• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 18, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Agriculture

বাংলাদেশত চাহখেতিঃ ১ কিলো সোণালী চাহৰ দাম ১৬ কোটি টকা

চাহ

by Admin
March 10, 2022
in Agriculture, Business, News, Special Report, World
Reading Time: 1 min read
0
বাংলাদেশত চাহখেতিঃ ১ কিলো সোণালী চাহৰ দাম ১৬ কোটি টকা
Share on FacebookShare on TwitterShare on LinkedIn

চাহ

• তনয় চক্ৰৱৰ্তী

RelatedPosts

Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

May 17, 2022
অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

May 17, 2022

চুবুৰীয়া বাংলাদেশত এনে মানদণ্ডৰ চাহ উৎপাদন হ’বলৈ আৰম্ভণি হৈছে, সেই চাহৰ ১ কিলোগ্ৰামৰ মূল্য হ’ব কমেও ১৬ কোটি টকা। হয়, ১ কিলোগ্ৰাম চাহৰ দাম ১৬ কোটি টকা! এয়া কোনো কল্পকাহিনী নহয়, সচাঁ ঘটনা। সোণালী প্ৰলেপৰ এই সোণালী ৰঙৰ চাহ বিশ্বৰ সবাতোকৈ দামী চাহ হ’বলৈ আগবাঢ়িছে বুলি ধাৰণা কৰা হৈছে। এইহেন মূল্যবান চাহ বাংলাদেশৰ চাহবাগিচাত অতি যত্নৰে প্ৰস্তুত হ’বলৈ আগবাঢ়িছে।


প্ৰাপ্ত সংবাদ অনুসৰি ‘গোল্ডেন বেঙ্গল টি’ ( Golden Bengal Tea) নামৰ এনে বিশেষ চাহ স্বচ্ছ চাহৰ কাপত ঢালি দিয়াৰ পিছত সোণোৱালী ৰং দেখা যায়। এনে চাহত ভাঁহি উঠে খোৱাৰ বাবে উপযোগী সোণোৱালী প্ৰলেপ। এনে চাহৰ উৎপাদনকাৰী প্ৰতিষ্ঠান ‘লন্ডন টি এক্সচেঞ্জ‘-এ ‘গোল্ডেন বেঙ্গল টি’ৰ মূল্য নিৰ্দ্ধাৰণ কৰিছে প্ৰতি কিলোগ্ৰামত ১৪ লাখ পাউণ্ড! অৰ্থাৎ, বাংলাদেশৰ টকালৈ পৰিৱৰ্তন কৰিলে ১৬ কোটি টকা। এই বছৰতে মে’ মাহত এনে বিশেষ চাহ বজাৰলৈ অনাৰ পৰিকল্পনা কৰা হৈছে বুলি চাহ প্ৰস্তুকৰ্তা প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে। গ্ৰেট ব্ৰিটেইনৰ লন্ডনস্থ এই প্ৰতিষ্ঠানটোৰ তত্ত্বাৱধানত বাংলাদেশৰ চিলেট অঞ্চলত বিগত কেইটামান বছৰ ধৰি অতি গোপনীয়তা ৰক্ষা কৰি এনে চাহৰ খেতি কৰা হৈ আছে বুলি প্ৰতিষ্ঠানটোৱে সদৰি কৰিছে।

 
প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে যে চাহৰ প্ৰকাৰৰ দিশৰ পৰা এই চাহ ‘ব্লেক টি’ গোত্ৰীয় হ’লেও স্বচ্ছ পিয়লাত পৰিৱেশন কৰিলে সোণালী ৰং দেখা যাব। প্ৰায় চাৰে – চাৰি বছৰ ধৰি এক বিশেষ পদ্ধতিৰে এনে চাহ উৎপাদন পৰ্ব চলি থকাৰ বিষয়েও জানিবলৈ দিয়ে। ‘লন্ডন টি এক্সচেঞ্জ’ৰ প্ৰধান কাৰ্যবাহী অলিউৰ ৰহমানে বি.বি.চি. বাংলাক জনায় যে বিশেষ পদ্ধতিৰে এই চাহ প্ৰস্তুত কৰা হয়। ইয়াৰ বাবে অত্যাধিক যত্নৰ লগতে বিদেশী দক্ষ তথা প্ৰশিক্ষিত কৰ্মীসকলে চাহ প্ৰস্তুত কৰে। সম্পূৰ্ণ প্ৰক্ৰিয়াটোত কোনোধৰণৰ মেচিনৰ সহায় লোৱা নহয়। চাহ গছৰ মাত্ৰ দুটা সোণোৱালী পাতেৰে এই চাহ প্ৰস্তুত কৰা হয়।


