বিকল্প
ৰ’দ ৰাগিনী
বতাহত আউজিব খুজি খোপনিহীনতাত ঢলি পৰা কোনোবা নিঃকিন ফাগুনৰ দৰেই হৈছিল সময়বোৰ । লাহে লাহে কোনোবা প্ৰান্তৰ পৰা তাৎচ্ছিল্যৰ আঙুলি একোটাই প্ৰশ্ন কৰিছিল, হাঁহিছিল , সেইখিনিৰ সাৰাংশ এটাই আছিল
-‘কোনে আউজে বতাহত ? কাৰ বাবে স্থিৰ শৰীৰ ৰাখে বতাহে । বতাহ কাৰোৰে নহয় । আয়াসতে উৰি ফুৰিব খোজা একোটা স্থিতিহীন অৱয়ব ।”
“নাই নাই, বতাহৰ অবয়ব নাথাকে । একোৱেই নাথাকে ।”
“একো নথকা ভাল কিজানি, মুকলি হ’ব পাৰি ।”
“ঘৰ এখন নাথাকে যে তেনে হ’লে !”
“ঘৰ এখন লাগেই বুলি কিহৰ যুক্তিযুক্ততা আছে । ঘৰক লৈয়েই ইমান যুঁজ, ইমান খোৱা কামোৰা, তাতকৈ ব’লা . . . . বতাহ হৈ যাওঁ !”
হৈ যাওঁ বুলিলেই, লাগে বুলিলেই ইচ্ছানুযায়ী সকলো হোৱা হ’লে কি আলাই আথানি হ’ল হেতেন জীৱনৰ ! বিচাৰিলেই পোৱা সকলোৱেইতো অৱহেলিত হয় । সুলভ হোৱা সহজ নহয় ।
সুলভ হোৱাতকৈও সুলভ হৈ বৰ্তি থকাৰ পৰিক্ৰমা জটিল । সুলভ মানেই যে সস্তীয়া নহয়, এই কথা নুবুজাকৈ সুলভক সস্তীয়া বুলি প্ৰতিপন্ন কৰাৰ প্ৰক্ৰিয়াটো কিন্তু সৰল ।
নতুন চহৰখনত প্ৰথম খোজ দিয়াৰ আচহুৱা যেন লগা কাৰবাৰটো যিমান জটিল, শেষত আত্মীয়তাৰ গোন্ধেৰে ৰমৰমাই থকা বাটবোৰক বিদায় দি তাৰৰপৰা উভতনিৰ খোজ লোৱাটো তাতোকৈ বেছি জটিল । এই কথা মোক এই চহৰে শিকোৱা নাই । পূৰ্বে এৰি অহা দুখন চহৰে শিকাইছে, চহৰ দুখনৰ বাটবোৰলৈ ৰৈ যোৱা মোহে শিকাইছে । সৰল বুলি আচলতে একো নাই, এই সময়ত, এই মানুহৰ মাজত ।
সেইবাবেই, সৰল কথা একোটাকো মানুহে জটিল কৰে । জটিলতাৰ মেৰপাকৰ প্ৰতি মানুহৰ তাহানিৰেই দুৰ্বলতা । মহাভাৰতৰ বেহুত আৱদ্ধ অভিমন্যুৰ দৰেই জটিল বেহু একোখনত আৱদ্ধ হৈ অথবা সৰল কথাবোৰকো আৱদ্ধ কৰি ৰাখিবলৈ বৰ বিশেষ কঠিন নহয় আজিকালি ।
সৰুৰেপৰাই দেখিছিলোঁ, ভূমি-জাতি আৰু পৰিচয়ৰ দুৰ্বোধ্যতা । বুজা নাছিলোঁ, সেইবাবেই সৰল যেন লাগিছিল তেতিয়া সকলোবোৰ । বতাহৰ দৰেই সৰল আৰু আয়াসিত, মানুহৰ সভ্যতাৰ বিকাশৰ পৰিণতিৰ এক স্বাভাৱিক অনুক্ৰম যেন লাগিছিল এই সকলোবোৰক ।
লাহে লাহে বুজিছিলো, এইবোৰ বিকাশৰ পৰিচয় নহয়, এইবোৰ বতাহৰ দৰে মুক্তও নহয় । মানুহৰ উত্তাল দাবীত চেপা খোৱা, অধিকাৰৰ প্ৰশ্নত খদমদমাই থকা একোটা বিৰাট অৱশেষ, ৰাজনীতিৰ-সমাজনীতিৰ । সকলো নীতিৰ মাজত এইবোৰ মানৱ নীতিৰ আওতালৈ নাহে । অন্যথা কথাবোৰ এনেকুৱা ন’হল হেতেন !
