বিদায় হাফিলা, বিদায়
দিলীপ দৈমাৰী
ডিমাছা ছাত্ৰ সন্থাৰ বৰ্তমানৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি, ‘খিলঞ্জীয়া মঞ্চ -অসম’ৰ সাধাৰণ সম্পাদক তথা অসমৰ ছাত্ৰ সংগঠনসমূহৰ সৈতে এক নিবিড় সম্পৰ্ক থকা সদা হাস্যমুখৰ প্ৰফুল্ল হাফিলাই ১১ জানুৱাৰী, ২০২৩ তাৰিখে লংকাৰ সমীপৰ লংকাভেটাৰ নিজৰ বাসভৱনত মাত্ৰ ৪৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
বিগত কিছুমাহ ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁ পত্নীসহ ৬ বছৰীয়া কন্যাসন্তান এটিৰ লগতে আঢ়ৈ বছৰীয়া পুত্ৰ এটিকো এৰি থৈ যায়।
প্ৰফুল্ল হাফিলাই অকালতে মৃত্যুবৰণ কৰাৰ পিছত সমগ্ৰ অঞ্চলটোত শোকৰ বাতাৱৰণ সৃষ্টি হৈছে।
“অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ যেতিয়াই বিঘ্নিত হৈছে, যেতিয়াই খিলঞ্জীয়া ৰাইজক ঐক্যৱদ্ধ কৰাৰ প্ৰয়োজন হয়– তেতিয়াই প্ৰফুল্ল হাফিলাক সকলোৱে প্ৰথম দেখা পাই আহিছে । সেই বাবেই হাফিলা কেৱল ডিমাচা ৰাইজৰ নেতা হৈ নেথাকি খিলঞ্জীয়া ৰাইজৰ নেতা হৈ পৰিছিল”
তেওঁৰ শেহতীয়া ৰুগীয়া অৱস্থাক লৈ অতিশয় উদ্বিগ্ন হৈ থকা আৰু সাধ্যানুসৰি সহযোগিতা আগবঢ়োৱা মৃণাল হাজৰিকাই প্ৰফুল্ল হাফিলাৰ মৃত্যুৰ পিছত এনেদৰে ব্যক্ত কৰিছেঃ
“জননেতা কেতিয়াও সফল পিতৃ বা সফল পতি হব নোৱাৰে”— মানৱ ইতিহাসত যুগে যুগে ইয়াৰ সত্যতা প্ৰমাণ হৈ আহিছে । অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত সদায়ে সন্মুখত থাকি নেতৃত্ব দিয়া নেতাজনেই হল প্ৰফুল্ল হাফিলা । ভূমি পুত্ৰ ডিমাচা ৰাইজক যোৱা তিনিটা দশক নেতৃত্ব দি অহা হাফিলা কিন্তু কেৱল ডিমাচা জনগোষ্ঠীৰ নেতা হৈ থকা নাছিল ।
” অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ যেতিয়াই বিঘ্নিত হৈছে, যেতিয়াই খিলঞ্জীয়া ৰাইজক ঐক্যৱদ্ধ কৰাৰ প্ৰয়োজন হয়– তেতিয়াই প্ৰফুল্ল হাফিলাক সকলোৱে প্ৰথম দেখা পাই আহিছে । সেই বাবেই হাফিলা কেৱল ডিমাচা ৰাইজৰ নেতা হৈ নেথাকি খিলঞ্জীয়া ৰাইজৰ নেতা হৈ পৰিছিল।
“নেতৃত্ব প্ৰদানৰ আচিলা লৈ জাতিক বিক্ৰী কৰি নিজ স্বাৰ্থ পূৰণৰ যি এক অসুভ পৰম্পৰা বৰ্তমান অসমত গঢ় লৈ উঠিছে, ইয়াৰ একমাত্ৰ ব্যতিক্ৰম আছিল– প্ৰফুল্ল হাফিলা । নিজৰ চিকিৎসা কৰাবলৈ, নিজৰ সন্তান আৰু সংসাৰৰ দায়িত্ব পালন কৰিবলৈ অক্ষম আছিল প্ৰফুল্ল হাফিলা । কাৰণ, তেওঁ প্ৰকৃত অৰ্থতেই আছিল “জননেতা” । যিদৰে অক্ষম আছিল বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, শৰৎ সিংহ আদি ।
সহজ সৰল, হাঁহিমুখীয়া আৰু অহংকাৰ বিহীন এক নিৰ্মল হৃদয়ৰ হাফিলা ইমান কম বয়সতেই আজি আমাৰ মাজৰপৰা চিৰ দিনলৈ গুচি গ’ল । যোৱা প্ৰায় আঠ/ ন মাহে মৃত্যুৰ লগত যুজি যুজি আজি হাৰ মানিবলৈ বাধ্য হৈ পৰিল।
“কৰ্কট আজি কালি প্ৰাৰম্ভিক পৰ্য্যায়ত চিনাক্ত কৰিব পাৰিলে আৰোগ্য কৰিব পৰা বেমাৰ যদিও হাফিলাৰ ক্ষেত্ৰত হৈ নুঠিল। প্ৰচণ্ড আত্মবিশ্বাসী মানুহজনে আৰ্থিক অনাটন বা নিজস্ব অৱহেলাৰ বাবে একেবাৰে শেষ সময়তহে চিকিৎসালয়ৰ কাষ চাপিবলৈ বাধ্য হৈছিল, তাকো কেইজনমান সতীৰ্থৰ দাবী ধমকিত । চিনাক্ত হোৱাৰ পিচতেই ডাক্তৰে নিৰ্দিষ্টকৈ সময় নিৰ্দ্ধাৰন কৰি ঘোষণা কৰি দিছিল যদিও তেওঁক সত্যৰ পৰা আতৰাই ৰখা হৈছিল ।
” আজিৰ সময়ত সততা, সৰলতা আৰু নিস্বাৰ্থ ব্যক্তিত্বৰ হাফিলাৰ দৰে ব্যক্তি পোৱা নাযায় । বিদায় হাফিলা, বিদায় । তোমাৰ দৰে নেতা অসমে পাবলৈ আৰু বহু যুগ হয়টো অপেক্ষা কৰিব লাগিব।”
১২-০১-২০২৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)