-ডাঃ ভূপেন শইকীয়া |
বালাডনা ডায়েৰী ফাৰ্ম ৷
সেইদিনা আছিল শুকুৰবাৰ, তাৰিখ ২৯জুন ৷ বহুদিনৰ পৰা মনত পাঙি থকা অল-খোৰস্থিত কাটাৰৰ স্বাভিমানৰ প্ৰতীক বালাডনা ডায়েৰী ফাৰ্ম চাবলৈ বুলি ওলালোঁ৷ অল-খোৰ ডোহাৰ পৰা ৬০কিলোমিটাৰ দূৰৈত৷ মই জনাত অল-খোৰত সাতটা অল-খাৰ খোৱাৰ পৰিয়ালৰ বসতি৷ তাৰে এটি হ’ল কৃষ্ণ-শুভলক্ষ্মী আৰু কৃষ্টিৰ৷ দুপৰীয়াৰ ভাত সাজ তাতে খোৱাকৈ হাজিৰ হলোঁগৈ৷ তেওঁলোকৰ নিজৰ বাৰীৰ কলমৌ শাক, ছজিনা,ৰঙালাউৰ আগ আৰু ফুলৰ আঞ্জা-তৰকাৰী, ঘৰত বনোৱা আমৰ আচাৰ লগত জীয়া মাছৰ চৰ্চৰিৰ সৈতে মাটি দাইল আৰু জহা চাউলৰ ভাত তৃপ্তিৰে উদৰস্থ কৰি সন্ধিয়ালৈ বিশ্ৰাম ল’লোঁ৷ বতৰৰ তাপমান ৪০ডিগ্ৰী চেলচিয়াচৰ উৰ্ধত৷ সন্ধিয়া চাৰে ছয়টালৈকে বেলি মাৰ নাযায়৷ ৮টা বজাত আকৌ ডায়েৰী ফাৰ্মৰ প্ৰবেশ দ্বাৰ বন্ধ হয়৷ সেয়ে বতৰৰ উত্তাপ সামান্য কমাত ছয়টা বজাত কৃষ্ণৰ পৰিয়ালৰ সৈতে ওলাই তেওঁলোকৰ গাড়ীৰে যাত্ৰা কৰি আধা ঘন্টাৰ ভিতৰত বালাডনা পালোঁগৈ৷ প্ৰবেশ নিশুল্ক, কিন্তু অকলশৰীয়া বা ফেমিলি লগত নথকা কোনো লোকক ভিতৰলৈ সোমাব দিয়া নহয়৷
বালাডনা ডায়েৰী ফাৰ্ম স্থাপিত হোৱা এটা বছৰ পূৰ্ণ হ’ল৷ চৌডি আৰব, সংযুক্ত আৰব আমীৰাট,বাহৰেইন,ইজিপ্ত আদি দেশে কাটাৰৰ ওপৰত আতংকবাদক প্ৰশয় দিয়াৰ মিথ্যা অভিযোগত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলশ্ৰুতিত সম্পূৰ্ণ স্বদেশী এই কাটাৰী ডায়েৰী ফাৰ্মৰ জন্ম৷ ১৭৩ একৰ মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰি স্থাপন কৰা এক অভিনৱ প্ৰচেষ্টা৷ বালাডনা ফাৰ্মৰ বিশাল ভূমি এলেকাৰ ভিতৰত নানান যন্ত্ৰপাতিৰ প্ৰকল্পৰ সংযোজন চলি আছে৷ সামন্তৰালভাবে নানাবিধ সেউজী গছ বননিও লগোৱাৰ প্ৰক্ৰিয়া চলি আছে৷ যাৰ ফলত পশু খাদ্যও সুলভ হব আৰু পৰিবেশো শীতল হোৱাত সহায়ক হব৷ কাটাৰী পেনিনচুলাক