• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বাঢ়ি অহা আত্মহত্যাৰ ঘটনা আৰু আমাৰ বোধগম্যতা

মামণি দাস

by Anjan Sarma
June 8, 2023
in Special Report
Reading Time: 3 mins read
0
After writing this line, Fadeev shot himself !
Share on FacebookShare on TwitterShare on LinkedIn

বাঢ়ি অহা আত্মহত্যাৰ ঘটনা আৰু আমাৰ বোধগম্যতা

মামণি দাস

mamani Das
মামণি দাস

ৰাজ্যত সঘনে হৈ অহা আত্মহত্যাৰ ঘটনাসমূহ উদ্বেগৰ কাৰণ হৈ পৰিছে ।‌

দেখাত খুব সাধাৰণ যেন লগা কথা এটাৰ বাবে আত্মহত্যা কৰা বুলি প্ৰচাৰ মাধ্যমত প্ৰকাশ হয় যদিও কেৱল এটা কাৰণৰ বাবে কোনেও আত্মহত্যাৰ দৰে কঠিন আৰু হঠকাৰী সিদ্ধান্ত ল’ব নোৱাৰে ।

কথাবোৰ ফটোত দেখা আইচবাৰ্গটোৰ নিচিনা ।

RelatedPosts

selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

January 15, 2026

যেনেকৈ আইচবাৰ্গৰ তেনেই সৰু অংশ এটা দৃশ্যমান হয় অথচ তাৰ দুগুণতকৈ দুগুণ বৃহৎ অংশ দেখা পোৱা নাযায় একেদৰে এগৰাকী ব্যক্তিয়ে কিহৰ বলি হৈ আত্মহত্যাৰ দৰে এটা সিদ্ধান্ত লয় সেয়া আমাৰ বহুতৰ বাবে বোধগম্য নহয় ।

আমাৰ সমাজত মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু মানসিক চিকিৎসা সম্পৰ্কে এতিয়াও ভাল পৰিৱেশ এটা গঢ় লোৱা নাই । কথাবোৰ বুজাৰ ক্ষেত্ৰত এতিয়াও মানুহবোৰ পিছপৰি আছে । একে কাৰণত এজন ব্যক্তিয়ে তেওঁৰ মনোমালিন্য, অস্থিৰতা আৰু হতাশাৰ কথা ক’ব পৰাকৈও পৰিৱেশ পোৱা নাই । ব্ৰিটিছ লেখিক C.S. Lewisএ কৈছিল- The frequent attempt to conceal mental pain increases the burden: it is easier to say “my tooth is aching” than to say “my heart is broken.” 

ভালে আছানে বুলি সুধিলে আমি ভয়ংকৰ মনোকষ্টত ভুগি থকা স্বত্বেও “ভালে আছোঁ” বা “ঠিকেই আছোঁ” বুলি কওঁ কাৰণ খোলাখুলিকৈ মানসিক স্বাস্থ্যৰ কথা কোৱা পৰিৱেশ আমাৰ ইয়াত‌ নাই । দূৰৈৰ মানুহৰ কথা বাদেই, বহুতৰ পৰিয়াল বা আপোন মানুহৰ মাজতো নাই । শাৰীৰিক অসুখৰ কথা কোৱাটো যিমান সহজ, মানসিক অসুখৰ কথা কোৱা ইমান সহজ নহয় ।

যিখন সমাজত মানসিক স্বাস্থ্যৰ বাবে বিশেষজ্ঞৰ ওচৰলৈ যোৱাটো গুজৱৰ বিষয় তাত এতিয়াও আত্মহত্যাৰ দৰে বিষয় এটাক সমাধান বা আলোচ্য বিষয় হিচাপে লোৱাতকৈ মানুহে আত্মহত্যা কৰোঁতাজনক দোষাৰোপ কৰিয়েই সকলো সমস্যাৰ মূধা মাৰিব খোজে । শাৰীৰিকভাৱে যিদৰে সকলোৰে বেলেগ বেলেগ প্ৰতিৰোধ ক্ষমতা থাকে, মানসিকভাৱেও প্ৰতিজন মানুহৰ কম-বেছিকৈ ভিন্ন পৰিমাণৰ প্ৰতিৰোধ ক্ষমতা থাকে । এই কথা মানুহে সহজভাৱে বুজা উচিত ।

