-ড০ ৰাস্না ৰাজখোৱা |
নতুনকৈ আৱিষ্কাৰ হোৱা বর্ণসংকৰ অজগৰে ফ্লৰিডাৰ দ্বীপ এভাৰগ্লেডচলৈ ভাবুকি আনিছে
ফ্লৰিডাৰ দক্ষিণ অঞ্চলত নতুনকৈ আৱিষ্কৃত হোৱা বর্ণসংকৰ অজগৰ (Hybrid Pythons)অবর্ণসংকৰ অজগৰতকৈ যথেষ্ঠ শক্তিশালী আৰু তাৰ পৰিৱেশৰ বাবে বেছি উপযোগী৷ এই বিচিত্ৰ অজগৰ জিনীয়ভাৱে ক’বলৈ গ’লে ব্ৰহ্মদেশীয় অজগৰ (Python bivittatus)৷ এই সাপবোৰ ১৯৮০ চনত ফ্লৰিডালৈ আকর্ষণ আৰু সৌন্দর্যৰ বাবে অনা হৈছিল আৰু অৰণ্য অঞ্চলত এৰি দিয়া হৈছিল৷ তেতিয়াৰ পৰা ব্ৰহ্মদেশৰ অজগৰৰ সংখ্যা বহুত বেছি বৃদ্ধি হয় আৰু সৰু স্তন্যপায়ী প্ৰাণীবোৰৰ জীয়াই থকাৰ কাৰণে যুদ্ধ আৰম্ভ হয়৷
১৯ আগষ্টত ‘Ecology and Evolution’ জার্নেলত প্ৰকাশ হোৱা এটা প্ৰৱন্ধত প্ৰকাশ কৰিছে যে শেহতীয়া অধ্যয়নত গম পোৱা গৈছে কিছুমান ব্ৰহ্ম দেশৰ অজগৰে আন অজগৰৰ জিনীয় অৱশেষ কঢ়িয়াইছে আৰু অন্য এটা সুস্পষ্ট প্ৰজাতি, মজবুত বর্ণসংকৰলৈ ৰূপান্তৰিত হৈছে৷
গৱেষকৰ দল এটাই এভাৰগ্লেডচকে ধৰি ফ্লৰিডাৰ দক্ষিণাঞ্চলৰ পৰা ২০০১ চনৰ পৰা ২০১২ চনৰ ভিতৰত সংগ্ৰহ কৰা ৪২৬ টা ব্ৰহ্মমীয় অজগৰৰ নেজৰ কলা (tissue) বিশ্লেষণ কৰোতে অজগৰৰ বর্ণসংকৰ প্ৰজাতি চিনাক্ত কৰে৷ বিজ্ঞানীদলটোৱে ১৩ টা সাপত ভাৰতীয় অজগৰৰ (Python molurus)মাইট্ৰকণ্ড্ৰীয়েল ডি এন এৰ (DNA) জিনীয় অৱশেষৰ স্বাক্ষৰ পায়, যিটো মাতৃৰ পৰা সন্তানলৈ যায়৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে নতুন বিপদজনক বর্ণসংকৰ প্ৰজাতি হঠাতে ফ্লৰিডাৰ কাৰণে আতংকৰ কাৰণ হৈছে৷ গৱেষকসকলে ভাৱে অজগৰৰ বর্ণসংকৰ প্ৰজাতি বহুত দিনৰ আগৰ পৰাই বংশ বৃদ্ধি হৈ আছে৷
দুইটা প্ৰজাতিৰ শক্তিশালী জিনীয় সংযোজনৰ পৰা সৃষ্টি হোৱা শক্তিশালী বর্ণসংকৰ অজগৰ যিকোনো পৰিৱেশত আৰু পৰিবর্তনশীল জলবায়ুৰ বাবে উপযোগী৷ গৱেষকসকলে প্ৰকাশ কৰে যে ভাৰতীয় অজগৰ সাধাৰণতে ওখ আৰু শুষ্ক অঞ্চলত থাকে, আনহাতে ব্ৰহ্মদেশৰ অজগৰ পানীত, নদী কাষৰীয়া হাবিত আৰু প্লাবিত হোৱা অৰণ্য অঞ্চলত থাকি ভাল পায়৷
মুঠৰ ওপৰত আচল কথাটো হ’ল ব্ৰহ্মদেশৰ অজগৰৰ বংশ বৃদ্ধি খুব বেছি হয় আৰু সেইটোৱে আন স্থানীয় প্ৰাণীবোৰৰ কাৰণে বিপদজনক কাৰণ হৈ উঠিছে৷ দুইটা সাপেই দ্ৰুত গতিত বংশবৃদ্ধি কৰা প্ৰজাতি৷
নেচনেল জিঅ’গ্ৰাফিকৰ মতে ব্ৰহ্মদেশৰ অজগৰ দক্ষিণ-পূৱ এছীয় মূলৰ আৰু ইয়াৰ বৃদ্ধি ২৩ ফুট পর্যন্ত (৭ মিটাৰ) আৰু ওজন ২০০ পাউণ্ড (৯১ কিলোগ্ৰাম)৷ সৰীসৃপ স্বত্বাধীকাৰী সকলৰ বাবে এই ডাঙৰ সাপবোৰ বেছি আকর্ষণী হ্য়৷ ভাৰতীয় অজগৰ ব্ৰহ্মদেশীয় অজগৰতকৈ সৰু আৰু দ্ৰুতবেগী৷ ইহঁতবোৰ ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু নেপাল মূলৰ৷