“পৰিচয়ৰ প্ৰয়োজন কি ? ” ইউনিভাৰ্চিটিৰ ভিতৰৰে ফুটপাঠত বহি মোক সপোনে সৰল প্ৰশ্ন এটা কৰিছিল ।
উত্তৰ জটিল আছিল, জটিল উত্তৰ বিচাৰি চাবলৈ সেই সময়ত মোৰ ইচ্ছা হোৱা নাছিল । সেয়ে সহজ উত্তৰ এটা দি থৈছিলো –
“স্বীকৃতিৰ বাবে ।”
সপোনে কিছুপৰ মোৰফালে তভক মাৰি চাই আছিল । লাহে লাহে কৈছিল – “আশাকৰোঁ, তুমি তোমাৰ চিন্তাৰ গৈ থকা বাটটোক থমকাই নিদিবা । যিদিনাই চিন্তা কৰিবলৈ এৰি দিবা, জীৱনটো তেনেই নিৰস হৈ পৰিব । তোমাৰ দৰে, মোৰ দৰে মানুহ তেনে এটা জীৱনত জীয়াই থাকিব নোৱাৰোঁ ।”
মই মনে মনে আছিলোঁ । চিন্তাৰ বাট কি ! বাটৰ শেষত ৰৈ থকা এজাক দ্বন্দ্ব ! বহুসময়ত চিন্তাক্ষম, বুজনক্ষম হোৱাটো অভিশাপ যেন লাগে । এই কথাটোকেই সিদিনা শুনিলোঁ । কিছুদিনৰ আগতে শিক্ষক হিচাপে পোৱা ভীষণ আকৰ্ষণীয় ব্যক্তিত্বৰ , ক্ৰমে প্ৰিয় “শিক্ষক” হৈ পৰা মানুহজনে দুদিন শ্ৰেণী কোঠাত এই একেটা কথাকেই কৈছিল –
“শিশু হৈ থকা ভাল । বুজনক্ষম হোৱাৰ লগে লগে যন্ত্ৰণা বাঢ়ে, কষ্ট বাঢ়ে । জ্ঞান বঢ়াৰ সমান্তৰালভাৱে দ্বিধা, কষ্ট বাঢ়ি যায় । “
একো কোৱা নাছিলোঁ । শ্ৰেণীকোঠাৰ সীমাবদ্ধতা মনত ৰাখি মৌন হৈ শুনি আছিলোঁ, ক’বলৈ মন গৈছিল -“বছৰ আগতে মনলৈ আহি থকা কথাকেই যে কৈছে তেওঁ । কোৱা হোৱা নাছিল ।”
কিছুমান মানুহ সাঁথৰৰ দৰে । বহেমিয়ান আৰু খেয়ালি সাঁথৰ একোটা যেন লাগে তেওঁলোকক, ছাৰ ঠিক তেনেকুৱাই আছিল । তেনেকুৱাই আছিল সপোনো । সপোনে বিচৰা নাছিল, ব্যৱস্থা আৰু পৰিস্থিতিৰ দোমোজাত নিজক পাহৰি মৌন স্থিতি লৈ থকাটো, সি বিচৰা নাছিল, চিন্তাৰ গতিক গতানুগতিকতাৰ কফিনত আৱদ্ধ কৰি ৰখাটো, সেইবাবেই মোক সকীয়নি দি আছিল, চিন্তাৰ বাটটোক থমকাই নিদিবা !
বোধহয় থমকাই দিয়া নাছিলোঁ । সেইবাবেই কিছুমান কথাই স্পৰ্শ কৰিছিল বুকুত । কিছুমান কথাই শোক খহাইছিল বুকুলৈ । মানুহৰ পৃথিৱীত ক্ৰমে মানুহৰ অভাৱ হোৱা দেখি দেখি কষ্ট পাইছিলোঁ, সপোনক কৈছিলোঁ –
“কথাবোৰ ভাবিলে কষ্ট হয় ।”
সি হাঁহি এটা মাৰি কৈছিল -“তুমি ভবাৰ কষ্টখিনিকেই সহিব পৰা নাই ! ভুক্তভুগীৰ কষ্ট কেনেকৈ বুজিবা !”
মই বুজিছিলো, সপোনৰ মাজত ক্ষোভৰ পাহাৰ এটা আছিল । সি চিঞৰি চিঞৰি ক’ব খুজিছিল চকুৰ আগতে এটা এটাকৈ হৈ থকা অন্যায়ৰ বিৰুদ্ধে । খাতিখোৱা মানুহৰ প্ৰতি বৰমুৰীয়াৰ ব্যৱহাৰ দেখি, ব্যৱস্থাৰ কেৰোণ দেখি সি প্ৰায়েই উত্তেজিত হৈছিল । মাজে মাজে মোৰ আগত কৈছিল –
“হাবিলৈ গুছি যাম কেতিয়াবা !”
মই শংকিত হৈছিলোঁ । তাক কৈছিলো , হাবিলৈ যোৱাত যে সমিধান নাই এতিয়া । সকলো দাবীক যুক্তিযুক্ত কৰি তোলাৰ শুদ্ধ বাট একোটা হাবিমুখী নহয় । ভাৰতবৰ্ষৰ পৰা অসমৰ বিচ্ছিন্নতা বিচাৰি আৰম্ভ হোৱা হাবিমুখী সংগ্ৰাম এখনৰ কৰুণ পৰিণতি সকলোৱে দেখিছে । বিচ্ছিন্নতাৰ দীঘলীয়া জৰী এডাল সৃষ্টি হোৱা যেন লগা হৈছে, কোনখিনিত শেষ হ’ব ! যেতিয়া বিচ্ছিন্ন হোৱাৰ তিলমানো সুৰুঙা নাথাকিব, তেতিয়া অন্ত পৰিবনে এই বিচ্ছিন্নতামুখী দাবীবোৰৰ ?
মোৰ প্ৰশ্নত সপোন অসন্তুষ্ট হৈছিল । সি কৈছিল -“বিচ্ছিন্নতাৰ আঁৰৰ কাৰণবোৰ এবাৰ বিচাৰ কৰি নোচোৱা কিয় ? বিচ্ছিন্নতাৰ দাবীদাৰ সকলোৰে ওচৰত নিজা যুক্তি থাকে, প্ৰশ্ন থাকে, হাঁহাকাৰ থাকে । কথাবোৰ ইমান সহজ নহয় !”
জানো, ইমান সহজ নহয় কথাবোৰ । তাৰ মাজতো মই কষ্টত কোঙা হও, নভবালৈকে একো নহয়, ভাবিলেই হয় । বৰ অসম গৈ সাতভনী হৈছিল । সাতভনীৰ এটুকুৰা অংশীদাৰ হৈ ৰৈ গৈছিল অসম । এতিয়া, অসম ৰ’বগৈনে ?
“এই কথাটো কিয় নাভাবা তুমি ?” সপোনক প্ৰশ্ন কৰিছিলোঁ মই । সি মোৰফালে চাই কৈছিল –
“এই সুবিধাবাদী সময়ত তোমাৰ দৰে আৱেগিক হৈ কথাবোৰ কোনেও নাভাবে ।”
“মানে ?” মই ঠিক বুজিও কথাটো নুবুজাকৈ ৰৈ যাওঁ ।
“অসমীয়া হৈ থাকিলে একো সুবিধা পোৱা নাযায় । পৃথকীকৰণে স্বীকৃতি দিব, সুবিধা দিব !”
সপোনৰ উত্তৰে মোক আহত কৰিছিল । স্বগতোক্তি কৰাৰ দৰে মই কৈছিলা –
“কিয়নো অসমীয়া হৈ থাকিব নোৱাৰে ?”
