• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বাখৰ পৰম্পৰাৰ ঐতিহাসিক গুৰুত্ব

-গৌতম শৰ্মা

by Anjan Sarma
June 25, 2021
in Special Report
Reading Time: 1 min read
0
বাখৰ পৰম্পৰাৰ ঐতিহাসিক গুৰুত্ব
Share on FacebookShare on TwitterShare on LinkedIn

-গৌতম শৰ্মা |

মধ্যযুগৰ ভাৰতবৰ্ষত আঞ্চলিক ইতিহাসৰ বিকাশ অতিশয় মন কৰিবলগীয়া। এই বিশেষ সময়ছোৱাত হিন্দী, বাংলা, উৰিয়া, মাৰাঠী, ৰাজস্থানী, অসমীয়া, তামিল, সংস্কৃত আদিৰ সাহিত্যই প্ৰগতিৰ চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। উদাহৰণস্বৰূপে, অসমত বুৰঞ্জী সাহিত্য, ৰাজপুত চাৰণসকলৰ চাৰণগীত, মহাৰাষ্ট্ৰৰ বাখৰ আদি সৃষ্টিসমূহে ইতিহাস তথা ঐতিহাসিক সাহিত্যৰ অতি ওচৰ চাপি গৈছিল। যিসমূহ আঞ্চলিক পৰম্পৰাই সমকালীন ভাৰতবৰ্ষৰ প্ৰদেশবোৰৰ তথা আঞ্চলিক অঞ্চলবোৰৰ ইতিহাস চৰ্চা, সংৰক্ষণ তথা তেওঁলোকৰ ইতিহাসপ্ৰীতি সম্পৰ্কে আমাক অৱগত কৰাইছে। সেয়েহে এইসমূহ ঐতিহাসিক চৰিত্ৰপ্ৰধান আঞ্চলিক ইতিহাস লিখাৰ পৰম্পৰাৰ অবিহনে মধ্যযুগৰ ইতিহাসতত্ব সদায় আধৰুৱা।

সমসাময়িক ভাৰতৰ এই আঞ্চলিক পৰম্পৰাবোৰৰ অন্যতম এক পৰম্পৰা আছিল মহাৰাষ্ট্ৰৰ বাখৰ পৰম্পৰা। এই বাখৰবোৰ মাৰাঠী সাহিত্যৰ অভিন্ন অংগ; যিসমূহ মাৰাঠী গদ্যতেই লিখা হৈছিল। প্ৰায় দুশতকৈয়ো অধিক বাখৰ ১৭ শ শতিকাৰপৰা ১৮ শ শতিকাৰ ভিতৰত লিখা হৈছিল। মাৰাঠা বীৰ শিৱাজী ৰাজত্বৰ আগৰেপৰাই এইসমূহ লিখা হৈছিল। মাৰাঠা জাতিৰ ইতিহাস উদ্ধাৰত এই বাখৰবোৰৰ যথেষ্ট গুৰুত্ব আছে।

বাখৰবোৰৰ উৎপত্তি সম্পৰ্কত পণ্ডিতসকলে বিভিন্ন মত দিয়া দেখা যায়। গৰিষ্ঠসংখ্যক পণ্ডিতৰ মতে, বাখৰ শব্দটোৰ মূল আৰবীক শব্দ ‘খবৰ’ শব্দৰ পৰা আহিছে। ঐতিহাসিক এছ.এন. যোশীৰ ভাষাত, বাখৰ শব্দটো পাৰ্ছী ভাষাৰ শব্দ ‘খায়ৰ’ বা ‘বাখয়ৰ’ৰ পৰা আহিছে। অন্যহাতেদি, বাপুজি সংপালে বাখৰ শব্দটো সংস্কৃত ভাষাৰ ‘আখ্যয়িক’ শব্দৰ পৰাহে আহিছে বুলি মতপোষণ কৰিছে, যাৰ অৰ্থ গল্প। যি নহওক, এই বাখৰবোৰৰ প্ৰধান বৈশিষ্ট্য হ’ল এইবোৰ গদ্যত লিখা হৈছিল, য’ত ৰাজনৈতিক, ঐতিহাসিক চৰিত্ৰ দেখা পোৱা গৈছিল, য’ত মাৰাঠাসকলৰ দেশপ্ৰেমিকতা প্ৰকাশ পাইছে। ইয়াৰ উপৰিও ইয়াত মাৰাঠাসকলে গ্ৰহণ কৰা কেতবোৰ পৰম্পৰা, ঐশ্বৰিক শক্তিৰ ওপৰত থকা বিশ্বাস আদিবোৰৰ কথাও প্ৰতিফলিত হৈছিল। প্ৰথম অৱস্থাত এই বাখৰসমূহ মাৰাঠীত লিখা হৈছিল যদিও পিছলৈ পাৰ্ছী আৰু সংস্কৃত গদ্যটো এইসমূহ পোৱা গৈছে।

