• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, December 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বাক- স্বাধীনতা, দুটা টুইট আৰু উচ্চতম ন্যায়ালয়

-অঞ্জন শৰ্মা

by Admin
June 21, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-অঞ্জন শৰ্মা |

প্ৰৱীণ অধিবক্তা প্ৰশান্ত ভূষণক উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ দোষত দোষী বুলি কৈ দিয়াৰ পিছত ভাৰত উপমহাদেশৰ ভিতৰত আৰু বাহিৰতো বিষয়টোক কেন্দ্ৰ কৰি ভীষণ চৰ্চা আৰম্ভ হৈছে আৰু ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে দোষী সাব্যস্ত কৰিলেও প্ৰশান্ত ভূষণে নিজৰ ভুল নাই বুলি এতিয়াও দঢ়াই দঢ়াই কৈ আছে তথা কৈছে যে  শাস্তিকেই মূৰ পাতি ল’ম – কিন্তু মোৰ দ্বাৰা কোনোমতেই ন্যায়ালয়ৰ অৱমাননা হৈছে বুলি মই মানি নলওঁ; তেওঁৰ এনে ঘোষণাৰ পিছত বিষয়টো অতি উত্তপ্ত হৈ পৰিছে। ঘটনাটো এনেধৰণৰঃ (১) উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিয়ে কিছুসপ্তাহ পূৰ্বে এখন ‘হাৰ্লি ডেভিডচন’ মটৰ চাইকেলত মূৰত হেলমেট আৰু মুখত মুখা নিপিন্ধাকৈ বহি থকা এখন ছৱি – যিখন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল, সেই ছৱিখনক লৈ এটা ‘টুইট’ কৰি এক মন্তব্য আগবঢ়াইছিল।  (২) অইন এটা ‘টুইট’ৰ দ্বাৰা প্ৰশান্ত ভূষণে মন্তব্য আগবঢ়াইছিল যে ভৱিষ্যতে বৰ্তমান সময়ছোৱাক লৈ যেতিয়া ইতিহাস ৰচনা কৰা হ’ব, তেতিয়া ভাৰতত গণতন্ত্ৰ ধ্বংস কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ভূমিকা, বিশেষকৈ চাৰিজন প্ৰাক্তন বিচাৰপতিৰ ভূমিকাক লৈ আলোচনা হ’ব। প্ৰৱীণ অধিবক্তাক উচ্চতম ন্যায়ালয়ে এই দুয়োটা টুইটক লৈ দোষী সাব্যস্ত কৰিছে আৰু প্ৰশান্ত ভূষণে নিজকে দোষী বুলি মানি লোৱা নাই।

RelatedPosts

snow covered mountains during daytime

COP28: Third Pole Warming- Humanity’s Himalayan Challenge

December 6, 2023
BJP’s Triumph in Three States and Congress’s Telangana Revival

BJP’s Triumph in Three States and Congress’s Telangana Revival

December 4, 2023
স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

December 4, 2023

        এতিয়া এই ঘটনাৰ পটভূমিত আইনৰ সৈতে জড়িত হৈ থকাসকলৰ দুই-একে কৈছে যে বাক-স্বাধীনতা সংবিধানৰ ১৯(১) (A) প্ৰদত্ত ধাৰা অনুসৰি মৌলিক অধিকাৰ। ১৯(২) ধাৰা অনুসৰি বাক-স্বাধীনতা যুক্তিসঙ্গত নিয়ন্ত্ৰণৰ অধীন। আদালত অৱমাননা হ’ল বাক-স্বাধীনতাৰ ওপৰত যুক্তিসঙ্গত নিয়ন্ত্ৰণ। কিন্তু এই আইনৰ যুক্তিযুক্ততাক লৈ বহুত প্ৰশ্ন উত্থাপন হৈ আছে। আইনজ্ঞৰ মতে ‘ক্ৰিমিনেল কন্টেম্প্ট অব কোৰ্ট’ তেতিয়া হে প্ৰযোজ্য হয়, যেতিয়া বিচাৰ-ব্যৱস্থাৰ ক্ষেত্ৰত অন্যায়ভাৱে হস্তক্ষেপ কৰাৰ চেষ্টা কৰা হয় বা বিচাৰ ব্যৱস্থাৰ বিৰুদ্ধে ভিত্তিহীন কুৎসা ৰটনা কৰি সাধাৰণ মানুহৰ আস্থা নষ্ট কৰিবলৈ চেষ্টা কৰা হয়। গ্ৰেট-বৃটেইনকে ধৰি পৃথিৱীৰ বহু দেশত ‘কন্টেম্প্ট অব কোৰ্ট’ ধাৰা বাতিল হৈ গৈছে বা সেই ধাৰাৰ প্ৰয়োগ কৰাই নহয় – বাক-স্বাধীনতাৰ যাতে কোনোপধ্যেই খৰ্ব নহয়, তাৰে পটভূমিত। সেইসম্পৰ্কে সেইবোৰ দেশৰ বিচাৰব্যৱস্থাৰ মতামত হ’ল এনে যে কোনো ব্যক্তিৰ সমালোচনাৰ দ্বাৰা বা কুৎসা ৰটনাৰ দ্বাৰা বিচাৰব্যৱস্থাৰ ওপৰত থকা মানুহৰ আস্থা নষ্ট কৰিব নোৱাৰে আৰু বিচাৰ-ব্যৱস্থাইও আইনৰ স্বাৰ্থত নাগৰিকৰ অধিকাৰৰ পক্ষে পক্ষপাতমুক্ত নিৰ্ভীক ভূমিকা পালন কৰাৰ জৰিয়তে নিজৰ মান-সন্মানকেই ৰক্ষা কৰে আৰু বিচাৰব্যৱস্থাৰ সন্মান ৰক্ষাৰ বাবে ‘কন্টেম্প্ট অব কোৰ্ট’ ধাৰা প্ৰয়োগ কৰাৰ প্ৰয়োজনেই নহয়। কিছুকাল আগতে পঢ়া মনত আছে যে গ্ৰেট-বৃটেইনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এজন বিচাৰপতি সম্পৰ্কে সেই দেশৰ এখন বহুল প্ৰচাৰিত দৈনিক বাতৰিকাকতত বিচাৰপতিৰ ছৱি দি লেখা হৈছিল – বুঢ়া, গাধা, ‘ওল্ড এছ্’! সেই বিচাৰপতিৰ আদালতত বাতৰিকাকতৰ বিৰুদ্ধে ‘কন্টেম্প্ট অব কোৰ্ট’ অনা হৈছিল। কিন্তু বিচাৰপতিয়ে গোচৰটো খাৰিজ কৰি দি কৈছিল যে মই বৃদ্ধ – সেয়া সত্য, মই ‘গাধা’ হয় নে নহয় সেয়া ব্যক্তিগত অনুধাৱনৰ বিষয়, কোনোবাই যদি ভাবে যে মই গাধা – কৰিবলৈ মোৰ একো নাই। সেই ব্যক্তিয়ে তেনেকৈ কোৱাৰ অধিকাৰ আছে। এনে বক্তব্যৰ ভেটিত থিয় হৈ আইনজ্ঞই মত পোষণ কৰিছে যে সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকল যথেষ্ট শক্তিশালী আৰু বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী; গতিকে দুটা টুইটত তেওঁলোকে বিচলিত হ’লে নহ’ব। আৰু প্ৰশান্ত ভূষণৰ লগত একমত নোহোৱা সকলেও এইকথা কোৱা শুনা গৈছে যে সেই টুইট দুটা কোনোমতে ‘কন্টেম্প্ট অব কোৰ্ট’ৰ বিষয় হ’ব নোৱাৰে। প্ৰধান বিচাৰপতিয়ে ‘হাৰ্লি ডেভিডচন’ মটৰ চাইকেলত বহা ঘটনাটোক লৈ টুইট কৰিলে উচ্চতম ন্যায়ালয়ৰ বাবে ‘কন্টেম্প্ট অব কোৰ্ট’ কিদৰে হয় – সাধাৰণ মানুহৰ মূৰতো কথাটো সুমুওৱা নাই। আৰু যদিহে প্ৰধান বিচাৰপতিৰ সন্মান হানি হৈছে বুলি তেওঁ অনুভৱ কৰিছে, সেয়া হয়তো মানহানি বিষয়ক গোচৰ হ’ব পাৰিলেহেতেন! কিন্তু ‘কন্টেম্প্ট অব কোৰ্ট’ ? দ্বিতীয় টুইট সম্পৰ্কেও একেই কথা – উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ ভূমিকা সম্পৰ্কে মতামত তথা ভৱিষ্যতে ইতিহাসে কিদৰে মূল্যায়ন কৰিব, সেয়াও ‘কন্টেম্প্ট অব কোৰ্ট’ৰ বিষয় হ’ব নোৱাৰে। ইমান শক্তিশালী উচ্চতম ন্যায়ালয় – দুটা মাত্ৰ টুইটত বিচলিত হ’লে বাৰু কেনেকৈ চলে! যিসময়ত উচ্চতম ন্যায়ালয়ে বাক-স্বাধীনতা ৰক্ষাকৰ্তা হ’ব লাগে, সেইসময়ত দেখা গৈছে – বাক-স্বাধীনতা হৰণ কৰা হৈছে! ইয়াৰ ফলত বিশ্বাসযোগ্যতা হ্ৰাস হ’ব, বৃদ্ধি নহয়। ২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ চাৰিজন কৰ্মৰত বিচাৰপতিয়ে প্ৰধান বিচাৰপতিৰ বিৰুদ্ধে প্ৰকাশ্যে সাংবাদিক মেল পাতিছিল আৰু বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল ; কিন্তু তেতিয়া সেই চাৰিজন বিচাৰপতিৰ বিৰুদ্ধে ‘কন্টেম্প্ট অব কোৰ্ট’ বা মানহানিৰ গোচৰ তৰা নহ’ল! এই ঘটনা সকলোৰে মনত আছে নিশ্চয়। এগৰাকী আইনজ্ঞই কৈছে যে বিচাৰপতি অৰুণ মিশ্ৰ যেতিয়া কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল, তেতিয়া পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুকলিকৈ কৈছিল যে ৭০% বিচাৰপতিয়েই চোৰ! এই ঘটনাক লৈ বিচাৰপতি মিশ্ৰৰ আদালতত গোচৰ তৰা হৈছিল যদিও বিচাৰপতিয়ে গোচৰ খাৰিজ কৰি দিছিল এইবুলি যে – আদালতৰ মানহানি হোৱা নাই। তেনেস্থলত হাৰ্লি ডেভিডচন!!

