• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

বিদ্যার্থীৰ কিছুমান গুণ: আগ্রহ, উৎসাহ, একাগ্রতা আদি

ASSAMESE SECTION / Education

by Sanjeev Kumar Nath
March 4, 2025
in ASSAMESE SECTION, Education, Inspiration, Opinion
Reading Time: 5 mins read
0
faceless multiethnic students walking out of subway train

Photo by Keira Burton on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

বিদ্যার্থীৰ কিছুমান গুণ: আগ্রহ, উৎসাহ, একাগ্রতা আদি

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath scaled
সঞ্জীৱ কুমাৰ নাথ

বিজ্ঞানী সকলে কয় যে মানুহ আৰু চিম্পাঞ্জীৰ ৯৮ শতাংশ ডি.এন.এ একেই। তেন্তে চিম্পাঞ্জীতকৈ মাত্র ২ শতাংশ পার্থক্যৰে ক্রমবিকাশৰ দৌৰত মানুহ কেনেকৈ ইমান বেছি আগ বাঢ়ি গ’ল?

চিম্পাঞ্জী চিম্পাঞ্জী হৈয়ে ৰ’ল, বহুত নিযুত বছৰৰ ক্রমবিকাশৰ পিছতো সিহঁতৰ বিশেষ উন্নতি নহ’ল, আৰু সিহঁতৰে অতি ওচৰৰ সম্বন্ধৰ মানুহে  সমস্ত পৃথিৱীত আধিপত্য বিস্তাৰ কৰিবলৈ সমর্থ হ’ল।
৯৮ শতাংশ ডি.এন.এ একেই হোৱাৰ পিছতো সিহঁতৰ আৰু আমাৰ মাজত ইমান পার্থক্য কেনেকৈ হ’ল?

এই প্রশ্নৰ সঠিক উত্তৰ দিয়া সহজ নহয়, কিন্তু মানুহ আৰু চিম্পাঞ্জীৰ মাজৰ পার্থক্যৰ এটা বিশেষ দিশ মন কৰিবলগীয়া : মানুহৰ ক্রমবিকাশৰ ইতিহাসত দেখা যায় যে ডাঙৰে সৰুক বিভিন্ন কৌশল শিকায় বা জ্ঞান দিয়ে, আৰু এইদ’ৰে মানুহ জাতিৰ জ্ঞান পূর্বৰ পুৰুষৰ পৰা পিছৰ পুৰুষলৈ যোৱাৰ প্রক্রিয়া চলি থাকে।

মানুহে মানুহক যিদ’ৰে বিভিন্ন কথা শিকায়, চিম্পাঞ্জীয়ে চিম্পাঞ্জীক কিন্তু নিশিকায়। পৰীক্ষা-নিৰীক্ষা কৰি বিজ্ঞানী সকলে দেখা পাইছে যে চিম্পাঞ্জীৰো problem-solving capabilities আছে, অর্থাৎ একোটা জটিল পৰিস্থিতিৰ বুদ্ধিৰে মোকাবিলা কৰাৰ সামর্থ আছে, কিন্তু এটা চিম্পাঞ্জীয়ে শিকা কথাটো বেলেগ এটা চিম্পাঞ্জীক শিকোৱাৰ কোনো প্রথা নাই। সিহঁতৰ মাজত গুৰু-শিষ্য সম্বন্ধ নাই।

কোনো সন্দেহ নাই যে মানুহ মানুহ হোৱাৰ এটা ডাঙৰ কাৰণ হ’ল আমাৰ মাজত থকা শিক্ষণ প্রথা।

শিকিবলৈ বিচৰা, জানিবলৈ বিচৰাটো মানুহৰ সহজ স্বভাৱ। আজিৰ সমাজ ব্যৱস্থাত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বিভিন্ন শিক্ষণ প্রতিস্থান আদি আছে য’ত বিভিন্ন ধৰণৰ শিক্ষা দিয়া যায়। কিন্তু আমাৰ শিকাৰ প্রক্রিয়া কেৱল এই প্রতিস্থান বোৰতেই যে হয় তেনে নহয়। মাক-দেউতাক, বন্ধু-বান্ধৱ, অন্য মানুহ, সকলোৰে পৰা আমি কিবা-কিবি শিকি থাকোঁয়েই; তাৰোপৰি আমি নিজে নিজে দেখি শুনিয়েই বহুত কথা শিকোঁ।

