বাংলাদেশৰ অসমীয়া

ৰেজাউল কৰিম
অসমৰ বাহিৰত থকা অথবা ভাৰতৰ বাহিৰত থকা অসমীয়া মানুহৰ বিষয়ে বিভিন্ন সময়ত চৰ্চা হৈ থাকে।
চৰ্চিত এই সকল অসমীয়াৰ একাংশ আমেৰিকা, ইংলণ্ড ,কানাডা অষ্ট্ৰেলিয়া আদি ৰাষ্ট্ৰত ভাল চাকৰি কৰে, একাংশ আকৌ সেই দেশৰ নাগৰিক হৈছে। এওঁলোকৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো অসমীয়া মানুহ আছে।
বাংলাদেশত থকা অসমীয়া মানুহৰ বিষয়ে বিশেষ চৰ্চা নহয়। বাংলাদেশ হোৱাৰ আগতে দেশখন আছিল পূৱ পাকিস্তান। তাৰ আগত সেইখন ভাৰতৰ ৰাজ্য পূৱ বঙ্গ আছিল। তাৰো আগত ই আছিল ভাৰতৰ অবিভক্ত বঙ্গ প্ৰদেশ। বঙ্গ প্ৰদেশ কিছুবছৰ অসমৰ সৈতে লগ লাগি বঙ্গ আৰু অসম প্ৰদেশ নামেৰে এখন প্ৰদেশ হৈছিল।

বঙ্গৰ পৰা ইংৰাজ চৰকাৰৰ দিনত অসমলৈ কৃষক শ্ৰমিকৰ প্ৰব্ৰজন হৈছিল। ই এক ইতিহাস। কিন্তু ইয়াৰ বিপৰীতে অসমৰ পৰাও কিছু অসমীয়া মানুহ বঙ্গ প্ৰদেশলৈ গৈ তাতেই নিগাজী হৈছিল। এনেদৰে নিগাজী হোৱা লোকসকলক দুভাগত ভগাব পাৰি। এভাগ হৈছে ইণ্ডো ব্ৰিটিছ যুদ্ধৰ সময়ত ইংৰাজৰ হৈ সৈনিক হিচাপে যোৱা এচাম অসমীয়া সৈনিক । আন এচাম হৈছে ভাৰত বিভাজনৰ সময়ত অসমৰ পৰা পূৱ পাকিস্তান লৈ যোৱা এচাম অসমীয়া।
ভাৰতৰ বিভাজনৰ সময়ত পূৱ পাকিস্তান লৈ যোৱা অসমীয়া লোক সকল পৰৱৰ্তী সময়ত ভালদৰেই সংস্থাপিত হোৱা বুলি জনা যায়। অসমৰ সৈতে তেওঁলোকৰ যোগসূত্ৰ একেবাৰে শেষ হৈ যোৱা নাই। তেওঁলোক ইতিমধ্যে আজিৰ বাংলাদেশৰ সৈতে একাকাৰ হৈ গৈছে।
কিন্তু ব্ৰিটিছ উপনিৱেশৰ সময়ত ব্ৰিটিছৰ হৈ যুঁজিবলৈ গৈ আজিৰ বাংলাদেশত স্থায়ী হৈ যোৱা সৈনিক সকলৰ আৰু তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ লোক সকলৰ অসমৰ প্ৰতি আছে এক অস্বাভাবিক আন্তৰিক টান। অসমখনক চিৰদিনৰ বাবে বুকুত ধৰি ৰাখিবলৈ এওঁলোকে নিজৰ পুৰণি উপাধি বিসৰ্জন দি ‘ অসম ‘ শব্দটোকে উপাধি হিচাপে গ্ৰহণ কৰি নিজৰ নামৰ সৈতে সংযোগ কৰি লৈছে। আনকি তেওঁলোকৰ বসতি অঞ্চল এটাৰ নামো ‘অসম বস্তি’।
বাংলাদেশৰ এগৰাকী নৃতাত্বিক গৱেষক, চট্টগ্ৰামৰ Teacher’s Training College ৰ অধ্যাপক শামসুদ্দিন শিশিৰৰ শেহতীয়া গ্ৰন্থ ‘ বাংলাদেশেৰ অসমীয়া’ ত বাংলাদেশত থকা অসমীয়া লোক সকলৰ বিষয়ে আলোচনা কৰিছে। মাত্ৰ ৬৩ পৃষ্ঠাৰ এই সৰু গ্ৰন্থখনৰ প্ৰকাশক হৈছে নাজমা হক, আপন আলো, ৪০,মোমিন ৰোড, চট্টগ্ৰাম।
ইংৰাজৰ দিনত পাৰ্বত্য চট্টগ্ৰাম অঞ্চলত আৰম্ভ হোৱা কুকি, চাকমা, লুছাই আদি বিভিন্ন জনগোষ্ঠীৰ ৰক্তক্ষয়ী বিদ্ৰোহ দমন কৰিবলৈ প্ৰথম অৱস্থাত ইংৰাজ চৰকাৰ ব্যৰ্থ হোৱাত পিছলৈ গোৰ্খা ৰেজিমেন্টক ৰাঙ্গামাটিলৈ লৈ আহে। এই গোৰ্খা ৰেজিমেন্টত গোৰ্খা লোক থকাৰ উপৰিও কিছু অসমীয়া লোকো আছিল।
এওঁলোকে কুকি বিদ্ৰোহ দমন কৰাৰ পিছত একাংশ লোক অসমলৈ উভতি আহে যদিও কিছু সংখ্যক লোক ৰাঙ্গামাটিকে ধৰি, মাঝিৰ বস্তি, গৰ্জনতলি, খাগড়াছড়ি আৰু বান্দৰবান পাৰ্বত্য জিলাৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰি ৰৈ যায়।
ৰাঙ্গামাটিত এইসকল অসমীয়া লোকে বসতি পতা বাবে গাওঁখনৰ নাম হয় ‘আসাম বস্তি’। ৰৈ যোৱা সৈনিক সকলে স্থানীয় জনজাতিৰ মহিলা সকলক বিয়া কৰাই সংসাৰ গঢ়োতে স্বামী স্ত্ৰীৰ ভাষাৰ বিভ্ৰাটৰ ফলত এটা উমৈহতীয়া ভাষাৰ সৃষ্টি হয়। এইটোৱেই আজিকালি তেওঁলোকৰ কথিত ভাষা।
চট্টগ্ৰাম পাৰ্বত্য অঞ্চলত থকা ১৪ টা বিভিন্ন জনগোষ্ঠীৰ ভিতৰত অসমীয়া সকলো আছে যদিও চৰকাৰে তেওঁলোকক সুকীয়া জনগোষ্ঠীৰ তালিকাত সন্নিৱিষ্ট কৰা নাই বাবে তেওঁলোকে চৰকাৰৰ কোনো সুকীয়া জনকল্যাণমূলক আঁচনিৰ অন্তৰ্ভুক্ত নহয়। এইটো জনগোষ্ঠীটোৰ অনগ্ৰসৰতাৰ এক কাৰণ। শিক্ষাত পিছপৰা আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে এওঁলোকে এক কষ্টকৰ জীৱন নিৰ্বাহ কৰে।

উল্লেখনীয় বিষয়টো হৈছে মাত্ৰ দুহেজাৰ মান জনসংখ্যাৰ এই সকল অসমীয়া লোকে নিজৰ পূৰ্বৰ আপোন পৰিচয় ‘অসমীয়া’ ৰ সৈতে কোনো আপোচ কৰা নাই। আনকি প্ৰতিজন লোকে এই পৰিচয়ক চিৰস্থায়ী কৰিবলৈ ‘অসম’ শব্দটোক উপাধি হিচাপে ব্যৱহাৰ কৰে। খাদ্য তালিকাত খাৰ বিদ্যমান। মেখেলা চাদৰ পৰিধান কৰে। ডিঙিত ফুলাম গামোছা লয়। আজিকালি নিজ সন্তানক অসমীয়া ভাষা শিকাবলৈও যত্নপৰ হৈছে।
‘লাভলি আসাম’ এগৰাকী সাংস্কৃতিক কৰ্মী। তেখেতে বিভিন্ন মঞ্চত অসমীয়া গীত পৰিবেশন কৰে। পংকজ আসামে বাংলা গল্প কবিতা আদি অসমীয়া ভাষাত অনুবাদ কৰি ভাষা সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছে। ২০১৭ চনত ৰাঙ্গামাটিত অনুষ্ঠিত হোৱা ৰঙালী বিহু অনুষ্ঠানটো আছিল আজিলৈকে অনুষ্ঠিত হোৱা সৰ্ববৃহত অনুষ্ঠান। ইয়াৰ পিছত তেওঁলোকে প্ৰতি বছৰে ৰঙালী বিহু উৎসৱ পালন কৰি আহিছে।

এই যে অসমৰ সৈতে কোনো বিশেষ সংযোগ নথকা সত্বেও, আৰ্থিকভাৱে জুৰুলা হোৱা সত্বেও, শিক্ষাত অনগ্ৰসৰ হৈ থাকিও, চৰকাৰৰ দ্বাৰা স্বীকৃত নোহোৱা স্বত্বেও পূৰ্বপুৰুষৰ পৰিচয় অক্ষুন্ন ৰখাত ব্ৰতী হৈ থকা স্বল্প পৰিচিত এইসকল অসমীয়ালৈ মোৰ হিয়াভৰা অভিনন্দন। আপোনালোকৰ শিপাৰ গভীৰতা আমি উপলব্ধি কৰিছো।
শামসুদ্দিন শিশিৰ ডাঙৰীয়ালৈ মোৰ সশ্ৰদ্ধ অভিনন্দন যে তেখেতৰ সৰু গ্ৰন্থখনৰ বাবে আমি বাংলাদেশত উপেক্ষিত হৈ থকা অসমীয়া মানুহৰ বিষয়ে জানিব পাৰিলোঁ। আশা কৰিছো আপুনি বাংলাদেশৰ অসমীয়া মানুহৰ বিষয়ে বিস্তৃতভাৱে আন এখন গ্ৰন্থ প্ৰণয়ন কৰিব।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.
















