• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ASSAMESE SECTION / Culture / Bihu

by Monoswini Sarmah
April 16, 2026
in ASSAMESE SECTION, ASSAM, Cultural, Culture
Reading Time: 9 mins read
0
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ
Share on FacebookShare on TwitterShare on LinkedIn

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

মনস্বিনী শৰ্মা 

manaswini sarma
মনস্বিনী শৰ্মা 

হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহুটি আহি পোৱাৰ সময়ত প্ৰকৃতিৰ গছ-লতিকাইও ন সাজ পিন্ধে। প্ৰকৃতিৰ ন সেউজীয়া ৰূপে বসন্তক আদৰে। প্ৰকৃতিৰ সৈতে কৃষিভিত্তিক বিহুৰ এৰাব নোৱৰা সম্পৰ্ক। সেয়ে আমাৰ ৰঙালী বিহুটিৰ বেলিকাও উদ্ভিদৰ কৰণি উঠে।

   ব’হাগ বিহুটি পালন কৰাৰ সময়ত আমাক প্ৰকৃতিৰ বুকুৰ পৰা ভিন্ন ধৰণৰ উদ্ভিদৰ প্ৰয়োজন হয়। এই উদ্ভিদেও আমাৰ বিহু সংস্কৃতিৰ পৰিচয় বহন কৰে। সেইসমূহ হ’ল এনেধৰণৰ:

১) কপৌফুল: ব’হাগ বিহু বুলিলেই প্ৰথমে মনলৈ আহে কপৌফুলৰ কথা। কপৌফুলৰ অবিহনে ৰঙালী বিহু আধৰুৱা। কপৌফুল হৈছে অৰ্কিড প্ৰজাতিৰ এবিধ উদ্ভিদ।এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।

ব'হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ
Image: Ms Bijoylakhsmi Bora

এই উদ্ভিদ মুকলি অৰণ্যত বা বনাঞ্চলৰ প্ৰান্তত 300–1,500 মিটাৰ (980–4,900 ফুট) উচ্চতাত পৰজীৱী উদ্ভিদ হিচাপে পোৱা যায়। ইয়াক ভূটান, কম্বোডিয়া, চীন,ভাৰত, ইণ্ডোনেছিয়া, মালেছিয়া, ম্যানমাৰ,নেপাল, ফিলিপাইনছ, চিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, আৰু ভিয়েটনামত পোৱা যায়। ভাৰতৰ অসম, অৰুণাচল প্ৰদেশ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশত কপৌফুল দেখা পোৱা যায়।

এই উদ্ভিদৰ বাবে সম পৰিমাণত পানীৰ যোগান আৰু গোটেই বছৰত সম পৰিমাণত সাৰৰ প্ৰয়োগৰ প্ৰয়োজন।যদিহে পাত বোৰ বেছিকৈ তিতি থাকে তেতিয়াহলে মৰি যোৱাৰ সম্ভাৱনা থাকে। ঔষধিয় গুণৰ ক্ষেত্ৰত এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।

কাণ পকিলে বা কাণৰ বিষ হ’লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰৰস এক-দুই টোপাল ব্যৱহাৰ কৰা হয়।

অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া ব’হাগ বিহুৰ লগত ওতঃপ্ৰোতভাৱে সমন্ধ আছে। বিহু নাচিবৰ বাবে বিহুৱতীয়ে মূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ কৰে। ডেকা- গাভৰুসকলে ইয়াক ‘প্ৰেমৰ প্ৰতীক’ হিচাপে গণ্য কৰে। লগতে এই অৰ্কিডক ‘উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰ চিহ্ন’ হিচাপেও মনা যায়। স্থানীয় লোকৰ বিবাহ অনুষ্ঠানতো এই অৰ্কিডৰ ফুল ব্যৱহাৰ হয়।

জনজীৱনৰ লগত ইয়াৰ ওতঃপ্ৰোত সমন্ধ আৰু গুৰুত্বৰ বাবে ইয়াক প্ৰায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ৰোপণ কৰা দেখা যায় আৰু লগতে ই অসমৰ ৰাজ্যিক ফুল হিচাপেও মান্যতা প্ৰাপ্ত।কপৌ ফুলৰ চাহিদা আজি বিশ্বায়নৰ যুগতো কমা নাই, বৰং বাঢ়িছেহে।

কপৌ ফুলৰপৰা বিভিন্ন চাবোন, প্ৰসাধন সামগ্ৰী, তেল, মলম আদি প্ৰস্তুত কৰা হয়। তদুপৰি লোকবিশ্বাস মতে, ঘৰৰ চৌহদৰ ভিতৰত যদি কপৌ ফুল থাকে তেন্তে ভূত-প্ৰেত আদিৰ ভয় নাথাকে।

বিহুগীতত কপৌফুলক এনেদৰে উল্লেখ কৰা হয়,

“নেঘেৰী খোপাতে কপৌফুল এপাহি

সোণত সুৱগা চৰে,

এইজনী চকুলৈ চাবকে নোৱাৰি 

চকু ছাতে মাৰি ধৰে।”

ব'হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

২)জেতুকা: ব’হাগ বিহুৰ নাচনীৰ দুহাত জেতুকাৰ ৰং অবিহনে আধৰুৱা। অসমীয়া জীয়ৰী- বোৱাৰীসকলে গৰু বিহুৰ দিনা হাতত জেতুকা লয়। জেতুকা গছৰ পাত খুন্দি হাতৰ তলুৱাত লগালে কমলা- ৰঙা ৰঙৰ বোল উঠে।জেতুকাৰ বৈজ্ঞানিক নাম হৈছে ‘Lawsonia inermis’। জেতুকা এবিধ সপুষ্পক উদ্ভিদ। ই এজোপা গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদজোপা দুইৰ পৰা ছয় মিটাৰ পৰ্যন্ত ওখ হয়।

বহু শাখা-প্ৰশাখাযুক্ত উদ্ভিদজোপাৰ পাতবোৰ, ডালবোৰত বিপৰীতমুখী হৈ নামমাত্ৰ ঠাৰিৰে সংযুক্ত হৈ থাকে। পাতবোৰ ১.৫ ছেঃমিঃৰ পৰা ৫ ছেঃমিঃলৈকে দীঘল আৰু ০.২ ছেঃমিৰ পৰা ২ ছেঃমিঃলৈকে বহল হয়।জেতুকা পাতৰ কেইবাবিধো ঔষধি গুণ আছে বুলি কোৱা হয়। নখচুকীয়া, নাকৰ এৱাঁ ভঙা আদিত উপাচাৰস্বৰূপে জেতুকাৰ ব্যৱহাৰ হয়। ইয়াক উচ্চৰক্তচাপ, চাল আৰু চুলিৰ বিভিন্ন বিকাৰৰ বাবেও দৰব হিচাবে ব্যৱহাৰ কৰা হয়।

জেতুকাৰ ৰস শৰীৰৰ কঁকাল, পিঠিত ঘঁহিলে ছাল মসৃণ হয় আৰু ঘামচি ভাল হয়। জেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ।কেতিয়াবা জেতুকাৰ ব্যৱহাৰে মানুহৰ শৰীৰত অপকাৰ কৰা দেখা যায়। কাৰোবাৰ বাবে ই এলাৰ্জিক হ’ব পাৰে। পূৰ্বতে প্ৰস্তুত কৰি থোৱা জেতুকাৰ মিশ্ৰণ ব্যৱহাৰ কাৰ উচিত নহয়। মুখৰ ভিতৰত ঘা হোৱা, জিভাত ফোঁহা উঠি আদি সমস্যাত জেতুকাৰ কেইখিলামান পাত চোবাই ৰস খালে ভাল হয়।

ব'হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

জেতুকাক লৈ বিহুগীতত এনেদৰে গোৱা হয়,

“তোমাৰে লগতে- নয়া নদী নয়া কুল

মৰো যদি মৰিম মই- নয়া নদী নয়া কুল

এৰি যাম নিজৰে কুলেহে- নয়া নদী নয়া কুল

খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল

হাততে ঐ, হাততে ঐ জেতুকাৰ, 

হাততে ঐ জেতুকাৰ বোল।”

৩) বৰ্হমথুৰি: বৰ্হমথুৰি, দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ গছ৷ ইয়াৰ পাত চোবালে তাৰ ৰসে ওঁঠ ৰঙা কৰি বোলাই পেলায়। বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াৰ বৰ আদৰ। নাচনীসকলে বৰ্হমথুৰিৰ ৰঙেৰে ওঁঠ ৰঙা কৰি আজিকালিৰ লিপষ্টিকৰ ৰূপ দিছিল। ইংৰাজীত ইয়াক Lipstick Champa আৰু ইয়াৰ বৈজ্ঞানিক নাম Magnolia hodgsoni বুলি জনা যায়।এই উদ্ভিত ১০ ৰ পৰা ১৫ মিটাৰ পৰ্যন্ত ওখ হয়।

এই গছৰ ডালৰ বিপৰীত দিশত অযুগ্ম পাত থাকে। ই এবিধ চিৰসেউজ, পৰ্ণপাতী উদ্ভিদ। পাতৰ আকাৰ ২০ ৰ পৰা ৪০ চেমি দীঘল, গাঢ় সেউজ ৰঙৰ, আগবোৰ জোঙা। কাণ্ডৰ শীৰ্ষত এককভাবে এপাহ ফুল ফুলে। ফুলৰ ৰঙ বগা আৰু গন্ধযুক্ত। ফুলৰ আকাৰ কিছু ডাঙৰ। ৫-৮ চেমি পৰ্যন্ত হয়।

ইয়াৰ পাহিবোৰ বাহিৰৰ পৰা পাতল এটি আৱৰণে ঢাকি ৰাখে। ফুল বৃদ্ধি হোৱাৰ লগে লগে এই আৱৰণ লাহে লাহে খহি পৰে। প্ৰস্ফুটিত ফুলৰ ৯ পাহ পাহি থাকে। এই উদ্ভিদৰ বাকলি বাত ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। বৰ্হমথুৰিক বিহুগীতত এনেদৰে গোৱা হয়,

“ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি 

আমিনো খৰি লুৰা ঠাই,

ব্ৰহ্মপুত্ৰ দেৱতা উটোৱাই নিনিবা 

তামোল দি মাতোতা নাই।”

৪) দীঘলতী: দীঘলতীৰ বৈজ্ঞানিক নাম হৈছে ‘Litsea salicifolia’। ই এবিধ বহুবৰ্ষজীৱী আৰু গুল্মজাতীয় উদ্ভিদ। অসম আৰু ইয়াৰ ওচৰ-পাজৰৰ কিছু অঞ্চলত এই গছ পোৱা যায়। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত গৰু ধুওৱাৰ বাবে এই গছৰ সৰু ডালেৰে কোবাই গৰু ধুওৱাটো এক পৰম্পৰা।এই গছৰ গা-গছ বা ডালবোৰ কিছু দুৰ্বল আৰু লেহুকা। পাতবোৰ দীঘলীয়া হোৱা বাবেই ইয়াৰ নাম দীঘলতী হোৱা বুলি স্থানীয় লোকসকলে ভাবে।

উদ্ভিদৰ প্ৰধান গা-গছ আৰু ঠাল-ঠেঙুলিবিলাকৰ বাকলিৰ বৰণ মদৰুৱা। এই গছৰ পাতৰ ৰস চৰ্মৰোগত উপযোগী। গ্ৰহণী ৰোগৰ বাবে দীঘলতীৰ পাতৰ ৰস, ডালিমৰ পাতৰ ৰসৰ মিশ্ৰণ সেৱন কৰিব লাগে।প্ৰসৱ বেদনা কিছু পৰিমাণে প্ৰশমনৰ বাবে দীঘলতীৰ শিপাৰ ৰস উপযোগী। কাহ-জ্বৰৰ বাবে এই গছৰ ছাল, জালুক আৰু কঁ‌ঠাল গছৰ শিপাৰ লগত খালে উপশম পোৱা যায়।

ব'হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

দীঘলতি গছৰ বাকলি হাপানী বা এজমাৰ উপশমৰ বাবেও ব্যৱহাৰ কৰা হয়।দীঘলতীত থকা কিছুমান জৈৱ-ৰাসায়নিক দ্ৰব্যৰ পতংগ বিতাড়ন ক্ষমতা আছে। গতিকে দীঘলতীক অনিষ্টকাৰী পোক-পতংগ আঁতৰাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি।মুগা পলুৱে ইয়াৰ পাত খাই জীয়াই থাকিব পাৰে।

গৰু বিহুৰ দিনাখন সন্ধিয়া গোহালিত দীঘলতীৰে জাগ দিয়া হয়। ই পোহনীয়া জীৱ-জন্তুক ম’হ, মাখি, দাঁ‌হ আদি পতংগৰপৰা আঁতৰাই ৰখাত সহায় কৰে। সেয়ে গৰু বিহুৰ দিনাখন গৰু গা ধুৱাওঁতে গৰুৰ গাত দীঘলতীৰে কোবাই গোৱা হয়,

“দীঘলতীৰ দীঘল পাত

গৰু কোবাওঁ জাত-জাত।”

৫) মাখিয়তী: মাখিয়তী এবিধ জোপোহা বা গুল্মজাতীয় উদ্ভিদ। মাখিয়তীৰ বৈজ্ঞানিক নাম Flemingia Strobilifera। গছবিধ প্ৰধানকৈ জোপোহা বা গুল্মজাতীয় বন যদিও ই ১০-১২ ফুট ওখ।পাতবোৰ সৰু আৰু ওপৰ পিঠি নিমজ কিন্তু তলপিঠিত অসংখ্য সৰু সৰু শুং থাকে বাবে কিছু খহটা। পাতৰ সিৰা-উপসিৰাবোৰ স্পষ্ট। ফেব্ৰুৱাৰী-মাৰ্চ মাহত ইয়াত ফুল ফুলে।মাখিয়তীৰ শিপাৰ ৰস মৃগীৰোগ আদিৰ বাবে উপকাৰী।

খৰ সদৃশ চৰ্মৰোগতো ইয়াৰ শিপাৰ পৰা নিঃসৰিত ৰস লেপন হিচাপে ব্যবহাৰ কৰা হয়। জ্বৰ- কাঁহৰ বাবে এই গছৰ শিপা, জালুক আৰু পিপলিৰ লগত খাব লাগে। পেট বিষ বা পেট কামুৰণিৰ বাবে এই গছৰ শিপা, তিতাভেঁকুৰী আৰু গোলনেমুৰ সিজাই তাৰপৰা প্ৰস্তুত কৰা ৰস খাব লাগে। গৰু বিহুৰ দিনা মাখিয়তীৰে গৰুৰ গাত কোবাই গোৱা হয়,”দীঘলতী দীঘল পাত, মাখিয়তী মাখি মাৰো জাত জাত।”

ব'হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ
Image: Ms Bijoylakhsmi Bora

৬)এশ এবিধ শাক: পৰম্পৰা অনুযায়ী গৰুবিহুৰ দিনা শাকনি বাৰী বা পথাৰৰ পৰা এশ এবিধ শাক বুটলি অনা হয়। ইয়াক কোৱা হয় ‘সাতশাকী তোলা’। সাধাৰণতে গৰুবিহুৰ দিনা গধূলি শাকসমূহ একেলগে ভাজি খোৱাৰ নিয়ম।লোকবিশ্বাস অনুসৰি সেইদিনা সাধাৰণতে বিহ বা অখাদ্য বুলি গণ্য কৰা শাক-পাত এশ এবিধ শাকৰ সৈতে খালেও ই কোনো অপকাৰ নকৰে।