“কিয়নো, সেই আৱেগ লৈ জীয়াই থাকিব নিবিচাৰে কোনেও । আৱেগে সেইখিনি দিব নোৱাৰে, যিখিনি পৃথকীকৰণৰ পৰিচয়ে দিব । আৰু কিছুমান কথা থাকে, কোনোবাখিনিত তেওঁলোকৰ দাবীৰ যুক্তিযুক্ততাও আছে । “
“কেনেকুৱা ?” সপোনক প্ৰশ্ন কৰিছিলোঁ মই । কিছুপৰ থমকি সি উত্তৰ দিছিল
-” কথাবোৰ কেৱল আবেগিক আৰু লাভালাভৰ অংকৰো নহয় । বহুসময়ত এই কথাবোৰ ৰাজনৈতিক অধিকাৰ প্ৰাপ্তি আৰু স্বাভিমান ৰক্ষণৰ সংগ্ৰাম হৈ পৰে । যি ৰাজনৈতিক অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত, ৰজাঘৰীয়াৰ পৰা পদে পদে প্ৰতাৰিত হৈ, বৰ্ণহিন্দুৰ পৰা পোৱা অৱহেলা, দমনে ক্ৰমাৎ বিদ্ৰোহী কৰি তুলিছে তেওঁলোকক ।” কিছু সময় থমকি ৰৈ সি আকৌ কৈছিল
-“কথাবোৰ ওপৰোৱাকৈ দেখি থকাতকৈ বহুত বেলেগ । যেতিয়া একত্ৰীকৰণে মৰ্যাদা নিদিয়ে, তেতিয়া পৃথক স্বকীয় পৰিচয়ক লৈয়েই সৰ্বস্ব আহৰণ কৰিব বিচাৰে ।”
“ফলাফল সেয়াই হয় সপোন, পৃথক হৈ ৰোৱা মনবোৰ, ভাগি চিগি যোৱা অসমীয়া নামৰ পৰিচয়টো ।” মই আকৌ এবাৰ তাক প্ৰশ্ন কৰিছিলোঁ –
” তাৰ সমাধান কি কেৱল বিচ্ছিন্নতামুখী চেতনা ?”
মই সপোনৰ কথাত যে অসন্তুষ্ট হৈ সুধিছিলো, সি বুজিছিল ! একো কোৱা নাছিল, মৌন পলক কেইটামান বাগৰি গৈ আছিল । তাৰ পাছত সি নিজেই কৈছিল, মই এতিয়া থিতাপি লোৱা চহৰখনৰ সৈতে জড়িত হৈ থকা ইতিহাসৰ জীয়া এপৃষ্ঠাৰ বিষয়ে । কৈছিল ১৯৪৯ চনৰ মাৰ্জাৰ এগ্ৰিমেন্টৰ কথা, সংযোগৰ এক চুক্তি আছিল সেয়া ! চুক্তিৰ ফলাফল ৰূপায়িত হোৱা নাছিল । প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল তেওঁলোক, সংযোজিত হৈছিল পৃথকীকৰণৰ দাবী, পৃথক কমতাপুৰ !
সপোনে কৈ গ’ল বি.টি.আৰ গঠনৰ কথা, উপেন ব্ৰহ্মৰ গণতান্ত্ৰিক আন্দোলন আৰু শ্বহীদ হোৱা প্ৰায় ১১৩৫ বড়ো ভাইৰ কথা . . . . . . . মই মৌন হৈ শুনি আছিলোঁ ।
তেওঁলোকৰ দাবী আৰু অধিকাৰৰ প্ৰতি সন্মান জীয়াই ৰাখিও মই সমাগত সময়ৰ প্ৰতি কিছু শংকিত হৈছিলোঁ, এই পৃথকীকৰণৰ জোৱাৰত নতুন এক দাবীৰ উকমুকনি হৈছে । উজনি অসমক পৃথকীকৰণৰ দাবীৰ পোষকতা কৰা হৈছে । এয়া অসম্ভৱ যেন লগা কথা, অথচ বিচ্ছিন্নতামুখীৰ যেন এজাক সজোৰ বতাহে কঁপাই গৈছে অসম । এই সকলোবোৰৰ মাজত অসম ক’ত থাকিব ! সপোনক প্ৰশ্ন কৰিছিলোঁ মই, সি বুজিছিল যে মই আকোৰগোজ হৈ ৰৈছো ।
যিখন ইউনিভাৰ্চিটিৰ পদপথৰ ফুটপাঠত বহি আমি এইখিনি কথা পাতি আছিলোঁ, ঠিক তাৰপৰা দেখি থকা দূৰত্বত সেই মূহুৰ্তত কোনোবা এটা বিশেষ জনগোষ্ঠীৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ আছিল । “বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী” পৰিচয়টোৰে সন্তুষ্ট নোহোৱাকৈ তেওঁলোকে গঢ়ি তুলিছিল পৃথক পৃথক কমিউনিটি গ্ৰুপ, পৃথককৈ অনুষ্ঠিত কৰিছিল ফ্ৰেছাৰ্ছ, ফেয়াৰৱেল ! “নিজৰ নিজৰ জাতিৰ ল’ৰা ছোৱালী” খিনিক একত্ৰিত কৰি ৰাখিব বিচৰা হৈছিল !
