• অৰবিন্দ ৰাভা
কিবা এক অজ্ঞাত কাৰণত যোৰহাটৰ ৰাজপথত স্কুটিসহ ৬৫ বছৰীয়া ব্যক্তি এগৰাকীক বাগৰি পৰা দেখি মানৱীয়তাৰ স্বাভাৱিক তাগিদাত সহায় আগবঢ়াবলৈ গৈ এদল উন্মত্ত নৰৰূপী পিশাচৰ দলৱদ্ধ আক্ৰমণত অকল্পনীয় যন্ত্ৰণা ভুগি মৃত্যুবৰণ কৰিলে অনিমেষ ভূঞা নামৰ ২৪ বছৰীয়া চফল ডেকাজনে। দিন দুপৰীয়া, শিক্ষা-সংস্কৃতিৰ গুৰুত্বপূৰ্ণ পীঠস্থান যোৰহাটৰ দৰে নগৰত এদল নৰাধমে যিদৰে এই বৰ্বৰ কান্ড সংঘটিত কৰিলে, সেই ঘটনাৰ বিষয়ে শুনাৰ পিছত, ভিডিঅ’ ক্লিপিং দেখাৰ পিছত, সমগ্ৰ অসম যেন পুনৰ এবাৰ ম্ৰিয়মান হৈ পৰিছে, ঘটনাটোৱে জোকাৰি পেলাইছে মানুহৰ মন – মগজু – হৃদয়। মৃত্যুবৰণ কৰা অনিমেষ ভূঞা আছিল সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ দেৰগাঁওৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক। দেৰগাঁও নগৰৰ পৰা আঠ কিলোমিটাৰ দূৰৈৰ খকন্ডগুৰিৰ নবীন ভূঞা আৰু হিৰু ভূঞাৰ পুত্ৰ অনিমেষ ভূঞাই ন-ভঙা বাপুজী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মেলামৰা মহাবিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি ‘মহাবাহু‘ নামেৰে ছপাশাল এটা আৰম্ভ কৰি জীৱন যাত্ৰা আৰম্ভ কৰিছিল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও জড়িত হৈ আছিল। ২৯ নৱেম্বৰ, ২০২১, সোমবাৰে, দুগৰাকী বন্ধুৰ সৈতে যোৰহাটলৈ বজাৰ কৰিবলৈ অহা অনিমেষ ভূঞাই দিনৰ প্ৰায় ১-৩০ বজাত যোৰহাটৰ অসম-ট্ৰাংক ৰোড( এ-টি ৰোড)ৰ সমীপৰ জনবহুল স্থান ‘ট্ৰাক ষ্টেন্ড’ত উপস্থিত হোৱাৰ সময়তে তেওঁলোকৰ গাড়ীখনৰ কাষতে কিবা অজ্ঞাত কাৰণত স্কুটিসহ এজন বয়সস্থ মানুহ বাগৰি পৰে। তেওঁক সাহায্য কৰিবলৈ আগবাঢ়ি যাওঁতে বাগৰি পৰা বয়সস্থ মানুহজনে নিজৰ দুৰ্বলতা ঢাকিবলৈ ‘তহতেই মোক খুন্দিয়ালি’ বুলি চিঞৰ-বাখৰ কৰাত ট্ৰাক ষ্টেন্ডৰ বিভিন্ন যান-বাহনত বহি থকা একাংশ চালক-হেন্ডিমেনে অনিমেষ ভূঞা, আৰু গাড়ীত একেলগে অহা ভূঞাৰ বন্ধু মৃদুষ্মন্ত বৰুৱা, প্ৰণয়জ্যোতি দত্তৰ ওপৰত জপিয়াই পৰে। তাৰ পিছতেই ট্ৰাক ষ্টেন্ডৰ পিচফালে এখন বিশেষ দোকানত বহি ৰাগীয়াল সামগ্ৰী সেৱন কৰি মতলীয়া হৈ থকা দল এটাইও হুলস্থূল শুনি ওলাই আহি নিৰ্মমভাবে যুৱক তিনিজনক প্ৰহাৰ কৰিবলৈ ধৰে। যুৱক কেইজনে বাৰম্বাৰ চিঞৰি চিঞৰি কৈছিল যে তেওঁলোকে কাকো খুন্দিওৱা নাছিল, সহায় কৰিবলৈহে গৈছিল। কিন্তু সেয়া যেন কোনেও শুনা নাছিল। জনবহুল সেই স্থানত দিন দুপৰীয়া এনে ঘটনা সংঘটিত হ’বলৈ ধৰা দেখিও কোনেও আগবাঢ়ি যোৱা নাছিল নিৰপৰাধী যুৱক কেইজনক সহায় কৰিবলৈ, বৰং দূৰৈৰ পৰা যেন উপভোগ হে কৰিছিল! ইতিমধ্যে আকৌ স্কুটিসহ বাগৰি পৰা ব্যক্তিজনৰ পুত্ৰও সেই স্থানত কেইজনমান গুন্ডা প্ৰকৃতিৰ নৰাধমক লগত লৈ উপস্থিত হৈ নিৰ্মমতাৰ সকলো মাত্ৰা অতিক্ৰম কৰাকৈ মাৰপিটত লিপ্ত হৈছিল। দিন দুপৰীয়া প্ৰায় আধা ঘন্টা এনে অকল্পনীয় ঘটনা ঘটি থাকিল, অথচ যোগাযোগ বিপ্লৱৰ এনে এক দিনত, তাকো যোৰহাটৰ দৰে এখন চহৰত, আৰক্ষী আহি উপস্থিত হোৱালৈ সময় বহুত পলম হৈ গৈছিল। যোৰহাটৰ এ-টি ৰোডৰ ব্যৱসায়ী তথা সেই ব্যস্ত পথেৰে আহ-যাহ কৰি থকা নাগৰিক সকলেও নিজৰ কৰ্তব্য সমাপন কৰাত ব্যৰ্থ হৈছিল। প্ৰত্যক্ষদৰ্শীৰ মতে ট্ৰাক ষ্টেন্ডৰ পৰা বাটা পইন্ট পৰ্যন্ত দুৰ্বত্তৰ দলটোৱে খেদি খেদি, বগৰাই বগৰাই যুৱক তিনিজনক মাৰপিট কৰিছিল। ফলস্বৰূপে অনিমেষ ভূঞাৰ দৰে এজন নিৰপৰাধী যুৱকে প্ৰাণ বিসৰ্জন দিবলগীয়া হ’ল। এই ঘটনাই সকলো শুভবুদ্ধিসম্পন্ন মানুহকে ম্ৰিয়মান, হতবাক, লজ্জিত কৰি তুলিছে। পুনৰ অভি-নীলৰ প্ৰসংগ উত্থাপন হৈছে। পুনৰ ডাইনী হত্যাৰ প্ৰসংগ উত্থাপন হৈছে।
প্ৰশ্ন উত্থাপন হৈছেঃ আমি ক’ত বাস কৰিছো! মন্ত্ৰী, বিধায়ক, চেয়াৰমেন, বিয়াগোম বিষয়া আদিৰ নিশ্চিদ্ৰ নিৰাপত্তা সঠিকভাৱে ৰূপায়ণ কৰিলেই, মুখ্যমন্ত্ৰী বা ৰাজ্যপাল বা হঠাৎ ধুমকেতুৰ দৰে আহি উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী বা নক্ষত্ৰ বা নাগপুৰীয়াক সুৰক্ষা দিয়াৰ নামত ঘন্টাৰ পিছত ঘন্টা ধৰি তেওঁলোকৰ যাত্ৰাপথ মসৃণ তথা ‘বিপদমুক্ত’ কৰাৰ বাবে সততে উদগ্ৰীৱ হৈ কৰ্তব্য সমাপন কৰা, তেওঁলোকৰ যাত্ৰাপথ মধুময় কৰিবলৈ গণতান্ত্ৰিক নীতি-নিয়ম জলাঞ্জলি দি ৰাজপথত নাগৰিকৰ যাত্ৰা স্তব্ধ কৰি দিলেই ‘নিৰাপত্তা ব্যৱস্থা’ৰ সাফল্য বুজায় নেকি? আয়কৰ, জি-এছ-টি, পথ কৰ, ভূমিৰ ৰাজহ, পৌৰ নিগমৰ কৰ, পথত জ্বলা বিজুলী চাকিৰ কৰ, সেৱা কৰ, পেট্ৰলৰ কৰ, ডিজেলৰ কৰ,..এইদৰে ৰাইজৰ পৰা চুচি মাজি নিয়া কৰ-কাটলৰ ধন কোনোবাক টেক্সীৰ দৰে হেলিকপ্তাৰ উৰাবলৈ, সেই ধনেৰে মাটিৰে গলে লগত একডজন একেধৰণৰ গাড়ী দৌৰাবলৈ, ৰাইজৰ সেই কষ্টৰ ধনেৰে মন্ত্ৰী-বিধায়ক- আমোলা- উপদেষ্টা আদিৰ পাইলট- এছকোৰ্ট আদিৰে তথা দুই এজন পুলিচ বিষয়াৰ নিৰাপত্তাৰ ঘেৰ প্ৰদৰ্শনেৰে এক দাক্ষিণাত্যৰ বোলছৱিৰ দৰে পৰিৱেশ সৃষ্টি কৰি আত্মসন্তুষ্টিৰ মোহেৰে মোহাচ্ছন্ন হৈ থাকিবলৈ নহয়; ৰাইজৰ ধনৰ সদ্ব্যৱহাৰ ৰাইজৰ বাবেহে হ’ব লাগে। অথচ নহয়। তাৰেই ফলস্বৰূপে মৃত্যু হ’ল অনিমেষৰ। তাৰেই ফলস্বৰূপে হত্যা হয় ‘ডাইনী’ৰ। তাৰেই ফলস্বৰূপে…! যোৰহাটৰ দৰে এখন আধুনিক নগৰ, সেই নগৰত এনে ঘটনা! ছিঃ!! আমি ক’ত আছো!! যোৰহাটৰ সদৰ থানা ঘটনাস্থলীৰ পৰা কিমান দূৰত? এয়াই আৰক্ষীৰ আধুনিকীকৰণৰ নমুনা।
অনিমেষ ভূঞা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হেতুকে ঘটনাটোৰ মাত্ৰা সুকীয়া হৈ পৰিছে, কাৰণ সমগ্ৰ অসমৰ পৰা এতিয়া প্ৰতিবাদ আৰম্ভ হৈছে। আজি এই ঘটনাটো সংঘটিত হোৱাৰ পিছত অহাকালি মঙলবাৰলৈ হয়তো বহুকেইজনক গ্ৰেপ্তাৰ কৰা হ’ব, ফাষ্ট ট্ৰেকৰ দাবী উত্থাপন হ’ব, বাতৰি বিবৃতিৰে বাতৰিকাকত, দৃশ্য শ্ৰৱ্য মাধ্যম ভৰি পৰিব, বিভিন্ন মত-অভিমত শুনা যাব; কিন্তু চৰম সত্য এয়াই যে নবীন ভূঞা আৰু হিৰু ভূঞাই নিজৰ পুত্ৰ অনিমেষক আৰু কেতিয়াও নেদেখিব!
এবাৰ মাত্ৰ ভাবি চাওক, অনিমেষ ভূঞা আপোনাৰ/মোৰ পৰিয়ালৰেই এজন আছিল। এবাৰ মাত্ৰ ভাবি চাওক, নীল আৰু অভি আপোনাৰ/মোৰ পৰিয়ালৰেই এজন আছিল। এবাৰ মাত্ৰ ভাবি চাওক, সৌ সিদিনা পুলিচৰ উপস্থিতিত বুকুত গুৰিওৱা মৃতদেহটো বা অৰ্দ্ধমৃত দেহটো আপোনাৰ/মোৰ পৰিয়ালৰেই কোনোবা এজন আছিল। এবাৰ মাত্ৰ……! এতিয়া সেই পটভূমিত সোমাই লৈ আপুনি/মই ৰজাঘৰীয়াৰ কনভয়ৰ চাইৰেণৰ শব্দ শুনো আহক, কাৰণ সেই শব্দতেই বিলীন হৈ যাব অভি-নীলৰ আৰ্তনাদ, বিলীন হৈ যাব অনিমেষ- মৃদুষ্মন্ত- প্ৰণয়জ্যোতিৰ আৰ্তনাদ…. আৰু, অহাকালিৰ পৰা আমি স্বাভাৱিক হৈ পৰিম, যিদৰে আমি ‘স্বাভাৱিক’ হৈছো বাৰম্বাৰ! উদাহৰণ? ১০ ডিচেম্বৰ, ২০১৯ চনৰ শ্বহীদ দিৱসৰ পিছতেই ‘কা’ বিৰোধ কৰা আন্দোলনত অংশগ্ৰহণ কৰা বাবে কাৰ নিৰ্দেশত কোনে কেইজনক হত্যা কৰিছিল – মনত আছে নে? তাৰপিছত বহুত বিবৃতি, দৃষ্টান্তমূলক শাস্তিৰ দাবী, গৰিহণা,….; কিবা হ’ল নে? আজিলৈ ‘শেষ সকীয়নী’, ‘দৃষ্টান্তমূলক শাস্তি’, ইত্যাদি শব্দবোৰৰ অৰ্থ বুজি নাপালো ! মনত পৰেনে নিষ্পাপ মৃত সকলৰ বিষয়ে? মনত আছে নে নাম? মনত পৰেনে চাহবাগিচাৰ সেই সহজ সৰল চিকিৎসক গৰাকীৰ নাম – যিজনক নৃশংস ভাবে হত্যা কৰা হৈছিল , অথচ কোনো ‘দৃষ্টান্তমূলক শাস্তি’ আদি একো নহ’ল! একেদৰেই সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত অনিমেষকো আমি পাহৰি যাম…পুনৰ স্বাভাৱিক হৈ পৰিব পৰিস্থিতি…যিদৰে পাহৰিলো ভাষা আন্দোলনৰ মোজাম্মিলক, অনিল বৰাক, শত শত শ্বহীদক!
বিদায় অনিমেষ। আমি লজ্জিত, আমি নিশকতীয়া, আমি পিতমৰা দুৰ্বল, আমি বিবৃতিকোঁৱৰ, আমি মেৰুদন্ডহীন, আমি কাপুৰুষ, আমি….! আমি মাথো ক’ব পাৰো, তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক।
বিদায় অনিমেষ!
(২৯-১১-২০২১, নিশা ১১ বজাত লেখা)