• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Culture

বহাগ : সৃষ্টিৰ নব উন্মেষৰ ধাৰা

পুষ্পাঞ্জলী শিৱমশৰ্মা

by Anjan Sarma
April 15, 2022
in Culture, Dance, Music, Nature
Reading Time: 3 mins read
0
বহাগ : সৃষ্টিৰ নব উন্মেষৰ ধাৰা
Share on FacebookShare on TwitterShare on LinkedIn

বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণ,ঐতিহ্য স্বৰূপ “বিহু” উৎসৱলৈ পৰিণত হোৱাৰ আৰম্ভনি যদি বিচাৰিব যাওঁ,নিঃসন্দেহে দিলীপ কুমাৰ ভট্টাচাৰ্য দেৱৰ ভাষাৰে কব লাগিব যে, “কৃষিজীৱি জনগণে মাটিৰ উৰ্বৰতা বৃদ্ধি, অধিক শস্য উৎপাদনৰ কামনাৰে নৃত্যগীতৰ আয়োজন কৰিছিল …

…শস্য প্ৰাপ্তিয়েও তেওঁলোকক তৃপ্তি দান কৰিছিল৷আনন্দত আত্মহাৰা হৈ নৃত্যগীত কৰিছিল ৷ সময়ত তেনে অনুষ্ঠানবোৰৰ বিকাশ ঘটিল আৰু উৎসৱলৈ ৰূপান্তৰিত হ’ল৷ বিহুৰো উৎপত্তিৰ কাহিনী এইদৰেই আৰম্ভ হল৷ ’’

ধৰালৈ বহাগ বিহুৰ আগমনে বিশেষকৈ অসমৰ প্ৰাকৃতিক শোভাত যি বাৰেৰহণীয়া ৰঙৰ সমাবেশ আনে সেয়া চালে চকু ৰোৱা হৈ পৰে।  
বিৰিখে বিৰিখে সেউজীয়াৰ পৰশত ফুল ফল জাতিষ্কাৰ হয়৷


নিজৰা, জান-জুৰি ,পাহাৰ পৰ্ব্বত, চৰাই চিৰিকটি-কীট-পতংগৰ পৰা আৰম্ভ কৰি বিশাল ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ বিভিন্ন উপনদীসমুহ যেনে, দিহিং-দিচাং-দিখৌ-জাঁজি-ভোগদৈ, কপিলি, জিৰি আদিসমূহত উছাহৰ ঢল নামি আহে ৷ সকলোবোৰ প্ৰকৃতিৰ ৰঙত ৰাঙলী হৈ পৰে৷


সৃষ্টিৰ নব উন্মেষণৰ প্ৰাৰম্ভণি প্ৰকৃতিৰ বুকুৰ পৰা আৰম্ভ হৈ ইয়াৰ প্ৰভাবে মানুহৰ জীৱনকো সামৰি লয় ৷এই সৃষ্টিৰ অনুপম স্বাক্ষৰ হৈছে বিহুৰ আগমনি।  বিহু অসমীয়াৰ কৃষি পৰম্পৰাৰ লগত জড়িত এক অবিছেদ্য অংগস্বৰূপ।

RelatedPosts

India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026

বুৰঞ্জীত কথিত আছে যে ,“স্বৰ্গদেউ ৰুদ্ৰ সিংহইহে হেনো ৰজাঘৰীয়া স্বীকৃতি দি গছতলৰ, মুকলি পথাৰৰ, নৈপাৰৰ বিহুটিক ঐতিহাসিক ৰংঘৰৰ বাকৰিলৈ আনি সংস্কৃতিৰ মৰ্যাদা প্ৰদান কৰিছিল। বিহুক অসমৰ জাতীয় উৎসৱ বুলি স্বীকৃতি দিয়া আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই বাপতিসাহোন বিহুক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। (১৫৯৫-১৭১৪) স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুত গছৰ তলত ডেকা গাভৰুৱে নাচ নচাৰ বাতৰি পাই কটকীৰ যোগেৰে তেওঁলোকক মতাই আনি আনুষ্ঠানিক ভাৱে বিহু উপভোগ কৰিবলৈ সুবিধা দি ৰজাঘৰীয়া স্বীকৃতিৰ পথ প্ৰশস্ত কৰিছিল। অসমৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল স্বৰ্গদেউ শিৱসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ আদিয়ে পৰবৰ্ত্তীকালত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত বিহু পতাৰ লগতে মহযুঁজ, কুকুৰা যুঁজ আদিৰ আয়োজন কৰিছিল। আহোম ৰজাৰ দিনতে পথাৰৰ আহঁত গছৰ তলৰ পৰা গৃহস্থৰ ঘৰৰ চোতাললৈকে বিহুক ৰাজকীয় স্বীকৃতি দিলে।’’ 

bihu
https://www.sentinelassam.com

তাৰোপৰি অসমৰ বিভিন্ন জাতি জনজাতি যেনে- মিচিং, দেউৰী, ডিমাছা, বড়ো, মৰাণ, সোণোৱাল-কছাৰী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীসমূহৰ নিজ নিজ ঐতিহ্য আৰু পৰম্পৰাৰে বিহু আৰু বসন্ত উৎসৱক সামৰি সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে বিহুৱে নতুন ৰূপ লাভ কৰি সমাজত জাতিষ্কাৰ হৈ উঠিছে।
শ্যামল কাচোনেৰে সাজি কাচি শ্যামলীমা হৈ পৰা ধৰাৰ বুকুত ,বিহঙ্গৰ কাকলিত, চৌদিশে মন মতলীয়া কৰা বতৰৰ আগমন ঘটায় আমাৰ বাপতি সাহোন,প্ৰানৰো আপোন চেনেহৰ বিহুটিয়ে, প্ৰতিজন অসমীয়াৰ অন্তৰলৈ।

   বিহু তিনি প্ৰকাৰৰ আৰু প্ৰতিটোৰে আছে এক অনুপম বৈশিষ্ট্য,মাদকতা ৷

“চ’তে গৈ গৈ বহাগী পালেহি
ফুলিলে ভেবেলি লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা।”


 খেতিয়ক ৰাইজৰ কৃষি কাৰ্যৰ আৰম্ভণি হোৱা হেতুকে চ’ত-ব’হাগ মাহত ৰঙালী বিহু উদযাপন কৰাৰ নিয়ম বা পৰম্পৰা তাহানিৰ দিনৰ পৰাই চলি আহিছে৷ খেতিৰ ধানে ঠন ধৰি উঠাৰ সময়ত যেতিয়া আহিন-কাতি মাহৰ সংক্রান্তি হয়,তেতিয়া খেতিপথাৰত আকাশবন্তি জ্বলাই লগতে তুলসীতলত চাকিগছি জ্বলাই শস্যৰ বিষাক্ত কীটপতঙ্গৰ পৰা ৰক্ষণাবেক্ষণৰ হেতু প্ৰাৰ্থনা কৰি কাতি বিহু পালন কৰে৷শস্য যেতিয়া সোনোৱালী হৈ পকিব লয়,খেতিপথাৰৰ সোণগুটিৰ চপাই চহা ৰাইজে ভঁৰাল উপচাই পেলোৱাৰ যি সময় অৰ্থাৎ পুহ-মাঘৰ সংক্রান্তিত উলহমালহেৰে মাঘ বিহু পালন কৰে ৷

মুঠতে প্ৰতিটো বিহু উদযাপনৰ আৰঁত লুকাই থাকে চহা ৰাইজৰ জীৱনৰ মূল বিশেষত্বৰ অস্তিত্ব নিহিত থাকে নব সৃষ্টিৰ নব উন্মেষ৷ এয়াই বিহুৰ মূল স্বকীয়তা৷ তাৰ ভিতৰত বহাগ বিহু বা ৰঙালী বিহুৰ ক্ষেত্ৰত কোৱা হয় যে  ৰঙালীৰ ৰঙত প্ৰতিজন অসমীয়াৰ মন প্ৰাণ হৈ পৰে ৰঙীন আৰু আনন্দময় ৷ জীয়াৰী ,বোৱাৰীৰ হাতত জেতুকাৰ ৰাঙলী বোল,ওঁঠৰ কোণত হাহোঁ নাহাহোঁকৈ বিৰিঙি উঠা কোনোবা নাচনীৰ মিঠা হাহিঁ,কাণত মিনাকৰা কেৰু, ডিঙিত গলপতা,হাতত গামখাৰু,নেঘেৰি খোপাত কপৌ গুজি লৱণু দেহৰ ভাঁজত বিহু নৃত্যৰ ভংগীমাত চেনেহী ৰঙালী উল্লাসিত হয়_


“ৰঙালী বিহুত সাজিৰঙতে ৰাঙলী হলা কিয় তেনে পাহৰিলা সেই বিহুগীত,কিশোৰ কালতে গোৱা যি গীতৰ ঢৌ লাগি বালিমাহী নাচিছিল শালি ধাননিত ৷”


 অকল অসমীয়া সমাজৰ জনজীৱনতে নহয়, বৰ লুইতৰ পাৰৰ প্ৰতিটো জনগোষ্ঠীক সামৰি বহাগ বিহুৰ এক গৰিমামণ্ডিত গুৰুত্বপূৰ্ণ ভূমিকা আছে, এক স্বকীয় ৰূপ আৰু সুকীয়া তাৎপৰ্য্য আছে।  যি স্বকীয়তাৰ পটভূমিত আছে মহামিলনৰ তীৰ্থস্বৰূপ, মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত যুগ যুগ ধৰি নানা জাতি উপজাতিৰ মাজত বিৰাজ কৰি থকা সম্বন্বয় আৰু সংমিশ্ৰনৰ এক গৌৰবোজ্বল ঐতিহ্য আৰুএইবোৰৰ মাজত থকা ঐক্য এনাজৰীৰ বান্ধোনে অসমৰ অসমীয়াক একাকাৰ কৰি তোলে৷

bihu2
 
https://www.4to40.com

বিহু তিনিটিৰ তুলনামূলক বাখ্যাৰে কব পাৰি যে যথাক্ৰমে বহাগ বিহু,কাতি বিহু আৰু মাঘ বিহুৰ প্ৰতিটোৰে উমৈহতীয়া বৈশিষ্ট্য আছে ৷তথাপিও বহাগ বিহু বা ৰঙালী বিহুৰ আগমনত তাৰ ৰঙীন ৰঙত প্ৰতিজন অসমীয়াৰ হৃদয় থৌকিবাথৌ হয়৷ কাৰণ-


“চ’তে গৈ গৈ বহাগী পালেহি
ফুলিলে ভেবেলি লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা।”


ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলিও নামাকৰণ কৰা হয় ৷কাৰণ এই বিহুত ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰ কৰে। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ বিভিন্ন উৎসৱ সমাজত চলি আহিছে আৰু তাৰ ভিতৰত বহাগ বিহুও অন্যতম৷মানব সমাজৰ ইতিহাসত যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি অতীজৰ পৰাই বিশ্বাস চলি আহিছে৷খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষি আৰু উৰ্বৰা শক্তিৰ লগত এৰাব নোৱাৰা মধুৰ সম্বন্ধ আছে।

বিহুৰ অন্যতম অংগ “হুচৰিৰো’’ দুটা ভাগ থাকে-এটা পদ গোৱা, আনটো বিহু মৰা। নামতীয়ে এটি ঘোষা দিয়ে আৰু ঘোষাৰ লগত সংগত কৰি কীৰ্তন-দশমৰ পদ দিয়ে। ঘোষা অংশ হুঁচৰিৰ দলৰ মানুহে দোহাৰি গাই যায়। হুঁচৰি শেষ হ’লে গৃহস্থই শৰাইত তামোল-পাণৰ লগতে পইচা দি শৰাই ঢকা কাপোৰেৰে শৰাইখন ঢাকি সপৰিয়ালে ৰাইজক সেৱা কৰে। আশীৰ্বদীয়াই আশীৰ্বাদ দিয়ে। গৃহস্থৰ বাবে এই আশীৰ্বাদখিনিহে মূল। একেদৰে হুঁচৰি দলৰ মানুহৰ বাবেও শৰাইখনত গৃহস্থই আগ বঢ়াই দিয়া তামোল-পাণ যোৰ মূল। 


আত্মজীৱনী “মোৰ সোঁৱৰণী”ত পদ্মনাথ গোহাঞিবৰুৱায়ে লিখিছিল, “বিহুলৈ মোৰ বৰ ধাউতি। চ’ত-ব’হাগৰ দোমাহীৰ এপষেকমান আগৰে পৰা মোৰ গাত বিহু বিহু লাগেহি। … সন্ধিয়াৰ হুঁচৰি আগমনৰ প্ৰতীক্ষা কৰাত গাৰ উচল-পাচল আৰু মনৰ উগুল-থুগুল ভাব, ঘৰ-ফুৰা হুঁচৰিযোৰা আহি পোৱাৰ জাননীস্বৰূপ ঢোলৰ উৰুলিৰ গুৰ-গুৰণিত মোৰ বুকু গুৰ-গুৰকৈ বাজি উঠা, হুঁচৰি কীৰ্তনৰ লেহেতীয়া আৰু উধাও হোৱা সুৰত মোৰ প্ৰাণ উৰুলিকৃত হোৱা ইত্যাদিৰ সুখ সোঁৱৰণিয়ে আজিও মোক উল্লাসিত কৰে ৷”

বুৰঞ্জীত কথিত আছে যে ,“স্বৰ্গদেউ ৰুদ্ৰ সিংহইহে হেনো ৰজাঘৰীয়া স্বীকৃতি দি গছতলৰ, মুকলি পথাৰৰ, নৈপাৰৰ বিহুটিক ঐতিহাসিক ৰংঘৰৰ বাকৰিলৈ আনি সংস্কৃতিৰ মৰ্যাদা প্ৰদান কৰিছিল। বিহুক অসমৰ জাতীয় উৎসৱ বুলি স্বীকৃতি দিয়া আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই বাপতিসাহোন বিহুক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল।


  সময়ৰ সোতত পৰম্পৰা লোকাচাৰ,ৰীতিনীতিৰ যথেষ্টখিনি পৰিৱৰ্তন হয় আৰু হবও,সেয়া স্বাভাৱিক ৷ কিন্ত বৃহত্তৰ অসম তথা অসমীয়াৰ লোকাচাৰ,লোকউৎসৱ সমুহত জড়িত হৈ থকা বিশ্বাস,সংস্কাৰ,নিয়মবোৰত লাহে লাহে আধুনিকতাৰ নামত কিছু কিছু অংশত কেৰোণ লাগিবও আৰম্ভ হৈ গৈছে ৷গতিকে বিহুৰ স্বকীয় অস্তিত্ব বজাই ৰাখিবলৈ প্ৰতিজন অসমীয়াই অহোপুৰুষাৰ্থ কৰা উচিত ৷আমি এই বাপতি সাহোন বিহুৰ পৰম্পৰাগত ঐতিহ্যক কালৰ বুকুত নিছিহ্ন হোৱাত বাধা দিব লাগিব,ককালত টঙালি বান্ধি আমি অসমীয়াই এক গোট হৈ আগবাঢ়িব লাগিব ৷


জ্যোতিপ্ৰসাদে কৈছিল,”অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়া সংস্কৃতিৰ মেলা,য’ত হয় উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন ৷সেই কাৰণে বিহু উৎসৱ অসমীয়া সংস্কৃতিক জীৱনৰ এটা বছেৰেকীয়া সমাবেশ ৷বহু ধৰ্ম আৰু বহু ভাষা-ভাষী, জাতি-জনজাতি আৰু উপজাতিৰ বাসস্থলী অসমত বিহু হৈছে পৰিপূৰ্ণ জাতীয় উৎসৱ৷ বিহুতলী হৈছে হৃদয়ৰ আদান-প্ৰদানৰ শ্ৰেষ্ঠ মিলন ক্ষেত্ৰ।জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বাপতি সাহোন “বিহু”ক পালন কৰাত হেঙাৰ নাই,ল’ৰা বুঢ়া সকলোৱে বিহু উৎসৱৰ আনন্দত লীন হৈ যায় ৷এই উৎসৱে আনে প্ৰতিজন অসমীয়াৰ জীৱনলৈ নতুনত্বৰ অনুভৱ,সৃষ্টিৰ স্পৃহাৰ অঙ্কুুুৰ ৷  


সেয়ে বিহু গীতৰ সুৰত কোৱা হৈছে–
“বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি অসমৰ প্ৰাণ;
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।”


অসম,আমি অসমীয়া আৰু বিহু ইটো-সিটোৰ পৰস্পৰৰ পৰিপূৰক।  বিহু থকালৈকে অসমীয়াৰ আয়ুস থাকিব ,অস্তিত্ব বাচি থাকিব আৰু আমি সকলো অসমীয়াই একতাৰ এনাজৰীত বান্ধ খাই বৃহত্তৰ অসমৰ বিকাশত অৰিহণা যোগাব পাৰিম ৷ 

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

India’s 7th National Report to the CBD
Climate Change

India’s 7th National Report to the CBD

by Rituraj Phukan
March 12, 2026
0

India's 7th National Report to the CBD RITURAJ PHUKAN India has submitted its Seventh National Report to the Convention on...

Read moreDetails
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d