কি প্ৰয়োজন এই একত্ৰীকৰণৰ ! সপোনৰ সমুখত আপত্তি দৰ্শাইছিলো মই । সি লাহেকৈ কৈছিল – “কথাবোৰ ইমান সহজ নহয় । এই কথাবোৰৰ পৰিৱৰ্তন হ’বলৈ সময় লাগিব ।”
মোৰফালে চাই আকৌ কৈছিল – “কেইদিনমান দিনৰ মূৰে মূৰে অনুষ্ঠিত হৈ থকা পৃথক কমিউনিটিৰ অনুষ্ঠানৰ এই সময়ৰ মাজত, তুমি মই দুটা পৃথক কমিউনিটিৰ মানুহ হৈয়ো একেলগে বহি, নিজা কমিউনিটিৰ এই অনুষ্ঠান বোৰলৈ নগৈ এইযে কথাবোৰ অকনমান বেলেগকৈ ভাবিছোঁ, পৰৱৰ্তন কোনোবাখিনিত ইয়াৰপৰাই আৰম্ভ হ’ব । নিজৰ পৰাই !”
সপোনৰ সৈতে বহুদিন কথা হোৱা নাই মোৰ । ইউনিভাৰ্চিটি এৰি অহাৰ পাছত সি তাৰ কৰ্মক্ষেত্ৰত ব্যস্ত, ময়ো নতুনকৈ আৰম্ভ হোৱা শৈক্ষিক যাত্ৰাটোত । কথা ন’হলেও কিছুমান কথা ভগাই ল’বলৈ কিছুমান বিশেষ মানুহৰ কথাই মনলৈ আহে । চৌপাশৰ অজস্ৰ ভিৰৰ মাজতো দূৰত থকা মানুহৰ মুখবোৰে আমাক বিশেষ মূহুৰ্ত কিছুমানত টুকুৰিয়াই যায়, বোধহয়, সেইখিনিতেই আত্মীয়তা জিকি যায় !
জাতিৰ আত্মীয়তা কেতিয়া জিকিব !
চৌপাশৰ পৃথক ৰাজ্যৰ দাবীত গৰম হৈ থকা পৰিৱেশৰ মাজত মই কাতৰ হৈ এটা নিৰ্দিষ্ট বিন্দুলৈ চাওঁ । ক্ৰমে সংকুচিত হৈ অহা বিন্দুটোক দেখি কষ্ট পাওঁ । দেখোঁ, পৃথকীকৰণৰ দাবীবোৰ শেষ নহয়, একক পৰিচয়ৰ মৰ্যাদা ক্ৰমে টুটি আহে ।
আহোম ৰাজ্য লাগে ! পৃথক “লেণ্ড” লাগে ! পাহৰি গৈছে নেকি সময়ে, তাহানিতে পাটকাই পৰ্বতৰ সিপাৰ এৰি অসমৰ ভূমিত সাতৰাজ মাৰি একৰাজ কৰা চ্যুকাফাক ! পৃথকীকৰণৰ এই বিক্ষিপ্ত চেতনাই কিয় গ্ৰাস কৰিছে মানুহক !
