‘বিদ্ৰোহী’ৰ নৌটংকী
অৰবিন্দ ৰাভা
এই বছৰটোৰ শ্ৰেষ্ঠ ( সৰ্বশ্ৰেষ্ঠ হয় নে নহয় নাজানো) কৌতুক হ’ল – অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, ‘মহাৰাষ্ট্ৰৰ বিধায়ক সকল অসমলৈ আহিছে নে নাই সেই বিষয়ে তেওঁ একোৱেই নাজানে’!
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে গুৱাহাটীৰ সৰুমটৰীয়াৰ বাসিন্দা আছিল আৰু সেই ঘটনাক আমি যিদৰে ‘সত্য‘ বুলি গ্ৰহণ কৰিছিলো, মুখ্যমন্ত্ৰীৰ এইষাৰ কথাকো আমি ‘সত্য‘ বুলি গ্ৰহণ নকৰি উপায় নাই!
উদ্ধৱ ঠাকৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ ক্ষতি কি, অথবা একনাথ সিন্দে মুখ্যমন্ত্ৰী হ’লে অসমৰ লাভ কি – আমি নাজানো; কিন্তু বন্যাৰ কৱলত বিপৰ্য্যস্ত অসম এতিয়া মহাৰাষ্ট্ৰৰ ৰাইজৰ বাবে বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক মহলৰ বাবে বন্যাজনিত কাৰণত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা নাই, বৰং-(১) ‘ৰেডিশ্যন ব্লু’ নামৰ হোটেলখনৰ বাবে হৈছে, আৰু (২) ‘অসমলৈ কিয়'(!) – এনে দুৰ্বোধ্য ঘটনাৰ বাবে হৈছে।
‘ৰেডিশ্যন ব্লু’ হোটেলখনত অসমৰ প্ৰথমজন কোভিড আক্ৰান্ত ৰোগীয়ে আশ্ৰয়গ্ৰহণ কৰিছিল বাবে কোভিডকালীন সময়ত বিখ্যাত হৈছিল, আৰু এতিয়া অসমৰ হাজাৰ হাজাৰ বানাক্ৰান্ত লোকে বিভিন্ন আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰা সময়ছোৱাত তথাকথিত ‘বিদ্ৰোহী’ শিৱসেনা বিধায়কসকলে সুদূৰ মুম্বাইৰ পৰা ‘পৰ্যটক’ৰ দেৱাঙ্গভূষণ বস্ত্ৰ পৰিধান কৰি ৰেডিশ্যন ব্লু হোটেলৰ আশ্ৰয় শিৱিৰত পৰম আনন্দময় উদ্বেগেৰে বাহৰ পতা কাৰ্যইও ৰেডিশ্যন ব্লু হোটেলখনক সমগ্ৰ মহাৰাষ্ট্ৰত তথা ভাৰতৰ বিভিন্ন ঠাইত বিখ্যাত কৰি তুলিবলৈ সক্ষম হৈছে ( অসমেও ‘কৰ-কাটল’ হিচাপে কিছু ধন লাভ কৰিব)।
‘অসমলৈ কিয়(!)‘ – এই দুটা শব্দৰ অন্তৰালত নিহিত হৈ আছে এক ‘উপমহাদেশীয়’ পৰিচিতিৰে ‘জিলিকি জিলিকা তৰা আকাশৰে’ হ’ব খোজা এক আত্মমৰ্দন বা আত্মৰতিৰে আত্মতৃপ্ত হ’ব খোজা তীব্ৰতম বাসনাৰ এক ‘গুগলি’ জাতীয় ৰাজনৈতিক বল পিটচ্-অলৈ নিক্ষেপ কৰা, যাতে উপমহাদেশীয় মকৰধ্বজ হিচাপে যথাযথ স্থানত চিহ্নিত হ’ব পাৰি আৰু বানাক্ৰান্ত ৰাইজৰ লগতে অইনকো ‘কৰুণ ৰস’ৰ পৰা উদ্ধাৰ কৰি এক ‘ৰোমাঞ্চকৰ’ অধ্যায়ত প্ৰৱেশ কৰাব পাৰি!
গতিকে এতিয়া বহুসংখ্যক সচেতন ‘বাপু’ ব্যস্ত হৈ পৰিছে কোমোৰা আৰু ইলিছ মাছৰ মূৰেৰে ৰন্ধন কৰা ব্যঞ্জন খোৱাত – আৰু অনাহকতে অতি সুস্বাদু ব্যঞ্জন বুলি টেটু ফালি থকা কাৰ্যত (কিন্তু একেই সময়তে অসমৰ গাঁওৰ পিছত গাওঁ বিধ্বস্ত হৈ পৰিছে, লক্ষ লক্ষ মানুহে নৰকযন্ত্ৰণা ভোগ কৰি আছে)!
সচেতন নিৰপেক্ষ স্বাধীন ‘বাপু’ সকলে অৱগত হৈ থাকিলে ভাল, বিগত ১৫ বছৰৰ কংগ্ৰেছৰ শাসনকালত যিসকলে এদনীয়া ক্ষমতাৰে বাহুবলী আছিল আৰু বিগত ৫ বছৰীয়া বিজেপিৰ শাসনকালত যিসকল এদনীয়া ক্ষমতাৰে বাহুবলী আছিল তথা এতিয়া যিসকল বাহুবলী হৈ আছে – সেইসকলক এই বিষয়ে এতিয়া কোৱাৰ সময় হৈছে যে প্ৰকৃতিৰ দৰে বাহুবলী অইন কোনো হ’ব নোৱাৰে আৰু নমামি ব্ৰহ্মপুত্ৰ বা নমামি বৰাক অনুষ্ঠিত কৰিলেই নদ- নদীৰ বক্ষ তললৈ নামি নাযায়।
‘বাপু’ সকলে জানিব লাগে, অৰুণাচলৰ পৰা পানী অসমলৈ নামি আহে, মেঘালয়ৰ পৰা পানী অসমলৈ নামি আহে, ভূটানৰ পৰা পানী অসমলৈ নামি আহে, হিমালয়ৰ গ্লেচিয়াৰৰ পৰা নিৰ্গত পানী অসমলৈ নামি আহে; কিন্তু বুঢ়া লুইত এতিয়া ‘জ্যেষ্ঠ নাগৰিক’ হৈ পৰিছে, তলিখন উঠি আহিছে, বৰাকৰো হয়তো একেই অৱস্থা, গুৱাহাটীৰ এখন শীৰ্ণ ভৰলুৱেও বোজা লৈ লৈ বিধ্বস্ত হৈ পৰিছে; অসমৰ বিভিন্ন নদীৰো নিজস্ব প্ৰকৃতি আছে, ছন্দ আছে, মেঘৰো নিজস্ব আঙ্গিক আছে, মৌচুমী বায়ুৰো আছে নিজস্ব ব্যাকৰণ – এইখিনি কথা সৰলতাৰে হৃদয়াঙ্গম কৰিলে অসমৰ মঙ্গল হ’ব আৰু এইখিনি কথাৰ ওপৰত ভিত্তি কৰি কাৰ্যপন্হা ল’লে অসমৰ মানুহে পৰিত্ৰাণ পাব( ব্ৰহ্মপুত্ৰ আমি খান্দি পেলালো ধৰণৰ বাগাড়ম্বৰ কৰিব নালাগে)। এই বিষয়টোৰ সৈতে বৃহৎ নদী বান্ধৰ বিষয়টোও জড়িত হৈ আছে।
বৰষুণৰ প্ৰকোপত নিউ হাফলং ৰেল ষ্টেচন নিঃশ্চিহ্ন হৈ গ’ল, কিন্তু বৃটিছৰ দিনৰ হাফলং ষ্টেচনৰ একো ক্ষয়- ক্ষতি নহ’ল ( কাৰণ সেইসময়ত অভিযন্তাসকলে সিদ্ধান্ত লৈছিল, এতিয়া ৰাজনৈতিক নেতাই হে অভিযন্তাক শ্ৰুতলিপি দিয়ে)! এতিয়া কথা হ’ল, সেই নিউ হাফলং ৰেল ষ্টেচনটোৰ পৰা ৰাজনৈতিক নেতা বা মন্ত্ৰীসকলে শিক্ষা লৈ অভিযন্তা সকলক অভিযান্ত্ৰিক জ্ঞানেৰে বিভিন্ন পথ- মথাউৰি- দলং আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ স্বাধীনতা দিব নে ?
দুদিনৰ বৰষুণত স্মাৰ্ট চিটি গুৱাহাটীৰ কি অৱস্থা হ’ল, গুৱাহাটীৰ বিশেষ মসৃণ পথকেইটাত কিদৰে গেৰোহাৰ তলত প্ৰকট হোৱা পদুনালাৰ দৰে হ’ল ( বিউটি পাৰ্লাৰত ফেচিয়েল আদি কৰি ওলাই আহি প্ৰৱল বৰষুণত তিতিলে গাল দুখন যেনে হ’ব পাৰে); তাতেই ‘বিকাশ’ৰ স্বৰূপ প্ৰকাশ পায়, খুটাত সৰ্পাকৃতিৰে মেৰুওৱা চাইনিজ লাইটেৰে নহয়। আজিলৈ অসমত প্লাষ্টিকৰ মোনা নিষিদ্ধ নহ’ল ( যিদৰে গুটকা নহ’ল)! ইত্যাদি…
একনাথ সিন্দে আৰু শিৱসেনাৰ ‘বিদ্ৰোহী’ বিধায়ক সকলৰ পিছে পিছে দৌৰি থকাতকৈ ‘বাপু’ সকলে এতিয়া সেই ঠাইবোৰলৈ যাব লাগে – য’ত এদিন এখন গাওঁ আছিল। সেই ঠাইবোৰলৈ যাব লাগে – য’ত এদিন উন্নত পদ্ধতিৰ কৃষিপাম আছিল, সোণোৱালী ধাননি পথাৰ আছিল, বিশাল বিশাল পুখুৰী আছিল, গৰু- ছাগলীৰ চৰণীয়া পথাৰ আছিল। তিনিবাৰকৈ হোৱা লক-ডাউনে বিধ্বস্ত কৰা অসমক এইবাৰ বানে একেবাৰে মহতিয়াই লৈ গ’ল, ঘৰৰ মূধচৰে পানী বৈ গ’ল; এইখিনি সময়ত ৰাজনৈতিক ‘পৰ্যটন’ বা ‘বিলাসবহুল আশ্ৰয় শিৱিৰ’ৰ খবৰবোৰ ‘খবৰ’ নে ‘গোবৰ’?
Images : Rana Deka
গতিকে সহজ সৰল ৰাইজৰ অনুৰোধ – সচেতন ‘বাপু’ সকল ৰেডিশ্যন ব্লু হোটেলত ব্যস্ত হৈ ‘বিদ্ৰোহী’ শিৱসেনাৰ নৌটংকী চাই থকাতকৈ বজালী জিলাৰ পহুমাৰা নদীৰ কাষৰ মেধিকুছি গাঁওখনৰ অৱস্থা চাই আহক বা তেনেধৰণৰ অসমৰ অইন অইন গাওঁবোৰলৈ গৈ অৱস্থা চাই আহক, আৰু সকলোকে অৱগত কৰাওক – তাত এসময়ত গাওঁ আছিল!
‘বাপু’সকলৰ জ্ঞাতাৰ্থেঃ এনে এক দুৰ্যোগৰ সময়ত অইনৰ নহলেও অসম নামৰ ৰাজ্যখনৰ মূৰব্বী ৰাজ্যপালৰ বাসভৱনৰ টিলাটো যাতে অক্ষত হৈ থাকে, তাৰ বাবে হেনো নিশাটোৰ ভিতৰতেই ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰেই ১০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি শুনিবলৈ পোৱা গৈছে; সঁচা নে?
২৫-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)