• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, December 10, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

বিকাশ বনাম বিনাশ : দুখন ছবি

অনিতা নাথ

by Anjan Sarma
June 13, 2023
in Environment, Climate Change, Nature
Reading Time: 5 mins read
0
বিকাশ বনাম বিনাশ : দুখন ছবি
Share on FacebookShare on TwitterShare on LinkedIn

বিকাশ বনাম বিনাশ : দুখন ছবি

অনিতা নাথ

বিকাশ বনাম বিনাশ

সিদিনা মনটো আছিল সেমেকা।

জীৱনৰ আধা বয়স পাৰ কৰিলো। শৰীৰটো এতিয়া জোৰা তাপলি মাৰি চলাবৰ দিন আহিল কিজানি। সৰু-সুৰা কিছু অসুবিধাৰ বাবে গুৱাহাটীত পৰীক্ষা নিৰীক্ষা কৰোৱাত কিছুমান বেমাৰ ধৰা পৰিল।

দেৰগাঁৱত আমাৰ পুৰণা ঘৰ। তাত এজন চিনাকি ডাক্তৰ আছে। ভাবিলো তেওঁৰ সৈতে এবাৰ আলোচনা কৰি ললে ভাল হ’ব।

সাধাৰণতে মানুহে সৰু ঠাইৰ পৰা গৈ ডাঙৰ নগৰৰ ডাক্তৰক বেমাৰ দেখুৱায়। কিন্তু কেতিয়াবা গুৱাহাটীৰ দৰে ডাঙৰ চহৰৰ ডাক্তৰৰ ওচৰতো আস্বস্ত হ’ব পৰা নাযায়। কেতিয়াবা তেওঁলোক বৰ যন্ত্রৱৎ হৈ পৰে। আমি যেন পৰীক্ষাগাৰৰ একো একোটা মেচিনহে। ৰুগীয়ে চিকিৎসকৰ সৈতে আত্মীয়তা অনুভৱ কৰাতো দূৰৰে কথা, সহজ হ’বলৈকে টান। ক’ব লাগিব যে তাৰ মাজতো বহুত ভাল ডাক্তৰো লগ পোৱা যায়। তথাপি বন্ধ, ছুটি আদি মিলাই এবাৰ ঘৰলৈ গৈ অহাৰ কথা ভাবিলো।

RelatedPosts

The Final Subpoena : Fixing the Broken Road to a Sustainable Future

The Final Subpoena : Fixing the Broken Road to a Sustainable Future

December 10, 2025
Assam Tea: Can Assam Tea Survive Climate Change?

Assam Tea: Can Assam Tea Survive Climate Change?

December 8, 2025
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

December 8, 2025

মোৰ কিয় নাজানো ডাক্তৰৰ ওচৰলৈ যাব লগা আছে বুলি ভাবিলে বেমাৰে যেন আৰু বেছিকৈহে হেঁচা মাৰি ধৰে। তাতে জুন মাহ, গৰমৰ প্রকোপো বাঢ়িছে। মনত ঠেৰু-গেৰু এক অৱস্থা।

        তথাপি ওলালো এটি ফৰকাল পুৱা, এটি ডাৱৰীয়া মন লৈ। গুৱাহাটীৰ পৰা দেৰগাওঁ। আমি দুয়ো আৰু লগত মৰমৰ গাড়ীখন। (গাড়ীখন নিস্প্রাণ বুলি ভাবিবলৈ সত নাযায়। ইমান চার্ভিচ দিয়ে। কেৱল অলপ মৰমৰ, maintenance ৰ প্রয়োজন।)

কিছু দূৰ গৈয়েই চকুত পৰিল এজোপা এজাৰ, বেঙুনীয়া ফুলেৰে একেবাৰে জাতিষ্কাৰ হৈ আছে। তাৰপিছত দুজোপা, তিনিজোপা…..কি যে সুন্দৰ। ক’ব নোৱৰাকৈ মুখেৰে ওলায় আহিল, “বা…হ!” ফুলেৰে গোটাইখন ওপচি পৰিছে। কিছুমান মাত্র ফুলিবলৈ আৰম্ভ কৰিছে।