নিশিকাকৈ কোনেও একো কৰিব নোৱাৰে। নোবেল বঁটা বিজয়ী লেখক বা বিজ্ঞানীৰ শিক্ষণৰ যাত্রাও সৰুতে ‘অ, আ, ক, খ’ শিকাৰ পৰাই আৰম্ভ হয়।

বিদ্যার্থীৰ কিছুমান গুণ: আগ্রহ, উৎসাহ, একাগ্রতা আদি
চিম্পাঞ্জী চিম্পাঞ্জী হৈয়ে ৰ’ল (Photo by Public Domain Pictures on Pexels.com)

আচলতে কথাটো এনেকুৱা যে আমি শিকাৰু হিচাবে কিমান ভাল তাৰ ওপৰতে আমাৰ সকলো সাফল্য নির্ভৰ কৰে। জীৱনত প্রকৃততে সফল হ’বলৈ হ’লে আমি প্রথমে ভাল শিকাৰু বা ভাল বিদ্যার্থী হ’ব লাগিব। ভাল বিদ্যার্থীৰ কিছুমান বিশেষ গুণ থাকে : জিজ্ঞাসা, আগ্রহ, উৎসাহ, একাগ্রতা, অধ্যৱসায়, নৈতিকতা, পৰোপকাৰৰ ইচ্ছা।

প্রথম গুণ জিজ্ঞাসা। জানিবলৈ বিচৰাটো মানুহৰ স্বভাৱ। অদম্য জিজ্ঞাসাৰ পৰাই আৰম্ভ হয় বিজ্ঞান, অদম্য জিজ্ঞাসাই সকলো আবিস্কাৰৰ, মূল : কলা, বিজ্ঞান, সকলো ক্ষেত্রতে। জিজ্ঞাসা আৰু আগ্রহ প্রায় একেধৰণৰ গুণ। আগ্রহ অবিহনে জীৱনত একো সম্ভৱ নহয়। অকণমানি শিশু এটিয়ে যেতিয়া আনে কথা কোৱা শুনে, তেতিয়া সিও কথা ক’বলৈ ইচ্ছা কৰে, লাহে লাহে বুজিবলৈও চেষ্টা কৰে। তাৰ কৌতুহল (অর্থাৎ জিজ্ঞাসা) আৰু আগ্রহ অপৰিসীম।

অপাৰ কৌতুহল আৰু আগ্রহৰ বাবেই সি কথা ক’বলৈ শিকে, খোজ কাঢ়িবলৈ শিকে, বিভিন্ন কথা শিকে। কেবল আনক অনুকৰণ কৰিয়েই ইমান কথা সি কেনেকৈ শিকে? তাৰ কৌতুহল আৰু আগ্রহৰ বলত।

কৌতুহল আৰু আগ্রহ দুটা বেলেগ বস্তু বুলি নধৰিলেও হয়। মাক দেউতাকে বিচাৰে যে ছোৱালী ডাক্তৰ হওক, কিন্তু ছোৱালীয়ে যদি সংগীতজ্ঞ হে হ’ব বিচাৰে, তাইৰ আগ্রহ সংগীতৰ প্রতিহে, তেন্তে মাক-দেউতাকে তেওঁলোকৰ ইচ্ছা তাইৰ ওপৰত জাপি দিয়াতকৈ তাইৰ নিজৰ ইচ্ছা, আগ্রহ অনুযায়ী আগ বাঢ়ি যাবলৈহে সুবিধা কৰি দিয়া উচিত।

আচলতে যিকোনো কথা শিকি মানুহে আনন্দ লাভ কৰে। আগ্রহৰ সৈতে এই আনন্দৰ গভীৰ সম্বন্ধ। কিন্তু আনন্দ কেৱল শিকা জনৰেই নহয়, শিকোৱা জনৰো। আগ্রহেৰে শিকাজনক শিকাই আনন্দ পোৱা যায়। কোৱা হয় যে শিক্ষকে সকলো ছাত্র-ছাত্র্রীকে সমান চকুৰে চাব লাগে। প্রকৃততে ভাল শিক্ষকে সঁচাকৈয়ে সকলো বিদ্যার্থীক সমান চকুৰেই চায়, কিন্তু বিশেষ আগ্রহ দেখুৱা বিদ্যার্থীক শিকাই তেওঁ নিজে বেছি আনন্দ পায়।

