হাতীৰ বাবে কেইটোপালমান ঘঁৰিয়ালৰ চকুপানী
বুবুল শৰ্মা
( দোষীয়ে শাস্তি পাবলৈ এই লেখাটো বিতৰণ কৰিব পাৰে ৷ দোষীয়ে শাস্তি নাপালে ,কাইলৈ ৪০ টা হাতী মৰিব৷)
বামুণীৰ তপতজুৰীৰ সমীপৰ যিটো পাহাৰত ১৮ টাকৈ হাতীয়ে বজ্ৰপাতত প্ৰাণ দিব লগা হ’ল৷ এই মৰ্মান্তিক ঘটনাত সকলোৱেই বেজাৰ পাইছে আৰু পোৱাটো স্বাভাৱিক৷ ঘটনাস্থলীলৈ যোৱা দুই-এক ঘনিষ্ঠ সাংবাদিক বন্ধু আৰু অঞ্চলটোত দীৰ্ঘদিন ধৰি হাতী সংৰক্ষণত জঢ়িত ব্যক্তিয়ে চকুপানী টুকি দিয়া বৰ্ণনা মতে – টকলা পাহাৰটোৰ মাজেৰে গৈ থকা হাতীৰ জাকটোৰ কাষতে বজ্ৰপাত পৰাৰ ফলত, চাৰিটামান হাতী দূৰলৈ চিটিকি গ’ল, বাকী হাতী কেইটাই কৰুণ মৃত্যুক সাৱটি ল’ব লগা হ’ল৷ টকলা পাহাৰৰ উদং মজিয়া বৰষুণত তিতি পিচল হৈ পৰিছিল, গছ নথকা পাহাৰটোত সেয়ে হাতী জাকটোৰ কাষতে বজ্ৰপাত পৰাৰ ফলত ব্যাপকভাৱে হাতীৰ জাকটোৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ পালে আৰু কৰুণ মৃত্যুৰ সন্মুখীন হ’ব লগা হ’ল৷
অৰণ্যত এনেকৈ বজ্ৰপাত পৰি আগেয়েও দুই এটা হানি-বিঘিনি ঘটিলেও,একেলগে ইমানবোৰ প্ৰাণী অসমত আগেয়ে মৃত্যু হোৱা নাছিল৷
হাতীৰ ডাঙৰ জাকবোৰ নগাঁও জিলাৰ দক্ষিণ দিশৰ চাপানলা, বামুণী,চালনা আদি পাহাৰত চৰি ফুৰে বা হাতীৰ প্ৰধান কৰিডৰ বুলি সাধাৰণ বনকৰ্মী এজনেও নিশ্চয় জানে৷কিন্ত সেই পাহাৰত গছ নাই বুলি ক’লে – কথাষাৰ আপুনি সহজে ল’ব পাৰিবনে? চাপানলা,বামুণীত দিনতেই বনবিভাগৰ চকুৰ আগেদি গছৰ কুণ্ডা গাড়ীবোৰে কঢ়িয়াই নিয়ে৷ এতিয়া ঘৰিয়ালৰ চকুপানী টোকা সেই অঞ্চলৰ বনবিষয়া সকলক সুধিব খোজো, স্হানীয় বিধায়কক সুধিব খোজো – আপোনালোকে জানেনে – সেই বৃহত্তৰ এলেকাটোত কিমান আৰু কাৰ কাৰ শিলৰ কুৱেৰী আছে? কিমানটা বালিৰ মহল আছে? কিমানটা গছ কটা মেচিন দিনে-নিশাই চলি আছে? কিমান পাহাৰ ভাঙি চাহবাগিছা আৰু ডাকবঙলা পতা হৈছে? কোটি কোটি টকাৰে সেই অঞ্চলত বাঁহৰ প্ৰকল্পৰ অধীনত ৰোৱা বাঁহবোৰ কেনি গ’ল? এই প্ৰশ্নবোৰ যেতিয়ালৈকে বনবিভাগ আৰু স্হানীয় বিধায়কক সুধিবলৈ সাহস নোগোটাব, তেতিয়ালৈকে হাতীৰ মৃত্যুত চকুপানী টোকা কাৰ্য ঘঁৰিয়ালৰ চকুপানী নুবুলি কি বুলিম? মুখ্যমন্ত্ৰীয়ে বনমন্ত্ৰীক পঠিয়াইছে হাতীৰ মৃত্যুৰ তদন্ত কৰিবলৈ৷ তদন্তৰ আওতাত এই বিষয়বোৰ আহিবনে?
পাহাৰবোৰ যদি সুৰক্ষিত সেই অঞ্চলৰ পাহাৰত হাতীৰ বাবে নেপিয়াৰ, বাঁহ,গছ-গছনি আৰু ধান খেতি কিয় কৰিব লগা হৈছে? চাপানলাত হাতীবন্ধু সকলে দিনে-ৰাতিয়ে এক কৰি সংৰক্ষণ কৰা সকলক সোধক- হাতীবোৰৰ হত্যাকাৰী কেৱল বজ্ৰপাতেই আছিলনে?
[ বুবুল শৰ্মা , কাজিৰঙা, ৮৬৩৮৫৬৫৪৩৯]