বিকাশ বনাম বিনাশ

আকৌ দেখিলো কৃষ্ণচুড়া—সেউজীয়াৰ ওপৰত তীব্র ৰঙা ফুলবচা, সোণাৰু—হালধীয়া ফুলবোৰলৈ গোটেই গছ জোপাই যেন লমালমে সোণৰ অলংকাৰহে পৰিধান কৰিলে। ৰ’দৰ পোহৰত সকলোবোৰ জলমলাই উঠিছে। কেনি চাম! যিমানে আগুৱাই যাবলৈ ধৰিলো সিমানে যেন সৌন্দর্যৰ পোহাৰ খোল খাই যাবলৈ ধৰিলে। ৰাধাচুড়া জোপা দেখাৰ লগে লগে হিয়া মন মৰমত বিগলিত হৈ পৰিল।

বিকাশ বনাম বিনাশ

লাহী ডালবোৰ ভৰি ভৰি বগা, গুলপীয়া ফুলবোৰে মালা গাঠিছে। প্রখৰ গৰমত সকলো প্রাণীয়ে জিৰাব পৰাকৈ প্রকৃতিয়ে গঢ়ি তুলিছে অলংকাৰ খচিত এই ছাতি। কি যে সুন্দৰ, কি অপূর্ব। কোনো মানৱীয় ভাষাৰে ইয়াক বুজাব নোৱাৰি। কেৱল অনুভৱ কৰিব পাৰি, হৃদয়েৰে, পান কৰিব পাৰি দুচকুৰে। বেমাৰৰ অজুহাতত হলেও বছৰটোৰ এই সময়ত যদি এই পথেৰে এবাৰ নাহিলোহেঁতেন, প্রকৃতিৰ কিযে এক আনন্দ উৎসৱৰ অংশীদাৰ হোৱাৰ পৰা বঞ্চিত হ’লোহেঁতেন।

আমি ঠায়ে ঠায়ে ৰৈ ফুলবোৰৰ ফটো ল’বলৈ ধৰিলো। যেন আগুৱাই নাযামেই, ফুল বোৰ যেন চায়ে থাকিম, চায়ে থাকিম। দুচকুৰে সামৰিব নোৱৰা সৌন্দর্য।

ফুলবোৰেও যেন আমাৰ উপস্থিতি অনুভৱ কৰিছে। আমাৰ লগত গছ-লতা-ফুলৰ মাজত গঢ়ি উঠা এক আত্মীয়তাৰ বান্ধোনে আমাক আঁতৰি যাব নোৱৰা কৰি তুলিছে। আমি কেৱল দুচকুৰেহে দেখা পাওঁ। কিন্তু গছবোৰৰ নিজৰ সমগ্র সত্ত্বাৰে অনুভৱ কৰিব পৰা শক্তি আছে। গছবোৰক আমাৰ পৰা কেৱল অলপ সহৃদয়তা লাগে।

বিকাশ বনাম বিনাশ

        লাহে লাহে আগুৱাই যাবলৈ ধৰিলো। কোনো খৰ খেদা নাই। বসন্তত কোমল পাত ওলোৱা গছবোৰে এতিয়া গ্রীষ্ম ঋতুত পূর্ণতা পাইছে। চাৰিওফালে আম, কঠাল, জামু আদি লমালমে লাগিছে। পকা পকা লিচুৰে লিচু গছবোৰ ৰঙা হৈ আছে। ঘৰে ঘৰে গোলাপ, জবা, মাচুন্দা, কঠনা, গুলচ আদি ফুলবোৰ দেখিলে চকু ৰৈ যায়।

পাছে ত্রিনয়ন            দিব্য উপবন

        দেখিলন্ত বিদ্যমান।

ফল ফুল ধৰি            জকমক কৰি

        আছে যত বৃক্ষ মান।।

শিৰীষ সেউতী           তমাল মালতী

        লৱঙ্গ বাগি গুলাল।

কৰবীৰ বক             কাঞ্চন চম্পক

        ফুল ভৰে ভাঙ্গ ডাল।।

শেৱালী নেৱালী           পলাশ পাৰলি

        পাৰিজাত যূতি জাঁই।

বকুল বন্দুলি             আছে ফুলি ফুলি

        তাৰো সীমা-সংখ্যা নাই।।

নাহৰ গছৰ আগত থকা কুমলীয়া ৰঙা পাতবোৰৰ কেনে অপৰূপ সৌন্দর্য! কাৰোবাৰ পদূলিমুখত থকা ৰাধাচুড়া বা কৃষ্ণচূড়া এজোপাই ঘৰখনৰ সম্পূর্ণ পৰিবেশ অতুলনীয় কৰি তুলিছে। সকলোতে যেন কোনো উৎসৱৰহে উচাহ উঠলি উঠিছে।