      কৰ’নাক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে মাত্ৰ ৪ ঘন্টাৰ জাননীৰে ১৩০ কোটি মানুহক গৃহবন্দী কৰাৰ পিছত প্ৰায় ২০ কোটি শ্ৰমিক যি অবৰ্ণনীয় দুৰ্দশাৰ বলি হ’ল আৰু যি অকল্পনীয় যাত্ৰাৰ আৰম্ভণি হ’ল  – সেইবোৰে কিন্তু উচ্চতম ন্যায়ালয়ক বিচলিত কৰিব নোৱাৰিলে! যেতিয়া শ্ৰমিকসকলৰ পেটত ক্ষুধাৰ অগ্নি , শুদা পকেট, খাবলৈ এটুপি পানী নাই, যেতিয়া শ্ৰমিকৰ গাড়ীৰ চেপাত মৃত্যু হৈছে, ৰেলগাড়ীয়ে নিদ্ৰাৰত অৱস্থাত কাটি টুকুৰা টুকুৰ কৰিছে, তৃষ্ণাত কন্ঠ ফাটি গৈছে, পিঠিত শিশুক বান্ধি লৈ প্লাষ্টিকৰ বটল মাজেৰে ফালি ছেন্দেল বনাই শ শ মাইল, হাজাৰ মাইল অপৰিসীম দুৰ্দশাময় যাত্ৰা কৰিছে, সেইসময়ত, সেইসময়ত বহুতেই আশা কৰিছিল যে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা ল’ব – যিহেতু জনস্বাৰ্থৰ বাবে আদালতৰ ওচৰ চপা হৈছে। কিন্তু উচ্চতম ন্যায়ালয়ক এনে অবৰ্ণনীয় দুৰ্দশাই বিচলিত কৰিব নোৱাৰিলে। ভাৰত চৰকাৰে উচ্চতম ন্যায়ালয়ক ক’লে যে এজন শ্ৰমিকো ৰাস্তাত নাই, কিন্তু তেতিয়াও লক্ষ লক্ষ শ্ৰমিকে ৰাস্তাত সেই অবৰ্ণনীয় ঐতিহাসিক যাত্ৰা কৰি আছিল – ৪ ঘন্টাৰ জাননীৰ পটভূমিত; আৰু চৰকাৰৰ কথাকেই মানি লৈ উচ্চতম ন্যায়ালয়ে আবেদনকাৰীক ভৎৰ্সনা কৰিলে – সংবাদপত্ৰৰ সংবাদৰ ওপৰত ভিত্তি কৰি গোচৰ তৰা বাবে! চৰকাৰ শুদ্ধ হ’ল! কিন্তু দুই সপ্তাহমানৰ পিছত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ তৰিলে – পৰিব্ৰাজক শ্ৰমিকসকলৰ বিষয়টোক লৈ! অৰ্থাৎ? অৰ্থাৎ, আবেদনকাৰীসকলে ভুল কৰা নাছিল! কেৱল শ্ৰমিক সম্পৰ্কীয় গোচৰেই নহয়, অসমৰ জাতীয় মহাসংঘৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বছৰ বছৰ ধৰি আজিও সোমাই আছে উচ্চতম ন্যায়ালয়ৰ কোনোবা আলমাৰীত, কাশ্মীৰৰ ৩৭০ ধাৰা বাতিলৰ বিৰুদ্ধে তৰা গোচৰৰো একেই দশা, এনে বহু দীৰ্ঘসূত্ৰীতা! উচ্চতম ন্যায়ালয়ৰ সময়ৰ অভাৱ। তেনেস্থলত দুটা মামুলী টুইটক লৈ ইমান গুৰুত্ব কিয়? প্ৰশ্ন উত্থাপন হ’বই। কোটি কোটি শ্ৰমিকে গুৰুত্ব নাপায়, অসমত সোমোৱা বিদেশীক কেন্দ্ৰ কৰি মহাসংঘই তৰা গোচৰৰ বাবে সময় নাই, বিচাৰপীঠ গঠনৰ বাবেও সময় নাই; কিন্তু ‘হাৰ্লি ডেভিডচন’ গুৰুত্বপূৰ্ণ! উল্লেখিত এনে দুটা টুইটে সচাই জানো আদালতক অৱমাননা কৰিব পাৰে? উচ্চতম ন্যায়ালয়ৰ এই ৰায় পুনৰ বিবেচনাৰ যোগ্য আৰু প্ৰত্যাহাৰ কৰাটো হল সময়ৰ দাবী।

