বিদ্যুৎ সংকট
নেকিব আলি শইকীয়া
আগন্তুক জুলাই-আগষ্ট (২০২২) মাহত ভাৰতত এক তীব্ৰ বিদ্যুত সংকটে গা কৰি উঠাৰ আশংকা কৰা হৈছে। বিশেষভাৱে, ভাৰতৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ বাবে প্ৰাক-বৰ্ষাকালীন কয়লাৰ ভান্ডাৰ কম পৰিমাণে থকা হেতুকে এনে আশংকা প্ৰকাশ কৰিছে স্বতন্ত্ৰ গৱেষণা সংস্থা ‘চেন্টাৰ ফৰ ৰিচাৰ্ছ এন্ড ক্লিন এয়াৰ'( CREA)-এ।
সংস্থাটোৰ মতে ভাৰতত সম্প্ৰতি পাৱাৰ ষ্টেচনবোৰত ১৩৫ লাখ টন কয়লা জমা আছে। চি.আৰ.ই.এ.ই অলপতে প্ৰকাশ কৰা এখন প্ৰতিবেদনত কয় যে বৰ্দ্ধিত শক্তিৰ চাহিদা পূৰণ কৰিব পৰাকৈ বিদ্যুৎ প্ৰকল্পবোৰত কয়লা মজুত নাই বাবে আগতীয়াকৈ কয়লা সৰবৰাহ কৰিব লাগে।
আনহাতে আকৌ ভাৰতৰ কেন্দ্ৰীয় বিদ্যুৎ কৰ্তৃপক্ষ( চি.ই.এ.)ই আগতীয়াকৈ কৰা অনুমান অনুসৰি আগন্তুক আগষ্টত ভাৰতত ২১৪ গিগাৱাট বিদ্যুতৰ প্ৰয়োজন হ’ব।
আৰু একেদৰেই চলিত মাহৰ তুলনাত গড় বিদ্যুতৰ চাহিদা ১.৩৩ লাখ নিযুত ইউনিট বৃদ্ধি পাব। গৱেষণা সংস্থাটোৰ তথ্য অনুসৰি দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে এইবাৰ কয়লা খনন তথা সৰবৰাহৰ ক্ষেত্ৰত সমস্যা সৃষ্টি কৰিব পাৰে যদিও সাম্প্ৰতিক সময়ত হৈ থকা বিদ্যুৎ সংকট কয়লাৰ নাটনিৰ বাবে হোৱা নাই বুলি উল্লেখ কৰা হৈছে আৰু কোৱা হৈছে যে এতিয়াৰ সংকট সুষম বিতৰণ নোহোৱা হেতুকে হৈছে।

উল্লেখযোগ্য যে ২০২১-২২ চনত ভাৰতৰ কয়লা খননৰ সামৰ্থ্য ১৫০০ নিযুত টন আছিল যদিও এই সময়ছোৱাত মাত্ৰ ৭৭৭ নিযুত টন কয়লাহে খনন কৰা হৈছিল।
30-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.