আগ্রহ নথকা, শিকিব নিবিচৰা জনৰ অনীহা দেখি শিক্ষকৰো মন ভাগি যায়; ভালদৰে শিকাবলৈ মন নোযোৱা হৈ যায়। আচলতে শিকাৰ আগ্রহ নথকা জন এনেই জীয়াই থাকে; মৃত নহয় বাবেহে তেওঁক জীৱন্ত বুলি কোৱা হয়; তেওঁৰ ভিতৰত প্রকৃততে কোনো প্রাণোচ্ছলতা নাই। মন কৰিবলগীয়া কথা যে শিকাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ আগতেই আগ্রহৰ প্রয়োজন। প্রথমে আগ্রহ। আগ্রহ হ’লেহে শিকাৰ প্রক্রিয়া আৰম্ভ হয়।

জিজ্ঞাসা থাকিলে, আগ্রহ থাকিলে উৎসাহ থাকিবই। উৎসাহ অবিহনে কোনো কাম আৰম্ভই নহ’ব। উৎসাহী মানুহ এলেহুৱা নহয়, পৰিশ্রমী হয়। পৰিশ্রম বুলিলে কিছু কষ্ট থকা বুলি বুজা যায়, কিন্তু উৎসাহ থাকিলে কামৰ কষ্টৰ কথা গমকে পোৱা নাযায়। উৎসাহেৰে কৰা কাম হেলাৰঙে সম্পূর্ণ কৰিব পাৰি।

প্রাণৱন্ত, শক্তিমান জনৰ উৎসাহ থাকে। সেইবাবে বিদ্যার্থী সকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাতোও নিতান্তই প্রয়োজন। স্বাস্থ্য ভালে ৰাখিবলৈ যি বোৰ কাম কৰা যায় সেইবোৰক “সময় নষ্ট” বুলি ধৰা অনুচিত। উচিত পৰিমাণে শোৱা, ব্যায়াম কৰা মানে সময় নষ্ট কৰা নহয়।

শিকাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে প্রয়োজন হোৱা গুণ হ’ল একাগ্রতা। পঢ়া-শুনা বা অন্য যিকোনো কথাত মন দিবলৈ যে কোৱা হয়—এই “মন দিয়া”ই হ’ল একাগ্রতা। অর্জ্জুনে তেওঁৰ ধনূ-কাঁড়েৰে লক্ষ্য স্থিৰ কৰোঁতে চৰাইটোৰ চকুটোহে দেখিছিল, ওচৰে পাজৰে কি আছে, গছ জোপা, তাৰ ডাল-পাত, আনকি চৰাইটোকো পূৰাকৈ তেওঁ দেখা নাছিল, মাত্র চৰাইটোৰ চকুটোহে দেখিছিল কাৰণ সেই চকুটোতেই তেওঁ লক্ষ্য স্থিৰ কৰিছিল।

সেইদৰে কিতাপ এখন পঢ়ি থাকোতে কেৱল পঢ়াতেই সম্পূর্ণ মনটো দিলে অন্য একো কথা গম পোৱা নাযায়। পঢ়ি থাকোতে যদি ৰান্ধনীশালত তৈয়াৰ হৈ থকা সুস্বাদু আহাৰৰ কথা মনত পৰি থাকে, বা সামাজিক মাধ্যমৰ কিবা আলোচনালৈ মনত পৰি থাকে, বা কাইলৈ কাক লগ কৰিবলগীয়া আছে সেই বিষয়ে ভাবি থকা যায়, তেম্তে সেয়া একাগ্রতা মুঠেই নহয়।

মই নিজে লগ পোৱা মানুহৰ মগজুৰ শক্তি দেখি  মই দুবাৰ আচৰিত হৈছো। প্রথম বাৰৰ অভিজ্ঞতা সৰু কালৰ। ইন্দৌৰৰ এখন স্কুলত পঢ়ি থাকোতে এবাৰ আমাৰ স্কুললৈ শকুন্তলা দেৱী আহিছিল। আমাৰ শিক্ষক সকলৰ ওপৰি ভালেমান গণিতজ্ঞ, বিজ্ঞানী আদি গোট খাইছিল। তেওঁলোকে দিয়া অতি কঠিন প্রশ্ন একোটাৰ উত্তৰ শকুন্তলা দেৱীয়ে নিমিষতে দিয়া দেখি আশ্চর্যত আমাৰ মুখ মেল খাইছিল।

বিদ্যার্থীৰ কিছুমান গুণ: আগ্রহ, উৎসাহ, একাগ্রতা আদি

স্কুলত নাস্তিক বুলি বিখ্যাত আমাৰ এজন বিজ্ঞানৰ শিক্ষক আছিল। সেইদিনা শকুন্তলা দেৱীয়ে অংক কৰি দেখুউৱা সেই অনুস্থানৰ পিছত আমি আমাৰ এই বিজ্ঞানৰ শিক্ষকক শুধিলো, “Sir, how would you explain this phenomenon—Shakuntala Devi’s talent?”

আমাৰ নাস্তিক শিক্ষকৰ উত্তৰ : “God’s gift. What else? It’s God’s gift.”

দ্বিতীয় বাৰ আচৰিত হ’ব লগীয়া হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত পঢ়িবলৈ গৈ এজন শিক্ষকৰ শ্রেণীত বহি। (কাৰ কথা কৈছো, ছাৰৰ বিষয়ে জনা সকলে নিজেই বুজিব)। শকুন্তলা দেৱীক চকুৰ আগত এদিনেই দেখিছিলো, কিন্তু ছাৰক যিহেতু ছাত্র হিচাপে লগ পায়ে থাকোঁ, আমাৰ আচৰিত হোৱাতো নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছিল। আচৰিত হৈছিলো ছাৰৰ স্মৃতি-শক্তিৰ প্রখৰতা অনুভৱ কৰি।

তেখেতক লগ পোৱাৰ আগতেই দুই এজন মানুহৰ পৰা তেখেতৰ বিষয়ে শুনিছিলো – যে ছাৰৰ পঢ়াৰ পৰিমাণ অতি বেছি, আৰু তেওঁৰ পঢ়া কথা মনত ৰখা শক্তিও আচৰিত। ছাৰৰ আচৰিত স্মৃতি-শক্তিৰ বিষয়ে কিছুমান গল্প-গুজবো শুনিছিলোঁ। কিন্তু এই গল্প-গুজব শুনি যিমান আচৰিত হৈছিলো, তাতকৈ আচৰিত হৈছিলো  শ্রেণীত ছাৰৰ বক্তৃতা শুনি।

ছাৰৰ স্মৃতি-শক্তিৰ বিষয়ে কোৱাৰ আগতে নিজৰ কথাই কৈ লওঁ। এতিয়ালৈ কেবা দশক শিক্ষকতা কৰিলোঁ। মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়ুৱালোঁ, কিন্তু পঢ়াওঁতে মোৰ স্মৃতি-শক্তিৰ কিমান ব্যৱহাৰ হয়?

শ্রেণীত পঢ়ুৱাবলগীয়া কথা পঢ়ি ঠিকেই মনত ৰাখোঁ, নিজে খুব ভাল পোৱা কবিতা এটা-দুটা চাগৈ প্রয়োজন মতে স্মৃতিৰ পৰা আওৰাব পাৰোঁ, কিন্তু যদি টান সাহিত্য-সমালোচনাৰ ৰচনা এখন পঢ়ুৱাব লগীয়া হয়, তেন্তে তাৰ পৰা দীঘলীয়া উদ্ধৃতি দিবলগীয়া হ’লেতো পাঠটো চকুৰে চাবই লাগিব। কিন্তু যিজন প্রাধ্যাপকৰ কথা কৈছো, তেখেতৰ কোনো পাঠ চোৱাৰ প্রয়োজন নহয়।

বিদ্যার্থীৰ কিছুমান গুণ: আগ্রহ, উৎসাহ, একাগ্রতা আদি

প্রয়োজন মতে কবিতা, বুৰঞ্জী, সাহিত্য-সমালোচনা, বা অন্য যিকোনোধৰণৰ পাঠৰ তেওঁ মনৰ পৰাই উদ্ধৃতি দিয়ে—সম্পূর্ণ শুদ্ধকৈ। এবাৰ ছাৰে অসমৰ এজন কবিৰ  কেবা দশক আগতে লিখা এটা কবিতাৰ পাঠ নিজৰ মনৰ পৰা উদ্ধাৰ কৰি দিছিল – কবিয়ে নিজে পাহৰি পেলোৱা কবিতাটো ছাৰে মনৰ পৰা গাই দিছিল।

কেতিয়াবা ছাৰক আমনি কৰিছিলো তেওঁৰ অদ্ভূত স্মৃতি-শক্তিৰ কথা শুধি : তেওঁ কিতাপ কেনেকৈ পঢ়ে যে এনেকৈ মনত থাকে? তেওঁ মাত্র কৈছিল যে তেওঁৰ একো যাদুকৰী technique নাই; তেওঁ কিতাপ খন লয় আৰু পঢ়ে। পিছত যেতিয়া ছাৰে নিজে কেনেকৈ আনৰ বক্তৃতা শুনে সেয়া ভালদৰে মন কৰিলো, তেতিয়া মোৰ প্রশ্নটোৰ আংশিক উত্তৰ পালোঁ।

