• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

বাল্মীকি ৰামায়ণত ৰামে শবৰীক কৰা প্রশ্ন : কেৱল শবৰীৰ বাবেই নে?

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
May 23, 2023
in Literature, Opinion
Reading Time: 7 mins read
0
বাল্মীকি ৰামায়ণত ৰামে শবৰীক কৰা প্রশ্ন : কেৱল শবৰীৰ বাবেই নে?
Share on FacebookShare on TwitterShare on LinkedIn

বাল্মীকি ৰামায়ণত ৰামে শবৰীক কৰা প্রশ্ন : কেৱল শবৰীৰ বাবেই নে?

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Nath
সঞ্জীৱ কুমাৰ নাথ

ছলমান ৰুশদি (ইংৰাজীকৃত উচ্চাৰণ “ৰাশদি”)ৰ The Moor’s Last Sigh নামৰ উপন্যাসত “ৰাম” অর্থাৎ ভগৱান ৰামৰ সৈতে মধ্যযুগীয় যুদ্ধত ব্যৱহাৰ হোৱা battering ramৰ এক ৰিজনি দেখুৱাবলৈ চেষ্টা কৰা হৈছে। 

এজোপা ডাঙৰ গছ কাটি তাৰ ডাল-পাত বোৰ চিকুনাই গা-গছ ডালৰ এটা মূৰত লোহা জাতীয় ধাতুৰ টুপ এটা খুৱাই দুর্গ আক্রমণকাৰী সকলৰ অনেকে একেলগে সেইডাল ধৰি লৈ গৈ বৰ প্রচণ্ড বেগেৰে দুর্গৰ দুৱাৰত আঘাত কৰি দুৱাৰখন ভাঙিবলৈ চেষ্টা কৰে। দুর্গৰ দুৱাৰ ভঙা এই আহিলা ডালক battering ram বুলি কোৱা হয় (batter কৰা মানে ভাঙি চুৰমাৰ কৰা)।

দেখাত ৰামৰ সৈতে এই আহিলাৰ কোনো সম্বন্ধ নাই। কিন্তু সম্বন্ধ নথকা কথাৰ মাজত টানি-আঁজুৰি সম্বন্ধ নানিলে হেনো ৰুশদিৰ দ’ৰে উত্তৰ-আধুনিকতাবাদী লেখকৰ লেখাৰ সোৱাদেই নাথাকিব। থুলমুলকৈ ক’বলৈ গ’লে তেওঁৰ উপন্যাসখনে উগ্র হিন্দুত্ববাদী সকলৰ কিছুমান কাম কাজক (বিশেষকৈ সমাজত বিভেদৰ বীজ সিঁচা কামক) একধৰণে সমালোচনা কৰিছে। কিতাপ খন ভাৰতত নিষিদ্ধ হৈও আছিল কিছু দিন।

সকলোৰে বাবে গ্রহণযোগ্য নহলেও, এই কিতাপ খনে আগবঢ়োৱা ধর্মীয় শ্রদ্ধা বিহীন নির্বচনো “ৰাম” নামৰ ধাৰণাটোৰ এক ব্যাখ্যা, য’ত ৰামক ৰাজনৈতিক কামত ব্যৱহাৰ কৰা কিছুমান মানুহৰ সমালোচনা নিহিত হৈ আছে।

ৰামক লৈ বহুত কথা। সকলো কথা ৰাজনীতিৰ কথা নহয়, সকলো ব্যাখ্যা উত্তৰ আধুনিক নহয়, কিন্তু ৰামকথাৰ আৰু ৰামকথাৰ ব্যাখ্যাৰ অন্ত নাই। সন্ত-কবি তুলসীদাসে কৈছে যে “হৰি অনন্ত, হৰি কথা অনন্তা”, অর্থাৎ ভগৱান অনন্ত আৰু তেওঁৰ কথা, কাহিনীও অনন্ত। সেই অনন্ত কাহিনীৰে এটা কাহিনী ৰামায়ণ, আৰু ৰামায়ণো এখন নহয়, অনেক।

বাল্মীকি ৰামায়ণত ৰামে শবৰীক কৰা প্রশ্ন : কেৱল শবৰীৰ বাবেই নে?

বাল্মীকিৰ ৰামায়ণক মূল ৰামায়ণ বুলি কোৱা হয়, কিন্তু এই মূল ৰামায়ণৰ অনুবাদ আৰু মূল ৰামায়ণৰ আধাৰত ৰচিত ৰামায়ণ বা অন্য গ্রন্থ অনেক। বিভিন্ন ভাষাত আছে এই ৰামায়ণ-পৰম্পৰাৰ গ্রন্থ সমূহ। বর্ত্তমানৰ ভাৰত ভূখণ্ডৰ বাহিৰতো আছে ৰামায়ণ বা ৰামায়ণ-পৰম্পৰা। ৰামায়ণ যিদ’ৰে অনেক, ৰামো সেইদ’ৰে অনেক।

ৰাম কোন?

কোনোৱে কয় তেওঁ মর্যদাপুৰুষোত্তম, কোনোৱে কয় তেওঁ এক আগ্রাসী উত্তৰ-ভাৰতীয় সামৰিক, ৰাজ-শক্তিৰ প্রতিভূ, কাৰোবাৰ মতে তেওঁ স্বয়ং ভগৱান। ৰাম অনেক। সীতাৰ বিয়োগত কন্দা-কটা কৰা, বিলাপ কৰা ৰাম, ৰাৱণৰ বিৰুদ্ধে যুঁজ দিয়া প্রচণ্ড শক্তিমান ৰাম, “যোগবাশিষ্ঠ”ত বশিষ্ঠ ঋষিৰ পৰা আত্ম-বিদ্যাৰ শিক্ষা লোৱা দার্শনিক, মুমুক্ষু ৰাম। অনেক ৰামৰ অনেক কাহিনী।

এই অনেক কাহিনীৰে এটা কাহিনী শবৰীৰ কাহিনীৰো অনেক ৰূপ। বিভিন্ন কথাকাৰে, কাহিনী ৰচয়িতাই শবৰীৰ কাহিনীও বিভিন্ন ধৰণে কৈছে। মূল কথা খিনি প্রায় একে: অৰণ্য বা অৰণ্যৰ আশে পাশে বসবাস কৰা শবৰ নামৰ এক জনজাতি আছিল; তেওঁলোকৰ এজনী ছোৱালী শবৰী (শবৰ জাতিৰ ছোৱালী বাবে শবৰী; আধুনিক সমাজত এনেকৈ নাম দিয়াতো চৰম অসন্মানজনক বুলিয়েই গণ্য কৰা হ’ব!) অৰণ্যৰ মাজত থকা ঋষি মতঙ্গৰ আশ্রমত থাকিবলৈ লয়।

পিছত সেই আশ্রমৰ পৰা ঋষি মুনি সকল আঁতৰি যায়, কিন্তু শবৰী সেই আশ্রমতে থাকি যায়। (কিছুমান কথাকাৰৰ মতে মতঙ্গ ঋষিয়ে তপস্যাৰ বলত শিষ্য বর্গৰ সৈতে সোঁশৰীৰে পৰলোক গমন কৰে, কিন্তু তাৰ আগতে শবৰীক আশ্রমতে থাকিবলৈ নির্দেশ দিয়ে আৰু কয় যে যথা সময়ত ভগৱান ৰামে আহি তেওঁক দেখা দিব।) শবৰীয়ে ৰামৰ বাবে অকলে মতঙ্গ ঋষিৰ আশ্রমত অপেক্ষা কৰি থকা, তেওঁৰ নিজৰ গুৰুৰ প্রতি আৰু ৰামৰ প্রতি ভক্তি, আৰু শেষত ৰামৰ দর্শন পাই তেওঁৰ সাধনা সম্পূর্ণ হোৱা—এই খিনি কথাকে বিভিন্ন কথাকাৰে বিভিন্ন ধৰণে দেখুৱাইছে।

বাল্মীকি ৰামায়ণত ৰামে শবৰীক কৰা প্রশ্ন : কেৱল শবৰীৰ বাবেই নে?
শবৰীৰ কাহিনীটো যিদ’ৰে এটা সম্পূর্ণ ধর্মীয় কাহিনী হিচাপে, এগৰাকী পৰম সংযমী মহাতপস্বিনীৰ কাহিনী হিচাপে চাব পাৰি, ঠিক তেনেকৈ কাহিনীটোৰ কিছুমান বিশেষ কথাৰ তাৎপর্য আমাৰ সাধাৰণ জীৱনৰ অভিজ্ঞতাৰ সৈতে মিলাই চাব পাৰি।
অর্থাৎ মোক্ষ-প্রাপ্তিৰ বাবে যত্নশীল সকলৰ ওপৰিও, এই সংসাৰত ভাল ধৰণে জীয়াই থকাৰ কৌশল শিকিব বিচৰা সকলৰ বাবেও শবৰীৰ কাহিনীত সমল আছে। শবৰীৰ কাহিনীৰ আলোচনাত সাধনাৰ কথা এৰাই চলিব নোৱাৰি, কিন্তু এই আলোচনাত সাধাৰণ মানুহৰ কাম-কাজ, অভিজ্ঞতা, চেষ্টা-প্রচেষ্টাৰ কথাতো গুৰুত্ব দিয়া হ’ব।

আধুনিক সমাজতো আমাৰ প্রাচীন ধর্ম-গ্রন্থবোৰৰ আৰু তাৰ কাহিনী বোৰৰ এই ধৰণৰ কিছু “ব্যৱহাৰ” আছে। শবৰীৰ বিষয়ে প্রচলিত প্রায় সকলো কাহিনীতে থকা এটা কথা হ’ল যে শবৰীয়ে ৰামৰ বাবে বহুত দীঘলীয়া অপেক্ষা কৰিব লগীয়া হৈছিল।

কিছুমান কাহিনীৰ মতেতো শবৰীয়ে অপেক্ষা কৰা আৰম্ভ কৰোঁতে ৰামৰ জন্মই হোৱা নাই। কিন্তু তেওঁ ৰাম আহিব বুলি অপেক্ষা কৰি থাকোতে কেতিয়াও অধৈর্য্য হোৱা নাই।

কোনো লেখকৰ, কোনো ৰামায়ণ বা ৰামকথাৰ পৰম্পৰাত আমি কেতিয়াও শবৰীক অধৈর্য্য ৰূপত নাপাওঁ। শবৰী ধৈর্য্যৰ প্রতিমূর্ত্তি। ধৈর্য্য কিহৰ বাবে? নিজৰ কুটীৰত ৰামৰ দর্শন পাবলৈ। ৰামৰ দর্শন পোৱা মানে শবৰীৰ সাধনাই পূর্ণতা পোৱা। সাধনা কৰা যায় বিশেষ কিবা এটা পোৱাৰ আশাৰে। ভগৱানৰ দর্শনৰ আকাংক্ষাও আকাংক্ষা, মোক্ষ-প্রাপ্তিৰ আকাংক্ষাও আকাংক্ষা।

আমি যদি “কিবা এটা পোৱাৰ বাবে কৰা যত্ন”ক সাধনা বুলি কওঁ, তেনেহ’লে শবৰীৰ কাহিনীয়ে আমাক কয় যে সেই যত্নৰ সৈতে ধৈর্য্যও থাকিব লাগিব। ধৈর্য্য নহ’লে দীঘলীয়াকৈ চেষ্টা কৰি থকাৰ সামর্থ্য ক’ত থাকিব?

বাল্মীকি ৰামায়ণত ৰামে শবৰীক কৰা প্রশ্ন : কেৱল শবৰীৰ বাবেই নে?
শবৰী, ৰাম

ৰামৰ দর্শন পোৱা বা মোক্ষ লাভ কৰা দূৰৰ কথা, ধৈর্য্য নহ’লে সাধাৰণ সাংসাৰিক সুখ-আনন্দৰ বাবে আমি যিবোৰ বস্তু বিচাৰো, সেইবোৰো পোৱা নাযায়। কিন্তু আমাৰ এই ৰংচঙীয়া আধুনিক সমাজত ধৈর্য্য এক দুষ্পাপ্য গুণ। এটা সময় আছিল যেতিয়া মানুহ এজনে চাকৰি কৰি লাহে লাহে ধন-পইছা গোটাই ঘৰ-দুৱাৰ সাজিছিল। এতিয়া পাৰিলে প্রথম দৰমহাতে গাড়ী, ঘৰ সকলো লাগে।

বৰ খৰখেদাকৈ সকলো গোটাবলৈ গৈ শেষত দুয়োখন হাত ৰঙা কৰি ৰঙা ঘৰৰ আলহী হোৱা মানুহ আমি দেখি থকা নাই জানো? কিছুমানক আকৌ খৰকৈ তো লাগেই, লগতে অনবৰতে লাগে আৰু লাগে। সন্তুষ্টি নাই। শবৰীৰ এটা ডাঙৰ গুণ হ’ল যে তেওঁৰ কোনো অসন্তুষ্টি নাই। গুৰু মতঙ্গ ঋষিয়ে তেওঁকো কিয় লগত লৈ নগ’ল বুলি শবৰীৰ কোনো আক্ষেপ নাই। তেওঁকো লৈ যাওক বুলি গুৰুক খাটনিও ধৰা নাই। ৰামৰ বাবে অপেক্ষা কৰাই তেওঁৰ সাধনা।