[ বিঃ দ্ৰঃ প্ৰাক্তন প্ৰধান বিচাৰপতি ৰঞ্জন গগৈৰ সময়ত উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছিল। গগৈয়ে অৱসৰ লোৱাৰ পিছত সেই মহিলাগৰাকীক পুনৰ চাকৰিত নিয়োগ কৰা হ’ল! ইয়াৰ ব্যাখ্যা কি? কোন সত্য? ]

•( লেখাটোত বিভিন্ন লেখাৰ সহায় লোৱা হৈছে।)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: উচ্চতম ন্যায়ালয়টুইটপ্ৰৱীণ অধিবক্তা প্ৰশান্ত ভূষণ
Admin

Admin

Related Posts

snow covered mountains during daytime
Climate Change

COP28: Third Pole Warming- Humanity’s Himalayan Challenge

by Admin
December 6, 2023
0

COP28: Third Pole Warming- Humanity's Himalayan Challenge Rituraj Phukan Rituraj Phukan A plethora of recent studies have sought to unravel...

Read more
BJP’s Triumph in Three States and Congress’s Telangana Revival

BJP’s Triumph in Three States and Congress’s Telangana Revival

December 4, 2023
স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

December 4, 2023
মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

December 3, 2023
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

December 1, 2023
ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

November 30, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Sensex Hits 69,000-Milestone: Indian Markets Reach New Highs

Sensex Hits 69,000-Milestone: Indian Markets Reach New Highs

December 6, 2023
woman wrapped in plastic

COP28: Plastic Pollution, and the Imperative for Global Action

December 6, 2023
snow covered mountains during daytime

COP28: Third Pole Warming- Humanity’s Himalayan Challenge

December 6, 2023
ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

December 6, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1756 shares
    Share 702 Tweet 439
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2127 shares
    Share 851 Tweet 532
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    1321 shares
    Share 528 Tweet 330
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1583 shares
    Share 633 Tweet 396
  • মাজুলী আৰু ৰাস

    459 shares
    Share 184 Tweet 115
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2492 shares
    Share 996 Tweet 623
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    964 shares
    Share 386 Tweet 241
  • অসমৰ লোকসংস্কৃতি

    1296 shares
    Share 518 Tweet 324
  • FREEDOM FIGHTERS OF ASSAM

    3043 shares
    Share 1217 Tweet 761
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    1299 shares
    Share 520 Tweet 325
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: