-দিলীপ দৈমাৰী |
যোৱাকালি বহুদিনৰ পিছত আনোৱাৰ চাচাক লগ পাইছিলো। তেওঁৰ সৈতে পৰিচয় মোৰ বহুবছৰৰ। মানুহজন এতিয়াও আগৰ দৰেই প্ৰাণৱন্ত হৈ আছে। এইবাৰ বিশ্বকৰ্মা পূজা ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰি তেওঁ অতিশয় ব্যথিত। তেওঁ ঈদ, বিহু, পূজা হলেই কাপোৰ কিনে, বিলায়। তেওঁৰ প্ৰিয়তম বন্ধুজনৰ নাম হ’ল কমল বসুমতাৰী। দুয়ো যেন ৰাম-ৰহিম হে! আনোৱাৰ চাচাৰ লৰাজন অভিযন্তা, নিজাকৈ কিছুমান কামত মনোনিবেশ কৰি আছে। যোৱা মাৰ্চ মাহৰ পৰাই চাচাক লগ পোৱা নাছিলো। যোৱাকালিও, প্ৰথমে ধৰিব পৰা নাছিলো- মুখাখনৰ বাবে। মোক দেখা পাই চাচাৰ কি যে আনন্দ! তেওঁৰ বাসভৱনলৈ মোক একপ্ৰকাৰ টানি লৈ গ’ল। চাহ- নাস্তা সমাপ্ত হোৱাৰ পিছত তেওঁ ছাদৰ উদ্যানলৈ মোক লৈ গল। আঃ, কি যে নাই চাচাৰ ছাদত! জিকা, ভেন্ডি, তিনিফুট ওখ আমৰ গছৰ আম, ড্ৰামত মাটি দি ৰোৱা বিশেষ জাতৰ নাৰিকল, মধুৰি, …! মই হতবাক। লক-ডাউনৰ সময়ত চাচাই উদ্যান একেবাৰে নদন-বদন কৰি পেলালে।
মোক হতবাক হোৱা দেখি চাচাই ক’লে যে কমল বসুমতাৰীৰ পৰামৰ্শ মানি তেওঁ আজি এইদৰে স্বাৱলম্বী হৈছে । কমল বসুমতাৰীয়ে তেওঁক বিভিন্ন প্ৰকাৰৰ পুলি- বীজ যোগান ধৰাৰ লগতে উৎসাহ দিয়া বাবেহে ছাদত চুটি-চাপৰ নাৰিকল লাগিছে, আম লাগিছে, অমিতা লাগিছে,…! সেইকাৰণে তেওঁ কমল বসুমতাৰীৰ ওচৰত বিশেষ ভাৱে ঋণী। আৰু, এই সমস্ত উদ্যোগৰ মূলতে হ’ল বসুমতাৰীয়ে ইউ-টিউবত প্ৰত্যক্ষ কৰা বাংলাদেশৰ বৰ্তমানৰ বিভিন্ন উদ্যোগী ব্যক্তিৰ সাফল্যৰ ভিডিঅ’। হয়, বাংলাদেশৰ পৰিৱেশ এতিয়া একেবাৰে সলনি হোৱাৰ পথত। শত শত নাওঁ বোজাই কৰি মধুৰিআমৰ বেপাৰীয়ে নাওঁ চলাই যোৱা দৃশ্য, খেজুৰৰ খেতি, কাজুৰ খেতি, পাচলিৰ বিশাল পথাৰ, মিছামাছ ৰপ্তানী, ইলিশ, নানা তৰহৰ ধান, …এক নতুন বিপ্লৱ আৰম্ভ হৈছে এতিয়া বাংলাদেশৰ বক্ষত। বসুমতাৰীয়ে দিনৰ পিছত দিন ধৰি সেই ভিডিঅ’বোৰ চাই চাই নিজেও তেনে কৰ্মত মনোনিবেশ কৰিলে আৰু চাচাক উৎসাহ দিয়াৰ ফলত এইহেন এখন নদন-বদন ক্ষুদ্ৰ অৰ্গেনিক খেতিপথাৰ মই দেখা পালো। গতিকে ভাবিলো যে বসুমতাৰীক ধন্যবাদ জনাওঁ।
মই যিদৰে আনোৱাৰ চাচাক চিনি পাওঁ, বসুমতাৰীকো পাওঁ। বৰ সহজ সৰল কমল বসুমতাৰী। এতিয়াও তেওঁ ৫৮ বছৰীয়া চফল ডেকা! বসুমতাৰীক আনোৱাৰ চাচাৰ ঘৰৰ পৰাই ফোন কৰিলো। ফোন ধৰি বসুমতাৰীয়ে মোক ২০ মিনিট অপেক্ষা কৰিবলৈ কোৱাত সন্মত হলো, কাৰণ তেওঁ চাচাৰ ঘৰলৈ নিজৰ ঘৰত পোহা থলুৱা ডেকেৰা কুকুৰা এটা উপহাৰ দিবলৈ আহি আছিল, অৰ্থাৎ তেওঁ ৰাস্তাত। চাচাইও জোৰ কৰিলে যে আজি বসুমতাৰীৰ ঘৰৰ থলুৱা ডেকেৰাৰ চুৰুহা খাব লাগিবই!
