বাডুংডুপ্পা কলা কেন্দ্ৰৰ নাট মহোৎসৱ
ৰেজাউল কৰিম

কি দাৰুণ !
যোৱা পোন্ধৰ ডিচেম্বৰ তাৰিখে আমি চাৰিজন বন্ধু, মই, ডাক্তৰ পঙ্কজ গোস্বামী, বিজয় চৌধুৰী আৰু বিজয় গগৈ গোৱালপাৰাৰ বাডুংডুপ্পা কলা কেন্দ্ৰৰ নাট মহোৎসৱ চাবলৈ গৈছিলোঁ।
অৱসৰৰ পিছত এনেদৰে আমি লগে ভাগে কেতিয়াবা ওলাই যাওঁ।
আমি আটাই কেইজনেই সহপাঠী আৰু সহকৰ্মীও।
বিজয় গগৈ হৈছে ভাৰতৰে এজন জনা শুনা বন্যপ্ৰাণী বিশেষজ্ঞ। বাঘ আৰু হাতী ট্ৰেন্কুইলাইজ কৰাত তেওঁ সিদ্ধহস্ত। অলপতে গোটেই দেশত চৰ্চা লাভ কৰা উমানন্দৰ ঢেঁকীয়াপতীয়া বাঘটোকো তেওঁ ট্ৰেঙ্কুলাইজ কৰিছিল।
বাডুংডুপ্পাৰ নাটক আগতে চোৱাৰ সুযোগ পোৱা নাছিলোঁ। যিসকল নাট্যপ্ৰেমী লোকে আজিলৈকে বাডুংডুপ্পাৰ নাটক চাবলৈ অহা নাই তেওঁলোকলৈ মোৰ বিনয় ভৰা অনুৰোধ। সুবিধা উলিয়াই এবাৰ আহক বাডুংডুপ্পালৈ।
আপুনি, মই সকলোৱে প্ৰকৃতিৰ ৰূপ দেখিছোঁ। প্ৰকৃতিৰ ৰং দেখিছোঁ।
ৰঙে ৰূপে সমৃদ্ধ প্ৰকৃতিৰ সৈতে কথা পাতিছেনে কেতিয়াবা ?
বাডুংডুপ্পাৰ শাৰী শাৰী সেউজীয়া শাল গছে মাটিৰ মজিয়াত বহি যেতিয়া আপোনাক আপোনাৰ মনৰ কথা বিভিন্ন ভাষাত ক’ব মই বাজী মাৰি ক’ব পাৰোঁ আপুনি আপোনাৰ জীৱনটোক নতুন ৰূপত বিচাৰি পাব।
শীত তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহত পপকৰ্ণ চোবাই মনোৰঞ্জনৰ উৎস বিচাৰি ফুৰা সকলেও মুক্ত আকাশৰ তলত বাহৰ চাঙত(গেলাৰীত) বহি নাটক উপভোগ কৰি ক্ষন্তেক সময়ৰ বাবে হলেও নিজকে পাহৰি যাব। মই প্ৰত্যাহ্বান জনাই এই কথা ক’ব পাৰোঁ।

অসমৰ এটা প্ৰান্তীয় জনগোষ্ঠীৰ নাম ৰাভা।
এই জনগোষ্ঠীটোৰ মাজত জন্ম হৈছিল সূৰ্যসম উজ্জ্বল প্ৰতিভাৰ এজন ব্যক্তিৰ।
তেওঁৰ নাম শুক্ৰাচাৰ্য্য ৰাভা।

এইগৰাকী নাটক বলীয়া ব্যক্তিৰ প্ৰতিভাৰ বলত অসম আজি বিশ্বজুৰি পৰিচিত। এইবাৰ বাডুংডুপ্পাৰ নাটক উৎসৱত শ্ৰীলংকাৰ পৰাও আহিছিল নাট্যদল।
গুৱাহাটীক সকলো প্ৰতিভা প্ৰদৰ্শনৰ কেন্দ্ৰ বুলি ভবা সকলে নিজৰ ভুল শুধৰাই লবৰ হৈছে।
কাৰণ গোৱালপাৰা জিলাৰ ৰামপুৰ নামৰ স্বল্প পৰিচিত পিচপৰা ঠাইখনলৈ নিজৰ প্ৰতিভাৰ চিনাকি দিবলৈ ভাৰতৰ বিভিন্ন প্ৰদেশৰ লগতে দেশৰ বাহিৰৰ পৰাও ঢপলিয়াই আহে বাডুংডুপ্পা কলা কেন্দ্ৰলৈ।

কথা এটা ক’বলৈ পাহৰিছিলোৱেই।
ইয়াত কোনো দোকান পোহাৰ বা মেলাৰ পৰিবেশ নাই। আপুনি চাওমিন, ৰোল, মমো বা পপকৰ্ণ বিচাৰি নাপাব ইয়াত।

অৱশ্যে আয়োজক সকলে সাধ্যানুসৰি বিনা পইচাত এমুঠি ভাতৰ যোগাৰ আপোনাৰ বাবে কৰি থয়।
আছেনে কৰবাত এনে ব্যৱস্থা ?

আমি ভাত খাবলৈ খোৱা ঘৰটোত সোমাব লওতেই দুৱাৰ মুখত দেখিলোঁ চিনাকি মুখ এখন।
কলিকতাত লগ পোৱা এজন যুৱক।
কিন্তু মোৰ চকুৱে মানি লোৱা নাই।

কাৰণ কাহানিও অসমত আহি নোপোৱা কলিকতাৰ এই ল’ৰাজন ভিতৰুৱা এই গাঁৱখনলৈ কিয় আহিব বাৰু ?

? তেঁৱো চাইছে মোলৈ। মইও চাই আছো তেওঁলৈ।
মই সুধিয়েই দিলো, তুমি কাজী হয়নে ?
সপ্ৰতিভ নয়নেৰে তেওঁ কৈ উঠিল, ছাৰ আপুনি!

কাজী শান্তিনিকেতনৰ থাৰ্ড থিয়েটাৰৰ গৱেষক ছাত্ৰ।
ইয়ালৈ আহিছে গৱেষণাৰ বিষয় বস্তু লৈ। কলিকতাৰ পৰা ত্ৰিছজনীয়া দল এটা আহিছে।
কাজীয়ে ক’লে যে ভাৰতৰ থিয়েটাৰ জগতত বাডুংডুপ্পাক নজনা মানুহ নাই।
[ৰাভা ভাষাৰ নাটকৰ ছবি, শ্ৰীলংকাৰ নাটকৰ ছবি]
আমি থিয়েটাৰ চাই গুচি আহিলোঁ।
ফোন কৰি কাজীৰ খবৰ লৈ থাকিলোঁ। কাজীক সুধিলোঁ কেনে পালা থিয়েটাৰ চাই?
কাজীৰ উত্তৰ, দাৰুণ ছাৰ। বাডুংডুপ্পা আৰু শ্ৰীলংকাৰ পৰিবেশন স্মৃতিত ৰৈ যাব।
কি দাৰুণ পাৰফৰ্মেঞ্চ !

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)