বিদেশী অনুপ্ৰৱেশ প্ৰতিৰোধ কৰাৰ দায়িত্ব কাৰ?
মৃণাল হাজৰিকা
১৯৭৯ চনৰ পৰা অসমৰ খিলঞ্জীয়া মানুহে “বিদেশী সমস্যা”টোৰ বিষয়ে কি অভিজ্ঞতা ললে???
বিদেশী অনুপ্ৰৱেশ প্ৰতিৰোধ কৰাৰ দায়িত্ব কাৰ?? বিদেশী লোকক বহিস্কাৰ কৰাৰ শক্তি ভাৰত ৰাষ্ট্ৰৰ আছে বুলি ভাবে নেকি??? নে বিদেশী লোকৰ প্ৰৱজনৰ সমস্যা মীমাংসা কৰাৰ ইচ্ছা আৰু আন্তৰিকতা ভাৰত ৰাষ্ট্ৰৰ আছে???
যোৱা ৪৫ বছৰৰ অভিজ্ঞতাৰ পৰা অসমৰ খিলঞ্জীয়া ৰাইজে এই প্ৰশ্ন কেইটাৰ উত্তৰ নিজেই বিচাৰ কৰি লোৱা উচিত।
যোৱা ৪৫ বছৰ অভিজ্ঞতাই আমাক এই সত্যকেই প্ৰমাণ কৰি দিছে যে, অসম আৰু সাতভনী অঞ্চলৰ খিলঞ্জীয়া মানুহৰ স্বকীয় পৰিচয় আৰু অস্তিত্ব ভাৰত ৰাষ্ট্ৰৰ বাবে সদায়ে চিন্তনীয় আৰু বিপদজনক। ইয়াৰ প্ৰমাণ ‘চৰ্দাৰ বল্লবভাই পেটেলে নেহেৰুলৈ লিখা পত্ৰ’।
গতিকেই আমাৰ এই ভূখণ্ডলৈ সকলো ফালৰ পৰা প্ৰৱজন ঘটাই খিলঞ্জীয়া লোকৰ পৰিচয় শেষ কৰাৰ পৰিকল্পনা দিল্লীৰ প্ৰথমৰ পৰাই আছে। ইয়াৰ বাবে দিল্লীয়ে সকলো সহায়- সুবিধা, আইন আৰু বহতীয়া ৰাজ্য চৰকাৰক ভাবুকি, ব্লেক-মেইল কৰি হলেও বৰ্তাই ৰাখি আহিছে। প্ৰমাণ: নেহেৰুৱে গোপীনাথ বৰদলৈক কৰা ব্লেক-মেইল আৰু ধমকি।”
প্ৰমাণ: নিজৰ সংবিধান উলংঘা কৰি বিদেশী চিনাক্তৰ ভিত্তি বৰ্ষ ১৯৭১ চন জাপি দিয়া। প্ৰমাণ: অসমত IMDT আইন জাপি দিয়া। প্ৰমাণ আৰু আছে, কিন্তু দিঘলীয়া নকৰো। তথাপিও অসমৰ খিলঞ্জীয়া ৰাইজে ৪৫ বছৰৰ পিচতো বিদেশী খেদিব বুলি আশা কৰি মাজে মাজে টুপনিৰ পৰা জাগি উঠাৰ দৰে বিদেশী খেদাৰ চিঞৰ ধৰে।
৪৫ বছৰ পিচত এইবাৰ আকৌ মিঞা খেদাৰ আন্দোলন!!! সকলোৰে মুখত আজিকালি শুনা যায় — “মিঞা”। মিঞা এটা গোষ্ঠী, মিঞা এটা জাতি???
কোনে নিৰ্দ্ধাৰণ কৰিলে??? এই মানুহ খিনিক সংঘৱদ্ধ হবলৈ, একত্ৰিত হবলৈ সুযোগ কিয় দিয়া হৈছে???
মিঞা মিউজিয়াম বনাবলৈ উদগনি কিয় দিয়া হৈছে???
তেওঁলোকৰ বেছি সংখ্যকে অসমীয়া হবলৈ আগ্ৰহী। তেনেস্থলত ‘মিঞা’ হবলৈ প্ৰৰোচিত কিয় কৰি থকা হৈছে???
ইয়াতো দিল্লীৰ ষড়যন্ত্ৰই কাম কৰি থকা নাই নে???
আগতেও কৈছো, আকৌ কম– দিল্লীয়ে এটা বাঘে খাব খাব বুলি খিলঞ্জীয়া মানুহ খিনিক আতংকিত কৰোৱাই আনফালে খিলঞ্জীয়াৰ ভূমি, ভাষা, সংস্কৃতি, ক্ষমতা সকলোবোৰ বহিৰাগত ভাৰতীয়ৰ দ্বাৰা গ্ৰাস কৰাই আনিছে। এই কথা খিলঞ্জীয়াই বুজি পাব কেতিয়া??
খিলঞ্জীয়াই যেতিয়াই বহিৰাগতৰ বিৰুদ্ধে জাঙুৰ খাই উঠে, তেতিয়াই বিদেশী/ বাংলাদেশী/ মিঞালৈ ইয়াক কৌশলেৰে সলনি কৰি দিয়া হয়। “অসম আন্দোলনো” বিদেশী খেদা আন্দোলন নাছিল। আছিল “বহিৰাগত খেদা আন্দোলনহে”।
বিদেশীও গৈ কেৱল বাংলাদেশীহে হলগৈ। নেপালী বিদেশীৰ কথা কোনোবা গৰ্ভত হেৰাই গল। অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব সংকত কেৱল বাংলাদেশী বিদেশীৰ বাবেই নহয় , হৈছে নেপালৰ বিদেশী আৰু ভাৰতীয় বহিৰাগতৰ বাবেও।
” দিল্লীয়ে এটা বাঘে খাব খাব বুলি খিলঞ্জীয়া মানুহ খিনিক আতংকিত কৰোৱাই আনফালে খিলঞ্জীয়াৰ ভূমি, ভাষা, সংস্কৃতি, ক্ষমতা সকলোবোৰ বহিৰাগত ভাৰতীয়ৰ দ্বাৰা গ্ৰাস কৰাই আনিছে। এই কথা খিলঞ্জীয়াই বুজি পাব কেতিয়া?? খিলঞ্জীয়াই যেতিয়াই বহিৰাগতৰ বিৰুদ্ধে জাঙুৰ খাই উঠে, তেতিয়াই বিদেশী/ বাংলাদেশী/ মিঞালৈ ইয়াক কৌশলেৰে সলনি কৰি দিয়া হয়। “অসম আন্দোলনো” বিদেশী খেদা আন্দোলন নাছিল। আছিল “বহিৰাগত খেদা আন্দোলনহে”। বিদেশীও গৈ কেৱল বাংলাদেশীহে হলগৈ। নেপালী বিদেশীৰ কথা কোনোবা গৰ্ভত হেৰাই গল। অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব সংকত কেৱল বাংলাদেশী বিদেশীৰ বাবেই নহয় , হৈছে নেপালৰ বিদেশী আৰু ভাৰতীয় বহিৰাগতৰ বাবেও। “
এই আগ্ৰাসন কেৱল অসমীয়া নাম ফলক লিখাই প্ৰতিৰোধ কৰিব পৰা নেযাব। প্ৰতিৰোধ কৰিব লাগিব অসমৰ বজাৰ খিলঞ্জীয়া লোকে দখল কৰি। প্ৰতিৰোধ হব লাগিব অসমৰ ভূমি খিলঞ্জীয়াৰ দখলত। যিখিনি গল– সেই খিনিও ধীৰে সুষ্ঠিৰে ঘুৰাই অনাৰ পৰিকল্পনাৰে। প্ৰতিৰোধ হব লাগিব ৰাজনৈতিক ক্ষমতা ৮০% খিলঞ্জীয়াৰ দখলত অনাৰ।
প্ৰতিৰোধ হব লাগিব– বহিৰাগত আৰু বিদেশী যিসকলে নিজকে অসমীয়া হবলৈ ইচ্ছা কৰে বা আগ্ৰহ কৰে, তেওঁলোকক বৃহত্তৰ অসমীয়া জাতিৰ লগত বিলীন হৈ যাবলৈ অনুপ্ৰাণিত কৰা আৰু আকোৱালি লোৱা। জাতি গঠনৰ এই প্ৰক্ৰিয়াক বাধা গ্ৰস্ত কৰি ভাঙোনমুখী পৰিবেশ সৃষ্টি কৰিবলৈ বিচৰা শক্তি সমূহক চিনাক্ত কৰি অসমৰ পৰা উৎখাত কৰা।
প্ৰতিৰোধৰ পৰিকল্পনা হব লাগিব– অসমত চলি থকা বিভিন্ন মাধ্যমৰ স্কুল সমূহ ক্ৰমান্বয়ে উঠাই দি ত্ৰি-ভাষীক মাধ্যম প্ৰয়োগ কৰা। প্ৰতিৰোধ হব লাগিব– সমগ্ৰ অসমৰ সমাজ ব্যৱস্থাৰ পৰা ধৰ্মৰ প্ৰভাৱ উৎখাত কৰি বৈজ্ঞানিক মানসিকতাৰ সমাজ ব্যৱস্থা গঢ় দিয়াৰ পৰিকল্পনা কৰা। এই সকলোবোৰ দীৰ্ঘম্যাদি পৰিকল্পনা আৰু উগ্ৰ মানসিকতা পৰিহাৰ কৰি শান্তিপূৰ্ণ ভাৱে আগ বঢ়াব পাৰিব লাগিব।
দিল্লী আৰু ৰাজনৈতিক দল সমূহৰ ষড়যন্ত্ৰত ভৰি দি কেৱল গোষ্ঠী বিদ্বেষ আৰু ধৰ্ম বিদ্বেষেৰে অসমক সুৰক্ষিত কৰিব পৰা নেযাব। যি প্ৰকৃততে অসম প্ৰেমী, খিলঞ্জীয়া প্ৰেমী, তেওঁলোকেহে এইখিনি উপলদ্ধি কৰিব পাৰিব। প্ৰকৃত জাতীয়তাবাদীয়েহে ইয়াক উপলদ্ধি কৰিব পাৰিব। কেৱল ভাৰত প্ৰেমী সকলে ইয়াক উপলদ্ধি কৰিবলৈ সক্ষম নহব।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.