তেওঁৰ অপেক্ষাত যে কেৱল ধৈর্য্য আছে তেনে নহয়, আশাও আছে। আশাৰে বাট চাই থাকে তেওঁ : ৰাম আহিব, আজি ৰাম আহিব পাৰে, ৰাম আহিব। ধৈর্য্য আৰু আশা। এইদুটা বস্তু নাথাকিলে জীৱনত কি আছে? কিবা এটা ভাল হ’ব – এই আশা। চেষ্টাৰ লগতে ধৈর্য্য আৰু আশা। কিছুমান কাহিনীকাৰ, কথাকাৰৰ মতে শবৰীয়ে প্রতিদিনে আশ্রমৰ বাট-পথ, তেওঁৰ কুটীৰ আদি চাফ চিকুন কৰি, সুন্দৰকৈ থয় ৰাম আহিব বুলি। ফল-মূল বাছি বাছি আনি থয় ৰামক দিবলৈ বুলি।

বাল্মীকি ৰামায়ণত ৰামে শবৰীক কৰা প্রশ্ন : কেৱল শবৰীৰ বাবেই নে?
শবৰী, ৰাম

এয়াই সাধনাৰ চেষ্টা। নিজৰ কৰিবলগীয়া খিনি কৰি থাকিলেহে ভবা মতে উন্নতি হয় বা বিচৰা ফল পোৱা যায়। কর্মৰ ফল নিবিচাৰিবা—গীতাৰ উপদেশ—মানে কি?

ঠিক ফল নিবিচৰা নহয়, কিন্তু বিচৰা মতে নহ’লেও অশান্তিত নোভোগা, ধৈর্য্য নেহেৰুৱা। ফল একেবাৰে নিবিচাৰে মেচিনে। মানুহে ফল নিবিচৰা অসম্ভৱ, কিন্তু ফল যিয়েই নহওক কিয়, বিচলিত নোহোৱাতো সম্ভৱ। কৃষ্ণই বিচলিত নহ’বলৈ কৈছে – অর্থাৎ শবৰীৰ দ’ৰে ধৈর্য্য ধাৰণ কৰিবলৈ কৈছে।

গীতাৰ উপদেশৰ ঠাই, শবৰীৰ তপস্যাৰ ঠাই ভাৰতবর্ষত আজি ভোগবাদ আৰু careerismৰ এনেকুৱা ধুমুহা বলিছে যে কম বয়সৰ যুৱক-যুৱতীয়েও আশা হেৰুৱাই, ধৈর্য্য হেৰুৱাই ক্ষন্তেকতে ভয়ানক কাম কৰি পেলাইছে, আত্মহত্যা কৰিছে।

দেউতাকে বহুত বছৰ কাম কৰাৰ অন্তত যিমান ধন ঘটিবলৈ সমর্থ হৈছিল, এতিয়া ল’ৰা-ছোৱালীয়ে বেংগালুৰুৰ দ’ৰে তথ্য প্রযুক্তি আৰু আন্ত:ৰাষ্ট্রীয় বাণিজ্যৰ কেন্দ্রত চাকৰি কৰি অতি কম সময়ৰ ভিতৰতে তাতকৈ বেছি ধন ঘটিব পাৰে, কিন্তু ইমান ধন ঘটাৰ পিছতো তেওঁলোকৰ মাজত প্রকৃততে সুখী মানুহ এজন বিচাৰি পাবলৈ বৰ টান।

অসন্তুষ্ট, অধৈর্য্য ধনী মানুহ, হতাশাত ভোগা ধনী মানুহেৰে ভৰি আছে দিনে বহুত টকাৰ লেন দেন হোৱা বহুজাগতিক প্রতিষ্ঠান সমূহত। মনৰ শান্তি বিচাৰি, মনস্তাত্বিক  পৰামর্শ, মন্ত্রণা বিচাৰি তেওঁলোকে সেই ধনী চহৰৰ কোনোবা ধনী হোটেলত শিবিৰ পতা কোনো পেশাদাৰী পৰামর্শদাতা একোজনক ধনৰ টোপোলাৰে অভ্যর্থনা কৰে, আৰু পৰামর্শদাতাই তেতিয়া তেওঁলোকক কৃষ্ণই দিয়া উপদেশৰ কথা কয়, শবৰীৰ কাহিনী কয়!

বাল্মীকি ৰামায়ণত শবৰীৰ কাহিনীটো সৰু। অৰণ্য কাণ্ডৰ ৭৩ তম্ সর্গত ৰাম আৰু লক্ষ্মণৰ হাতত প্রাণ হেৰুৱাই দিব্যধামলৈ গতি কৰাৰ আগতে বৃহৎ আকৃতিৰ কবন্ধই তেওঁলোকক তেওঁলোকৰ বাবে প্রয়োজনীয় কিছু কথা কয়। সেই কথাৰ মাজতে কবন্ধই তেওঁলোকক মতঙ্গ মুনিৰ আশ্রমলৈ গৈ মহা তপস্বিনী শবৰীক দেখা দি যাবলৈ কয়। ইয়াৰ পিছৰ সর্গটোতেই (৭৪তম সর্গ) শবৰীৰ কাহিনীটো পোৱা যায়।

কিছুমান পণ্ডিতৰ মতে হিন্দী সন্ত-কবি তুলসীদাসৰ ৰামচৰিতমানস যিধৰণে এখন মহৎ ভক্তি গ্রন্থ, বাল্মীকিৰ ৰামায়ণখন কিন্তু সেইধৰণৰ ভক্তি গ্রন্থ নহয়। তেওঁলোকে বাল্মীকিৰ ৰামায়ণক মূলতে এখন মহাকাব্য হিচাপেহে চাব বিচাৰে, ঠিক ধর্ম গ্রন্থ হিচাপে নহয়। কিন্তু বোধকৰো এই পণ্ডিত সকলেও নুই কৰিবলৈ সহজ নহ’ব যে বাল্মীকিৰ ৰামায়ণত মাজে মাজে এনে একোটা মুহুর্ত্ত আহে য’ত ৰাম কেৱল এজন ৰাজকুমাৰ নহয়, কিন্তু এজন জ্ঞানী তপস্বী।

বাল্মীকি ৰামায়ণত ৰামে শবৰীক কৰা প্রশ্ন : কেৱল শবৰীৰ বাবেই নে?
শবৰী, ৰাম

শবৰীক ৰামে কৰা প্রশ্ন সমূহৰ পৰা ৰামৰ জ্ঞানৰ পৰিপক্কতা দেখা যায়। ৰামে এই প্রশ্নখিনি কৰিছে এগৰাকী অতুলনীয়া সিদ্ধা তপস্বীনীক, কিন্তু প্রশ্নবোৰৰ প্রযোজ্যতা কেৱল সেই বৃদ্ধা তপস্বীনীৰ বাবেহে বুলি ক’ব নোৱাৰি। বিভিন্ন ধৰণে ৰামৰ প্রশ্নবোৰৰ অর্থ সাধাৰণ মানুহৰ বাবেও আছে। আমি নিজৰে পৰীক্ষা কৰিবলৈ সেই প্রশ্নবোৰ কৰি চাব পাৰো। শবৰীৰ দ’ৰে মহাতপস্বীনী নহ’লেও মানুহ হিচাপে আমি কেনেকুৱা? ৰামে কৰা প্রশ্নবোৰে আমাক এই কথা জানিবলৈ সহায় কৰে।

শবৰীয়ে ৰাম আৰু লক্ষ্মণক দেখাৰ লগে লগে তেওঁলোকক অভ্যর্থনা জনোৱাৰ বর্ণনা দিওঁতে বাল্মীকিয়ে শবৰীক “সিদ্ধা” বুলি কৈছে; অর্থাৎ তেওঁ পৰমার্থ তত্ত্বক বুজিবলৈ যত্নপৰ হৈ থকা তপস্বী সাধিকা নহয়, কিন্তু সাধনা সম্পূর্ণ কৰা এগৰাকী সিদ্ধা। তেওঁৰ আৰু ভক্তি, বৈৰাগ্য, জ্ঞান পাবলৈ যত্ন কৰি থকা দিন নাই; তেওঁ সকলো পাইছেই। বাল্মীকিৰ শবৰীক সিদ্ধা বুলি অভিহিত কৰা শ্লোকটো হৈছে :

তৌ দ্রষ্ট্ ৱা তু তদা সিদ্ধা সমুত্থায় কৃতাঞ্জলি:।

পাদৌ জগ্রাহ ৰামস্য লক্ষ্মণস্য চ ধীমত:।।

অর্থাৎ “সিদ্ধাই তেওঁলোক দুজনক অহা দেখি হাতযোৰ কৰি ঠিয় হ’ল, আৰু বুদ্ধিমান শ্রীৰাম আৰু লক্ষ্মণৰ চৰণত প্রণাম কৰিলে”। তাৰ পিছত শবৰীয়ে তেওঁলোকক বিধিমতে পূজা কৰিলে। বাল্মীকিয়ে ইয়াত শবৰীৰ মুখত প্রথম শব্দ দিয়া নাই, শ্রীৰামৰ মুখতহে দিছে। ৰামে তেওঁক সুধিছে,

কচ্চিত্তে নির্জিতা ৱিঘ্না: কচ্চিতে ৱর্ধতে তপ:।

কচ্চিত্তে নিয়ত: কোপ আহাৰশ্চ তপোধনে।।৮।।

কচ্চিত্তে নিয়মা: প্রাপ্তা: কচ্চিত্তে মনস: সুখম্।

কচ্চিত্তে গুৰুশুশ্রূষা সফলা চাৰুভাষিণি।।৯।।

অর্থাৎ “তপোধনে! তুমি সকলো বিঘ্নিৰ ওপৰত বিজয় লাভ কৰিছানে? তোমাৰ তপস্যাৰ বৃদ্ধি হৈছেনে? তুমি ক্রোধ আৰু আহাৰ নিয়ন্ত্রণ কৰিছানে? তুমি যিবোৰ নিয়ম মানিব বিচাৰিছা, সেইবোৰ ভালদ’ৰে মানিব পাৰিছানে? তোমাৰ মনত সুখ-শান্তি আছেনে? চাৰুভাষিণি! তোমাৰ গুৰু-সেৱা সফল হৈছেনে?”

ৰামে শবৰীৰ প্রতি কৰা এই প্রশ্নকেইটাৰ উত্তৰ কি ৰামে জানেই। শবৰীৰ যে তপস্যা সকলো প্রকাৰে পূর্ণ হৈছে, শবৰীয়ে যে খং-ৰাগ নিয়ন্ত্রণ কৰাত সম্পূর্ণ সক্ষম, শবৰীয়ে যে সকলো প্রয়োজনীয় নিয়ম-নীতি ভালদ’ৰে মানে, শবৰীৰ মনত যে পৰম শান্তি বিৰাজমান, এই সকলো কথা ৰামে জানে, আৰু শবৰীৰ এনে উচ্চ অৱস্থাৰ বিষয়ে বাল্মীকিয়ে প্রথমতে আমাক উমান দিছে তেওঁক “সিদ্ধা” বুলি অভিহিত কৰি।

shabari 1

এনে এগৰাকী বৃদ্ধা সিদ্ধাক কৰা এই প্রশ্নবোৰ আচলতে ৰামৰ সাধাৰণ বিনয়-সম্ভাষণ। উত্তৰ পাবৰ বাবে তেওঁ প্রশ্ন কৰা নাই; উত্তৰ তেওঁ জানেই। লগতে এনেকৈও ভাবিব পাৰি যে ৰামে এই প্রশ্ন কৰিছে অন্য সাধকৰ উপকাৰ কৰিবলৈ। যোগ-বাশিষ্ঠত আমি যিজন মুমুক্ষু ৰামক লগ পাওঁ তেওঁৱেই যেন শবৰীক কৰা প্রশ্নেৰে সাধনাৰ বিষয়ে নিজৰ জ্ঞানৰ আভাসো দিছে আৰু অন্য মুমুক্ষু সাধকৰ সহায় হ’ব বুলিও যেন তেওঁ এই বিশেষ প্রশ্ন বোৰ কৰিছে।

প্রথমে ৰামে সুধিছে বিঘিনি জয় কৰাৰ বিষয়ে। সাধনাত বিঘিনিৰ সন্মূখীন হ’ব লাগে, আৰু সেই বিঘিনিবোৰ জয় কৰিব নোৱাৰিলে সাধনা আগ বাঢ়িব নোৱাৰে। বিঘিনি মানে কেৱল বাহিৰৰ পৰা অহা বিধি-পথালিয়েই নহয়, নিজৰ মনৰ দুর্বলতাও। নির্দিষ্ট সময়ৰ ভিতৰত যেতিয়া এটা কাম শেষ কৰিব লাগে, তেতিয়া সেই সময়ৰ ভিতৰত মনটোৱে যদি অন্য ফালে টনা-আঁজোৰা কৰে, তেনেহ’লে সেইটো এটা বিঘিনি।

কিতাপ এখন পঢ়ি শেষ কৰিব লাগে যদি বাৰে বাৰে মোবাইলটোত ইমেইল বা সমাজিক মাধ্যমৰ বার্ত্তা চাই থকাৰ ইচ্ছা ত্যাগ কৰিব লাগিব। সেই ইচ্ছাই বিঘিনি। শবৰীৰ দ’ৰে তপস্বীনিয়ে যিদ’ৰে বিভিন্ন বিঘিনি জয় কৰিলেহে সাধনাত আগ বাঢ়িব পাৰে, ঠিক তেনেদ’ৰে আমি সাধাৰন কাম-কাজ বোৰ কৰি যাওঁতেও বিভিন্ন বিঘিনিৰ সন্মূখীন হওঁ। একাগ্রতাৰে কাম কৰিব পৰা মানে বিঘিনি জয় কৰা।

বিবেকানন্দৰ মতে মহৎ লোক আৰু সাধাৰণ মানুহৰ মাজত পার্থক্য মাত্র এটা বস্তুৰ : মনোযোগৰ। আমি কোনবোৰ কথাত মনোযোগ দিওঁ আৰু কি দ’ৰে মনোযোগ দিওঁ – ইমান খিনিতে আমাৰ ভাগ্য নির্ণয় হৈ যায়। আমি নিজেই নিজৰ ভাগ্য লিখোঁ। জ্যোতিষৰ ওচৰতগৈ ভাগ্য গণনা কৰাৰ প্রয়োজন নাই – মনোযোগ ক’ত, কিমান দিওঁ ভালদ’ৰে মন কৰিলেই বুজা যায় আমি কেনেকৈ নিজৰ ভাগ্য নিজে ঠিৰ কৰোঁ ।

সংস্কৃত “একাগ্রতা” শব্দটো মন কৰিবলগীয়া। জোঙা কৰা পেনচিল ডালৰ জোংটো যিদ’ৰে এটা বিন্দু, সেইদ’ৰে মনৰ শক্তি সমূহ যেন এটা বিন্দুত কেন্দ্রীভূত হয় : পঢ়ি থকা কিতাপ খনত, ভাবি থকা কথাটোত, কৰি থকা অংকটোত। মনৰ সাধাৰণ স্বভাৱ হ’ল বাহিৰলৈ লৰ মৰা। মনোবিজ্ঞানী সকলৰ মতে আমাৰ জগত খনত এতিয়া ক’ৰোনাতকৈও বেচি ব্যাপক এক মহামাৰী চলি আছে – অমনোযোগিতাৰ মহামাৰী।

monochrome shot of statue of a hindu god
Photo by Sharath G. on Pexels.com

এই মহামাৰীৰ প্রধান কাৰণ হ’ল সামাজিক মাধ্যমৰ নিচা। শবৰীয়ে এনেবোৰ মনৰ চঞ্চলতাৰ বিৰুদ্ধে যুঁজিব লগীয়া হোৱা নাছিল, কিন্তু আমাৰ বহুতৰে অৱস্থা এতিয়া এনেকুৱা যে সাধাৰণ কাম এটাৰ বাবে প্রয়োজনীয় মনোযোগ দিয়াও টান।

ৰামৰ দ্বিতীয় প্রশ্ন তপস্যা-বৃদ্ধিৰ বিষয়ে। “তপস্যা” শব্দটোত কষ্ট সহা অর্থ নিহিত হৈ থাকে। কষ্ট সহিও নিজৰ কামত মনপুতি লাগি থাকিব পৰাতো বৰ ডাঙৰ গুণ; কষ্টৰ সৈতে যুঁজিলে চৰিত্র নির্মাণ হয়। সৰু-সুৰা কাম একোটা সমাধা কৰিবলৈ আমাক খুব বেছি আত্মবলৰ প্রয়োজন নহয়; কেতিয়াবা আমি প্রায় যন্ত্রবত কিছুমান কাম কৰোঁ।

বিশেষকৈ সদায় কৰি থকা কামবোৰৰ বাবে আমি বৰ বিশেষ মনৰ শক্তি প্রয়োগ কৰিব লগীয়া নহয়।

কিন্তু যিবোৰ কামৰ বাবে মনৰ বিশেষ শক্তিৰ, মনোযোগৰ প্রয়োজন হয়, সেইবোৰ কাম কৰাৰ সময়ত “অমনোযোগিতা” নামৰ বিঘিনিয়ে খুব বেছিকৈ আমনি কৰিব পাৰে। দীঘলীয়া সময়ৰ বাবে চেষ্টা কৰি থাকিবলগীয়া হ’লে ধৈর্য্য, আৰু কেতিয়াবা লগতে সাহসৰো প্রয়োজন হয়।

এভাৰেষ্ট জয় কৰিবলৈ হ’লে দুর্বাৰ সাহস, ধৈর্য্য, কৌশলৰ প্রয়োজন হ’ব। উপন্যাস এখন লিখি উলিয়াবলৈ, ডাঙৰ কিতাপ এখন অনুবাদ কৰিবলৈ দীঘলীয়া প্রচেষ্টাৰ প্রয়োজন হয়। এইবোৰো সাধনা (বা তপস্যা) কেৱল মোক্ষ-প্রাপ্তিৰ সাধনাই সাধনা নহয়।

ৰামে শবৰীক ক্রোধ আৰু আহাৰ নিয়ন্ত্রণৰ বিষয়েও সোধে। ৰামে ক্রোধ সম্পূর্ণ শেষ কৰাৰ কথা কোৱা নাই, নিয়ন্ত্রণ কৰাৰ কথাহে কৈছে।

আচলতে সংসাৰ খন এনকুৱা যে কেতিয়াবা ক্রোধ (বা বেজাৰ) অনুভৱ নকৰাকৈ থাকিব নোৱাৰি। সংসাৰখন নিখুঁত নহয়, perfect নহয় (ৰামে নিশ্চয় জানে, তেওঁৰেই সৃষ্টি!) বাবে কেতিয়াবা নহয় কেতিয়াবা মহা শান্ত, সমাহিত জনৰো খং উঠিব পাৰে। খং উঠিলে তাক নিয়ন্ত্রণ কৰিব পৰা মানুহেই সাধনাত সফল হয়। ক্রোধ নিয়ন্ত্রণৰ বাহিৰলৈ গ’লে নিজৰ আৰু আনৰ অনিষ্ট হোৱাৰ সম্ভাৱনা বাঢ়ে, আৰু সময় নষ্টতো হ’বই।

ৰামে যে আহাৰ নিয়ন্ত্রণৰ কথাও কৈছে, সেইটো বিশেষ ভাবে মন কৰিবলগীয়া। বিবেকানন্দই মানুহে কি খাব কি নাখাব বৰ বেছিকৈ ভাবি থকাতো ঠিক নহয় বুলি ভাবিছিল, আৰু এইবোৰ কথাত বৰ বেছি মন দিয়াৰ ফলত কিছুমান হিন্দু মানুহৰ বাবে তেওঁলোকৰ ধর্মটো এক প্রকাৰে চৰু-কেৰাহীৰ ধর্ম বা পাকঘৰৰ ধর্ম হৈ পৰাৰ কথা কৈছে। বিবেকানন্দই কোৱা কথাষাৰৰ মর্ম উপলবদ্ধি কৰা প্রয়োজন, কিন্তু বাচ-বিচাৰ নোহোৱা সর্ব-ভক্ষী হোৱাতো প্রকৃত জ্ঞানীৰ লক্ষণ নহয়।

বিবেকানন্দৰে গুৰু শ্রীৰামকৃষ্ণই কৈছে যে “কুকুর যা তা খায়, তাই কি কুকুর জ্ঞানী?” হিন্দু ধর্মৰ প্রকৃত মর্ম আছে উপনিষদবোৰত, আৰু শ্রীমদভগৱদ্গীতাক সকলো উপনিষদৰ সাৰ বুলি ধৰা হয়। সেই গীতাত জ্ঞান যোগ, ভক্তি যোগ, কর্ম যোগ, ধ্যান যোগ আদিৰ উপদেশৰ লগতে কিন্তু শ্রীকৃষ্ণই আহাৰৰ কথাও কৈছে: সাধকে কেনেকুৱা আহাৰ খোৱা উচিৎ। সাধক সকলে যদি সাধনাত সহায় হোৱা আহাৰৰ কথা জানিব বিচাৰে, সাধাৰণ মানুহে স্বাস্থ্য ৰক্ষাৰ বাবেও আহাৰৰ কথা জানিব বিচাৰে।

Rama2

ৰামে আহাৰৰ বিষয়ে শবৰীক কৰা প্রশ্নৰ তাৎপর্য কি?

শবৰীৰ দ’ৰে বহুত বছৰ সংযমী, তপস্যা-পূর্ণ জীৱন কটোৱা মানুহৰ ক্ষেত্রত আহাৰ-নিয়ন্ত্রণ নিশ্চয় কঠিন নহয়, ৰামে জানে শবৰীয়ে কম খায়, সহজতে প্রকৃতিৰ পৰা পোৱা আহাৰ খায়, আহাৰ গোটাওতে তেওঁ হিংসাৰ আশ্রয় নলয়। কিন্তু সাধাৰণ সাধক বা সাধাৰণ মানুহৰ ক্ষেত্রত আহাৰৰ প্রশ্নটো ডাঙৰ প্রশ্ন। শবৰীৰ “কঠিন” অৰণ্য-বাসত নিশ্চয় তেওঁ প্রয়োজনতকৈ অধিক আহাৰ নাখাইছিল, প্রয়োজনীয় আহাৰখিনি গোটাই অনাতোও চাগৈ বৰ সহজ নাছিল।

কিন্তু আমাৰ আধুনিক সমাজত সমগ্র বিশ্বতে দুখন ছবি দেখা যায় : এফালে সাধাৰণ বাবে জীয়াই থাকিবলৈ যিমান আহাৰৰ প্রয়োজন সেইখিনিও গোটাব নোৱৰা মানুহ, আৰু আনফালে আহাৰৰ উভৈনদী। আফ্রিকা, এছিয়াৰ বিভিন্ন দেশত, আমাৰ নিজৰ দেশতো, ক্ষুধাত মানুহৰ কষ্ট হৈছে বা মৃত্যু হৈছে; আৰু আমেৰিকাই প্রয়োজনতকৈ অধিক উৎপাদন হোৱা শষ্য, আহাৰ সাগৰত পেলাই দিছে।

মেদবহুলতা মহামাৰীৰ ৰাজধানী অর্থাৎ আমেৰিকাৰ মেদবহুল নাগৰিক সকলৰ গোমাংসৰ অপুৰণীয় চাহিদা পুৰাবলৈ আমাজোন বর্ষাৰণ্য ধ্বংস কৰি তাত ঘাঁহ ৰুই মাংসৰ বাবে গৰু পোহা হৈছে। বহুতো আমেৰিকানে আৰু তেওঁলোকক সততে অনুকৰণ কৰা আমাৰ দেশীয় বঙাল সকলে কেৱল খাবলৈহে জীয়াই থাকে। তেওঁলোকৰ জীৱন ব্রেকফাস্টৰ পৰা লাঞ্চলৈ, লাঞ্চৰ পৰা ডিনাৰলৈ, আৰু এইবোৰৰ মাজৰ “স্নেকছ”বোৰত; তেওঁলোক হেনো ফুদী (foodies)।

সিদ্ধা শবৰী বা যিকোনো সাধক ফুদী হ’ব নোৱাৰে, ফুদী হ’লে সাধক হ’ব নোৱাৰে। ইয়াৰ অর্থ এইটো নহয় যে সাধনাত নমা মানে আহাৰ নাখায় বা কমকৈ খায় কোনোমতে জীয়াই থকা।

গৌতম বুদ্ধই প্রথমে অতি কঠোৰ সাধনা কৰিছিল, আহাৰৰ অভাৱত শৰীৰ অত্যন্ত দুর্বল হৈ গৈছিল, কিন্তু সেই কৃশ সাধনাৰ পৰা তেওঁৰ বৰ বেছি লাভ নহ’ল, আৰু তেওঁ বুজি পালে যে সাধনাৰ নামত শৰীৰটোক শাস্তি দি একো লাভ নাই। সকলো সাধকে শুদ্ধ আহাৰ সাধাৰণ ভাবে গ্রহণ কৰিব পাৰে, আৰু অন্য সকলো মানুহৰ বাবেও সেইটোৱেই শুদ্ধ কথা।

শৰীৰটোক “অন্নময় কোষ” বুলি কোৱা হয়। বৈজ্ঞানিক দৃষ্টিৰেও এইটো শুদ্ধ কথা : আমি যি আহাৰ খাওঁ তাৰপৰাই আমাৰ শৰীৰৰ কোষ সমূহৰ পৰিপুষ্টি হয়, মেৰামতি হয়। সেইফালৰ পৰা চালেও আমি কি খাওঁ সেই বিষয়ে আমি সচেতন হোৱা উচিৎ। পুষ্টিকৰ, শুদ্ধ আহাৰ উচিৎ পৰিমাণে খাব লাগে। জীয়াই থকাৰ বাবে খাব লাগে; খাবলৈহে জীয়াই থাকিব নালাগে।

Rama3

ৰামে শবৰীক আৰু প্রশ্ন কৰে যে তেওঁ যিবোৰ নিয়ম মানিব বিচাৰে সেইবোৰ মানিব পাৰিছে নে?

ইয়াত কোনো নির্দিষ্ট নিয়মৰ কথা কোৱা হোৱা নাই, কিন্তু যিবোৰ নিয়ম শবৰীয়ে মানিব খুজিছে সেইবোৰৰ কথাহে সোধা হৈছে। অর্থাৎ একেধৰণৰ নিয়ম সকলোৰে বাবে নহয়, যাৰ যি সাধনা, বা যাৰ যি কাম সেই অনুযায়ী তেওঁৰ বাবে মানিব লগীয়া নিয়ম থাকিব (অৱশ্যে অষ্টাংগ যোগৰ এক অংগ “নিয়ম”ত যি পাঁচ নিয়ম মনাৰ কথা কোৱা হয়, সেই পাঁচ নিয়ম সকলো সাধকৰ বাবে নিতান্তই মানিবলগীয়া বুলি ধৰা হয়। সেই পাঁচ নিয়ম হ’ল শৌচ, সন্তোষ, তাপস, স্বাধ্যায়, ঈশ্বৰ-প্রণিধান)।

ইয়াত ৰামে গুৰুত্ব দিয়া কথাটো হৈছে consistency, অর্থাৎ একেৰাহে নিজে ঠিক কৰি লোৱা নিয়মবোৰ মানি থকা। যদি আজি এটা নিয়ম মানি কাইলৈ অন্য এটা মনা হয়, তেনেহ’লে সাধনা সফল নহ’ব। উদাহৰণ স্বৰূপে, পৰীক্ষাৰ বাবে পঢ়ি থকা ল’ৰা-ছোৱালীয়ে এদিন সোনকালে ৰাতিপুৱা উঠি পঢ়ি আন এদিন দুপৰীয়ালৈকে শুই থাকিলে ফলাফল যিমান ভাল হ’ব, একেৰাহে সোনকালে উঠি পঢ়িলে বা একেৰাহে ৰাতি দেৰিকৈ পঢ়িলে ফলাফল বেছি ভাল হোৱাৰ সম্ভাৱনা।

ৰামে শবৰীৰ মনত সুখ-আনন্দ আছে নে সেই খবৰো লৈছে। ভোগ-সর্বস্ব আধুনিক সমাজত “সাধনা” শব্দটোৱে বহুতৰ মনত অচিনাকি, পুৰণিকলীয়া, ধর্মীয় কিবা কিবি এসোপাত লাগি থকাৰ ধাৰণা এটাহে দিয়ে। কিন্তু প্রকৃততে মোক্ষ বা জ্ঞানৰ মার্গত প্রতি খোজতে আনন্দ থাকে। যদি সাধকৰ মনত আনন্দ নাই, তেতিয়াহ’লে তেওঁ ধৰি ল’ব পাৰে যে তেওঁৰ সাধনা হোৱা নাই বা ভুল হৈছে। শবৰী যিহেতু সিদ্ধা, তেওঁতো পৰমানন্দত ডুবি থাকে।

পৰম ভক্তই হওক বা অদ্বৈত বেদান্তৰ মতে জ্ঞানীয়েই হওক, আনন্দই সাধক বা সিদ্ধৰ প্রধান লক্ষণ। ৰমণ মহর্ষিৰ বিষয়ে অনেকে লিখি থৈ গৈছে বা আনক কৈছে যে মনত বিভিন্ন দু:খ, অষন্তুস্তি লৈ মর্হষিৰ ওচৰলৈ যোৱা বহুত মানুহে মহর্ষিক নিজৰ দুখ-বেদনাৰ কথা ক’বলৈকে নাপায় – কাৰণ তেওঁৰ ওচৰত মনৰ ভিতৰৰ সেই দুখ, অশান্তিবোৰ ৰ’দত কুঁৱলী আঁতৰাৰ দ’ৰে আঁতৰি যায়।

ramana 1
ৰমণ মহর্ষি

মহর্ষিৰ নিজৰ অবিচল শান্তি আৰু আনন্দৰ প্রভাৱত  আনৰো দুখ-বেজাৰ আঁতৰি যায়। ইংৰাজী কবি জেৰাৰ্ড মেনলী হপকিন্সৰ সমস্ত জীৱন অতিবাহিত হৈছিল এজন অতি উচ্চ শ্রেনীৰ খৃষ্টান ভক্ত হিচাপে। তেওঁৰ সান্নিধ্যলৈ অহা মানুহে কয় যে হপকিন্সৰ ওচৰলৈ গ’লেই মনত এক বিমল শান্তি, আনন্দ অনুভৱ হয়।

আদি শংকৰাচার্যৰ এজন প্রধান শিষ্য হস্তামলকৰ মাকে প্রথম মন কৰিছিল যে তেওঁৰ মনটো কিবা কাৰণত বেয়া লাগিলে বা খং উঠিলে হস্তামলকৰ ওচৰত গৈ বহিলে মনতো শান্ত হৈ যায়। পিছত শংকৰাচর্যই হস্তামলকক প্রথম লগ পাওঁতে তেওঁক প্রশ্ন কৰে যে “তুনি কোন? তোমাক দেখিয়েই যে মোৰ ইমান আনন্দ হৈছে, তুমি কোন?”

আনন্দ উচ্চ স্তৰৰ সাধকৰ বা সিদ্ধৰ চিন। হা-হুমুনিয়াহ কাঢ়ি দুখ কৰি থকাজন সাধকেই নহয়।

সাধাৰণ জীৱনতো, কিবা পাবলৈ কৰা যত্ন বা সাধনাৰ সময়ত মনত শান্তি, সুখ, আশা নাথাকিলে সফল হোৱাৰ সম্ভাৱনা ক্ষীণ। আৰু আনন্দত থাকিবলৈ আমি নিজে বিচাৰিব লাগিব। পৰিবেশ সম্পূর্ণ ঠিক হ’ব লাগিব, তেতিয়াহে মই সুখী হ’ম বুলি ভাবিলে অনন্ত কাললৈ অপেক্ষা কৰিলেও সুখী হ’ব পৰা নাযাব কাৰণ পৰিবেশত কিবা নহয় কিবা গণ্ডগোল থাকিবই। সংসাৰখন নিখুঁট নহয়, কিন্তু সুখী হোৱাতো আমাৰ চৰিত্র, মনোভাৱ, দৃষ্টিভঙ্গী (attitude)ৰ ওপৰত নির্ভৰশীল, সংসাৰৰ চৰিত্রৰ ওপৰত নহয়।

ৰামে শবৰীক তেওঁৰ গুৰু-শুশ্রুষাৰ সাফল্যৰ বিষয়ে প্রশ্ন কৰিছে যদিও তেওঁ ভালদ’ৰে জানে যে শবৰীৰ জীৱন  গুৰু-শুশ্রুষাত উৎসর্গিত এক পৰম সফল জীৱন। এইটো বিষয় প্রকৃততে সম্পূর্ণকৈ পাৰমার্থিক সাধনা সম্বন্ধীয় বিষয়।

গুৰু আৰু সাধকৰ পৰম লক্ষ্য বা ঈশ্বৰ বা মোক্ষ কেনেকৈ প্রকৃততে এটা তত্ব সেই বিষয়ে আলোচনা কৰিলেহে ৰামৰ প্রশ্নৰ পকৃত অর্থৰ আলোচনা হ’ব, কিন্তু সিমানখিনিলৈ নগৈ যদি আমি অতি সাধাৰণ অর্থত “যাৰ পৰা কিবা শিকা যায়” তেওঁকেই গুৰু বুলি লোৱা যায়, তেনেহ’লে ঠিক গুৰু-শুশ্রুষাৰ কথা নহয়, কিন্তু গুৰুৰ প্রতি থাকিবলগীয়া শ্রদ্ধাৰ কথা ক’ব পাৰি।

Gita 1

কৃষ্ণই গীতাত “শ্রদ্ধাবান জনে জ্ঞান লাভ কৰে” (শ্রদ্ধাৱান লভতে জ্ঞানম) বুলি কঁওতে শিষ্যৰ গুণ হিচাপে শ্রদ্ধাৰ কথা কৈছে, যদিও তাতো পাৰমার্থিক জ্ঞানৰ কথাহে কোৱা হৈছে। পাৰমার্থিক জ্ঞানৰ বিষয়ে জানিব বিচৰা মানুহৰ সংখ্যা খুব কম (“মনুষ্যাণাং সহস্রেষু কশ্চিদ্যততি সিদ্ধয়ে” গীতা: ৭-৩: বহুত হেজাৰ মানুহৰ মাজত কোনোবা এজনেহে সিদ্ধ হ’বলৈ যত্ন কৰে), কিন্তু অন্য কথা আমি অনবৰতে আনৰ পৰা শিকি থাকোঁ।

বিশেষকৈ পঢ়াশলীয়া জ্ঞান আমি শিক্ষকৰ পৰা পাওঁ। সেই শিক্ষকৰ প্রতি আমাৰ মনোভাৱ কেনেকুৱা? শ্রদ্ধাবান শিকাৰু ভাল শিকাৰু। আজিকালি এই শ্রদ্ধা গুণটো খুব কমি আহিছে। বোধকৰো ইয়াৰ এটা ডাঙৰ কাৰণ হ’ল ছাত্র-ছাত্রীসকলৰ ঘৰুৱা পৰিবেশ। যিমানে দিন বাগৰিছে, আমাৰ সমাজত যেন মাক-দেউতাকৰ সন্মান কমি আহিছে, আৰু তাৰ কাৰণ মাক-দেউতাক নিজে। তেওঁলোকে ধৰি লয় যে ল’ৰা-ছোৱালীয়ে যি বিচাৰে তাকে দিয়াতো তেওঁলোকৰ প্রধান কাম।

ল’ৰা-ছোৱালীক কোনো কাম-বন কৰিবলৈ নিদি, কোনো দায়িত্ব নিদিয়াকৈ ডাঙৰ কৰাৰ ফলত সিহঁতে ধৰি লয় যে সিহঁতে কেৱল সকলো ভাল বস্তু (বা ভাল বুলি ভবা বস্তু) বিচাৰিলেই পাব লাগিব, কিন্তু সিহঁতৰ কোনো দায়িত্ব নাই—মাক-দেউতাকৰ প্রতিও নাই।
Shabari 2

আই আই টিৰ দ’ৰে উচ্চ শিক্ষাৰ প্রতিষ্ঠানত পঢ়ি যেতিয়া সিহঁতে বিদেশত চাকৰি কৰিবলৈ যায়গৈ তেতিয়া সিহঁতৰ শিক্ষাত চৰকাৰে (অর্থাৎ নিজৰ দুখীয়া দেশে) কৰা ধনৰ খৰছ, মাক-দেউতাকে কৰা ত্যাগ, সকলো পাহৰি যায়। শ্রদ্ধা (আৰু দায়িত্ব) প্রথম শিকা যায় নিজৰ ঘৰত; নিশিকা জনে পিছত গুৰু-গোঁসাই কাৰো প্রতিয়েই শ্রদ্ধাবান হ’ব নোৱাৰে।

প্রত্যেকেই শবৰীৰ দ’ৰে সিদ্ধা হ’ব নোৱাৰে; পশ্চিমীয়া আধুনিক শিক্ষাকে সর্বস্ব বুলি ভবা অনেকে এই পৰমার্থ জাতীয় কথাবোৰত লাগি থকাতো বৰ সুস্থ মগজুৰ চিন নহয় বুলিও ভাবে; কিন্তু শবৰীৰ গুণ বোৰ সকলোৰে বাবে অনুকৰণীয়। শবৰীৰ মনত কি আছে সেয়া শ্রীৰামৰ প্রশ্নৰ পৰা জনা যায়।
শবৰীৰ মনৰ অপাৰ বল, সেইবাবে তেওঁ সকলো বিঘিনি জয় কৰিব পাৰে, আৰু একাগ্রতাৰে চেষ্টা (অর্থাৎ তপ) কৰিব পাৰে। খঙে তেওঁক বিচলিত কৰিব নোৱাৰে। তেওঁৰ আহাৰ নিয়ন্ত্রিত কাৰণ তেওঁৰ মন নিয়ন্ত্রিত। নিজে ঠিক কৰি লোৱা নিয়ম-নীতি মানিব পৰাকৈ তেওঁৰ মানসিক শক্তি আছে। তেওঁৰ মনত সুখ-শান্তি আছে আৰু গুৰুজনৰ প্রতি তেওঁৰ শ্রদ্ধা আছে। এইখিনি গুণনো কাক নালাগে?

(Sanjeev Kumar Nath, English Department, Gauhati University; sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy
Opinion

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

by Kakali Das
September 9, 2026
0

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy KAKALI DAS Is India’s economy in...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
How to Sell Your Brains to the Highest Bidder: the Complete Guide

How to Sell Your Brains to the Highest Bidder: the Complete Guide

September 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d