ঠাইবিশেষে গৰু বিহুৰ দিনা গৰুৰ গালৈ ছটিওৱা চাটৰ পাচলিৰ একাংশও এশ এবিধ শাকৰ সৈতে মিহলাই খোৱা হয়।লোকবিশ্বাস অনুসৰি বিহুৰ সময়ত এই শাক ভাজি খালে বছৰটোলৈ বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। গৰু বিহুৰ দিনা ৰাতি ব্যৱহাৰ কৰা এনে শাক-পাচলি আৰু ইয়াৰ প্ৰধান ঔষধি গুণসমূহ এনেধৰণৰ:

১) সৰু মানিমুনি – স্মৰণ শক্তি বৰ্দ্ধক, গ্ৰহণী নাশক।

২) বৰ মানিমুনি – পেটৰ ৰোগ নাশক, স্নায়ুসবল কাৰক।

৩) মচন্দৰী – গ্ৰহণী নাশক, জ্বৰ, নিউমোনিয়া ৰোগত উপকাৰী।

৪) নৰসিংহ – চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, পেটৰ বিষ নাশক।

৫) তিতা ভেঁকুৰী – ক্ৰিমি নাশক, তেজ পৰিষ্কাৰক, হাঁইফাই নাশক।

৬) পনৌনৌৱা – ৰক্তবৃদ্ধি কাৰক,ঘাঁ শুকুৱায়।

৭) ভেদাইলতা – শক্তিদায়ক, বাত, গ্ৰহণী নাশক।

৮) ঢেঁকীয়া – পেট পৰিষ্কাৰক, ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক।

৯) তিতামৰা – ক্ৰিমি, পেলু, বহুমূত্ৰ, জ্বৰ নাশক।

১০) টেঙেচি – স্মৰণ শক্তি বৃদ্ধিকাৰক, গ্ৰহণী নাশক।

১১) চজিনা – কুকুৰীকণা প্ৰতিৰোধক, বায়ুনাশক।

১২) কালমেঘ – যকৃত শক্তি দায়ক, মেলেৰীয়া, বহুমূত্ৰ নাশক, ৰক্ত পৰিষ্কাৰক।

১৩) জিলমিল – ভোক বৃদ্ধি কাৰক, বায়ু, পিত্ত, ক্ৰিমি নাশক।

১৪) কচুঠুৰি – ৰক্তবৰ্দ্ধক, তেজ পৰিষ্কাৰক, শুক্ৰবৰ্দ্ধক।

১৫) কলমৌ শাক – স্তনত গাখীৰ বৃদ্ধি কৰে, শুক্ৰবৰ্দ্ধক।

১৬) কেহৰাজ – চুলি ক’লা কৰে, জণ্ডিচত উপকাৰী।

১৭) খুতুৰা শাক – ভোক লগায়, পিত্ত, কফ, বিষ নাশক।

১৮) কাটা খুতুৰা – গ্ৰহণী আৰু বিষ নাশক।

১৯) গাজৰ – কৰ্কট ৰোগ প্ৰতিৰোধক, কুকুৰীকণা ৰোগীৰ সুপথ্য, শুক্ৰ বৰ্দ্ধক।

২০) লাইজাবৰি – কফ নাশক, চাইনাচাইটিচত উপকাৰী।

২১) শুকলতি – গ্ৰহণী, প্ৰসূতি ৰোগ নাশক, গাঁঠিৰ বিষ উপশম কৰে।

২২) দহিকচু – ফিটাপেলু নাশক, কোষ্ঠকাঠিন্য নাশক।

২৩) ওলকচু – কেঁচুমূৰীয়া, সঞ্চিতগ্ৰহণী নাশক।

২৪) টিকনিবৰুৱা – শক্তিদায়ক।

২৫) ধনিয়া পাত– চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, প্ৰজনন শক্তি বৃদ্ধিকাৰক, যক্ষ্মা, দন্তক্ষয়, পেটৰ শব্দ নাশক।

২৬) চুকাশাক – বায়ু নাশক।

২৭) দোৰোণবন – হজমী কাৰক, অৰ্শৰ সুপথ্য।

২৮) নেফাফু – উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত।

২৯) পদিনা – গাৰ দুৰ্গন্ধ নাশক, ৰক্ত বৃদ্ধি কাৰক, পেটৰ বিষ নাশক।

৩০) পুৰৈশাক – পুষ্টিকৰ, কুকুৰীকণা নাশক, এলাৰ্জিত উপকাৰী, স্মৃতি শক্তি বৰ্দ্ধক।

৩১) পালেংশাক – ৰক্ত, পিত্ত, বিষ দোষ নাশক, শিশুৰ পয়াঁলগা ৰোগ ভাল কৰে, ছাল নিমজ কৰে।

৩২) পাতেগজা – প্ৰস্ৰাৱৰ ৰোগ নাশক, বৃক্কৰ পাথৰ নাশক, জণ্ডিচ ৰোগৰ সুপথ্য।

৩৩) পানীটেঙেচি – অগ্নিবৰ্দ্ধক, নিদ্ৰাকাৰক, গ্ৰহণী ৰোগত উপকাৰী।

৩৪) ব্ৰাহ্মীশাক – স্মৰণ শক্তি বৃদ্ধিকাৰক, মৃগী ৰোগ নাশক, মাত পৰিষ্কাৰ কৰে, বায়ু সবল কৰে।

৩৫) বাহক তিতা – কফ বাহিৰ কৰে, যক্ষ্মাৰোগ নাশক।

৩৬) ভাঙৰ পাত – ভোক লগায়, কামভাৱ জাগৃত কৰে, নিদ্ৰাজনক।

৩৭) মহাভৃংগৰাজ – চুলিৰ বৃদ্ধিত শক্তি যোগায়।

৩৮) মটৰ মাহ – স্তনত গাখীৰ বৃদ্ধি কৰে।

৩৯) মহানিম – তেজ পৰিষ্কাৰক, মেলেৰীয়া, বহুমূত্ৰ ৰোগ নাশক, বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে।

৪০) মেথিশাক – বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক, মাজু আইত উপকাৰী।

৪১) মাটিকাঁদুৰি – পেটৰ ৰোগৰ কাৰণে উপকাৰী।

৪২) মূলা – পাথৰি ৰোগৰ কাৰণে উপকাৰী।

৪৩) মালভোগ শাক – পিত্তৰোগ নাশক, অগ্নিবৰ্দ্ধক, অৰ্শ নাশক।

৪৪) মৰিচা শাক – স্মৰণ শক্তি বৰ্দ্ধক, শৌচ স্বাভাৱিক কৰে, কৰ্কট ৰোগৰ পথ্য।

৪৫) মানকচু – ৰক্ত পিত্ত নাশক।

৪৬) সৰিয়হ শাক – বায়ু, পিত্ত, কফ নাশক, চকুৰ কাৰণে উপকাৰী।

৪৭) কাচকল – ক্ৰিমি, গ্ৰহণী নাশক, ৰক্তবৰ্দ্ধক।

৪৮) বনজালুক – ছালৰ ৰোগ, পেটৰ ৰোগ নাশক।

৪৯) টেঙামৰা – গ্ৰহণী নাশক।

৫০) তিতাফুল – হাঁইফাই, পেলুনাশক, তেজ বৰ্দ্ধক।

৫১) চেংমৰা – কেঁচুমূৰীয়া নাশক, প্ৰসূতি ৰোগ নাশক।

৫২) মধুসোলেং – গ্ৰহণী আৰু পেটৰ ৰোগ নাশক।

৫৩) তিতা কেৰেলা – ৰক্ত পৰিষ্কাৰক, বহুমুত্ৰ ৰোগ নিয়ন্ত্ৰক, ৰক্তবৰ্দ্ধক, খজুৱতি নাশক।

৫৪) কপৌঢেঁকীয়া – শক্তিদায়ক।

৫৫) বেতগাজ – ক্ৰিমি নাশক, ৰক্তবৰ্দ্ধক।

৫৬) তেজপাত –সুগন্ধিদায়ক, হৃদযন্ত্ৰ শক্তি দায়ক।

৫৭) তিয়ঁহ – পিত্ত পাথৰি ৰোগ নাশক, চকু উজ্জ্বল কৰে।

৫৮) চিৰতা – মেলেৰিয়া, বহুমূত্ৰ, তেজৰ ৰোগ নাশক।

৫৯) কেঁচা জলকীয়া – স্মৰণ শক্তি বৰ্দ্ধক, ডিঙি, মুখ, খাদ্যনলীৰ বীজাণু নাশক, চকুৰ কাৰণে উপকাৰী।

৬০) কালজিৰা – গৰ্ভাশয় ৰোগত উপকাৰী, যক্ষ্মাৰোগত সুপথ্য।

৬১) উৰহী – শুক্ৰকাৰক, বলকাৰক।

৬২) পচলা – শৌচ স্বাভাৱিক কৰে, যক্ষ্মাৰোগ নাশক।

৬৩) কঁঠাল – বলকাৰক,শুক্ৰবৰ্দ্ধক।

৬৪) অমিতা – হজম কাৰক, যকৃত টনিক, কৰ্কটৰোগ, কুকুৰীকণা নাশক, পেটৰ ঘা শুকুৱায়।

৬৫) ৰঙালাউ – চকুৰ দৃষ্টি শক্তি বৰ্দ্ধক, পাতে হাড়, দাঁত মজবুত কৰে, শুক্ৰ বৃদ্ধি কৰে।

৬৬) মৰলীয়া – পেট পৰিষ্কাৰক, পেটৰ ঘা, বদহজম, গ্ৰহণী, অনিদ্ৰা নাশক, বুদ্ধিকাৰক, মেদ নিবাৰিত কৰে।

৬৭) বাবৰিশাক – ক্ৰিমি নাশক, ছালৰ কমনীয়তা বৰ্দ্ধক, বীৰ্যবৰ্দ্ধক, চকুৰ বাবে উপকাৰী।

৬৮) হেলচি শাক – স্নায়ু সবল কৰে,চিফিলিচ ৰোগৰ পথ্য, শুক্ৰ গাঢ় কৰে।

৬৯) শুহনিবন – জিভাৰ আৰু মুখৰ ভিতৰত ঘা নাশক, কফ বাহিৰ কৰে।

৭০) তিতাফুল – মেলেৰিয়া, কলাজ্বৰ, ক্ৰিমি, অৰুচি নাশক, বাতবিষত উপকাৰী, জণ্ডিচত সুপথ্য।

৭১) মোৱা আলু – মহিলাৰ স্তনত গাখীৰ বৃদ্ধি কৰে।

৭২) বকফুল – ক্ৰিমি, ৰক্ত পিত্ত নাশক, স্মৰণ শক্তি বৰ্দ্ধক, মৃগী ৰোগীৰ সুপথ্য।

৭৩) ভাতকেৰেলা – পুষ্টিকাৰক।

৭৪) আদা – হজমিকাৰক, কাহ, বমি, বীজাণু নাশক।

৭৫) হালধি – কৰ্কট ৰোগ প্ৰতিৰোধক, তেজ পৰিষ্কাৰক,পিত্ত, এলাৰ্জি নাশক।

৭৬) ভূতমলা – পালজ্বৰ নাশক।

৭৭) ফুটকলা – মুখৰ ভিতৰৰ ঘা শুকায়, ৰক্তবৰ্দ্ধক, গ্ৰহণী নাশক।

৭৮) জেতুলীপকা – ৰক্তবৰ্দ্ধক।

৭৯) কলডিল – ৰক্ত বৃদ্ধিকাৰক, নিম্ন ৰক্তচাপৰ সুপথ্য।

৮০) বিলাহী – তেজবৰ্দ্ধক, ছাল নিমজ কাৰক।

৮১) চয়াবিন– যকৃতৰ টনিক, পিত্ত, কৰ্কট ৰোগ প্ৰতিৰোধক।

৮২) নহৰু– মহৌষধি, বীজাণুনাশক, স্নায়ুসবল কাৰক, হজমিকাৰক, বহুমূত্ৰ ৰোগত উপকাৰী।

৮৩) পিয়াঁজ– মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশক, ৰক্তবৰ্দ্ধক, যক্ষ্মাৰোগৰ বীজাণু নাশক, শুক্ৰবৰ্দ্ধক।

৮৪) জালুক– বীজাণু নাশক, গা বিষ নাশক।

৮৫) ৰঙাআলু– ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক।

৮৬) আলু– পুষ্টিকাৰক, জুইয়ে পোৰা ঘা শুকুৱায়।

৮৭) পানীলাউ– পুষ্টিকৰ, শুক্ৰবৰ্দ্ধক।

৮৮) ৰঙা মৰিচা– স্মৰণ শক্তি বৰ্দ্ধক, কোষ্ঠকাঠিন্য নাশক।

৮৯) ভোট জলকীয়া– পেটৰ ঘা নাশক, বীজাণু নাশক।

৯০) কাজিনেমু– ছাল নিমজ কৰে, খাদ্য হজম কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক।

৯১) শেৱালি ফুল– ক্ৰিমি নাশক, জ্বৰ নাশক।

৯২) বেঙেনা– ৰক্তবৰ্দ্ধক।

৯৩) জিকা – পুষ্টিকৰ,চাইনাচাইটিচ নাশক।

৯৪) ভোল – পুষ্টিকাৰক।

৯৫) ফেচবিন – শৰীৰৰ বৃদ্ধিত সহায় কৰে।

৯৬) ভেন্দি – পুষ্টিকৰ, বগাস্ৰাৱ নাশক।

৯৭) মানধনিয়া – হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ।

৯৮) লেচেৰামাহ – পুষ্টিকৰ খাদ্য।

৯৯) হাতীভেঁকুৰি – ৰক্ত পৰিষ্কাৰক, পেটৰ ৰোগৰ সুপথ্য।

১০০) ভুঁই আমলখি – জণ্ডিচ ৰোগ নাশক, যকৃত শক্তিশালী কৰে।

১০১) ধঁপাত তিতা – ক্ৰিমি নাশক, মেলেৰিয়া জ্বৰ নাশক।

    এই এশ এবিধ শাকৰ কথাৰে সেয়ে গোৱা হয়,

“দেউতা ঐ এশ এবিধ শাকেৰে ৰান্ধো

গৰু বিহুৰ দিনাখন

গৰু গা ধুৱাই লৈ

তৰালিৰ পঘাৰে বান্ধো।”

     বসন্তৰ বাপতি সাহোন বিহুটিত এইসমূহ বিশেষ উদ্ভিদৰ লগতে নাহৰ,তগৰ,কেতেকী ফুল,তৰা গছ,তামোল-পাণ,কলগছ আদি উদ্ভিদৰ সংগতি তথা প্ৰয়োজনীয়তা আছে। প্ৰকৃতিৰ সৈতে জড়িত ৰঙালী বিহুটি প্ৰকৃতিৰ অৱদানৰ অবিহনে আধৰুৱা। কাৰণ এই ব’হাগ বিহুৱে অসমীয়া নতুন বছৰক আদৰি নতুনত্ব কঢ়িয়াই অনাৰ লগতে প্ৰকৃতিৰ ভেঁটিত কৃষিৰ শুভাৰম্ভৰ বাৰ্তা প্ৰেৰণ কৰে।

Bihu 2
Image: Ms Bijoylakhsmi Bora

(মনস্বিনী শৰ্মা অসমৰ এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
চুনদকু

চুনদকু

September 1, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d