বাখৰবোৰৰ ইতিহাস তথা ৰচনাকাল সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতৰ অমিল দেখা যায়। গদ্যত লিখা ‘মহিকাৱটিছি বাখৰ’ৰ দ্বিতীয় আৰু তৃতীয় অধ্যায় কেশবাচাৰ্যই ৰচনা কৰি উলিয়াইছিল। ১৫ শ আৰু ১৬ শ শতিকাত ৰচিত এই বাখৰবোৰৰ ৰচনাৰ বাবে তিনিজন বিখ্যাত পণ্ডিত ক্ৰমে- ভগৱান, দত্ত আৰু কেশবাচাৰ্যৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁলোকৰ ৰচনাত মাৰাঠাসকলক এক কৰাত আটাইতকৈ পুৰণি প্ৰয়াসৰ কথা পোৱা যায়। তদুপৰি ই মাৰাঠাসকলৰ বাহমনী ৰাজ্যৰ শাসনৰ প্ৰতি থকা বিৰুদ্ধাচৰণৰ কথাও উল্লেখ কৰিছে। সৰ্বমুঠ ২০০ বাখৰৰ অৱস্থিতি কথা পণ্ডিতসকলে উল্লেখ কৰিছে। ‘সুভাষদ বাখৰ’, ‘৯১ কালামি বাখৰ’ আৰু ‘আজনীয়াপাত্ৰ বাখৰ’ৰ লগতে আন বহু বাখৰেই ১৭৬০ আৰু ১৮৫০ খৃষ্টাব্দৰ ভিতৰত ৰচনা কৰা হৈছিল; যিচোৱা সময়ত মাৰাঠা পেছোৱাসকলে মাৰাঠা ৰাজ্যৰ শাসনকাৰ্য পৰিচালনা কৰি আছিল। মাৰঠা বীৰ শিৱাজীৰ জীৱন আৰু শাসনৰ ওপৰত কেতবোৰ বাখৰ (সৰ্বমুঠ এঘাৰ) ৰচনা কৰা হৈছিল।

শিৱাজী জীৱন আৰু কৃতিত্বৰ নিৰ্ভৰযোগ্য ৰচনা লিপিবদ্ধ কৰাত বিশেষকৈ সুভাষদ বাখৰৰ গুৰুত্ব অপৰিসীম। উল্লেখযোগ্য যে,  ১৫ ৰপৰা ১৬ শ শতিকাৰ মাজভাগত ভগৱান, দত্ত আৰু কেশবাচাৰ্যই ৰচনা কৰা ‘মহিকাৱটিছি বাখৰ’ত মাৰঠা জনগণৰ বাহমনী শাসনৰ প্ৰতি থকা বিৰুদ্ধাচৰণৰ কথা পোনপ্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল। খৃষ্টীয় ১৬৯৪ ত জিঞ্জী দুৰ্গত শিৱাজীৰ ৰাজসভাৰ এজন অন্যতম সভাসদ কৃষ্ণাজী অনন্তই ৰচনা কৰা ‘সুভাষদ বাখৰ’ত শিৱাজীৰ জীৱনৰ বিষয়ে বহু কথাই জনা যায়। ১৪ শ শতিকাত কেতবোৰ অজ্ঞাত লেখকৰ দ্বাৰা ‘৯১ কালামি বাখৰ’ ৰচনা কৰা হৈছিল। শাহু ৰাজসভাত থকা মলহৰ ৰামৰাওৰ দ্বাৰা খৃষ্টীয় ১৮১১ ত ‘চিটনিছ বাখৰ’ নামৰ এবিধ বাখৰ ৰচনা কৰা হৈছিল। অন্যহাতেদি, কৃষ্ণাজী ভিনায়ক সাহানিয়ে খৃষ্টীয় ১৮১৮ ত ৰচনা কৰা ‘পেছোৱানচি বাখৰ’ত মাৰাঠা পেছোৱাসকলৰ ইতিহাস সম্পৰ্কীয় বহু তথ্য পোৱা যায়। ১৮ শ শতিকাত ৰচিত ‘ভৌচাহিবানস বাখৰ’ত ১৭৬১ চনত সংঘটিত হোৱা তৃতীয় পানিপথ যুদ্ধৰ বিৱৰণ পোৱা গৈছে।

উল্লেখযোগ্য যে, প্ৰথমাৱস্থাত সৰহসংখ্যক ঐতিহাসিকেই এই মাৰাঠী, পাৰ্ছী আৰু সংস্কৃত ভাষাত লিখা এই বাখৰবোৰক ইতিহাস ৰচনাৰ নিৰ্ভৰযোগ্য উৎস তথা সমল হিচাপে ল’বলৈ টান পাইছিল। ইয়াৰ মূলতে এইসমূহত থকা অতিমাত্ৰা সাহিত্যিক গুণ। অৱশ্যে বৰ্তমান সময়ত এই বাখৰ সাহিত্যক নতুনকৈ চোৱা হৈছে।  শেহতীয়াকৈ, পণ্ডিত জেমস গ্ৰাণ্ট দুফে এই বাখৰবোৰৰ ওপৰত ভিত্তি কৰিয়েই তেওঁৰ বিখ্যাত ‘হিষ্টি অফ মাৰাঠা’ প্ৰণয়ন কৰি উলিয়াইছে। পণ্ডিত শংকৰ গোপালেও বাখৰবোৰক নিৰ্ভৰযোগ্য ঐতিহাসিক সমল বুলি মন্তব্য কৰিছে। সেয়েহে এই সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰি এই বাখৰ পৰম্পৰাক আমি বহু এক মূল্যৱান ঐতিহাসিক পৰম্পৰা হিচাপে অভিহিত কৰিব পাৰোঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মহাৰাষ্ট্ৰৰ বাখৰ পৰম্পৰা
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d