– দিলীপ দৈমাৰী |
শুকান হ’ল কি হ’ল, নিজৰ জন্মভূমিৰেই মাটি ! কিন্তু সেই শুকান ৰুক্ষ মাটি আজি তেজেৰে সিক্ত, চৌদিশে মানুহৰ হাহাকাৰ, কান্দোন, মৃত্যু, অত্যাচাৰ, হত্যা। তালিবানৰ তান্ডৱ। বাধ্য হৈ জন্মভূমি পৰিত্যাগ কৰিবলৈ বাধ্য হ’ল আফগান পৰিচালক ৰোয়া হাইদৰী (Roya Heydari)-এ। চকুপানী টুকি টুকি আফগানিস্তানক বিদায় জনালে ৰোয়াই। আশ্বাস দিলে, পুনৰ উভতি আহিব তেওঁ নিজৰ দেশলৈ।
হঠাৎ অতি মসৃণভাৱে, কোনো ধৰণৰ উল্লেখযোগ্য বাধাৰ সন্মুখীন নোহোৱাকৈ তালিবানে আফগানিস্তান দখল কৰিলে। লগে লগে উভতি আহিল দুই দশকৰ আগৰ অন্ধকাৰাচ্ছন্ন স্মৃতি। আৰু সেইবাবে প্ৰাণ, মান ৰক্ষা কৰিবলৈ আফগানিস্তান ত্যাগ কৰিবলৈ উন্মাদপ্ৰায় হৈ পৰিছে আফগানিস্তানৰ মানুহ। প্ৰাণ ৰক্ষা কৰাৰ আৰ্তিৰে ঘন্টাই ঘন্টাই হাজাৰ হাজাৰ আফগান জমা হৈছে কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰত। বেছিভাগৰ পেটত খুদকণ এটাও নাই। এবটল পানীৰ দাম এতিয়া ৩০০০ টকা, সামান্য খাদ্যৰ দাম ৭৫০০ টকা; তাকো দিব লাগিব আমেৰিকান ডলাৰত! কেৱল বিমানবন্দৰ নহয়, ভোকৰ জ্বালাত এতিয়া জ্বলিছে সমগ্ৰ আফগানিস্তান। এনে পৰিস্থিতিত আফগানিস্তান ত্যাগ কৰিবলৈ বাধ্য হৈছে আফগান চিত্ৰ পৰিচালক ৰোয়া হাইদৰীও।
ছৱি পৰিচালনা কৰাৰ লগতে খুব ভাল ফটোগ্ৰাফাৰ হ’ল ৰোয়া। চোছিয়েল মেডিয়াত তেওঁ শ্বেয়াৰ কৰা ছৱিত তেওঁক আঠু ভাঁজ কৰি বহি থকা দেখা গৈছে। ছৱিৰ ‘কেপশ্বন’ তেওঁ লিখিছে,” নিজৰ বাক-স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ মই দেশত্যাগ কৰিবলগীয়া হ’ল। মাতৃভূমি ত্যাগ কৰি মই গুচি যাবলগীয়া হৈছে। পুনৰ শূণ্যৰ পৰা আৰম্ভ কৰিব লাগিব। নিজৰ মৃত আত্মা আৰু কেমেৰাটো লগত লৈ সাগৰৰ সিপাৰে যাবলৈ ওলাইছো। বুকুত প্ৰৱল কষ্ট লৈ ক’বলগীয়া হৈছে, বিদায় জন্মভূমি, পুনৰ দেখা হ’ব।”
ইয়াৰ পূৰ্বে প্ৰাণৰ ভয়ত আফগানিস্তানৰ ৰাজপথেৰে দৌৰি দৌৰি পলোৱা অৱস্থাত দেখা গৈছিল আফগান চিত্ৰ পৰিচালক চাহৰা কৰিমি(Sahraa Karimi)ক। চোছিয়েল মেডিয়াৰ জৰিয়তে চাহৰা-ই জনাইছিল, কিদৰে আফগানিস্তানত শিল্পীসকলৰ কন্ঠৰোধ কৰা হৈছে। ইতিমধ্যে তালিবানে আফগানিস্তানত সঙ্গীত নিষিদ্ধ কৰিছে। শুনামতে ইতিমধ্যে ফ্ৰান্সলৈ যাবলৈ সক্ষম হৈছে ৰোয়া। অইন এটা পোষ্টত তেওঁ নিজৰ ক্ষোভ উজাৰি দি লিখিছে, “মোৰ কাহিনী ইয়াতেই শেষ হোৱা নাই। মোৰ ভিতৰত তীব্ৰ যন্ত্ৰণা আৰু ক্ৰোধ জমা হৈ আছে। এদিন মই উভতিমেই। আগতকৈ অধিকতৰ শক্তিশালী হৈ। নিজৰ মাজত অধিক জ্ঞান আৰু আত্মবিশ্বাস লৈ। সেইসকল মানুহক ধ্বংস কৰি দিম যিসকলে আমাৰ দেশত নৃশংসতাৰ খেল খেলিছে আৰু আমাৰ দেশৰ মানুহক হত্যা কৰিছে।”