কৃষ্ণচুড়া1

ভৰি ভৰি ফল ফুলবোৰে যেন কোনোবা নেদেখা জনক নিজকে উৎসর্গা কৰি হিয়া উজাৰি কৃতজ্ঞতা প্রকাশ কৰিছে। আৰু নেদেখাজনেও গ্রহণ কৰিছে এই কৃতজ্ঞতাৰ বন্দনা। পত্রং পুষ্পং ফলং তোয়ং য়ো মে ভক্ত্যা প্রয়চ্ছতি…..।

প্রকৃতিৰ পৰা আমাৰ শিকিবলগীয়া বহুত থাকে। এই ফুলি থকা ফুলবোৰ নির্দিষ্ট সময়ত সৰি যাব। পকি পুৰঠ হোৱা ফলটো আলফুলে সৰি পৰিব। শুকাই যোৱা বুঢ়া পাতখিলা সকলোৰে অলক্ষিতে এদিন বতাহে যেনি নিয়ে উৰি গুছি যাব। কাৰো ক’তো কোনো অভিযোগ নাই। নতুনৰ বাবে পুৰণিয়ে আলফুলে সকলোৰে অলক্ষিতে বাট এৰি দিব। পুনৰ ন ন ফুল-পাতে জাতিষ্কাৰ হৈ স্রষ্টাৰ জয়গান গাব।

দুচকুৰে পান কৰি যাব ধৰিলো আত্মাৰ আহাৰ। লগতে গাড়ীৰ sound system ত শুনি গলো কিছুমান মৰমৰ গীত –

ফুলৰেই মেলাতে পখীয়ে গীত গায়

মৌমাখি গুণ গুণ সুৰ তোলে বীণাত

—-     —-     —-     —-

গা পা পা … পা পা পা … পা পা পা … পাআ

জীৱনত আৰু কি লাগিছে! বেমাৰ-আজাৰ, দুখ, ভাগৰ আদি কেতিয়া ক’ত নাইকিয়া হ’ল গমেই নাপালো। পৰিপূর্ণতা, শান্তি, কৃতজ্ঞতা, আৰু সম্পূর্ণ জগতৰ প্রতি এক আত্মীয়তাৰ ভাৱে, মৰমৰ ভাৱে হৃদয় ভৰাই তুলিলে। মোৰ অন্তর্আত্মাই যেন কৈ উঠিল ধন্যোহম, ধন্যোহম, ধন্যোহম……।

****           ****           ****           ****           ****           ****

Road

এয়া মোৰ কেইবছৰমান আগৰ অভিজ্ঞতা। এতিয়াও প্রায় প্রতি মাহতে আমাৰ ঘৰলৈ গৈ থকা হয়। পিছে ক্রমাৎ বাটৰ কাষৰ সেই দৃশ্য বিৰল হৈ আহিছে। উন্নয়নৰ নামত, পথ বনোৱাৰ নামত একেবাৰে নির্বিচাৰে গোটেই গছ-গছনি ধাঁহি-মুহি কাটি যাবলৈ ধৰা দেখা গৈছে। ফলত দিনে দিনে বৰষুণৰ পৰিমাণ কমি আহিছে অথবা আবতৰীয়া বৰষুণ আহিছে আৰু ক্রমান্বয়ে পৃথিৱী খন বসবাসৰ অনুপযোগী হৈ পৰিছে। বৃদ্ধি পাবলৈ ধৰিছে গোলকীয় উষ্ণতা।

গছবোৰ কেতিয়াও কাৰো ওপৰত নির্ভৰশীল নহয়। প্রকৃতিৰ বায়ু, পানী, মাটিৰ পৰাই প্রয়োজনীয় সকলোখিনি লৈ ফল-ফুল-পাতেৰে জাতিষ্কাৰ হৈ থাকে। আমিহে সম্পূর্ণ নির্ভৰশীল এই গছবোৰৰ ওপৰত। ফল-ফুল, শাক-পাচলি, আন নালাগে জীয়াই থাকিবৰ বাবে অপৰিহার্য অক্সিজেনৰ বাবেও আমি গছবোৰৰ ওপৰত নির্ভৰশীল। অথচ আমি কেনে নিদাৰুণ ভাবে এই গছবোৰ কাটি কংক্রিটৰ অৰণ্য সৃষ্টি কৰি গৈ আছো।

এজোপা গছৰ গুৰিত কুঠাৰ মৰাৰ আগতে চিন্তা কৰিব লাগে যে এয়া প্রকৃততে মানুহে নিজে নিজৰ ভৰিতহে কুঠাৰ মৰা নাইতো। (এতিয়া আকৌ কুঠাৰৰ সলনি বৈদ্যুতিক কৰত ব্যৱহাৰ কৰা যায়, যাৰ কার্যক্ষমতা কুঠাৰতকৈ বহুগুণে বেছি। ডাঙৰ গছ এডালো কাটিবলৈ লাগে মাত্র কেইটামান মূহুর্ত্ত। প্রথমে যন্ত্রটোৰ এক ককর্শ শব্দ শুনা যায় আৰু তাৰ পিছতে বাগৰি পৰা গছ জোপাৰ মৃত্যু কাঁতৰ কেঁকনি।)

বিকাশ নিশ্চয় লাগে। কিন্তু বিকাশৰ নামত প্রকৃততে বিকাশ হৈছে নে বিনাশ, সেই বিষয়ে দকৈ ভাবি চোৱাৰ প্রয়োজন। কেইবছৰমান আগতে দেখিছিলো গুৱাহাটীৰ আই. এছ. বি. টিৰ উৰণীয়া সেতুৰ তলত আৰু কাষত কেইবিধমান চাইকাছ আৰু সৰু জাতৰ ফাইকাছকে ধৰি ভালেমান সুন্দৰ সুন্দৰ গছ ৰোৱা হৈছিল। ভাবিছিলো এইখিনি ডাঙৰ হ’লে বৰ ভাল লগা হ’ব।

কিন্তু ৰোৱাৰ পিছত আৰু কোনোদিন গছপুলিবোৰত পানী দিয়া নহ’ল। মাজে মাজে অহা বৰষুণৰ কৃপাতে ভালেমান দিন গছবোৰ জীয়াইও আছিল (অৱশ্যে উৰণীয়া সেতুৰ ঠিক তলত ৰোৱা চাইকাছ কিজোপাই বৰষুণো পোৱা নাছিল)। কিন্তু পানীয়ে প্রাণীৰ প্রাণ বুলিলে উদ্ভিদকো বুজোৱা নাযায় জানো? কিছু দিনৰ পিছত “পানী অবিহনে গছ কিমান দিন জীয়াই থাকে” শীর্ষক এই চৰকাৰী পৰীক্ষাৰ অন্তত গছবোৰ মৰিল।

ISBT

দক্ষিণ ভাৰতৰ ঠাইবোৰত আমাৰ ইয়াতকৈ গৰম বহুত বেছি, কিন্তু আমাৰ ইয়াতো এতিয়া গৰম কম বুলি কব নোৱাৰি। দক্ষিণ ভাৰতৰ চহৰ সমূহত বাট পথ বহলোৱাৰ নামত সহজে গছ কটা দেখা নাযায়। মহীশূৰ, তিৰুৱানন্তপুৰম আদি চহৰত থকা অতি বৃহৎ আকৃতিৰ নিম, তেতেলী আদি গছবোৰ দেখিলেই সেই কথা বুজা যায়।

তিৰুৱান্নমলইৰ পবিত্র অৰুণাচলা পাহাৰ ভক্তসকলে প্রদক্ষিণ কৰিবৰ বাবে থকা বাটৰ কাষৰ গছবোৰ আৰু বহল ফুট পাথ বিলাকৰ মাজত থকা গছবোৰ থাকিবলৈ দিয়া হৈছে, আৰু কিছুমান গছৰ গুৰিত বহিবলৈ ঠাই কৰি দিয়া হৈছে। শিলাময় অৰুণাচলা পাহাৰতো শ শ গছ ৰোৱাৰ ফলত এতিয়া আগতকৈ বহুত বেছি সেইজীয়া হৈ পৰিছে আৰু গৰমৰ প্রকোপ কমিছে।

তিৰুপতি মন্দিৰৰ সৌজন্যত অনেক বছৰ ধৰি তিৰুমালাত গছ ৰোৱা হৈছে, আৰু ভক্ত সকলৰ সহায়ত অন্য ঠাইতো গছ ৰোৱা কাম কৰা হৈছে।

neem

দক্ষিণত সাধাৰণতে পথ এটা বনাই যাওঁতে যিমান গছ বচাব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হয়, আৰু আমাৰ ইয়াত পথ নির্মাণৰ কাম আৰম্ভ হোৱাৰ আগতে প্রথমে গছবোৰ কাটি লোৱা হয়। এনে লাগে যেন ইয়াত গছবোৰকে বিকাশৰ বাটত প্রধান হেঙাৰ বুলি ধৰা যায়। প্রকৃতি ধ্বংস নকৰাকৈ বিকাশ হ’ব পাৰি বুলি যেন আমাৰ বিকাশ-পুৰুষ সকলে নাভাবেই।

বছেৰেকৰ মূৰত এদিন বিশ্ব পৰিবেশ দিৱস পাতি লাভ নাই। বিশ্ব পৰিবেশ দিৱসৰ ভেকোভাওনাৰ পিছত ৰোৱা গছবোৰ বাচিল নে নাই চাবলৈ কাৰো আহৰি নাই। গছ ৰুবৰ বাবে কোনো বিশেষ দিনৰ প্রয়োজন নাই।

অৰণ্য মানৱ যাদব পায়েং ডাঙৰীয়াই কৈছে : “ভাৰতৰ বিভিন্ন স্কুল, কলেজ, বিশ্ববিদ্যালয়ত গৈ মই দেখিছো একেটা গাঁততে বিশ্ব পৰিবেশ দিৱস পালন কৰে। গছ এজোপাও নাই। মোৰ হাবিখনৰ অভিজ্ঞতাৰ পৰা কওঁ, চৰাই-চিৰিকটিয়েও গছ ৰুব জানে, জীৱ-জন্তু বোৰে গছ ৰুব জানে, বায়ু, পানীয়ে গছ ৰুব জানে। জীৱশ্রেষ্ঠই গছ নুৰুলেও নিজে নিজে হ’ব। কেৱল নাকাটিলেই হ’ল”।

[Images from different sources]

[অনিতা নাথ, ৯৬৭৮৫৫০৫৮০]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

The Final Subpoena : Fixing the Broken Road to a Sustainable Future
Climate Change

The Final Subpoena : Fixing the Broken Road to a Sustainable Future

by Iyad Al-attar
December 10, 2025
0

The Final Subpoena : Fixing the Broken Road to a Sustainable Future CLIMATE CHANGE Dr. Iyad Al-Attar We gather in...

Read moreDetails
Assam Tea: Can Assam Tea Survive Climate Change?

Assam Tea: Can Assam Tea Survive Climate Change?

December 8, 2025
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

December 8, 2025
Rethinking Conservation in Northeast India

Rethinking Conservation in Northeast India

December 8, 2025
Why is India’s winter expected to be unusually colder this year?

Why is India’s winter expected to be unusually colder this year?

December 6, 2025
Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

December 3, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
India Grows More but Depends More: The Stark Truth Behind Food Imports

India Grows More but Depends More: The Stark Truth Behind Food Imports

December 10, 2025
The Final Subpoena : Fixing the Broken Road to a Sustainable Future

The Final Subpoena : Fixing the Broken Road to a Sustainable Future

December 10, 2025
হে শ্বহীদ, আমাক ক্ষমা কৰিবা!

শ্বহীদ প্ৰণামো তোমাক : ১০ ডিচেম্বৰৰ সেই ৰাতিপুৱাটো

December 10, 2025
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    17112 shares
    Share 6844 Tweet 4278
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8503 shares
    Share 3401 Tweet 2126
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    999 shares
    Share 400 Tweet 250
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3275 shares
    Share 1310 Tweet 819
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    838 shares
    Share 335 Tweet 210
  • পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

    138 shares
    Share 55 Tweet 35
  • প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

    2633 shares
    Share 1053 Tweet 658
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6173 shares
    Share 2469 Tweet 1543
  • মিচিং সমাজ আৰু সংস্কৃতি

    3351 shares
    Share 1340 Tweet 838
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2907 shares
    Share 1163 Tweet 727
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d