বসুমতাৰী আহি উপস্থিত হোৱাৰ পৰা কুকুৰাৰ চুৰুহা, মাংস-পোলাও পেটত পৰা সময়লৈ বিভিন্ন আলোচনাত লিপ্ত হলো। কিন্তু বসুমতাৰীয়ে যেতিয়া বাংলাদেশৰ প্ৰসঙ্গ উত্থাপন কৰি কবলৈ ধৰিলে – মই কিছুপৰ নিৰ্বাক হৈ ৰলো। বসুমতাৰীয়ে ক’লে যে যোৱা ৪০/৪১ বছৰ ধৰি কোনোৱেও আন্তৰিক ভাবে সমাধান কৰিব নোখোজা (আৰু নোৱাৰা) বাংলাদেশী সমস্যা সমাধান কৰিবলৈ অসমক কোনো ৰাজনৈতিক দলৰ প্ৰয়োজন নাই, কোনো নতুন দলৰ প্ৰয়োজনো নাই। বাংলাদেশৰ সমস্যা নিজে নিজে সমাধান হ’ব আৰু বাংলাদেশীৰ পৰা অসম উপকৃত হ’ব, উদ্ধাৰ হ’ব। মই ভালদৰে বুজি নোপোৱা বাবে বসুমতাৰীয়ে ক’লে, শুনক দৈমাৰী, অসমলৈ যিদৰে বঙ্গৰ পৰা বহিৰাগত আহিছিল আৰু পিছত পূৱ- পাকিস্তানী/ বাংলাদেশী আহিছিল, একেদৰে ইতিহাসৰ চকা ওলোটাকৈ ঘূৰিব। ইয়াৰ পৰা লাহে লাহে বাংলাদেশলৈ প্ৰব্ৰজন হ’ব; কিন্তু অবৈধ হিন্দু বাঙালীবোৰ চুকে-কোণে তেলভুৰকা( পইতাচোৰা)ৰ দৰে চেপেটা লাগি থাকিব, সিহত ফৎকে নাযাব, কিন্তু লাহে লাহে এদিন সিহতো যাব বুলি ভাব হৈ আছে।
বসুমতাৰীয়ে ক’লে, দৈমাৰী ভাই, একেবাৰে সহজ চিন্তা! অসম আন্দোলনৰ আৰম্ভণি কি আছিল? বহিৰাগত বহিষ্কাৰ। হীৰালাল পাটোৱাৰী মৰিল, ইলেকছনৰ কথা আহিল, গতিকে ভোটাৰ লিষ্ট, বহিৰাগতৰ প্ৰশ্নটো ‘ডিপ ফ্ৰিজ’ত থৈ বাংলাদেশী-নেপালী ভোটাৰক লৈ ৬ বছৰ আন্দোলন, কি পালে(?) – ১৯৭১ চনলৈ বাংলাদেশীক অসম চুক্তিৰে অসমীয়াকৰণ কৰা হ’ল। অগপ হ’ল, এদিন ন-অগপ হ’ল, প্ৰগতিশীল অগপ হ’ল, আৰু এতিয়াটো ৰাজনৈতিক দলৰ গুমটি/মল/চাৰ্কাছ দেখিয়েই আছে! কি হ’ল? অসম চুক্তি, আই-এম-ডি-টি, ‘কেব’/’কা’, ৫ নম্বৰ দফা, ৬ নম্বৰ দফা, নাগৰিক পঞ্জী, আদালতত গোচৰ, অনশন, জোৰ জ্বলাই শোভাযাত্ৰা, …বাংলাদেশীৰ সমস্যাক লৈ টেটুফলা নেতাৰ দলবাগৰা কাৰ্য, বৈষয়িক উন্নতি…! এইবিলাক হৈ থাকিল, হৈ আছে, হৈ থাকিব; সমস্যা মেক্ৰ’ আছিল- নেন’ হৈ পৰিল, সমাধান এই দলবোৰে নকৰে, কৰিব নোখোজে, ক্ষমতাও নাই। কিন্তু নিজে নিজেই এই সমস্যা সমাধান হ’ব।
কিদৰে? মোৰ সৰল প্ৰশ্ন!
দৈমাৰী, আজি আপুনি আনোৱাৰৰ ছাদ দেখিলে নে নাই? মই ইউ-টিউবত বাংলাদেশৰ খেতি চাই চাই নিজেও তেনে ক্ষুদ্ৰ প্ৰয়াস কৰিলো, আনোৱাৰকো কৰালো। এতিয়া সঁচা কথা এয়াই যে আমাতকৈ, অসমতকৈ, আৰু মোডীৰ ভাৰততকৈ বাংলাদেশৰ অৱস্থা বহুত ভাল। ভাৰতৰ জি-ডি-পি এতিয়া ঋণাত্মক ২৪% হৈ পৰিছে, ক’ত বছৰি ২ কোটিক চাকৰি দিব- কোটি কোটিৰ চাকৰি, কৰ্ম নাইকীয়া হৈ পৰিছে, ৰাজ্যবোৰক দিবলৈ মোডী চৰকাৰৰ ধন নাই, অথচ বিমানৰ পায়তাৰা, আমাৰ সোণোৱালে-শৰ্মাইও সাধাৰণ যাত্ৰীৰ লগত একেখন বিমানত নাযায়, চাৰ্টাৰ্ড বিমান লৈ যায়, হেলিকপ্তাৰক উবেৰৰ দৰে ব্যৱহাৰ কৰে, কিন্তু লাওলোৱা অৱস্থা! লাজ নাপায়। বাংলাদেশৰ এতিয়া জি-ডি-পি হ’ল ৮.২% । ভাৰতৰ ঋণাত্মক ২৪% ! অৰ্থাৎ, ভাৰততকৈ ৩২% ওপৰত আজিৰ বাংলাদেশ!
বসুমতাৰীয়ে কৈ গ’ল, বাংলাদেশৰ সকলোতকৈ ডাঙৰ চিগাৰেট কোম্পানী ‘ইউনাইটেড ঢাকা টবেকো’ জাপানৰ ‘জাপান টবেকো’ৱে ১.৫ বিলিয়ন ডলাৰেৰে কিনি পেলাইছে, চীনৰ চাংহাইৰ আৰু শ্বেনঝেন ষ্টক এক্সচেঞ্জে বাংলাদেশৰ ষ্টক এক্সচেঞ্জৰ ২৫% অংশ ক্ৰয় কৰিছে , ‘Belt and Road Initiative’ৰ অংশ হিচাপে। বাংলাদেশৰ মোবাইল সেৱা bKashৰ ২০% চীনৰ Alipay ( an arm of Alibaba)ই ক্ৰয় কৰিছে। বাংলাদেশৰ বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত জাপানৰ ছুমিটমো, শ্ব’ঝিট্জ, নিপ্পন ষ্টিল, মাৰুবিশ্বা আদিয়ে বিলিয়ন বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। কেৱল ব্যক্তিগত বন্দৰ , উদ্যোগিক ক্ষেত্ৰ আদি নিৰ্মাণ কৰা কামত চিটাগং অঞ্চলত শ্বঝিট্জ ( Sojitz)-এ অকলেই ২ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। বাংলাদেশৰ ১৬/১৭ কোটি জনসংখ্যাৰ এক-তৃতীয়াংশ হ’ল ২৫ বছৰৰ যুৱক বা তাৰে তলৰ বয়সৰ। সাগৰত লাগি থকা বন্দৰৰ সুবিধা, বাংলাদেশীৰ কৰ্মস্পৃহা, বৈদেশিক বিনিয়োগ বৃদ্ধি, ইত্যাদিয়ে পৰিৱেশ সলনি কৰি পেলাইছে। শ্ৰমিকৰ মজুৰি বৃদ্ধি পাইছে। বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ ভান্ডাৰ প্ৰায় ৩২ বিলিয়ন ডলাৰ হৈ পৰিছে। গতিকে, অসমত বাংলাদেশী কিয় থাকিব? বাংলাদেশৰ উন্নতি যিমানেই হ’ব, তেওঁলোকে সিমানেই সেইফালে গতি কৰিব। সেইকাৰণে সীমান্তত দিয়া বেৰবোৰ খুলি দিব লাগে, যাতে উভতি যাওতে অসুবিধা নহয়। আমাৰ ভৱিষ্যতৰ বংশধৰ সকলেও ঢাকালৈ চাকৰি কৰিবলৈ যাব পাৰিব। ব্ৰহ্মপুত্ৰ আছেই। গতিকে বাংলাদেশীক লৈ মূৰ ঘমাই লাভ নাই। বৰং বাঙালী হিন্দু, মাৰোৱাৰী, বিহাৰী আদিক লৈ হে মূৰ ঘমোৱা ভাল; কাৰণ সেইসকল বাংলাদেশৰ ফালে ফৎকৈ নাযাব। আগতে দেখোন বাংলাদেশৰ এতিয়াৰ অঞ্চলবোৰ কামৰূপতেই আছিল? পেটেল, নেহৰু, মোডী, শ্বাহ যেনে – হাছিনাও তেনে বুলি ধৰি বাঙ্গালুৰুত কাম কৰিব যোৱাৰ দৰে ঢাকালৈ গলেই হ’ল। এই সমস্যা নিজেই সমাধান হ’ব। আৰু চাওকচোন, কিমান লাজ আৰু অপমানৰ কথা- উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি বিপ্লৱ শৰ্মা, আইনজীৱী নিলয় দত্ত আদিক লৈ কৰা ৬ নং দফাৰ কমিটিৰ প্ৰতিবেদনত ‘মেম্বাৰ ছেক্ৰেটেৰী’ৰ চহী নাই, অমিত শ্বাহেও গ্ৰহণ নকৰিলে, জাতীয় নায়ক সোণোৱালেও পেলাই থলে, আৰু সেই ৬ নং দফা কমিটিয়ে ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত থকা মাটি-বাৰী, ইত্যাদি বিষয়বোৰো ভাৰত চৰকাৰক সপি দিলে, উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি সভাপতি হিচাপে থকা সমিতিৰ প্ৰতিবেদন এতিয়া বোলে আকৌ সাংবিধানিক বিশেষজ্ঞই পৰীক্ষা কৰিব…; কিন্তু অসমত বাংলাদেশী থাকিব পাৰে বুলি ভাৰতৰ সংবিধানখনত লেখা আছিল নেকি? যদি নাই, কিয় আন্দোলনৰ পথ লব লগা হৈছিল? উচ্চতম ন্যায়ালয়ত আজিলৈ সাংবিধানিক বিচাৰপীঠ গঠন হৈ অসমৰ মহাসংঘৰ গোচৰৰ কিবা কৰিলে নেকি? ১৯৭৯ চনৰ অসম আন্দোলনৰ ফলাফল এইবোৰেই! মহন্ত-সোণোৱাল- বৰা আদিয়ে ৰাজপাটত বহাটোৱেই একমাত্ৰ সাৰ্থকতা! শত শত আন্দোলনকাৰীক হত্যা কৰা কংগ্ৰেছেও এতিয়া ‘জয় আই অসম’ কয়!! এইবোৰ চলি থাকিব। কিন্তু এইবোৰক লৈ মূৰ ঘমাই লাভ নাই দৈমাৰী, বাংলাদেশীয়ে ঋণাত্মক ২৪% -অৰ উপমহাদেশত নাথাকে, নিজৰ দেশলৈ উভতি যাব আৰু এদিন তেওঁলোকে অসমকো উপকৃত কৰিব,…! আমাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম থকা যুৱকসকলেও ঢাকা, চিটাগঙত চাকৰি পাব। আনোৱাৰ চাচাৰ ঘৰত বসুমতাৰীৰ থলুৱা কুকুৰাৰ মন মতলীয়া কৰা চুৰুহা আৰু জিভা ইচাট-বিচাট কৰা পোলাও খাই উভতি আহিলো, আৰু বসুমতাৰীয়ে কোৱা কথাবোৰ ভাবি ভাবি টাইপ কৰি পেলালো।