-বৈশালী কল্যাণী গগৈ |
বহু দিনৰ মূৰত !
……………………..
শব্দৰ মৃত্যু ??
কিবা অবিশ্বাস্য…
কলমৰ শৰাধ ?
এতিয়াও অপ্রস্তুত…
কথা দিয়া হৈছিল
অনুভূতিৰ পৰা শব্দলৈ
শব্দৰ পৰা কলমলৈ
বৈ যাব এখনি নেদেখা নৈ !!
তেন্তে??
অনুভূতিৰ সান্তনা
“অন্তিমটো উশাহতো মোৰ উপস্থিতি তোমাৰ কাষত”
আজিৰ শব্দৰ ৰং অভিমানত ৰঙা
“অপমৃত্যুৰ সজালা গৰাকী”
সময় কিম্বা নিজেই বুজা নুবুজাৰ কাৰণৰ গালৈ ঠেলি দিওঁ
নিজৰ সমস্ত দোষ
তথাপি
বিচ্ছেদৰ বেদনাত আজি আকৌ বহু দিনৰ মূৰত !