তিনিটা দিশত সাগৰে আৱৰি আছে৷ স্থলভাগেদি সংযোগ চৌডি আৰবৰ সৈতে৷ আকৌ চৌডি আৰবৰ মাজেদি গৈহে সংযুক্ত আৰব আমীৰাটৰ ডুবাই আদি ঠাইত প্ৰবেশ কৰিব পাৰি৷ ৰাজনৈতিক ক্লেশ আৰম্ভ হোৱাৰ লগে লগে এই স্থলভাগৰ সীমা নিকপকপিয়াকৈ বন্ধ হৈ গ’ল৷ আনকি সেই দেশসমূহে নিজৰ আকাশ মাৰ্গত কাটাৰী বিমানৰ চলাচলো নিষিদ্ধ ঘোষণা কৰিলে৷ তেতিয়ালৈকে কাটাৰ গাখীৰ-দৈ-পনীৰ আৰু আন দুগ্ধজাত সামগ্ৰীৰ বাবে ঘাইকৈ চৌডি আৰবৰ ওপৰত নিৰ্ভৰশীল আছিল৷
বিলম্ব নকৰি কাটাৰে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈ পেলালে৷ ধনৰ নাটনিও নাই -মন কৰিলেই চন৷ কাটাৰ এয়াৰৱেজৰ কাৰ্গো বিমানেৰে পোনতে আমেৰিকাৰ পৰা ৪০০জনী উন্নত মানৰ জাৰ্চি গাই আমদানি কৰা হ’ল৷ তৈয়াৰ কৰি ওলোৱা হ’ল বিশেষ ধৰণৰ আৰামদায়ক গোহালি ঘৰ ৷ মজিয়া ৰবৰৰ,বেৰত পানী আৰু বতাহ প্ৰবাহিত হৈ পৰিবেশ শীতল কৰি ৰখা আহল বহল গৃহ৷ গৰুৰ গোবৰ আৰু মূত্ৰ লগে লগে অটোমেটিক মেচিনেৰে পৰিষ্কাৰ কৰাৰ ব্যৱস্থা৷ লগত উপযুক্ত গো খাদ্যৰ যোগাৰ৷ পৰ্য্যায়ক্ৰমে অষ্ট্ৰেলিয়া, নেডাৰলেণ্ড, হাংগেৰী,জাৰ্মানী আদি দেশৰ পৰাও বাচকবনিয়া জাৰ্চিগাই অনা হ’ল৷ এইদৰে বৰ্তমান সময়লৈ ১৫হেজাৰজনী গাইৰ আমদানি হ’ল৷ অদূৰ ভবিষ্যতে এই সংখ্যা ২৫হেজাৰলৈ বৃদ্ধি কৰাৰ কথা৷ বৰ্তমান প্ৰতি ৭৫জনী গাইৰ তদাৰক কৰিবলৈ এজন কৰ্মচাৰী নিয়োজিত হৈ আছে৷ এই সংখ্যা সোনকালেই ৪৫লৈ হ্ৰাস কৰাৰ কথা৷ আজিৰ দিনত গাখীৰৰ দৈনিক উৎপাদন হ’ল ৫লাখ লিটাৰ৷ কাটাৰৰ ২৩লাখ জনবসতিৰ চাহিদা পূৰণ কৰিবলৈ সেয়া পৰ্য্যাপ্ত৷ ভবিষ্যতে কাটাৰে নিজৰ দুগ্ধজাত সামগ্ৰী ৰপ্তানিও কৰিব পাৰিব৷ যেতিয়ালৈকে বালাডনা ডায়েৰী ফাৰ্মৰ উৎপাদন আৰম্ভ হোৱা নাছিল তেতিয়ালৈকে টাৰ্কি আৰু ইৰাণৰ পৰা অহা গাখীৰে দেশখনৰ প্ৰয়োজন পূৰণ কৰিছিল৷
বালাডনা ডায়েৰী ফাৰ্মে উন্নত জাতৰ ছাগলী আৰু ভেড়াৰ পালনো আৰম্ভ কৰিছে৷ তদুপৰি ইয়াৰ মাংসৰ বিক্ৰীও আৰম্ভ কৰিছে৷ ডায়েৰী ফাৰ্মৰ দুগ্ধজাত সামগ্ৰী সমূহ হ’ল- ফুলফেট গাখীৰ, ল’ফেট গাখীৰ, লাবান, দৈ,ক্ৰিম,পনীৰ, নানান ফলৰ স্বাদযুক্ত গাখীৰ,ঘিউ ইত্যাদি৷ এই সকলো সামগ্ৰী আজিকালি কাটাৰৰ সকলো মল,চুপাৰ মাৰ্কেট আৰু অন্যান্য বিপনীসমূহত পোৱা যায়৷ বিভিন্ন দোকান,ৰাজহুৱা স্থানত পোষ্টাৰ দেখা যায়-‘নিজৰ দেশৰ প্ৰডাক্টক ব্যৱহাৰ কৰি গৌৰববোধ কৰক’৷ ডায়েৰী ফাৰ্ম প্ৰদৰ্শন কৰিলে দৰ্শকসকলে ফটো আৰু নানান চিত্ৰৰ সহায়ত বুজিবলৈ সমৰ্থ হয় কি দৰে উচ্চ মানৰ কলা-কৌশল আৰু অত্যাধুনিক মেচিনৰ ব্যৱহাৰ কৰি এইদৰে মান বিশিষ্ট সামগ্ৰী প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে৷ বেলকনিত অৱস্থিত দৰ্শকৰ গেলেৰিৰ পৰা দেখা যায় কিদৰে অটোমেটিক মেচিনৰে ঘূৰ্ণীয়মান এক প্লেটফৰ্মত এবাৰত এশজনীকৈ জাৰ্চি গাইৰ গাখীৰ খিৰোৱা হয়৷ গাখীৰৰ উহাৰত পাইপ লাগি থাকে৷ গাখীৰ খিৰোৱা হলে পাইপ এৰাই যায়৷ প্ৰায় ১০মিনিটত এজনী গাইৰ গাখীৰ এই পদ্ধতিৰে খিৰোৱা হয়৷ দৰ্শকৰ গেলেৰীত মিউজিয়ামৰ দৰে গো-পালন আৰু দুগ্ধ উৎপাদন আৰু বিক্ৰীৰ সা-সৰঞ্জাম আদি সজাই ৰখা হৈছে৷ গাইবিলাক আৰু ছাগলীবিলাকো বেচ সুস্বাস্থ্যৰ দেখিবলৈ ৰূপে-ৰঙে মোহনীয়া৷ গম পালোঁ কাটাৰলৈ আহি দুই এজনী গাইয়ে পোৱালিও জগাইছে৷
দৰ্শকৰ গেলেৰীৰ সমীপত আছে বিক্ৰী কেন্দ্ৰ আৰু কেন্টিন৷ তাৰ কাষতে আছে উদ্যান,শিশুৰ নানাবিধ খেলাৰ সামগ্ৰী আৰু এখন মিনি চিৰিয়াখানা৷ আমি আমাৰ ভ্ৰমণৰ চিন হিচাবে কিছু ফটো উঠি ৮বজাত বালাডনা পাৰ্ক ত্যাগ কৰিলোঁ আকৌ কেতিয়াবা আন আত্মীয়-স্বজনৰ সৈতে অহাৰ ইচ্ছা মনত লৈ৷ হাতত ডোহালৈ বুলি কঢ়িয়াই নিলোঁ এটি ঘিঁউৰ বটল অহা সপ্তাহত ভাৰতলৈ যাওঁতে লৈ যাবলৈ৷ অ’এটা কথা পাঠকক জনাব পাহৰিছিলোঁৱেই – আৰবী শব্দ ‘বালাডনা’ৰ অৰ্থ হ’ল মোৰ দেশ!