বালিতাৰাত বৃহত্তৰ জ্যেষ্ঠ নাগৰিকৰ ৰাভাদিৱস।


“বিষ্ণুৰাভা জনতাৰ প্ৰানৰো প্ৰানৰ মনৰো মনৰ সৈনিক শিল্পী“- ৰমনী বৰ্মন
২০জুন/২০২৫: “বিষ্ণুৰাভাই এদিন কৃষক, বনুৱা, হালোৱা,হজুৱা তথা মেহনতী মানুহৰ অধিকাৰৰ স্বাৰ্থত হাতত ষ্টেনগান লৈ আনখন হাতেৰে গণকাব্য ৰচনা কৰি অসমৰ গাৱে গাৱে কৃষকৰ পক্ষত স্ংগ্ৰামী ৰণ চলাইছিল।
“জাতিটোৰ কৃষ্টি -সস্কৃতি,নাট-কবিতা ,গীতমাতৰ কল্লোলিত ধ্বনিৰে জনতাৰ প্ৰানৰো প্ৰানৰ মনৰো মনৰ সৈনিক শিল্পী হৈছিল।নিজৰ দুহেজাৰ বিঘা মাটি ভূমিহীন কৃষকৰ মাজত বিলাই দিছিল। আজীৱন গণসংস্কৃতিৰ পূজাৰী বিষ্ণুৰাভা জনতাৰ হিয়াৰ আমঠু।”

আজি নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ বালিপাৰা গাঁওত বৃহত্তৰ নলবাৰী জ্যেষ্ঠ নাগৰিক মঞ্চ, নলবাৰীৰ উদ্যোগত বালিপাৰা দিব্য-বন্তি হাইস্কুলত অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তাৰ ভাষনত মিডিয়া ট্ৰাষ্ট,অসমৰ কাৰ্যবাহী ন্যাসৰক্ষী ৰমনী বৰ্মনে এনেদৰে কয়।
জ্যেষ্ঠ নাগৰিক তথা নাগৰিক মঞ্চৰ উপ-সভাপতি খগেন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত ভাষণ প্ৰসংগত শ্ৰী বৰ্মনে বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ্নাধ্য সাংস্কৃতিক জীৱনৰ ওপৰত মনোজ্ঞ বক্তব্য দাঙি ধৰে।
সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখি অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ পৰিদৰ্শক নৰেন দাসে ৰাভা দিৱসৰ তাৎপৰ্যৰ ওপৰত বক্তব্য ৰাখে।
সভাত এটি আকৰ্ষনীয় ৰাভা সংগীতেৰে উদ্বোধনী ভাষণ আৰম্ভ কৰি ৰাভা গীতৰ তাৎপৰ্য বাখ্যা কৰে জ্যেষ্ঠ শিল্পী দেৱেশ্বৰ শৰ্মাই।সভাৰ লগতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে নাগৰিক মঞ্চৰ সম্পাদক মাধব চন্দ্ৰ নাথে।
বালিতাৰা দিব্য-বন্তী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা ৰাভা সংগীতে সমবেত ৰাইজক আলোকিত কৰে।
সভাৰ আগে আগে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্ত্তিৰ সমুখত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ শিক্ষক দিলীপ শৰ্মাই।
সভাপতিৰ ভাষণত জ্যেষ্ঠ নাগৰিক খগেন্দ্ৰ গোস্বামীয়ে অসমীয়া কৃষ্টি -সস্কৃতিৰ পূৰোধা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অবিস্মৰণীয় অবদানৰ ওপৰত বক্তব্য ৰাখে।

20-06-2025
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.
,