• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বিজ্ঞান আৰু গণিত শিক্ষাৰ ক্ষেত্ৰত মাধ্যম বিতৰ্ক আৰু অন্যান্য

ইন্দুকমল ভূঞা

by Anjan Sarma
August 14, 2022
in Special Report, Opinion
Reading Time: 2 mins read
0
বিজ্ঞান আৰু গণিত শিক্ষাৰ ক্ষেত্ৰত মাধ্যম বিতৰ্ক আৰু অন্যান্য
Share on FacebookShare on TwitterShare on LinkedIn

মাধ্যম বিতৰ্ক

ইন্দুকমল ভূঞা

অসম চৰকাৰৰ অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমৰ ঠাইত তৃতীয় শ্ৰেণীৰ পৰাই ইংৰাজী ভাষাত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষাদানৰ যি হঠকাৰী সিদ্ধান্ত সেই সিদ্ধান্তই আচৰিত কৰি তুলিছে ৷

যি সময়ত আমি জানো যে শিক্ষা গ্ৰহণৰ বৈজ্ঞানিক মাধ্যম হৈছে মাতৃভাষাত শিক্ষাগ্ৰহণ৷ বিশেষকৈ বিজ্ঞান ভাষা আৰু গণিত শিক্ষা মাতৃভাষাত গ্ৰহণ কৰিলেহে বিজ্ঞানৰ প্ৰকৃত জ্ঞান ছাত্ৰ-ছাত্ৰীৰ মাজত সোমোৱাই দিয়াটো সম্ভৱ হ’ব৷ আমি ব্যক্তিগতভাৱে অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আহিছোঁ৷ স্নাতক পৰ্যায়লৈকে অসমীয়া মাধ্যমতে শিক্ষা গ্ৰহণ কৰি আহিছোঁ৷ তাৰ পাছতো স্নাতকোত্তৰ শিক্ষা ইংৰাজী মাধ্যমত গ্ৰহণ কৰাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই৷

RelatedPosts

Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026

বিখ্যাত বিজ্ঞানী চি.ভি.ৰমনে কৈছিল, “We must teach science in the mother tongue. Otherwise, science will become a highbrow activity. It will not be an activity in which all people can participate.”

অৰ্থাৎ তেওঁ কৈছে, “আমি বিজ্ঞান মাতৃভাষা মাধ্যমত পঢ়ুৱাব লাগে। নহ’লে বিজ্ঞান বিষয়টো কিছু মুষ্টিমেয় মানুহৰ কচৰতহে হৈ থাকিব। য’ত সাধাৰণ মানুহে ভাগ ল’ব নোৱাৰিব।”

অসমৰ পাঠক সমাজৰ মাজত অতিকে সমাদৃত এখন বিখ্যাত গ্ৰন্থ বাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ বিজ্ঞানী ড৹ ৰুবুল মউতৰ “মোৰো এটা সপোন আছে” গ্ৰন্থত প্ৰকাশিত হৈছে কিদৰে অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত অধ্যয়ন কৰি, অসমীয়া মাধ্যমৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শিক্ষা গ্ৰহণ কৰি বৰ্তমান সময়ত এজন বিশিষ্ট বিজ্ঞানী হিচাপে বিদেশত কৰ্মৰত হৈ আছে৷ বিশিষ্ট বিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামীয়েও প্ৰকাশ কৰিছে কিদৰে মাতৃভাষা শিক্ষাৰ যোগেদিহে বিজ্ঞান শিক্ষা শিশু অৱস্থাত প্ৰদান কৰাটো উচিত৷

বিজ্ঞান আৰু গণিত শিক্ষাৰ ক্ষেত্ৰত মাধ্যম বিতৰ্ক আৰু অন্যান্য
Image: www.thequint.com

ইফালে অসমৰ শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে মেডিকেল তথা চিকিৎসা বিজ্ঞানৰ শিক্ষা অসমীয়া ভাষাত প্ৰদানৰ বাবে চৰকাৰে যো-জা চলাইছে৷ ই কেনেধৰণৰ স্ব বিৰোধী কথা৷ অসমীয়া মাধ্যমত বিজ্ঞান শিক্ষা বা গণিত শিক্ষা গ্ৰহণ কৰাৰ বিপক্ষে যুক্তি প্ৰদান কৰা সকলে চিকিৎসা বিজ্ঞানৰ শিক্ষা অসমীয়া ভাষাত প্ৰদান কৰাৰ ক্ষেত্ৰত যুক্তি ক’ত! 

প্ৰাথমিক পৰ্যায়ৰ পৰাই মাতৃভাষাত বিজ্ঞান আৰু গণিত শিক্ষা প্ৰদানৰ বাবে উপযুক্ত শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা কি? ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী ভাষাত শিক্ষাগ্ৰহণে প্ৰকৃত বিজ্ঞান শিক্ষা প্ৰদান কৰিব পাৰিব, নে মাতৃভাষাত শিক্ষা গ্ৰহণ নকৰাৰ বাবে প্ৰকৃত বিজ্ঞান শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰিব?

আজিৰ তাৰিখত অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা অতি দুখলগা৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ত বিভিন্ন বিসংগতি থকাৰ পাছতো সেই শিক্ষানীতিৰ সমৰ্থন কৰা চৰকাৰে স্ব-বিৰোধী নীতি গ্ৰহণ কৰিছে৷ নতুন শিক্ষানীতিত মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ সমান্তৰালকৈ নতুন শিক্ষানীতিত দেশৰ প্ৰতি কিলোমিটাৰতে একোখনকৈ প্ৰাথমিক বিদ্যালয়ৰ পৰামৰ্শ আগবঢ়োৱা হৈছে৷ কিন্তু অসমত শিক্ষকৰ অভাৱ ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ দোহাইদি বিদ্যালয় সমূহক সংলগ্ন কৰা হৈছে৷ যাৰ চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানৰ মৃত্যুঘণ্টা ইতিমধ্যেই আৰম্ভ হৈছে৷ 

অসম ৰাজ্যিক শিক্ষা সংসদৰ পৰিবৰ্তে এইবাৰ কেন্দ্ৰীয় শিক্ষা সংসদৰ দ্বাৰা ইংৰাজী মাধ্যমত চৰকাৰী বিদ্যালয় স্থাপন কৰাৰ কথা চৰকাৰে প্ৰকাশ কৰিছে৷ যিটো অতিকে আচৰ্য্যকৰ৷ যি সময়ত অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছিল, সেই সময়ত অসম চৰকাৰৰ এইসমূহ সিদ্ধান্তই আমাক আচৰিত কৰি তুলিছে৷

আজিৰ তাৰিখত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়া মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে, সেই সময়ত কেৱল ইংৰাজী ভাষাত শিক্ষাগ্ৰহণেহে শিক্ষাৰ্থীক সহায় কৰিব ধৰণৰ যি সমূহ যুক্তি আগবঢ়োৱা হৈছে ই অতিকে হাস্যকৰ৷ সমগ্ৰ বিষয়ত অসমৰ মূখ্যমন্ত্ৰীৰ মন্তব্যই অসম চৰকাৰৰ তুগলকী নীতিক স্পষ্টৰূপত প্ৰকাশ কৰিছে৷

বিজ্ঞান আৰু গণিত শিক্ষাৰ ক্ষেত্ৰত মাধ্যম বিতৰ্ক আৰু অন্যান্য
Image: ziyyara.com

বিদ্যালয় শিক্ষাৰ পৰা সমাজ বিজ্ঞানৰ পৰা ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্তই প্ৰকৃতাৰ্থত ছাত্ৰ-ছাত্ৰী সকলক দেশ তথা অৰ্থনীতি সম্পৰ্কীয় শিক্ষা লাভৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰিব৷ অসম চৰকাৰে দেশৰ ৰাজনীতি, নাগৰিকৰ অধিকাৰ, মৌলিক অধিকাৰ, সংবিধান সম্পৰ্কীয় কথা-বতৰা বিলাকৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰাই ৰাখিব বিচাৰিছে যেন অনুমান হয়৷

অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই নিশ্চিতভাৱে সকলোকে আচৰিত কৰি তুলিছে৷ অসম চৰকাৰে অসমৰ বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট বিজ্ঞানী তথা দল-সংগঠন আৰু ছাত্ৰসমাজৰ সৈতে আলোচনাৰ যোগেদিহে সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন৷ অন্যথা এয়া যে অসম চৰকাৰৰ মাতৃভাষা মাধ্যমক ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ, তাক বুজিবলৈ বাকী নাথাকিব৷ 

[ইন্দুকমল ভূঞা,  ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়]

14-08-2022 [ Headline Image: www.groupdiscussionideas.com]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Perks of Leaving Your Hometown Behind
Lifestyle

Perks of Leaving Your Hometown Behind

by RODALI BARUAH
January 19, 2026
0

Perks of Leaving Your Hometown Behind RODALI BARUAH Moving away from home, to a new city has almost always been...

Read moreDetails
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

January 15, 2026
Beware of a unipolar world

Beware of a unipolar world

January 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
ভোগালীৰ পৰিবর্তিত ৰূপ : অসমীয়াৰ অগ্রগতি ?

Magh Bihu: Where Assam Cooks Its Memory, Gratitude, and Togetherness

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d