ছাৰে যেতিয়া বক্তৃতা এটা শুনে, তেতিয়া তেওঁক চালেই (বক্তৃতা শুনাতকৈ তেওঁক চোৱাত মন দিয়া বুলি জানিলে তেওঁ ভাল নাপাব যদিও) বুজা যায় যে ছাৰৰ একাগ্রতা-শক্তি অতি প্রখৰ। মন্ত্র-মুগ্ধৰ দৰে তেওঁ একেথিৰে বক্তাক চাই থাকে আৰু সম্পূর্ণ মনোযোগেৰে শুনে। নিশ্চয় তেওঁ পঢ়েও একেইধৰণৰ তীব্র একাগ্রতাৰে।

ছাৰৰ একাগ্রতাক মই তেখেতৰ স্মৃতি-শক্তিৰ আংশিক কাৰণ বুলি এই বাবে কৈছো যে তেনেকুৱা স্মৃতি-শক্তি বা শকুন্তলা দেৱীৰ দৰে খৰকৈ অংক কৰিবৰ বাবে লগতে যিটো বস্তুৰ প্রয়োজন হয়, সেইটো আমাৰ সেই নাস্তিক ছাৰৰ উত্তৰতে আছে : God’s gift। ঈশ্বৰক মনা সকলে ইয়াক সঁচাকৈ ঈশ্বৰ-প্রদত্ত শক্তি বুলি ভাবিব পাৰে, নমনা সকলে প্রকৃতি-প্রদত্ত গুণ বুলি বুজিব পাৰে, genetics বুলি বুজিব পাৰে।

বিদ্যার্থীৰ কিছুমান গুণ: আগ্রহ, উৎসাহ, একাগ্রতা আদি

মুঠৰ ওপৰত এনেকুৱা অসাধাৰণ একাগ্রতা আৰু স্মৃতি শক্তিৰ বাবে নিজে কৰা চেষ্টাৰ ওপৰিও নিজৰ ভিতৰত আপোনা আপুনি থকা গুণ লাগিবই। কিন্তু আমি যিহেতু প্রকৃতিয়ে আমাক কি দিলে সেইলৈ বৰ বেছি চিন্তা কৰি লাভ নাই, সেই বাবে লাভ থকা কামটো কৰিলেই হ’ল: মনোযোগ বঢ়াবলৈ চেষ্টা কৰিব লাগে। এটা ভাল কথা হ’ল যে আমি যিমানে একাগ্রতা বঢ়াবলৈ যত্ন কৰিম, সিমানে একাগ্রতা বাঢ়ি গৈ থাকে।

আজিৰ পৃথিৱীত whatsapp, facebook, instagram আদি তথাকথিত সমাজিক মাধ্যমত বহুত মানুহে ইমানেই মচগুল হৈ থাকে যে তেওঁলোকে অন্য কোনো কথাতে ভালদৰে মন দিব নোৱাৰে। মনোবিজ্ঞানী সকলে মানুহৰ সমাজৰ এই অৱস্থাটোক an epidemic of inattention অর্থাৎ “অমনোযোগিতাৰ মহামাৰী” নাম দিছে।

মোবাইল ফোনত ব্যস্ত হৈ থাকোতে দুর্ঘটনা হোৱা, selfie ল’বলৈ যাওঁতে পানীত পৰি প্রাণ হেৰুওৱা আদি ঘটনা সংবাদ মাধ্যমত প্রায়ে পোৱা যায়। এইবোৰ ঘটনাই অমনোযোগিতাকে সূচায়, আৰু অমনোযোগিতাৰ ফল কেনে ভয়ানক হ’ব পাৰে তাকো দর্শায়। বিদ্যার্থীসকল এই বিষয়ত বিশেষ সাবধান হ’ব লাগে কাৰণ মনোযোগিতাৰ অবিহনে শিক্ষা আহৰণ অসম্ভৱ।

