষ্টি কৰে।

খাদ্য এটা জাতিৰ চিনাকি ৷ অসমৰ ভিন্ন জাতি-জনগোষ্ঠীয়ে ভিন্ন তৰহৰ খাদ্য গ্ৰহণ কৰে। অসমীয়া সমাজত প্ৰচলিত তথা বিহুৰ মূল খাদ্য বুলি ক’ব পাৰা লাড়ু -পিঠা বৰ্তমান সময়ত কিছু পৰিমাণে ক্ষুদ্ৰ ব্যৱসায়ৰ অংশ হৈ উঠিছে যদিও এই ব্যৱসায়ে প্ৰসাৰতা লাভ কৰাৰ থল আছে। লাড়ু-পিতাৰ এই ব্যৱসায়ৰ জৰিয়তে আন্তৰ্জাতিক বজাৰ দখলৰ চেষ্টা কৰা উচিত ৷
ইয়াৰোপৰি ব’হাগ বিহুৰ সময়ল ১০১ বিধ শাক খোৱাৰ অসমীয়াৰ যি পৰম্পৰা সেই পৰম্পৰা আজিৰ সময়ত ১০১ বিধৰ প্ৰতিবিধৰ নাম নজনা বা বিচাৰি নোপোৱা অথবা সময়ৰ নাটনিত নোহোৱা হৈ আহিছে। এনে পৰিপ্ৰেক্ষিতত ১০১ বিধ শাকৰ গুণ সমৃদ্ধ “আমৰলি পৰুৱাৰ টোপ” অসমীয়া ৰাইজে খাদ্য হিচাপে গ্ৰহণ কৰে ৷ এই আমৰলি পৰুৱাৰ টোপ সংৰক্ষণ কৰি উপযুক্ত পেকেজিঙৰ দ্বাৰা বজাৰত বিক্ৰীৰ বাবে বজাৰসমূহত উপলদ্ধ কৰি তুলিব পৰা যায়।
ব’হাগ এনে এক মাহ যাৰ আগমনত অসম উল্লাসত উজ্জীৱিত হৈ উঠে। অসমত শদিয়াৰ পৰা ধুবুৰীলৈ বহু পুৰণি আৰু ঐতিহাসিক বিহু উদযাপন কৰা হয়। ঢকুৱাখনাৰ ফাট বিহু ,মৰাণৰ মৰাণ বিহু ইয়াৰ উৎকৃষ্ট উদাহৰণ।

এনে ঐতিহ্যমণ্ডিত বিহু অনুষ্ঠানৰ সময়ত ইয়াৰ সৈতে সংগতি ৰাখি গাঁওবোৰত এক গ্ৰাম্য পৰ্যটন গঢ়ি তুলিব পাৰি। গাঁওসমূহত অতিথিশালা অথবা “Home Stay” গঢ়ি তুলি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ আন আন ৰাজ্যৰ পৰা অহা পৰ্যটকসকলৰ অপ্যায়নৰ ব্যৱস্থা কৰিব পাৰি।। এই অতিথিশালা বা home stay সমূহত অসমীয়া থলুৱা খাদ্য , সাজপাৰ , কাঁহী-বাটি আদিৰ ব্যৱহিৰ কৰি পৰ্যটকসকলৰ আকৰ্ষণ লাভ কৰাৰ লগতে গ্ৰাম্য পৰ্যটনৰ দ্বাৰা এক গ্ৰাম্য অৰ্থনীতি গঢ়ি তুলিব পাৰি।
ইয়াৰোপৰি ব’হাগৰ মাহটোত অনুষ্ঠিত বিহুৰ অনুষ্ঠানত বিহু প্ৰদৰ্শন কৰা দলসমূহক প্ৰদান কৰা বঁটাত নগদ ধন প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে বিহুৰ সৈতে জৰিত হৈ থকা শিল্পীসকলক বিশেষ মাননীৰে সন্মানিত কৰাৰ পদক্ষেপ লৈ থলুৱা শিল্পীসকলক আৰ্থিকভাাৱে স্বাৱলম্বী হোৱাত সহায় কৰিব পৰা যায় ৷
বস্ত্ৰশিল্প , খাদ্যসম্ভাৰ , বাদ্যযন্ত্ৰ আদিৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বীতা অনাৰ উপৰিও আমাৰ অসমীয়া জাতিৰ পৰম্পৰা -ঐতিহ্যক সংৰক্ষণ কৰি বিশ্ব দৰবাৰত আমাৰ সংস্কৃতিৰ মেটমৰা সম্ভাৰটিক প্ৰতিষ্ঠা কৰিব পৰাৰ থল আছে। ব’হাগ হৈ উঠক অসমীয়া জাতিৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ মাহ !

ধ্ৰুপদী বেজবৰুৱা, সংযুক্ত পাঠ্যক্ৰমৰ ষষ্ঠ ষান্মাসিক , গুৱাহাটী বিশ্ববিদ্যালয়।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















