-ৰাণাদীপ কাকতী |
সমাজবদ্ধ কাৰণেই জীৱনক বহুমাত্ৰিক ৰূপত চাব পাৰি আৰু জুখিবও পাৰি। এই বহুমাত্ৰিক ৰূপৰ বহুতো কাৰণৰ অন্যতম দুটা কাৰণ হিচাপে আঙুলিয়াব পাৰি মানুহৰ যি চিন্তা-চেতনাৰ প্ৰকৃতিপ্ৰদত্ত শক্তি আৰু প্ৰকৃতিৰ আন জীৱৰ দৰেই সমষ্টিগত ধাৰণাৰ প্ৰতি আগ্ৰহশীল মানসিক এক অৱস্থা। এই সমষ্টিগত ধাৰণাক লগত ৰাখিও মানুহে ব্যক্তি স্বাধীনতা উপভোগ কৰে আৰু সেই ব্যক্তি স্বাধীনতাৰ গণ্ডীৰ ভিতৰত থাকিয়ে প্ৰতিজনেই পোহপাল দি ৰাখে সমষ্টিগত বহল ধাৰণাটোক। এই দুয়োটা চেতনাৰ মাজত যিসকল ব্যক্তিয়ে এক সন্তুলন ৰক্ষা কৰি জীৱনৰ বহুমাত্ৰিক ৰূপটোৰ ভিত্তিত ব্যক্তি চেতনাত অন্তৰ্নিহিত সমাজমুখী ধাৰণাটোক আগবঢ়াই নিয়ে, সেইসকল ব্যক্তি কিছু মহৎ কৰ্মত নিমগ্ন হয়। তেনে এগৰাকী সমাজমুখী, স্বদেশৰ প্ৰতি শ্ৰদ্ধাশীল, স্বজাতিৰ কৃষ্টি-সংস্কৃতিক বিশ্বমুখী কৰাৰ প্ৰয়াসত নিবিষ্ট ব্যক্তি হ’ল কৰুণানন্দ ভূঞা। কৰ্তব্যৰ হেতু আমেৰিকা যুক্তৰাষ্ট্ৰক নিগাজি পাম কৰি লোৱা ভূঞাৰ জীৱনটোক বহুমাত্ৰিক ৰূপৰেখা স্পষ্ট ৰূপত প্ৰতিফলিত হোৱা দেখা যায়। তেওঁ সমষ্টিগত ধাৰণাটোক ঠেক ব্যক্তি-কেন্দ্ৰিক চেতনাৰ পৰা উৰ্ধ্বলৈ নি যিদৰে সমাজ আৰু স্বজাতিৰ প্ৰতি একান্তভআৱে কাম কৰি আহিছে, সেয়া প্ৰশংসনীয়। ভূঞাৰ জীৱন কালছোৱাক লৈ দুই ধৰণেৰে আলোকপাত কৰিব পাৰি—দেশত থকা সময় আৰু বিদেশলৈ যোৱাৰ পাছৰ সময়। কৰুণানন্দ ভূঞাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ ঐতিহাসিক শলগুৰিত। তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত দীননাথ ভূঞা আৰু মাতৃ হ’ল প্ৰয়াত চম্পা ভূঞা। শৈশৱ আৰু কৈশোৰ কালছোৱাৰ পঢ়া শলগুৰি বিদ্যালয়তে পাৰ কৰে আৰু এম ইত তেওঁ ছাত্ৰ বৃত্তিও পাইছিল। পাছত ১৯৫৯ চনত কালুগাঁৱৰ বৰপাত্ৰ দ’ল হাইস্কুলত দশম শ্ৰেণী পঢ়ি থকা ভূঞাক তেতিয়া শ্বিলঙত কৰ্মৰত ককায়েক নিত্য ভূঞাই নিজৰ ওচৰলৈ লৈ যায়। ১৯৬০ চনত শ্বিলঙত মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ পাছত ছেণ্ট এডমাণ্ডছ ছায়েন্সত নামভৰ্তি কৰে। পঢ়াৰ উপৰি ভূঞাৰ খেলা-ধূলা (বিশেষকৈ বেডমিণ্টন), নাটক আৰু তৰ্ক প্ৰতিযোগিতাৰ প্ৰতি আছিল বিশেষ ৰাপ। সেই স্কুলতে পঢ়ি থাকোঁতে তেওঁ এখন One Act Play লিখি আৰু নিজেও অভিনয় কৰি প্ৰশংসিত হৈছিল। পঢ়াৰ সমান্তৰালভাৱে তেওঁ শ্বিলঙৰ আসাম এছেম্বলিত কেটাৰিং মেনেজাৰ ৰূপে কৰ্মত সোমায়। তেতিয়া ভাষা আন্দোলনৰ সময়ত শ্বিলঙৰ আশে-পাশে থকা বহুতো অসমীয়া লোকে আহি আসাম এছেম্বলিত আশ্ৰয় লোৱাত তেওঁ পৰ্য্যমানে শুশ্ৰূষা কৰিছিল। কিছুদিন কৰাৰ পাছত তেওঁ এই কাম এৰে আৰু বি. এ পঢ়িবৰ কাৰণে ১৯৬২ চনত এন্থনি কলেজত নাম লগায়। এই সময়ছোৱাত ঘৰুৱা কিছু পৰিস্থিতিত পৰি তেওঁ নিশা কলেজত পঢ়িছিল আৰু দিনৰভাগত Director of Information and Public Relationsত কাম কৰিবলৈ লয়। এই কামত সোমাই বহুকেইজন ৰাজনীতিকৰ সৈতে তেওঁৰ এক ভাল সম্পৰ্ক গঢ়ি উঠিছিল। অধ্যয়ন আৰু চাকৰিৰ মাজতো ভূঞাৰ সুপ্ত মনত সোমাই থকা সমাজ আৰু স্বজাতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহে উকমুকাই আছিল। সেয়ে তেওঁ শ্বিলঙৰ মুকুল সাহিত্য সংঘ, ৰূপালীম সাংস্কৃতিক সংস্থা আদিৰ সৈতে জড়িত হৈ কিছু কাম কৰিবলৈ লয়। ৰূপালীম সাংস্কৃতিক সংস্থাৰ সৈতে জড়িত হৈ জ্যোতি প্ৰসাদ আগৰৱালাৰ সম্পৰ্কত আয়োজন কৰা এক অনুষ্ঠানলৈ সাহিত্যিক প্ৰয়াত অতুল হাজৰিকাক নিমন্ত্ৰণ কৰিছিল। অৱশ্যে, তেওঁ পাছত সেই কাম এৰে আৰু শ্বিলং বিদ্যালয়ত শিক্ষক ৰূপে অলপ দিন সোমায় যদিও তাৰ পৰাও তেওঁ ওলাই আহি ১৯৬৫ চনত নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি (নেফা)ৰ শিক্ষা বিভাগত যোগদান কৰে। সেই সময়ছোৱাত তেওঁ নেফাৰ ছাত্ৰ-ছাত্ৰীসকলক দুবাৰকৈ ভাৰত দৰ্শন কাৰ্যসূচীৰ অধীনত তেতিয়াৰ ৰাষ্ট্ৰপতি জাকিৰ হুচেইন, প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ উপৰি হিন্দী বোলছবি জগতৰ স্বনামধন্য অভিনেতা ৰাজ কাপুৰ, প্ৰখ্যাত গায়ক মুকেশ আদিৰ সৈতে সাক্ষাৎ কৰাইছিল। দ্বিতীয়বাৰৰ ভাৰত দৰ্শনত পাঠানকোঠত সৰ্বোদয় নেতা জয় প্ৰকাশ নাৰায়ণৰ লগতো সাক্ষাৎ কৰোৱাই নহয়, সৰ্বোদয় লীডাৰ কেম্পত এখন One Act Play কৰি প্ৰশংসিত হৈছিল।
শ্বিলঙত থকা সময়ত ১৯৬৩ চনত ভূঞাই নবোদয় ছাত্ৰ পৰিষদ গঠন কৰি সম্পাদক হয়। এই পৰিষদৰ অধীনত বান সাহায্যৰ পুঁজি সংগ্ৰহৰ কাৰণে জনপ্ৰিয় গায়িকা দীপালী বৰঠাকুৰক শ্বিলঙলৈ আমন্ত্ৰণ কৰি সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰে আৰু সেই ধনৰাশি মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায়। শ্বিলঙৰ বিষ্ণুপুৰ শংকৰ-মাধৱ মন্দিৰৰ লগত জড়িত হোৱাৰ উপৰি শ্বিলঙত থকা অসমীয়াসকলে মিলি আয়োজন কৰা বিহু সন্মিলনৰ সমিতিত ১৯৬৩-৬৮ লৈ সদস্য হৈ আছিল। ১৯৬৮ চনত সেই সন্মিলনৰে বিহু আলোচনী ‘ৰঙালী’ প্ৰখ্যাত বোলছবি পৰিচালক জাহ্নু বৰুৱাৰ সহযোগত সম্পাদনাও কৰে। সেই সময়তে এটা বিহু দল গঠন কৰি ১৯৬৩-৭১ চনলৈকে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত কাৰ্যসূচী কৰিছিল। ১৯৬৩-৬৮ৰ সময়ছোৱাত বিভিন্ন খেলাত বিজয়ী হৈছিল। ভূঞাৰ স্বদেশপ্ৰেমৰ উমান পোৱা যায় যেতিয়া ১৯৬২ চনত চীনৰ আগ্ৰাসন হয়। তেতিয়া তেওঁ National Guardত প্ৰশিক্ষণ লৈ ভাৰতীয় সেনা জোৱানলৈ স্বেচ্ছামূলক সেৱা আগ বঢ়াইছিল। ষাঠিৰ দশকত শ্বিলঙত বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাৰ দৰে বৰেণ্য ব্যক্তিৰ লগত একেলগে কাম কৰি আৰু সান্নিধ্য লাভ কৰি তেওঁৰ সমাজমুখী মনটো অধিক জীপাল আৰু উদ্যমী হৈ উঠে।
১৯৬৬ চনত বিএ (অৰ্থনীতিৰ বিশেষ বিষয়ত) উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ শ্বিলঙতে আইনৰ শিক্ষা গ্ৰহণ কৰে। নিশা তেওঁ আনৰ অধ্যয়ন কৰে আৰু দিনত নেফাৰ শিক্ষা বিভাগত কাম কৰিছিল। কিন্তু ইয়াৰ মাজতো তেওঁ সক্ৰিয়ভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিল আৰু ১৯৬৬ চনত শংকৰী শৰণ লৈ গুৰুজনাৰ কৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হ’কে কাম কৰি আছে। পাছত নেফাত কাম এৰি ১৯৭০ চনত ভূঞা সোমায় Director of Tourismত আৰু অসমীয়া সংস্কৃতিৰ প্ৰচাৰৰ হকে কাম কৰে। Tourism Department-ৰ ইনচাৰ্জ হৈ থকা সময়তে ১৯৭১ চনত তেওঁ আমেৰিকাৰ পৰা এটা শৈক্ষিক জলপানি লাভ কৰি উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যায়। তাত টিউছন নগৰত থকা ইউনিভাৰ্চিটি অব এৰিজ’নাত নামভৰ্তি কৰে। তাত পঢ়াৰ পাছত মেইছা কমিউনিটি কলেজ (এম চি চি)ত নাম লগায় আৰু ১৯৭৩ চনত undergraduate (agriculture business) ডিগ্ৰী লয়। সেই এম চি চিত পঢ়ি থাকোঁতেই ইণ্টাৰনেশ্যনেল ক্লাবৰ সভাপতি হৈ আমেৰিকাত অসম আৰু ভাৰতৰ সম্পৰ্কত কাৰ্যসূচীৰে প্ৰচাৰ কৰে। এই ক্লাবটো হ’ল আমেৰিকাত পঢ়িবলৈ যোৱা বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ এখন উমৈহতীয়া মঞ্চ। সেই সময়তে কেলিফৰ্নিয়াত হোৱা Model United Nationsৰ কাৰ্যসূচীত আফ্ৰিকা মহাদেশৰ কেমেৰুন দেশক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পাছত ১৯৭৫ চনত তেওঁ এৰিজ’না ষ্টেইট ইউনিভাৰ্ছিটিৰ পৰা কৃষি বিষয়ত এম এছচি কৰে। সেই তেতিয়াই তেওঁ ইণ্ডিয়া ষ্টুডেণ্ট এছচিয়েশ্যনৰ সভাপতিও হৈছিল। এম এছ চি উত্তীৰ্ণ হোৱাৰ পাছত ভূঞা এৰিজ’না ষ্টেইট চৰকাৰৰ অধীনৰ কৃষি বিভাগত চাকৰিত যোগদান কৰে। প্ৰায় ৩৪ বছৰ কাম কৰি ২০১০ চনত ভূঞাই অৱসৰ গ্ৰহণ কৰে। কৃষি বিভাগত নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ কাৰণে ভূঞাই চৰকাৰীভাৱে Director Award আৰু Govonor Award পায়। চাকৰি কালতে Assam Society of United Statesৰ উপ-সভাপতি হৈছিল। ১৯৭১ চনত পূব আৰু পশ্চিম পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ কালছোৱাত আমেৰিকাত তেতিয়া ভাৰতৰ বিৰুদ্ধে যি বিদ্বেষ বা সমালোচনাৰ সৃষ্টি হৈছিল, তেওঁ আমেৰিকান বৈদ্যুতিন মাধ্যমত সজোৰে কৈছিল যে সেই যুদ্ধ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ নহয়—সেই যুদ্ধ হ’ল পূব আৰু পশ্চিম পাকিস্তানৰ মাজৰ যুদ্ধ আৰু পূব পাকিস্তানে বিচৰা স্বাধীনতা সংগ্ৰামহে। ১৯৯২ চনত Assam Association of Arizona প্ৰতিষ্ঠা কৰি ভাৰত ৰত্ন ভূপেন হাজৰিকাক নিমন্ত্ৰণ কৰি এক অনুষ্ঠানৰ আয়োজন কৰিছিল। ১৯৯১-৯২ চনত India Association of Phoenixৰ ব’ৰ্ড অৱ ডিৰেক্টৰ হয়। সেই সংস্থাতে Assam Associationক লগ লগাই দিয়ে আৰু অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰত মনোনিৱেশ কৰে। ১৯৯২-৯৩ চনত এৰিজ’না ষ্টেইটত হিন্দু মন্দিৰ প্ৰতিষ্ঠাত অন্যতম ভূমিকা লৈছিল ভূঞাই। ১৯৯৫-৯৬ চনত Bengali Associationৰ ব’ৰ্ড অৱ ডিৰেক্টৰ হৈ অসম আৰু বেংগলৰ সংস্কৃতিৰ প্ৰচাৰৰ হকে কাম কৰে। ইয়াৰ উপৰি তেওঁ Assam India Associationৰ লগতে ইস্কনৰ জীৱনজোৰা সদস্য হয়। এৰিজ’নাত প্ৰতিষ্ঠা কৰা মহাগণপতি মন্দিৰৰ সদস্য হৈ মন্দিৰৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে বিভিন্ন গছপুলি ৰোপণৰ আঁচনি গ্ৰহণ কৰে। তাৰ উপৰি, Indo-Us Culture Phoenix ৰো তেওঁ জীৱনজোৰা সদস্য হয়। এৰিজ’নাৰ সত্য সাই বাবাৰ লগতো ভূঞা জড়িত আৰু গৃহহীনসকলৰ কাৰণে কাম কৰি আছে। ইয়াৰ লগতে আমেৰিকাত সাহিত্য সভাৰ শাখা (ফিনিক্স শাখা সাহিত্য সভা) প্ৰতিষ্ঠাত ভায়েক চাণক্য ভূঞাই তেওঁক যথেষ্ট সহায় কৰিছিল আৰু সেই শাখা প্ৰতিষ্ঠা কৰি তেওঁ প্ৰতিষ্ঠাপক সভাপতি হয়। অসম সাহিত্য সভাৰ ফিনিক্স শাখাৰ পৰা আলোচনী ‘দিখৌৰ পৰা গ্ৰেণ্ড কেনিয়নলৈ’ উলিয়াই আছে। ইপিনে, ভাৰতৰ প্ৰতিখন ৰাজ্যৰ সাংস্কৃতিক সংস্থাসমূহে একগোট হৈ নিজৰ নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা কামৰ সৈতে জড়িত হৈ তেওঁ অসমৰ সংস্কৃতিৰ প্ৰচাৰত আগ-ভাগ লয়। ইয়াৰ সমান্তৰালভাৱে জন্মভূমি শলগুৰিৰ নামঘৰৰ কাৰণে ককাই-ভাইৰ সৈতে মিলি সাহায্য আগবঢ়োৱা, ককায়েক গণেশ ভূঞা আৰু লগৰীয়াসকলে মিলি প্ৰতিষ্ঠা কৰা শলগুৰি পুঁথিভঁৰালৰ উন্নয়ন, বৰপাত্ৰ দ’ল হাইস্কুলৰ ৭৫ বছৰীয়া জয়ন্তী আদিলৈও পাৰ্যমানে সহায় আৰু সেৱা আগবঢ়াইছে। কৰুণানন্দ ভূঞাৰ বিয়া হয় ১৯৭৮ চনত। পত্নী গুৱাহাটীৰ শেৱালি ভূঞা। তেওঁলোকৰ সংসাৰত দুগৰাকী জীয়াৰী আৰু দুয়োকে আমেৰিকাতে বিয়া দিছে। কৰুণানন্দ ভূঞাৰ জীৱনৰ মূল মন্ত্ৰ হ’ল, Help ever hurt never-লোক সমস্তা সুখীন ভৱন্তু। নিজক গঢ়ি-পিতি নিজক লৈ নিজৰ এখন পৃথিৱীত ব্যস্ত থকা মানুহ তেওঁ নহ’ল। মানুহৰ এখন অন্য পৃথিৱীত বিচৰণ কৰি মানুহ আৰু স্বদেশ-স্বজাতিৰ কাৰণে কাম কৰাৰ প্ৰবল হেঁপাহে তেওঁক সদায় অস্থিৰ কৰি ৰাখিছে। অন্য দহজনৰ দৰে ব্যক্তি-কেন্দ্ৰিক বেষ্টনিত আবদ্ধ নাথাকি তেওঁ এটা সুকীয়া আৰু স্ব-নিৰ্বাচিত পথ গ্ৰহণ কৰাৰ কাৰণেই ভূঞা সৰ্বসাধাৰণৰ পৰা ব্যতিক্ৰম। শ্যামলা অসমৰ বুকুৰ পৰা গৈ সুদূৰ আমেৰিকাত থাকিও তেওঁ নিজৰ শিপাৰ লগত সংপৃক্ত হৈ ৰৈছে। দেশত থাকিও তেওঁ যিদৰে নিজৰ মানুহৰ কাৰণে কাম কৰিছিল, সেই একেদৰে বিশ্বৰ আটাইতকৈ শক্তিআলী আৰু উন্নত দেশখনলৈ গৈও তাৰ পৰিৱেশত অসম আৰু অসমীয়াত্বক খামুচি ধৰি কাম কৰি আছে। কৰুণানন্দ ভূঞাৰ দৰে ব্যক্তিয়ে সাংসাৰিক জীৱনৰ ব্যস্ততাৰ মাজতো যিদৰে নিষ্ঠাসহকাৰে অসম আৰু অসমীয়া সংস্কৃতিৰ প্ৰচাৰৰ হ’কে নীৰৱে কাম কৰি আহিছে, সেয়া সঁচাকৈ আদৰণীয় আৰু অনুকৰণীয়।