• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

বিকাশৰ দামামা

by Editor
April 20, 2024
in Politics, National, Opinion
Reading Time: 3 mins read
0
বিকাশৰ দামামা
Share on FacebookShare on TwitterShare on LinkedIn

বিকাশৰ দামামা

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

বিকাশৰ দামামা বাজিছে চাৰিওফালে। বিকাশ-পুৰুষ সবে বিকাশ কৰিছে। দিনে ৰাতিয়ে বিকাশৰ কামত ব্যস্ত তেওঁলোক। তাৰ মাজতে আকৌ সময় উলিয়াই দুই অক্টোবৰ বা তেনে কোনো ভাল দিনত হাতত ঝাড়ু লৈ সহকাৰীসকলে সযতনে গোটাই দিয়া এখিলা দুখিলা সৰা পাতো সাৰিছে।

টেলিভিজনৰ স্ক্রীনত জিলিকিছে নতুন নতুন ঝাড়ু, আৰু কেমেৰাৰ দৃষ্টিৰ সমুখত জিলিকিছে সেই ঝাড়ু চলোৱা মহা প্রতাপী বিকাশ পুৰুষ। পৰিশ্রম কৰি ঘাম উলিয়াই সেই ঘাম মুখত ঘঁহি কেতিয়াবা নিজৰ মুখ নিজেই জিলিকাইছে। কেনে সত্যপ্রতিজ্ঞ আমাৰ বিকাশ পুৰুষ সকল!

বিকাশৰ দামামা

বিকাশৰ দামামা বাজিছে চাৰিওফালে। বিকাশ হৈছে চহৰৰ মাজৰ বৰ বৰ দলঙেৰে—দলঙৰ প্রয়োজন থকা ঠাইৰ দলঙেৰে, আৰু দলঙৰ প্রয়োজন নথকা ঠাইৰ দলঙেৰে। কেতিয়াবা বহুত ধন খৰছ কৰি সাজি উলিওৱা পকী ৰাস্তা ভাঙি তাত ডাঙৰ দীঘল দলং সজা হৈছে।

বিকাশৰ নামত দৌৰিছে বিকট চাইৰেণ বজোৱা গাড়ী, বিকাশ পুৰুষৰ গাড়ীৰ পিছে পিছে দৌৰিছে পুলিচৰ গাড়ী। কেতিয়াবা বিকাশশীল চৰকাৰৰ চৰকাৰী বিষয়াৰ পুত্রসৱে চাইৰেণ গেং গঢ়িছে, আনন্দতে চাইৰেণ বজাই মানুহ মহটিয়াইছে। বিকাশ পুৰুষৰ আগমনত চহৰ কঁপিছে চাইৰেণৰ মাতত; বাঁহৰ বন্দীশালত সোমাই নাগৰিকে জনাইছে উষ্ম আদৰণি।

বিকাশৰ দামামা বাজিছে চাৰিওফালে। বাছে বাছে মানুহ আহি ভিৰ কৰিছেহি বিৰাট বিৰাট সভাত। মানুহ অনা গাড়ীৰ চালকে কেতিয়াবা পাবলগীয়া ভাৰাৰ পইছা নাই পোৱা বুলি এনেই হুলস্থুল কৰিছে। বিকাশ পুৰুষ সকলে আকাশী জাহাজত, হেলিকপ্তাৰত, গাড়ীত উঠি আহি উদ্দাত্ত ভাষণ দিছে বিকাশৰ বর্ণনাৰে।

বিকাশ পুৰুষৰ শ্রোতাসকলৰ কর্ণপথেৰে প্রবেশ কৰিছে বিকাশৰ খতিয়ান আৰু প্রতিশ্রুতিৰ জোৱাৰ, আৰু তেওঁলোকৰ হৃদয়ত উঠিছে আনন্দৰ লহৰী। ৰাইজে হাত চাপৰি বজাইছে, বাইদেউসকলৰ মুখত হাঁহি বিৰিঙিছে। কোনোৱে কৈছে মূল বিকাশ পুৰুষ জন স্বয়ং ঈশ্বৰৰ অৱতাৰ। কোনোৱে তেওঁৰ পূজা কৰিছে, তেওঁৰ মূর্ত্তি সাজিছে, মন্দিৰ সাজিছে।

বিকাশৰ দামামা

বিকাশৰৰ দামামা বাজিছে দেশত। কোনে কয় বিকাশ হোৱা নাই? এছিয়াৰ ধন কুবেৰৰ দেশ আমাৰ দেশ। বিশ্বৰ আটাইতকৈ ধনী মানুহৰ কেবাজনো ভাৰতীয় নহয় জানো? আমাৰ বেঙ্কে এনে অতি ধনী ব্যৱসায়ীক ধন দিয়াত কৃপণালি নকৰে।

আমাৰ ব্যৱসায়ীসকলে দৰিদ্রজনৰ হিতৰ বাবে বৰ বিশেষ নকৰিলেও ৰাজনৈতিক দল দমূহক, বিশেষকৈ ক্ষমতা থকা দলক ধন দিবলৈ কুণ্ঠাবোধ কৰে জানো? (“I tell you, that to every one who has will more be given; but from him who has not, even what he has will be taken away” Luke 19: 26) ইমান ধনৰ লেন-দেন এনেই হয়নে—কাৰো কোনো বিকাশ নোহোৱাকৈ?

বিকাশৰ দামামা

বিকাশৰ দামামা বাজিছে চাৰিওফালে। বিদেশী সংস্থাই ক’লেই হ’ল নেকি আমাৰ চহৰ বিশ্বৰ দ্বিতীয় সর্বাধিক প্রদূষিত চহৰ? কোনে কি কয় কওক। আমি উঠিছো বিকাশ-বাঘৰ পিঠিত। এতিয়া নমাৰ প্রশ্ন নুঠে।

আমাৰ চহৰৰ নদীয়ে কঢ়িয়াইছে বর্ধিত বিকাশৰ বিভিন্ন চিন : পলিথিনৰ দ’ম, মাছ কঢ়িওৱা বাকচৰ টুকুৰা (যদিও নদীত মাছ নাই), ক’লা, গেলা “পানী”, দুর্গন্ধ যুক্ত ৰাসায়নিক পদার্থ, প্লাষ্টিকৰ ভঙা টুকুৰা, পেলনীয়া জোতা, চেণ্ডেল, কাপোৰ, প্লাষ্টিক বস্তাৰ টুকুৰা, বিষ্ঠা, মূত্র আদি। আমাৰ বিলৰ পৰা ওলাইছে দুর্গন্ধ; মাছতো নায়েই, ভেকুলীও মৰিছে।

বিল পুতি আমি  কি সজা নাই : ইটা ভাটা, ৰেল লাইন, ফেক্টৰী, ঘৰ, হোটেল….। আমাৰ চহৰৰ বাটৰ কাষৰ নলাক আমি ব্যৱহাৰ কৰিছোঁ জাবৰ পেলোৱা ঠাই হিচাপে। আমাৰ ঘৰৰ ভিতৰত আবর্জনা নাথাকে।

সকলো আবর্জনা—পেলনীয়া পলিথিন, প্লাষ্টিক আৰু অন্য বস্তু আমি নলাত পেলাওঁ, নদীত পেলাওঁ, বিলত পেলাওঁ। বাটত, ফুট-ব্রিজত থু, খেকাৰ পেলাবলৈ আমি কি সংকোচ কৰিম? আমিতো অফিচ-কাছাৰী-বেঙ্ক আদিৰ চোতাল, খটখটী, কৰিডৰ আদিতে থু, খেকাৰ, পিক পেলাবলৈ ভয় নকৰোঁ। আমিযে বিকশিত দেশৰ নাগৰিক।

bharalu 2
পেলনীয়া পলিথিন, প্লাষ্টিক আৰু অন্য বস্তু আমি নলাত পেলাওঁ, নদীত পেলাওঁ…

বিদেশী সংস্থা এটাই কিবা কিবি এসোপা ক’লেই হ’ল নে? আমি কি নিয়ন্ত্রণ কৰিব নাজানো নেকি : প্রদূষণ নিয়ন্ত্রণ, বানপানী নিয়ন্ত্রণ, ভিন্ন দলৰ নেতা সবে ইজনে সিজনৰ কথা কওঁতে কৰিবলগীয়া বাক-নিয়ন্ত্রণ?

কিন্তু এটা কথা। আমি অসমীয়া, আমি বিশ্ব ৰেকর্ড কৰি ভাল পোৱা মানুহ। আমি দুই নম্বৰত কিয় থাকিম? বিশ্বৰ সর্বাধিক প্রদূষিত চহৰৰ তালিকাত আমি দুই নম্বৰত কিয় থাকিম? আমাৰ আপোচহীন বিকাশৰ গতিয়ে নিশ্চয় আমাক অতি সোনকালে এক নম্বৰ স্থান পাবলৈ সক্ষম কৰি তুলিব।

ভাৰতৰ ১০০ খন স্মার্ট চহৰৰ তালিকাত আকৌ আমাৰ স্থান ৯৭। আমি ৯৭ত সন্তুষ্ট নহয়। ১০০ নম্বৰ লাগে আমাক। আৰু অলপ বিকাশ কৰিলেই চাগৈ আমি ১০০ নম্বৰো পামগৈ।

Modi3

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

What Is a Life Well Spent? Lessons from Ancient Civilizations
Opinion

What Is a Life Well Spent? Lessons from Ancient Civilizations

by Kakali Das
August 11, 2026
0

What Is a Life Well Spent? Lessons from Ancient Civilizations KAKALI DAS For most of us, the idea of a...

Read moreDetails
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

July 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d