আমাৰ বাবে সাধাৰণ যেন লগা কথা এটা কাৰোবাৰ বাবে পাহাৰসম চম্ভালিব নোৱাৰা পৰিঘটনা হ’ব পাৰে । মানসিকভাবে মানুহ কিয় ভাগি পৰে, ভাগি পৰাটো যে সৰু কথা নহয় ইত্যাদি বিভিন্ন বিষয় মানুহক বুজাব পৰাকৈ সজাগতা জগোৱা আৰু বৃদ্ধি কৰা উচিত । পিতৃ-মাতৃৰ ক্ষেত্ৰতেই হওক বা সামূহিকভাৱে মানুহৰ মাজত অচিৰেই এই সজাগতাৰ দ্বাৰা পূৰ্বৰ ধাৰণা বা মানসিকতাক আঁতৰাই সহানুভূতি আৰু বুজনশক্তিৰ পৰিমাণ বৃদ্ধি হোৱাকৈ ইন্ধন যোগোৱা উচিত ।

suicide

আত্মহত্যা যথেষ্ট জটিল বিষয় । এগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰাৰ আটাইতকৈ সংবেদনাত্মক কথাটো হ’ল- তেওঁ কথা খুলি ক’ব পৰা পৰিৱেশ নাপায় ।

ছিগমাণ্ড ফ্ৰয়ডে কৈছিল- Unexpressed emotions will never die. They are buried alive and and they will come forth later in uglier ways. প্ৰায় মানুহৰ নিজৰ মাজত এখন বৃহাদাকাৰ পৃথিৱী জন্ম হয় যাৰ ভূ বাহিৰৰ মানুহে গমকে নাপায় । 

লাহে লাহে সেই প্ৰকাণ্ড অগ্নিপিণ্ডটোৱে  নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু এনেধৰণৰ সিদ্ধান্তৰ বশৱৰ্তী হয় । ভাবিবলৈ আচৰিত আৰু দুখলগা কথা এয়েই যে আমাৰ শৰীৰৰ অসুখসমূহৰ কাৰক ভাইৰাছ, বেক্টেৰিয়া ইত্যাদি কিন্তু মানসিক অসুখৰ কাৰক এটা ঘটনা, এজন মানুহ, এখন সমাজ বা এটা চিষ্টেম হ’ব পাৰে ।

যি কাৰণতেই মানুহ এজন ভুক্তভোগী নহওক কিয়,  কেতিয়াবা পৰিয়াল বা নিকট কাৰোবাৰ ওচৰতো সেই ব্যক্তিগৰাকীয়ে তেওঁ পাৰ কৰি অহা মানসিক অৱস্থাৰ বিষয়ে ক’বলৈ নোৱাৰিব পাৰে । ক’ব নোৱাৰাৰ কাৰণ হ’ল শুনোতাজনৰ বুজি পোৱা মানসিকতাৰ অভাৱ আৰু গা এৰাই চলাৰ স্বভাৱ । শাৰীৰিক অসুখত আমি যিমান চিন্তিত হওঁ, মানসিক স্বাস্থ্যৰ প্ৰতি একে গুৰুত্ব নিদিওঁ ।

তৰপে তৰপে পুঞ্জীভূত অৱদমন আৰু অৱহেলাৰ ফলশ্ৰুতিত এজন ব্যক্তিয়ে আত্মহত্যাৰ দৰে সিদ্ধান্ত ল’ব পাৰে । গতিকে মানুহে মানুহৰ বাবে থকা পৃথিৱীখন মস্কৰা আৰু গুজৱৰ পৰিৱৰ্তে বুজাবুজি আৰু সহানুভূতিশীল কৰি তোলাটো সাম্প্ৰতিক সময়ত যথেষ্ট প্ৰয়োজন । এগৰাকী ব্যক্তিক যাতনাক্লিষ্ট, উদ্বিগ্ন বা হতাশগ্ৰস্থ কৰি তোলা বিভিন্ন কাৰণ থাকিব পাৰে । তাৰ লগত মানুহৰ জীৱনৰ পৰিৱেশিিক আৰু সামগ্ৰিক মানসিক অৱস্থাটোও নিৰ্ভৰ কৰে ।

মানুহে ভয়ংকৰ মানসিক আঘাত পালে ভাৰসাম্য হেৰুৱাই পেলায় । আমাৰ সহজ ভাষাত “পাগল” হয় । তৰপ তৰপ যন্ত্ৰণা, অশান্তি হজম কৰি কৰি এটা সময়ত মানুহজন/জনীয়ে ভাৰসাম্য হেৰুৱাবলৈ ধৰে । সেই মানুহবোৰ “পাগল” হোৱাৰ পিছতো যেতিয়া মানুহে বুজি নাপায় তেওঁক ঠাট্টা কৰা , পুতৌ কৰা, গুজৱ কৰা উচিত নহয় তাতকৈ দুখলগা কথা আৰু নাই । হয়তো এই প্ৰতিকূল পৰিৱেশৰ বাবেই হাজাৰ হাজাৰ আত্মহত্যা চকুৰ সমুখতে হৈ গৈ আছে ।

মানসিকভাৱে ভুগি থকাজনৰ বাবে প্ৰতিকূল পৰিৱেশক অনুকূল কৰিব লাগিব । সহজ কৰিব লাগিব । আমি কোনোবাই ডায়েবেটিচৰ ঔষধ সেৱন কৰাৰ খবৰ পাওঁ, কেন্সাৰৰ চিকিৎসা লৈ থকা খবৰ পাওঁ , কিন্তু কোনোবাই কিমান দিন শ্লিপিং টেবলেট সেৱন কৰি শুবলগীয়া হৈছে খবৰ নাপাওঁ । কোনোৱে কিমানদিন এন্টি-ডিপ্ৰেছন টেবলেট লৈ নিজক চম্ভালিব লগা হৈছে গম নাপাওঁ ।

suicide 2

কোনোবাই মানসিক ৰোগ বিশেষজ্ঞৰ কাষলৈ গৈ থকা খবৰ গম পালেই আমাৰ বাবে ই এক নোহোৱা-নোপোজা বা গুজৱ কৰিবলগীয়া কথা । এই কথাবোৰে মানসিকভাৱে ভুগি থকাজনৰ পৰিৱেশ অধিক বাধাগ্ৰস্থ আৰু প্ৰতিকূল কৰি তোলে ।

যি কি নহওক, বাস্তৱ ক্ষেত্ৰত সামূহিক পৰিৱৰ্তন অৱিহনে আত্মহত্যাৰ দৰে ঘটনা ৰোধ অসম্ভৱ । কেৱল আত্মহত্যা কৰোঁতাজনক দোষাৰোপ কৰাটো অমূলক কথা ।

আত্মহত্যাক ৰুধিবলৈ পৰিয়াল, সমাজ, শিক্ষানুষ্ঠান সকলোতে সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা উচিত । মানসিক উদ্বিগতা, ৰোগ আৰু স্বাস্থ্য সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰিব লাগিব । এই বৃহৎ সংশোধন হ’লেহে মানুহ মুকলি উশাহ লৈ জীয়াই থাকিব পাৰিব আৰু আত্মহত্যাৰ দৰে সমস্য কমিব ।‌

প্ৰত্যেক মানুহকে নিজৰ ভিতৰৰ খোলাটো খুলিবলৈ এক মুকলি পৰিৱেশ লাগে । সেই পৰিৱেশ পৰিয়াল, নিকটজন বা সমাজে দিব পাৰিব লাগিব । এই ক্ষেত্ৰত সকলোৰে কৰণীয় আছে । বিশেষজ্ঞৰ লগতে এই পৰিৱেশ গঢ় লোৱাটো নিতান্তই প্ৰয়োজনীয় ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

selective focus photography of magazines
Special Report

Ignorance is the real drug!

by Chinmoyee Deka
January 18, 2026
0

Ignorance is the real drug Chinmoyee Deka Journalism and Mass Media is considered as the fourth pillar of democracy, which...

Read moreDetails
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

January 15, 2026
Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

January 14, 2026
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

January 13, 2026
From 1979 to 2026: How Protests Reshaped Iran’s Landscape Over 50 Years

From 1979 to 2026: How Protests Reshaped Iran’s Landscape Over 50 Years

January 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
ভোগালীৰ পৰিবর্তিত ৰূপ : অসমীয়াৰ অগ্রগতি ?

Magh Bihu: Where Assam Cooks Its Memory, Gratitude, and Togetherness

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d