বৈপৰীত্যৰ ছাঁয়া ছবি বোৰে মোক ৰাতিও আমনি কৰে । পৃথিৱী এৰি আন গ্ৰহৰ।বাসিন্দা হোৱাৰ জোখাৰে পৰিপক্ক হৈছে এই সভ্যতা । অথচ মোৰ অসমৰেই এটা প্ৰান্তত বিহুদলৰ অংশীদাৰ হোৱাৰ বাবে এঘৰীয়া কৰা হৈছে এজন মুছলমান যুৱকক ! ব্ৰাহ্মণ সম্প্ৰদায়ৰ বাহিৰৰ যুৱতী এগৰাকীক বিয়া পতাৰ বাবেই পিতৃৰ সৎকাৰৰ পৰা বঞ্চিত হৈছে যুৱক ।
আঃ ! কি প্ৰয়োজন এই পৰিচয়ৰ । কি প্ৰয়োজন ! লাহে লাহে মই বুজিছো সপোনে তাহানিতেই কৰা প্ৰশ্নৰ আঁৰৰ কথাবোৰ ,
“পৰিচয়ৰ প্ৰয়োজন কি ?”
প্ৰশ্নটোৱে মোক আজিকালি প্ৰায়েই দংশি থাকে, সমাজখনক চিঞৰি চিঞৰি সুধিবলৈ মনযায় , কি প্ৰয়োজন এই পৰিচয়বোৰৰ ? কি প্ৰয়োজন উপাধিৰ, জাতৰ !
ভূমিৰ ভাগ বতৰোৱাৰ যো-জা চলিছে । এই সময়ে যেন কটুক্তি কৰি কৈছে – “অসম অসমানেই ! পৃথকমুখী !”
মোক কথাবোৰে কিয় যন্ত্ৰনাৰে পিহিছে, মই নাজানোঁ । মই যে কেৱল অসমীয়া হৈ থাকিব খোজোঁ । মানুহ হৈ থাকিব খোজোঁ । কোনে বুজিব এই কথা, কোনে বুজিব এই হাঁহাকাৰ ! মোৰ সপোনলৈ মনত পৰিছে, কথা পাতিবলৈ মন গৈছে ! হোৱা নাই, ব্যস্ততাৰ দোহাই দি কথাবোৰ আজিকালি শুকাই গৈছে । কথা নাপাতে মানুহে, কথা নুশুনে । মাথোঁ কৈ যায়, সকলোৱে বিচাৰে তেওঁ ক’ব আৰু সকলোৱে শুনিব ।
দাবীবোৰ এনেকৈয়ে উচ্চাৰিত হয় ! এদিন চিঞৰ হয়, উত্তেজনা হয় । ঘৰ জ্বলে, মন জ্বলে, মানুহেই মানুহলৈ থুৱাই দিয়ে । ইন্ধন হৈ থাকে জাত আৰু ধৰ্ম নামৰ একোটা বৃহৎ অপিয়াম ।
নতুন চহৰখনলৈ অহাৰ পাছত বিক্ষিপ্ত চিন্তাবোৰে মোক বেছিকৈ জুমুৰি মাৰিবলৈ লৈছে । ইয়াত মোৰ কোনো পূৰ্ব পৰিচিতি নাই । নতুন মুখবোৰ চিনাকি হৈছে যদিও তাক পৰিচিতৰ তালিকালৈ এতিয়াও অনা হোৱা নাই । মোৰ নিজৰ সৈতে কথাবোৰ বাঢ়ি গৈছে, কথাবোৰ পাতোতে পাতোতে চিন্তাৰ জূমুৰিবোৰ বাঢ়িছে ।
নিতৌ অহা যোৱা কৰা পথটোৰে আজি ওলাই গৈ মই দেখিলোঁ, এটা পষ্টত গৰু এটাই হেলান দি কাণখন ঘঁহাই আছে, খজুৱাইছে ! এই মূহুৰ্তত খুটাটো তাৰ বাবে ডাঙৰ অৱলম্বন । এই যে মানুহবোৰ, মানুহবোৰৰ বাবে সংযোজিত হৈ থকাটো কিয় শ্ৰেষ্ঠ অৱলম্বন নহয় ! কিয় হ’ব নোৱাৰে !
মোৰ খোজ ক্ৰমাৎ খৰ হৈছে, দেৰি হৈছে আজি । তাতে বৰষুণজাকো হুৰমূৰাই আহিল । এহাতে চাতিটো চম্ভালি মই দোপাট্টাখনৰ আগ অংশ আগফালে আনিছো, তিতিবলৈ দিব নোৱাৰি । আজি প্ৰথম ক্লাছটো নাপামগৈ নেকি !
প্ৰিয় শিক্ষক গৰাকীৰ ক্লাছ, মিছ কৰিবলৈ মন নাই মোৰ । ৱেষ্টাৰ্ণ ক্ৰিটিছিজিমৰ ক্লাছত তেওঁ প্ৰায়েই কয় -“কথাবোৰ মই অকনমান খেলিমেলিকৈ বুজাও । এই কথাবোৰ আচলতে খেলিমেলিয়েই ।”
খেলিমেলি কথাৰেই মন্ত্ৰমুগ্ধ কৰি ৰখা ক্লাছটো এৰিবলৈ মন নাই । নতুন চহৰখনত এইপৰ্যন্ত তেওঁ মোৰ প্ৰিয় ব্যক্তিত্ব হৈ পৰিছে তেওঁ । লাহে লাহে ইয়াত ভাললগা হৈছে । ইয়াৰ স্থায়ী আৰু সংখ্যাগৰিষ্ঠ জনগোষ্ঠীৰ মানুহখিনিৰ সৰল মাত আৰু অভজা কথাবোৰ মোৰ ভাল লাগিবলৈ লৈছে । খোজৰ সমান্তৰালভাৱে মই হাতৰ ঘড়ীলৈ চালোঁ, ইস ! মোৰ ইউনিভাৰ্চিটিৰ বাছখন গুছি গৈছে ইতিমধ্যে ।
খৰকৈ খোজ দি চহৰখনৰ মাজমজিয়াত থকা ট্ৰেফিক পইন্টোলৈ চাই মই থমকি ৰ’লো । সমুখৰ দৃশ্যপটটোৱে মোৰ যেন খোজক থমকাই ৰাখিলে । ছাতিটো যেন খহি পৰিব মোৰ হাতৰপৰা ! সজোৰে খামুচি মই অকনমান আগবাঢ়ি গৈ চালোঁ, ট্ৰেফিক পইন্টৰ ট্ৰেফিক ঘৰটোৰ ৱালত লিখি থোৱা অসমীয়া শব্দকেইটাত ক’লা ৰং পৰিছে । এই ঠাইৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠীটোৰ কোনোবা এটা সংগঠনৰ দুজনমান ডেকাই সজোৰে ক’লা ৰঙৰ ব্ৰাছডাল ঘঁহাই দিছে তাত । অসমীয়া আখৰত ক’লা দাগ ! অসমতেই !
মানসপটলৈ তড়িৎ গতিত নামি আহিছে অসমৰ ইতিহাসৰ চোঁঘৰত ৰঙচুৱা হৈ পৰি ৰোৱা এছোৱা সময়, Devide Assam 50:50 !! শ্ল’গান আছিল সেয়া ! নে সমাগত সময়ৰ প্ৰতি ভগ্নাংশৰ অৱশেষৰ সংকেত আছিল ! সংকেত সঁচা প্ৰতিপন্ন হৈছিল । অধিকাৰৰ যুঁজ, অৱহেলাৰ প্ৰতি প্ৰত্যুত্তৰৰ যুঁজ !
যি ভূমিয়ে এজাক মানুহক লাদন কৰিছিল, যি ভূমিৰ পুত্ৰ হিচাপে তেওঁলোক পৰিচিত হৈছিল, সেই ভূমিতেই উপেক্ষা আৰু অৱহেলাৰ চূড়ান্ত পৰ্যায়ে তেওঁলোকক হেঁচা মাৰি ধৰিছিল, শোষিত হৈছিল নিজৰেই ভূমিত । পৰিণতিত আৰম্ভ হোৱা স্বাভিমান আৰু অধিকাৰ ৰক্ষাৰ যুঁজখনত শ্ল’গান জিকিছিল, Devide Assam 50:50 ৰ মৰ্মাৰ্থ সঁচা হৈছিল ।
ভগ্নাংশ বাঢ়িছিল, সমান্তৰালভাৱে স্পষ্ট হৈছিল মাটিৰ সৈতে অহৰ্নিশে নিজক সংযোজিত কৰি ৰখা ভূমিপুত্ৰৰ অসন্তুষ্টিৰ জীয়া কাৰণবোৰ, ক্ষোভ আৰু হতাশাৰ কোঙা কথাবোৰ । মূলসুঁতিৰ সকলে অথবা নেতৃত্বই কাণসাৰ নকৰা দাবী আৰু হাঁহাকাৰ লৈ লাহে লাহে ভগ্নাংশবোৰৰ পৰিসৰ বাঢ়ি গৈছিল । একত্ৰিত হৈ থকাৰ আকাৰ কেনে, সেয়া এতিয়া মই নাজানোঁ !
ভুল শুদ্ধৰ মেৰপাকত আৱদ্ধ হৈ জঁটত জী থকাৰ হাবিয়াস নাই । পক্ষপাতিতাৰ দীৰ্ঘদিনীয়া যুঁজখনৰ অংশীদাৰ হোৱাৰ ইচ্ছাও নাই । কি আছে সঠিককৈ ময়ো নাজানোঁ । একত্ৰিত হৈ থকা মানুহবোৰে এদিন ভগ্নাংশ এৰি নিজাকৈ আকাৰ এটা দিব সময় আৰু আত্মীয়তাক, স্বাভিমান আৰু স্বকীয়তাক !
আশা, তাতকৈ বেছি কৰিব পাৰিমেই বা কি ! আশাৰ দীঘলীয়া বাট এটা গৈ থাকে সমুখলৈ । অথচ বিচ্ছিন্ন বাট এটাই বিপৰীত পথ লৈ অধিক দীঘলীয়া ৰূপ লয় । জটিল সমীকৰণ বোৰ মানুহৰ মুখত আখৈ ফুটাদি ফুটে । সৰল কথাবোৰ নিজা ধৰণেৰে জটিল কৰি ক’ৰবাত এৰি আহে ।
এই মূহুৰ্তত, সৰল আৰু হাঁহিমুখীয়া নতুন ঠাইৰ নতুন মানুহখিনিৰ মাজত মন্ত্ৰমুগ্ধ হৈ থকা মোক যেন এই ক’লা দাগখিনিয়ে আঘাত কৰিছে ! মই স্থানু হৈছোঁ ক্ৰমাৎ, যেন কোনোবাই মোৰ মুখতেই আঁকবাক কৰিছে ক’লা ৰং !
সামাজিক মাধ্যমত এইকেইদিন পৃথকীকৰণৰ দাবীৰ জোৱাৰ উঠিছে । কেইবাটাও জনগোষ্ঠীয়ে পৃথকীকৰণৰ বিচাৰিছে । মোৰ চকুৰ সমুখত ভাষাত ক’লা পৰিছে । মই একো ক’ব পৰা নাই, ভাবিব পৰা নাই । উপলব্ধি হৈছে, প্ৰিয় শিক্ষক জনে কোৱা কথাষাৰ, যে বহুসময়ত ভাবিব নোৱাৰাটো ভাল ! চকুহালত অদ্ভুত জ্বলন এটা অনুভৱ কৰিলোঁ, কান্দিবলৈ মন গ’লে, অথচ কান্দিব নোৱাৰিলে মোৰ এনে হয় ।
হঠাৎ মোৰ এনে লাগিল, অবাঞ্চিত অথচ স্বতঃস্ফূৰ্ত অনুভৱ এটাই বুকুত খুন্দা মাৰিলে, কিছুপৰ আগতে দেখি অহা গৰুটো যেন সজোৰে দৌৰিছে, খুটাটো যেন খহি পৰিছে !
মোৰ মনটো অকনমান অস্থিৰ হৈছে, সপোনৰ সৈতে বহুদিন কথা পতা হোৱা নাই, তাক ক’বলৈ মন গৈছে -“ব’লা, আমি বতাহ হৈ যাওঁ । আমাৰ কোনো ঘৰ নাথাকক, পৰিচয় নাথাকক !”
সি যদি সোধে কিয় বুলি, ক’ম নেকি ! পৰিচয়ৰ বাবেই, ঘৰৰ বাবেই যে অত জঞ্জাল, ভাষা মৰে, জাত-ধৰ্মৰ আওতাত মানুহ মৰে ! তাতকৈ বতাহ হৈ থাকো ব’লা ।
ৰ’দ ৰাগিনী, দূৰভাষ – ৭০০২২৩০১৯৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.