-ড০ ৰাস্না ৰাজখোৱা |
বিজ্ঞানীসকলে ‘ব’মবলি ভাইৰাছ’ (Bombali virus)নামৰ ইব’লা ভাইৰাছৰ এবিধ অজ্ঞাত প্ৰজাতি আৱিষ্কাৰ কৰিছে৷ পশ্চিম আফ্ৰিকাৰ চিৰ’ লিয়ন দেশৰ দুবিধ বাদুলীৰ প্ৰজাতিৰ গাত এইবিধ ভাইৰাছৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে৷ এইটোৱেই প্ৰথম ই’বলা ভাইৰাছৰ প্ৰজাতি যিটো মানুহৰ গাত চিনাক্ত হোৱাৰ আগতে অন্য জীৱৰ গাত চিনাক্ত কৰিছে৷
যদিও গৱেষকসকলে বিশ্বাস কৰিছে যে এই ভাইৰাছৰ প্ৰজাতিটোৱে মানুহক আক্ৰমণ কৰিব পাৰে তথাপি স্পষ্ট
হোৱা নাই যে ই বেমাৰৰ কাৰণ হয় নে নহয়৷
ইব’লা ভাইৰাছৰ পাঁচটা প্ৰজাতি — জইৰী ভাইৰাছ (Zaire virus), বুন্দিবুগ্য’ ভাইৰাছ (Bundibugyo virus), চুডান ভাইৰাছ (Sudan virus), টাই ফৰেষ্ট ভাইৰাছ (Tai Forest virus), আৰু ৰেষ্ট’ন ভাইৰাছৰ (Reston virus) পিছত ষষ্ঠ প্ৰজাতি ব’মবলি ভাইৰাছ ইহঁতৰ লগ লাগিছে৷ ইব’লা ভাইৰাছৰ আগতে জ্ঞাত পাঁচটা ভাইৰাছ প্ৰজাতিৰ ভিতৰত ৰেষ্ট’ন ভাইৰাছৰ বাহিৰে বাকীবোৰ ভাইৰাছ গম্ভীৰ আৰু প্ৰাণ ঘাতক বেমাৰৰ কাৰণ বুলি জনা যায়৷
ইতিহাসত ২০১৩ চনৰ পৰা ২০১৬ চনলৈ গিনি, চিৰ’ লিয়ন আৰু লিবিয়াত জেইৰী ভাইৰাছৰ আটাইতকৈ শক্তিশালী প্ৰাদুভার্ব দেখা গৈছিল৷ সেইসময়ত ২৮০০০ মানুহ ইব’লাত আক্ৰান্ত হৈছিল আৰু ১১,৩২৫ জনৰ মৃত্যু হৈছিল৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ইব’লাৰ প্ৰকোপ, এইবছৰৰ আগষ্টৰ আৰম্ভণিতে কংগ’ৰ উত্তৰাঞ্চলৰ কিছু ঠাইত জেইৰী ভাইৰাছ কাৰণে সংঘটিত হৈছিল৷
ইব’লা ভাইৰাছ ১৯৭০ চনতে অৱিষ্কাৰ হৈছিল যদিও চাৰিটা দশক পাৰহৈ যোৱাৰ পিছতো গৱেষকসকলে ইয়াৰ বাহক বা স্বাভাৱিকতে কোনবিধ প্ৰাণীত বাস কৰে, বংশবৃদ্ধি কৰে আজিলৈকে জানিব পৰা হোৱা নাই৷ বিগত গৱেষণাই প্ৰকাশ কৰিছে যে বাদুলীয়েই হ’ল এই প্ৰজাতিসমূহৰ প্ৰাথমিক বাহক৷ কিন্তু বর্তমানলৈকে, বিজ্ঞানীসকলে বাদুলীৰ পৰা সুকীয়া আৰু সম্পূর্ণ জিন সমাৱেশৰ নক্সা নির্ণয় কৰিব পৰা নাই৷
গতিকে মানুহৰ দেহত এই ভাইৰাছবোৰ বিয়পি পৰাৰ আগতেই বিজ্ঞানীসকলে সম্পূর্ণ শক্তি ব্যয় কৰি এই ভাইৰাছৰ উৎস আৰু সিহঁতৰ নিবাসস্থল বিচাৰিছে৷
Predict Ebola Host Project ৰ অধীনত চিৰ’ লিয়নৰ ৫৩৫টা প্ৰাণী —২৪৪ টা বাদুলী, ৪৬টা এন্দুৰ, নিগনি, ২৪০ টা কুকুৰ আৰু ৫টা মেকুৰীৰ পৰা জৈৱিক চেম্পল সংগ্ৰহ কৰি ইবলা ভাইৰাছৰ উপস্থিতি পৰীক্ষা কৰে৷
এই অধ্যয়নত চাৰিটা বাদুলীত ইব’লা ভাইৰাছৰ উপস্থিতি পজিটিভ আৰু বাকী প্ৰাণীবোৰত নিগেটিভ পায়৷ ইবলা ভাইৰাছৰ প্ৰকোপক বাধা দিবলৈ প্ৰাণীৰ কোনটো প্ৰজাতি বাহক আৰু কেনেকৈ ভাইৰাছ বিয়পাই তাক জনাটো অত্যন্ত গুৰুত্বপূর্ণ৷
গৱেষকসকলে এই অধ্যয়নটোত আগতে আৱিষ্কাৰ কৰা ইবলা ভাইৰাছ সমূহতকৈ পৃথক এটা নতুন ইবলা ভাইৰাছৰ উপস্থিতি ধৰা পেলায়৷
ভাইৰাছটোৰ উপস্থিতি চিৰি লিয়নৰ ব’মবলি জিলাত পোৱাৰ কাৰণে তাৰ নাম ‘ব’মবলি ভাইৰাছ’ নামৰে নামাকৰণ কৰে৷ যদিও ব’মবলি ভাইৰাছটো এতিয়ালৈকে বাদুলীতহে পোৱা গৈছে, বিজ্ঞানীসকলে তাত আৱদ্ধ প্ৰটিন চিনাক্ত কৰিছে যাৰ সহায়ত ভাইৰাছ মানুহৰ কোষলৈ ভাইৰাছটো স্থানান্তৰিত হ’বলৈ সহজ হ’ব অর্থাৎ মানুহ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো সম্ভৱ৷ যদিও ভাইৰাছটোৱে মানুহক আক্ৰান্ত কৰিব পাৰে তথাপি কিবা বেমাৰৰ লক্ষণ সৃষ্টি কৰাৰ প্ৰমাণ নাই৷ ব’মবলি ভাইৰাছৰ আচৰণ মানুহৰ বেমাৰ সৃষ্টি নকৰা ৰেষ্টন ভাইৰাছৰ দৰেনে প্ৰাণ ঘাতক বেমাৰৰ সৃষ্টি কৰা জেইৰী ভাইৰাছৰ দৰে সেইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই৷