অলিউৰ ৰহমানে কয় যে ২০১৬ চনত এনে চাহৰ খেতি আৰম্ভ কৰা হয়। বাংলাদেশৰ চিলেট অঞ্চলত কেইখনমান চাহ বাগিছাৰ বিশেষ অংশ ভাৰা লৈ তেওঁলোকে নিজৰ তত্ত্বাৱধানত এনে চাহৰ খেতি আৰম্ভ কৰে। প্ৰায় ৫ বছৰৰ পিছত ৯০০ কিলোগ্ৰাম চাহৰ পৰা মাত্ৰ ১ কিলোগ্ৰাম সোণালী চাহ উৎপাদন কৰা সম্ভৱ হৈছে। সেই চাহৰ পাতত মিশ্ৰণ কৰা হৈছে ২৪ কেৰেট সোণৰ প্ৰলেপ। উৎপাদক প্ৰতিষ্ঠানটোৰ মতে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে অৰ্ডাৰ পাবলৈ আৰম্ভ কৰিছে। বহুত সময়ত দেখা যায় যে বহু চাহ গছত সোণালী পাত উৎপন্ন নহয়, আৰু কোনো কোনো সময়ত এনে সোণালী পাতৰ বাবে বহুদিন বহু সপ্তাহ অপেক্ষা কৰিবলগীয়া হয়। দীৰ্ঘসময় ধৰি প্ৰশিক্ষিত কৰ্মীসকলৰ মাধ্যমেৰে লাহে ধীৰে এনে চাহ পাত সংগ্ৰহ কৰা হয়।

পূৱ অসমৰ চাহ বাগিছাৰ মনোহৰী গোল্ড নামৰ চাহ ২০১৯ চনত প্ৰতি কিলোত ৫০০০০/- টকাকৈ বিক্ৰী হৈছিল

তাৰপিছত বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে আকাংক্ষিত চাহৰ ৰূপ দিয়া হয়। এটা পৰ্যায়ত ইয়াৰ সৈতে বিধিসন্মত ভাবে ‘গোল্ড ফ্লেক্স’ বা সোণৰ গুড়ি মিহলোৱা হয়। অলিউৰ ৰহমানে কয় যে দীৰ্ঘ সময় ধৰি উৎপাদন, বিশেষ যত্ন আৰু প্ৰক্ৰিয়া, বিশেষভাৱে প্ৰশিক্ষিত কৰ্মী নিযুক্তি, ইত্যাদি বিভিন্ন কাৰণত এই চাহৰ মূল্য সৰ্বাধিক। বাংলাদেশৰ কোন কোন চাহ বাগিছাত এই চাহৰ খেতি কৰা হৈছে সেই সম্পৰ্কে সোধাত তেওঁ ব্যৱসায়িক কাৰণতে জনাবলৈ ৰাজী নহ’ল।


ইতিমধ্যে একাধিক অনুষ্ঠানত এই দামী চাহৰ প্ৰদৰ্শনী হৈছে। এই বছৰতে মে’ মাহত আনুষ্ঠানিকভাবে ‘গোল্ডেন বেঙ্গল টি’ বজাৰলৈ অনাৰ পৰিকল্পনা কৰিছে ‘লন্ডন টি এক্সচেঞ্জ’-এ। ‘লন্ডন টি এক্সচেঞ্জ’-এ বিশ্বৰ নানান দামী ব্ৰেন্ডৰ চাহ সংগ্ৰহ কৰে আৰু বিক্ৰী কৰে। এই প্ৰতিষ্ঠানটোৱে বিশ্বৰ বিভিন্ন ৰাজপৰিয়ালকো নিয়মীয়াকৈ বিশেষ চাহ যোগান ধৰে। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে নিজৰ তত্ত্বাৱধানত এনে চাহৰ উৎপাদন কৰিছে। 


প্ৰসঙ্গতে অলিউৰ ৰহমানে কয় যে কেই বছৰমান আগতে চাহক লৈ কৰা গৱেষণাৰ সময়ত তেওঁলোকে এক বিশেষ ‌পদ্ধতি আৱিষ্কাৰ কৰিছিল আৰু দেখা গৈছিল যে বিশেষ জাতৰ ‘ব্লেক টি’ গছৰ কুমলীয়া সোণালী পাত সংগ্ৰহ কৰি বিশেষভাৱে ‘গান মেটেল’ৰ মাধ্যমেৰে তাপ দিলে পাতৰ পৰা ঘাম বিক্ৰী হয়। তাৰপিছত সেই পাত শুকুৱালে সেই পাত সোণালী বৰণৰ হৈ পৰে। কিন্তু ‘গোল্ডেন বেঙ্গল টি’ৰ উৎপাদন পদ্ধতি সম্পৰ্কে একো তথ্য পোহৰলৈ অহা নাই।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Inflation: Difference between 2014 and 2022
Economy

Inflation: Difference between 2014 and 2022

by Admin
May 18, 2022
0

Inflation KAKALI DAS If I tell you about inflation, slow credit growth, rupee depreciation, high interest rate and lower wages,...

Read more
ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

May 17, 2022
অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

May 17, 2022
প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমঃ চিলিন্ডাৰ কিনিবলৈ অক্ষম ৯০ লাখ মহিলা

প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমঃ চিলিন্ডাৰ কিনিবলৈ অক্ষম ৯০ লাখ মহিলা

May 16, 2022
NEIPF : Interest of the indigenous people of NE must be protected

জনগোষ্ঠীয় সমন্বয়

May 15, 2022
man woman girl young

ডিঙিৰ বিষ মানেই কেন্সাৰ নহয়

May 15, 2022
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: