• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

বাস্তবৰ “ক’লাজ্”

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
April 23, 2023
in Remembrance
Reading Time: 4 mins read
0
question mark on crumpled paper

Photo by Leeloo Thefirst on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

বাস্তবৰ “ক’লাজ্”

সঞ্জীৱ কুমাৰ নাথ

WhatsApp Image 2023 04 15 at 18.27.13
সঞ্জীৱ কুমাৰ নাথ

দুর্গা পূজাৰ সময়ৰ সেইদিনটোৰ কথা এতিয়াও মনত পৰি থাকে।

কামলৈ যাওঁতে গাড়ীত গান এটা শুনি গৈ থাকিলে ভাল লাগে; গুৱাহাটীৰ যান-যঁটতো একপ্রকাৰ শান্তহৈ থাকিব পাৰি। শান্তহৈ নাথাকিলেতো চিন্তাই—ক’ত খুন্দা-খুন্দলি লাগে একো ঠিক নাই। সেইদিনা ভাবিলো যে আজি শ্রীললিতাসহস্রনামাৱলীকে শুনা হওক।

শ্রীমতীয়ে মহালয়াৰ দিন কেতিয়া পৰিছে সেই বিষয়ে কিবা কৈ আছিল, গতিকে মোৰ ঠিক পূজাৰ বতৰ বুলি বলিয়া হোৱাৰ মানসিকতা নাই যদিও, মনত চাগে দেৱী পূজাৰ বিষয়ে কিবা ভাব আছিল, প্রায় অজানিতে। সেই কাৰণেই বোধকৰো শ্রীললিতাসহস্রনামাৱলী শুনিবলৈ লৈছিলো।

অনেকে কয় যে শ্রীললিতাসহস্রনামাৱলী কেৱল দেৱী পূজাৰ বাবে নহয়; ই অদ্ৱৈত বেদান্তৰ এক অতি উত্তম পাঠ।

গাড়ী চলাই থাকোতে সম্পূর্ণ মনোযোগেৰে শুনিব নোৱাৰি, কাৰণ নিয়ম মানি, নামানি, সোঁৱে-বাঁৱে সোঁ সোঁ কৈ আহি থকা, গৈ থকা গাড়ী, স্কুটাৰ, মটৰ চাইকেল, ঠেলাগাড়ী, গাড়ী কঢ়িওৱা প্রকাণ্ড গাড়ী, বিকট শব্দেৰে, ভয়ঙ্কৰ গতিৰে চলা ট্রাক, মোবাইলত চকু নিবদ্ধ কৰি তীব্র গতিৰে অহা-যোৱা কৰি থকা গাড়ী-মটৰ একোকে ভ্রূক্ষেপ নকৰি বাট পাৰ হোৱা মানুহ, কান্ধেৰে কাণত মোবাইল চেপা মাৰি ধৰি, চিঞৰি চিঞৰি কথা পাতি, তীব্র বেগত স্কুটাৰ, মটৰ-চাইকেল চলোৱা মানুহ—এই আটাইবোৰেও মনোযোগ আকর্ষণ কৰিয়েই থাকে।

        তথাপি শ্রীললিতাসহস্রনামাৱলী শুনি আছো, আৰু গাড়ী চলাই গৈ আছো। লখৰাৰ পুলিচ পইন্তত গাড়ীবোৰ ৰৈ আছে। ময়ো গাড়ীৰ গতি মন্থৰ কৰি ৰৈছোগৈ; তেনেতে মোৰ একেবাৰে সমুখৰ বাহন খনলৈ চকু পৰিল।

বাস্তবৰ “ক’লাজ্”
শ্রীললিতা

এখন চাইকেল-ঠেলা। চালকে মোৰ ফালে পিঠি দি, সমুখৰ গাড়ী আৰু ট্রেফিক পুলিচত দৃষ্টি দি আছে। এবাৰো পিছলৈ ঘূৰি চোৱা নাই। আৰু মোৰ দৃষ্টি তেওঁৰ ঠেলাখনৰ এটা চুকত। সেই চুকত সমুখলৈ ভৰি দুটা ওলোমাই বহি আছে এজনী কণমানি ছোৱালী। বাকী ঠেলাখন ভৰি আছে মস্ত মস্ত বস্তা কিছুমানেৰে।

এটা বস্তাত “Ekart” লিখা আছে, কিন্তু দেখিলেই ধৰিব পাৰি যে এইখন “Ekart”জাতীয় কোনো কুৰিয়াৰ কোম্পানীৰ চাইকেল-ঠেলা নহয়, আর্বজনা বুটলি ফুৰা মানুহৰহে ঠেলা।

সাধাৰণতে আর্বজনা বুটলি ফুৰা মানুহ বুলিলে লেতেৰা, অপুষ্টিত ভোগা ল’ৰা ছোৱালী বা তিৰোতা মানুহহে দেখা যায়, আৰু তেওঁলোকে সাধাৰণতে ডাঙৰ লেতেৰা মোনা বা বস্তা এটাহে লৈ ফুৰে। কাষেদি গ’লে যে আপুনি গাটো আঁতৰাই দিয়ে—সেই লেতেৰা বস্তাটো আপোনাৰ গাত লাগিব বুলি। এনেকুৱা চাইকেল ঠেলা চলোৱা আর্বজনা বোটলা মানুহ সিমান দেখা পোৱা নাযায়।

কিন্তু মোৰ চকু নিবদ্ধ আছিল সেই কণমানিজনীতহে। কিজানি পাঁচ বছৰ মান বয়সৰ হ’ব তাই। মিঠা বৰণীয়া, বৰ মৰম লগা। পিন্ধনত এটা “অফ্ হোৱাইট্” চোলা আৰু সৰু সৰু ফুল থকা হালধীয়া পায়জামা। চোলাটো চাগে বগাহে আছিল; লেতেৰা হৈ “অফ্ হোৱাইট্” হৈছেগৈ।

হালধীয়া পায়জামাটোও দেখাতে পুৰণি, কিন্তু তাইৰ গাত বৰ শুৱাইছে। অকণমানি ভৰি দুটাত জোতা-চেন্দেল একো নাই। কিন্তু নাকত সৰুকৈ বাখৰ এটাৰ দ’ৰে কিবা এটা পিন্ধি থকা যেন লাগে।

ইমান সৰুতে নাক বিন্ধালেনে তাই? নে মোৰহে দৃষ্টি-ভ্রম হৈছে ? সেইটো আচলতে এটা তিল নেকি ? যিয়েই নহওক, তাই দেখিবলৈ বৰ ধুনীয়া।

বাস্তবৰ “ক’লাজ্”

মই মন কৰিছো যে তাইৰ চকুত কোনো কৌতুহল নাই। সাধাৰণতে এনেকুৱা অকণমানি ল’ৰা-ছোৱালীয়ে বাটেৰে গৈ থাকোতে সকলো ফালে চাই চাই তত নাপায়। অলপ আগতে পাৰ হৈ অহা এখন সৰু গাড়ীৰ ভিতৰত তেনেকুৱা এজনী সৰু ছোৱালী দেখিছিলো। তাই আকৌ মুৰত কিবা এটা পিন্ধিছে—শহা পহুৰ কাণ দুখনৰ দ’ৰে।

সেই গাড়ীখন পাৰহৈ আহোতে মোৰ চকু পৰিছিল যে তাই সেই গুলপীয়া শহা কাণ দুখন লৰাই লৰাই খুব কিবা কিবি কৈছে। কিন্তু এতিয়া মোৰ চকুৰ আগত, চাইকেল-ঠেলাৰ পিছফালে বৰ বৰ বস্তাবোৰৰ কাষত বহি থকা এই ছোৱালীজনীৰ দৃষ্টিত এক শূণ্যতা। কোনো ফালেও তাই বৰ বিশেষ মন দিয়া নাই। এখন হাত বস্তা এটাত থৈ মাজে মাজে আনখন হাতেৰে মুৰটো খজুৱাই।

ওকণি আছে ছাগে।

মাক আছেনে বাৰু তাইৰ? আৰু ইমান ৰ’দত যে তাই এইদ’ৰে বহি আছে—গৰম লগা নাইনে বাৰু তাইৰ? গৰম লাগিনে নো কৰিব কি? মোৰ গাড়ীত থকা দ’ৰে “AC”ৰ চুইচ্ টিপিবলৈতো তাইৰ কোনো সুবিধা নাই।

তেনেতে সকলোৰে হুৰামুৰা লাগিল আগ বাঢ়িবলৈ—ট্রেফিক পুলিচে গাড়ীবোৰ যাবলৈ দিছে। ময়ো লাহে লাহে এক্সিলেটৰত ভৰি দিলো। যাবতো লাগিবই। সময়ত পাবগৈ লাগিব; অন-লাইন পাঠৰ বাবে ছাত্র-ছাত্রী ৰৈ থাকিব।

কেই ছেকেণ্ড মানৰ ভিতৰতে চাইকেল-ঠেলা খন মোৰ পিছ পৰিল, আৰু তাৰ পিছত “ৰিয়েৰ-ভিউ-মিৰৰ”তো নেদেখা হ’লো। ইফালে শ্রীললিতাসহস্রনাম পাঠ শেষ হ’ল।

কিন্তু তেতিয়াও মোৰ কাণত বাজি আছিল সেই পাঠৰ কিছুমান শব্দ : পীতৱস্ত্রাম্ (হালধীয়া বস্ত্র পৰিহিতা)…..সর্ৱালঙ্কাৰ য়ুক্তাম্ (সকলো অলঙ্কাৰৰে অলঙ্কৃতা)…..

পুনৰ সোঁৱে-বাঁৱে যোৱা গাড়ী, মটৰ চাইকেল সোপাৰ মাজেৰে নিজকে বচাই গৈ আৰু এটা পুলিচ-পইন্ত পালোগৈ—গড়চুক।

আকৌ পুলিচৰ নির্দেশত কিছু সময় ৰ’ব লগীয়া হ’ল। অকণমানিজনী চাগৈ তেনেকৈয়ে, ঠেলাখনত ভৰি ওলমাই বহি আহি আছে…..মনত এনেকুৱা চিন্তা বা ভাৱ এটা পাৰ হৈছেহে মাত্র, তেনেকুৱাতে দেখো ফটা-চিটা কাপোৰ পিন্ধা এজনী অতি ক্ষীণ, দুর্ব্বল ছোৱালীয়ে এটা হাতেৰে টেতেৰা-মেমেৰা কেঁচুৱা এটা সাৱটি আনটো হাতেৰে ভিক্ষা বিচাৰি ফুৰিছে।

বাস্তবৰ “ক’লাজ্”

গাড়ী বোৰৰ বন্ধ খিড়িকীত টোকৰ দিছে। এটা সময়ত মোৰ ওচৰ পালেহি তাই। খিড়িকীৰে হাত উলিয়াই তাইক পইছা দিওঁতে লগে লগে ইংৰাজ কবি উলিয়াম ব্লেইকৰ কবিতাৰ শব্দ কেইটামানে মনত খুন্দা মাৰিছে : Pity would be no more/If we did not make somebody poor (পুতৌ অপ্রয়োজন হ’ল হেঁতেন, যদি আমিয়েই কাৰোবাক দৰিদ্র নকৰিলোহেঁতেন)।

ক্ষন্তেক পিছতে ছোৱালীজনী আঁতৰি গ’ল, আৰু, গাড়ীবোৰো পুনৰ চলিবলৈ ধৰিলে।

কিছু সময়ৰ পিছত বিশ্ৱবিদ্যালয় পালোগৈ। গাড়ী ৰাখি, নিজৰ কোঠাত বহিলো। অন-লাইন পাঠৰ বাবে তেতিয়াও কিছু সময় আছিল। কম্প্যুটাৰটো খুলি ভাবিলো যে পাঠ আৰম্ভ কৰাৰ আগতে খৰ-খেদাকৈ হ’লেও খবৰৰ শিৰোণামবোৰ চাই লওঁ।

দেখিলো উত্তৰ প্রদেশৰ হাথৰচৰ ধর্ষণ-কাণ্ডৰ বিষয়ে বিভিন্ন ধৰণৰ শিৰোনাম—ধর্ষিতা দলিত ছোৱালীজনীৰ শৱটো পুলিচে জ্ৱলাই দিয়াৰ বিষয়ে, বিৰোধী নেতা-কর্মীক আৰু মেডিয়া-কর্মীক হাথৰচলৈ যাবলৈ নিদিয়াৰ কথা, দুর্ভগীয়া ছোৱালীজনীৰ পৰিয়ালে সুৰক্ষা বিচৰাৰ বিষয়ে, সততে নিজৰ মনৰ কথা ৰাইজক অবগত কৰা নেতাই এই জঘন্য কাণ্ডৰ বিষয়ে নীৰবহৈ থকাৰ অভিযোগৰ বিষয়ে।

লগতে শিৰোণামত আছে অযোধ্যাত অতি সুন্দৰ, বিশাল ৰাম মন্দিৰ নির্মাণ কৰাৰ দিশত অগ্রগতিৰ বিষয়ে, নতুন বাবৰি মছজিদ সজাৰ পৰিকল্পনাৰ বিষয়ে…..

কেইমিনিটমানতে এইবোৰ পঢ়া বাদ দি অনলাইন পাঠটোৰ বাবে যো-যা আৰম্ভ কৰিলো। টি এছ এলিয়টৰ “দি ৱেইস্ত লেন্দ” পঢ়াব লাগিব। ল’ৰা-ছোৱালী বোৰে কৰা প্রশ্নবোৰৰ উত্তৰ কেনেকৈ দিয়া যায়?

বাস্তবৰ “ক’লাজ্”

সিহঁতে সাধাৰণতে পোনপটীয়া উত্তৰ বিচাৰে, প্রশ্ন যিমানেই জটিল নহওক কিয় : “While I was fishing in the dull canal/ On a winter evening round behind the gashouse/ Musing upon the king my brother’s wreck/ And on the king my father’s death before him…” (The Waste Land) “ফিশাৰ কিং” কেনেকুৱা ৰজা? তেওঁৰ কি হৈছে?

তেওঁ ৰোগী নে আঘাত-প্রাপ্ত নে নপুংসক নে অন্য ধৰণে অক্ষম?  তেওঁৰ অক্ষমতা বা ৰোগ বা আঘাতৰ সৈতে তেওঁৰ দেশৰ মাটিৰ অর্নুব্বৰতা, শুষ্কতাৰ বাবে, প্রজাৰ বিলৈৰ বাবে তেওঁ কিদ’ৰে দায়ী?

সিহঁতৰ প্রশ্নৰ অন্ত নাই: “Twit twit twit/ Jug jug jug jug jug jug/ So rudely forc’d/ Tereu…” (The Waste Land) ৰজা টেৰেউছে যে ফিলোমেলাক ধর্ষণ কৰিলৈ তাইৰ জিভা কাটি দিছিল, আৰু ফিলোমেলাই পিছত চৰাইৰ ৰূপ পাইছিল, সেই কাহিনীৰ সৈতে “দি ৱেইস্ত লেন্দ”ৰ কি সম্বন্ধ?

ধর্ষিতা ফিলোমেলা আৰু আমাৰ নির্যাতিতা তেজীমলাৰ সাধুকথাত সাদৃশ্য আছে নেকি? ল’ৰা-ছোৱালীয়েতো যিকোনো প্রশ্ন কৰিব পাৰে। কেতিয়াবা সিহঁতে মূল পাঠৰ পৰা আঁতৰিগৈ অদ্ভূত অদ্ভূত প্রশ্নও কৰিব পাৰে। যেনে : টেৰেউছ্-ফিলোমেলাৰ কাহিনীৰ সৈতে আজিৰ ভাৰতবর্ষৰ কি সম্বন্ধ?

বা সততে মর্যদা-পুৰুষোত্তম ভগৱান শ্রীৰামচন্দ্রৰ নাম লোৱা, ৰাম-ৰাজ্যৰ পৱিত্রতা, শান্তি, সুখ, সমৃদ্ধি প্রতিষ্ঠা কৰাৰ পণ লোৱা নেতা সকলৰ শাসনৰ সৈতে কি সম্বন্ধ? প্রশ্ন যিকোনো কৰিব পাৰি, কিন্তু সকলো প্রশ্নৰ উত্তৰহে বিচাৰি পোৱা নাযায়।

ছাত্র-ছাত্রীহঁতে বৰ বেছিকৈ প্রশ্ন কৰিলে অৱশ্যে মই মোৰ “ব্রহ্মাস্ত্র” প্রয়োগ কৰিব পাৰোঁ : “চিলেবাচৰ বাহিৰৰ প্রশ্ন কৰি সময় নষ্ট নকৰিবা।”

আচলতে সিহঁতক দোষ দি লাভ নাই। মোৰো জানিবলৈ মন যায়—সেইবোৰ প্রশ্নৰ উত্তৰ, যিবোৰ আমাৰ দেশৰ মহান নেতাৰ “মনৰ কথা”ৰ চিলেবাচৰ বাহিৰৰ।

[Images from different sources]

[সঞ্জীৱ কুমাৰ নাথ, ইংৰাজী বিভাগ, গুৱাহাটী বিশ্ৱবিদ্যালয়। ই-মেইল: sanjeevnath21@gmail.com]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

RelatedPosts

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি

December 2, 2025
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

December 2, 2025
Zubeen Garg’s Death: An End to an Era

Zubeen Garg’s Death: An End to an Era

September 28, 2025

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি
History

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি

by Aashrawika Borah
December 2, 2025
0

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প' কাও ছ্যু-কা-ফাক বিচাৰি আশ্ৰৱিকা বৰা ' যি বাটেৰে এন্ধাৰ পৃথিৱীৰ টোপনি ভাঙে, ধৰাৰ...

Read moreDetails
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

December 2, 2025
Zubeen Garg’s Death: An End to an Era

Zubeen Garg’s Death: An End to an Era

September 28, 2025
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

September 25, 2025
‘দ্য লাষ্ট প’ষ্ট’

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

September 8, 2025
অসমৰ বুৰঞ্জী

আলাবৈ ৰণৰ সাক্ষী আতন বুঢ়াগোহাঁই

August 5, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d