অসমীয়াত যে কোৱা হয়—“পঢ়ায়, পঢ়ে, ৰোৱে পান, এই তিনিয়ে নিচিন্তে আন”—ইয়াত বিদ্যার্থীৰ (পঢ়ে) ওপৰি শিক্ষকৰ (পঢ়ায়) মনোযোগিতাৰ কথাও কোৱা হৈছে। আচলতে যি কোনো কামতে মনোযোগিতা থাকিলেহে উত্তম ফল পোৱা যায়, কিন্তু শিক্ষা-শিক্ষণৰ ক্ষেত্রত এই কথা বেছি পোনপটীয়াকৈ প্রযোজ্য।

বিদ্যার্থীৰ কিছুমান গুণ: আগ্রহ, উৎসাহ, একাগ্রতা আদি

নৈতিকতা আৰু পৰোপকাৰৰ ইচ্ছা কিয় লাগে? এইবোৰ গুণ নহ’লেওতো ভাল শিকাৰু হ’ব পাৰি?

কিন্তু শিক্ষার্থীয়ে জ্ঞান আহৰণ কৰাৰ পিছত সেই জ্ঞানৰ ব্যৱহাৰ কেনেকৈ কৰিব?

আই আই টিৰ দৰে প্রতিষ্ঠানত পঢ়া চোকা মগজৰ ছাত্র-ছাত্রী সকলৰ সাধাৰণতে মনোযোগৰ শক্তি খুব বেছি । তেওঁলোকৰ বহুতেই অধ্যৱসায়ীও হয়। অতি উচ্চ খাপৰ শিকাৰু তেওঁলোক।

কিন্তু তেওঁলোকৰ কিছুমানৰ বিষয়ে কোৱা যায় যে সকলো পৰীক্ষা, সকলো প্রতিযোগিতাত ভাল ফল দেখুওৱাৰ পিছত তেওঁলোকে বিদেশলৈ গৈ বহুত বেছি দৰমহাৰ চাকৰিত যোগ দিয়েগৈ…..আৰু তাৰ পিছত তেওঁলোকৰ শিক্ষাৰ বাবে খৰছ কৰা দুখীয়া দেশ খনটো বাদেই, নিজৰ মাক দেউতাককে পাহৰে।

যদি বিজ্ঞান, প্রযুক্তি আদিৰ সৈতে তেওঁলোকে নৈতিকতাৰো শিক্ষা পালেহেঁতেন, পৰোপকাৰ কৰাৰ যদি ইচ্ছা আৰু অভ্যাস থাকিলেহেঁতেন, তেন্তে এনে নহ’লহেঁতেন।

বিদ্যার্থীৰ কিছুমান গুণ: আগ্রহ, উৎসাহ, একাগ্রতা আদি
Photo by Tirachard Kumtanom on Pexels.com

কিছুমান পণ্ডিতে কয় যে ৰাৱণ মহা জ্ঞানী আছিল, কিন্তু ৰাৱণে সেই জ্ঞানৰ ব্যৱহাৰ ভাল কামত কৰিছিল নে? অনলাইন চোৰে যে আনৰ বেঙ্কৰ সাঁচতীয়া ধন চুৰি কৰে, সিহঁতৰতো কম্প্যুটাৰ এপ্লিকেছনছৰ জ্ঞান কম নহয়; কিন্তু সেই জ্ঞানৰ ব্যৱহাৰ কিদৰে হৈছে?

বিদ্যা আহৰণৰ পিছত যদি বিদ্যার্থীয়ে কেৱল নিজৰ লাভৰ বাবেহে চিন্তা কৰে, আৰু উচিত-অনুচিত বিচাৰ নকৰে, তেন্তে তেওঁ শিকা কথাবোৰৰ পৰা সমাজৰ একো লাভ নহয়। বিদ্যার্থী সকল যাতে সমাজ-হিতকাৰী হয় তাৰ বাবে মাক-দেউতাক আৰু শিক্ষক সকলে তেওঁলোকক নৈতিকতাৰ আৰু পৰোপকাৰিতাৰো শিক্ষা দিয়া উচিত।

প্রথমে শিক্ষা আহৰণ কৰি পিছত নৈতিকতা শিকিব নোৱাৰি জানো?

সাধাৰণতে নোৱাৰি। নৈতিকতাৰ শিক্ষা সৰুতেই আৰম্ভ নহ’লে পিছত নৈতিক হ’বলৈ শিকা প্রায় অসম্ভৱ।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
Is this the value of the human being? Passing breaking news?

Is this the value of the human being? Passing breaking news?

May 30, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33992 shares
    Share 13596 Tweet 8498
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15167 shares
    Share 6067 Tweet 3792
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    532 shares
    Share 213 Tweet 133
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3801 shares
    Share 1520 Tweet 950
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d