• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 29, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বিজ্ঞান আৰু গণিত শিক্ষাৰ ক্ষেত্ৰত মাধ্যম বিতৰ্ক আৰু অন্যান্য

ইন্দুকমল ভূঞা

by Admin
August 14, 2022
in Special Report, Opinion
Reading Time: 2 mins read
0
বিজ্ঞান আৰু গণিত শিক্ষাৰ ক্ষেত্ৰত মাধ্যম বিতৰ্ক আৰু অন্যান্য
Share on FacebookShare on TwitterShare on LinkedIn

মাধ্যম বিতৰ্ক

ইন্দুকমল ভূঞা

অসম চৰকাৰৰ অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমৰ ঠাইত তৃতীয় শ্ৰেণীৰ পৰাই ইংৰাজী ভাষাত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষাদানৰ যি হঠকাৰী সিদ্ধান্ত সেই সিদ্ধান্তই আচৰিত কৰি তুলিছে ৷

যি সময়ত আমি জানো যে শিক্ষা গ্ৰহণৰ বৈজ্ঞানিক মাধ্যম হৈছে মাতৃভাষাত শিক্ষাগ্ৰহণ৷ বিশেষকৈ বিজ্ঞান ভাষা আৰু গণিত শিক্ষা মাতৃভাষাত গ্ৰহণ কৰিলেহে বিজ্ঞানৰ প্ৰকৃত জ্ঞান ছাত্ৰ-ছাত্ৰীৰ মাজত সোমোৱাই দিয়াটো সম্ভৱ হ’ব৷ আমি ব্যক্তিগতভাৱে অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আহিছোঁ৷ স্নাতক পৰ্যায়লৈকে অসমীয়া মাধ্যমতে শিক্ষা গ্ৰহণ কৰি আহিছোঁ৷ তাৰ পাছতো স্নাতকোত্তৰ শিক্ষা ইংৰাজী মাধ্যমত গ্ৰহণ কৰাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই৷

RelatedPosts

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023

বিখ্যাত বিজ্ঞানী চি.ভি.ৰমনে কৈছিল, “We must teach science in the mother tongue. Otherwise, science will become a highbrow activity. It will not be an activity in which all people can participate.”

অৰ্থাৎ তেওঁ কৈছে, “আমি বিজ্ঞান মাতৃভাষা মাধ্যমত পঢ়ুৱাব লাগে। নহ’লে বিজ্ঞান বিষয়টো কিছু মুষ্টিমেয় মানুহৰ কচৰতহে হৈ থাকিব। য’ত সাধাৰণ মানুহে ভাগ ল’ব নোৱাৰিব।”

অসমৰ পাঠক সমাজৰ মাজত অতিকে সমাদৃত এখন বিখ্যাত গ্ৰন্থ বাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ বিজ্ঞানী ড৹ ৰুবুল মউতৰ “মোৰো এটা সপোন আছে” গ্ৰন্থত প্ৰকাশিত হৈছে কিদৰে অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত অধ্যয়ন কৰি, অসমীয়া মাধ্যমৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শিক্ষা গ্ৰহণ কৰি বৰ্তমান সময়ত এজন বিশিষ্ট বিজ্ঞানী হিচাপে বিদেশত কৰ্মৰত হৈ আছে৷ বিশিষ্ট বিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামীয়েও প্ৰকাশ কৰিছে কিদৰে মাতৃভাষা শিক্ষাৰ যোগেদিহে বিজ্ঞান শিক্ষা শিশু অৱস্থাত প্ৰদান কৰাটো উচিত৷

বিজ্ঞান আৰু গণিত শিক্ষাৰ ক্ষেত্ৰত মাধ্যম বিতৰ্ক আৰু অন্যান্য
Image: www.thequint.com

ইফালে অসমৰ শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে মেডিকেল তথা চিকিৎসা বিজ্ঞানৰ শিক্ষা অসমীয়া ভাষাত প্ৰদানৰ বাবে চৰকাৰে যো-জা চলাইছে৷ ই কেনেধৰণৰ স্ব বিৰোধী কথা৷ অসমীয়া মাধ্যমত বিজ্ঞান শিক্ষা বা গণিত শিক্ষা গ্ৰহণ কৰাৰ বিপক্ষে যুক্তি প্ৰদান কৰা সকলে চিকিৎসা বিজ্ঞানৰ শিক্ষা অসমীয়া ভাষাত প্ৰদান কৰাৰ ক্ষেত্ৰত যুক্তি ক’ত! 

প্ৰাথমিক পৰ্যায়ৰ পৰাই মাতৃভাষাত বিজ্ঞান আৰু গণিত শিক্ষা প্ৰদানৰ বাবে উপযুক্ত শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা কি? ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী ভাষাত শিক্ষাগ্ৰহণে প্ৰকৃত বিজ্ঞান শিক্ষা প্ৰদান কৰিব পাৰিব, নে মাতৃভাষাত শিক্ষা গ্ৰহণ নকৰাৰ বাবে প্ৰকৃত বিজ্ঞান শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰিব?

আজিৰ তাৰিখত অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা অতি দুখলগা৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ত বিভিন্ন বিসংগতি থকাৰ পাছতো সেই শিক্ষানীতিৰ সমৰ্থন কৰা চৰকাৰে স্ব-বিৰোধী নীতি গ্ৰহণ কৰিছে৷ নতুন শিক্ষানীতিত মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ সমান্তৰালকৈ নতুন শিক্ষানীতিত দেশৰ প্ৰতি কিলোমিটাৰতে একোখনকৈ প্ৰাথমিক বিদ্যালয়ৰ পৰামৰ্শ আগবঢ়োৱা হৈছে৷ কিন্তু অসমত শিক্ষকৰ অভাৱ ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ দোহাইদি বিদ্যালয় সমূহক সংলগ্ন কৰা হৈছে৷ যাৰ চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানৰ মৃত্যুঘণ্টা ইতিমধ্যেই আৰম্ভ হৈছে৷ 

অসম ৰাজ্যিক শিক্ষা সংসদৰ পৰিবৰ্তে এইবাৰ কেন্দ্ৰীয় শিক্ষা সংসদৰ দ্বাৰা ইংৰাজী মাধ্যমত চৰকাৰী বিদ্যালয় স্থাপন কৰাৰ কথা চৰকাৰে প্ৰকাশ কৰিছে৷ যিটো অতিকে আচৰ্য্যকৰ৷ যি সময়ত অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছিল, সেই সময়ত অসম চৰকাৰৰ এইসমূহ সিদ্ধান্তই আমাক আচৰিত কৰি তুলিছে৷

আজিৰ তাৰিখত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়া মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে, সেই সময়ত কেৱল ইংৰাজী ভাষাত শিক্ষাগ্ৰহণেহে শিক্ষাৰ্থীক সহায় কৰিব ধৰণৰ যি সমূহ যুক্তি আগবঢ়োৱা হৈছে ই অতিকে হাস্যকৰ৷ সমগ্ৰ বিষয়ত অসমৰ মূখ্যমন্ত্ৰীৰ মন্তব্যই অসম চৰকাৰৰ তুগলকী নীতিক স্পষ্টৰূপত প্ৰকাশ কৰিছে৷

বিজ্ঞান আৰু গণিত শিক্ষাৰ ক্ষেত্ৰত মাধ্যম বিতৰ্ক আৰু অন্যান্য
Image: ziyyara.com

বিদ্যালয় শিক্ষাৰ পৰা সমাজ বিজ্ঞানৰ পৰা ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্তই প্ৰকৃতাৰ্থত ছাত্ৰ-ছাত্ৰী সকলক দেশ তথা অৰ্থনীতি সম্পৰ্কীয় শিক্ষা লাভৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰিব৷ অসম চৰকাৰে দেশৰ ৰাজনীতি, নাগৰিকৰ অধিকাৰ, মৌলিক অধিকাৰ, সংবিধান সম্পৰ্কীয় কথা-বতৰা বিলাকৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰাই ৰাখিব বিচাৰিছে যেন অনুমান হয়৷

অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই নিশ্চিতভাৱে সকলোকে আচৰিত কৰি তুলিছে৷ অসম চৰকাৰে অসমৰ বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট বিজ্ঞানী তথা দল-সংগঠন আৰু ছাত্ৰসমাজৰ সৈতে আলোচনাৰ যোগেদিহে সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন৷ অন্যথা এয়া যে অসম চৰকাৰৰ মাতৃভাষা মাধ্যমক ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ, তাক বুজিবলৈ বাকী নাথাকিব৷ 

[ইন্দুকমল ভূঞা,  ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়]

14-08-2022 [ Headline Image: www.groupdiscussionideas.com]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া
Special Report

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

by Admin
March 29, 2023
0

চিয়াং নৈ গৌতম শৰ্মা গৌতম শৰ্মা “চিয়াঙৰে গালং লোহিতৰে খামটি আৰু টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে….      সুধাকন্ঠ ড°...

Read more
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023
India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 28, 2023
Things to do when offering an apology

Things to do when offering an apology

March 28, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 28, 2023
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: