-দিলীপ দৈমাৰী |
বিনামূলীয়া টীকা দিয়াৰ বিষয়ে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই ঘোষণা কৰিছে যদিও ৰাজ্য সমূহক দুহাত খুলি টীকা দিয়া নহ’ব। যিবোৰ ৰাজ্যত টীকা নষ্ট হৈছে বা টীকাকৰণৰ গতি মন্থৰ হৈছে, সেই ৰাজ্যসমূহক পৰ্যাপ্ত পৰিমাণে টীকা দিয়া নহ’ব বুলি ৯ জুন, বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনাৰ দ্বাৰা জনাই দিয়া হৈছে। যোৱা জানুৱাৰী মাহৰ পৰা টীকাকৰণ কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পিছত প্ৰথম তিনিমাহৰ ভিতৰত কেইখনমান ৰাজ্যত প্ৰচুৰ পৰিমাণে টীকা নষ্ট হৈছিল। আগৰ তুলনাত টীকাৰ অপচয় কমিলেও এতিয়াও সামগ্ৰিকভাৱে দিনে গড়ে দেড় শতাংশ টীকা নষ্ট হৈ আছে। ইয়াৰে মাজত কোভিশ্বিল্ড নষ্ট হৈছে গড়ে ১% আৰু কোভাক্সিন ৪% ।
প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ৭২ ঘন্টাৰ ভিতৰতে টীকা প্ৰস্তুতকৰ্তা সংস্থাসমূহক আগধন আৰু অৰ্ডাৰ দিয়াক লৈ যিমান তৎপৰতা দেখা পোৱা গৈছে, সিমানেই উদ্বেগ বৃদ্ধি পাইছে বিত্ত মন্ত্ৰালয়ৰ ( যদিও বিত্ত সংকট নাই বুলি কোৱা হৈছে)! কাৰণ ৰিজাৰ্ভ বেংকে প্ৰদান কৰা ৯৯০০০ কোটি টকাৰ ডিভিডেন্ট চৰকাৰৰ চন্দুকত আছে আৰু সেই সম্প্ৰতি ধনৰাশি টীকাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে। কিন্তু নীতি আয়োগৰ সদস্যসকলে টীকাৰ দাম দিবলৈ সুকীয়া পথৰো সন্ধান কৰিবলৈ ধৰিছে। টীকা সংক্ৰান্তীয় ভাৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ কমিটিৰ চেয়াৰমেন ডা° বিনোদকুমাৰ পল-এ জনাইছে যে কোভিশ্বিল্ডৰ একোটা ‘ভায়াল’ত ১০টা ডোজ থাকে আৰু কোভাক্সিনেও এতিয়া ২০ টাৰ সলনি ১০টা ডোজৰ ‘ভায়াল’ কৰিছে। গতিকে টীকা নষ্ট হোৱাৰ হাৰ হ্ৰাস পাব বুলি মন্ত্ৰালয়ে আশা কৰিছে। আগন্তুক ২১ জুন তাৰিখে ‘আন্তৰ্জাতিক যোগ দিৱস’ উপলক্ষে সেই দিনৰ পৰাই ভাৰতব্যাপী চৰকাৰী টীকাকৰণ কেন্দ্ৰবোৰত বিনামূলীয়াকৈ টীকা সৰবৰাহ কৰা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত ৰাজ্যসমূহে এতিয়া ১৮ বছৰৰ পৰা ৪৪ বছৰ পৰ্যন্ত টীকা কোম্পানীৰ পৰা টীকা কিনাৰ প্ৰয়োজন নাই। স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা বুধবাৰ, ৯ জুন তাৰিখে জনোৱা হৈছে যে পঞ্জাৱ, কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, ত্ৰিপুৰা আদি ১৩ খন ৰাজ্যই যোৱা ১ মাহ ধৰি টীকাৰ বাবে অনুৰোধ কৰি আছে। গতিকে টীকা উৎপাদনৰ গতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ টীকাৰ সৰবৰাহৰ বিষয়ে সিদ্ধান্ত লৈছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে যাৱতীয় ডোজ কিনিলেও ১৮ বছৰৰ ঊৰ্দ্ধসকলক টীকা দিয়াৰ ক্ষেত্ৰত ৰাজ্যসমূহে নিজাকৈ ব্যৱস্থা ল’ব পাৰিব। বয়সীয়া সকলৰ ক্ষেত্ৰত যিহেতু সংক্ৰমণৰ সম্ভাৱনা অধিক, বিশেষকৈ যিসকলৰ ‘কোমবিডিটি’ আছে, সেইক্ষেত্ৰত ৪৫ বছৰৰ ঊৰ্দ্ধসকলক অগ্ৰাধিকাৰ দিয়াৰ পৰামৰ্শ দিয়া হৈছে। একেলগে কোৱা হৈছে যে যিসকলেপ্ৰথম ডোজ লৈছে, তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হওঁক।
এই বিপুল পৰিমাণৰ টীকা ক্ৰয় কৰিবলৈ প্ৰয়োজনীয় টকাৰ বাবে বিকল্প চিন্তা-ভাৱনা আৰম্ভ হৈছে চৰকাৰৰ গোপন কক্ষত। বুধবাৰ পৰ্যন্ত প্ৰায় ২৬ কোটি মানুহৰ এবাৰকৈ টীকাকৰণ হোৱাৰ তথ্য চৰকাৰৰ হাতত আছে। কিন্তু দুটা ডোজ লোৱাৰ মানুহৰ সংখ্যা একেবাৰে সীমিত। সেইকাৰণে সমগ্ৰ ভাৰতৰ বাবে অজস্ৰ টীকাৰ প্ৰয়োজন, আৰু তাৰবাবে প্ৰয়োজন বহুহাজাৰ কোটি টকা। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছত, মঙ্গলবাৰে, ৮ জুন তাৰিখে ৪৪ কোটি টীকাৰ ‘অৰ্ডাৰ’ দিয়া হৈছে আৰু ৩০% আগধনো দিয়া হৈছে টীকা প্ৰস্তুতকৰ্তা দুয়োটা সংস্থাক। বিত্ত মন্ত্ৰালয়ৰ বিশেষজ্ঞসকলৰ মতে সমগ্ৰ ভাৰতৰ মানুহক টীকা দিবলৈ প্ৰায় ৭০০০০-৭৭০০০ কোটি টকাৰ প্ৰয়োজন হ’ব। কেন্দ্ৰীয় চৰকাৰে বাজেটত ৩৫০০০ কোটি টকা বৰাদ্দ কৰিছিল যদিও সেয়া ৪৫ বছৰৰ ওপৰৰ ব্যক্তিৰ বাবেহে কৰা হৈছিল। এতিয়া সৰ্বস্তৰত ধিক্কাৰ, প্ৰতিবাদ, সমালোচনা আদি বাদেই, উচ্চতম ন্যায়ালয়ৰ মজিয়াতো ভৰ্ৎসনাৰ সন্মুখীন হৈ উপায়বিহীন মোডী চৰকাৰে বিনামূলীয়াকৈ ১৮ বছৰৰ ঊৰ্দ্ধসকলক টীকা দিয়া হ’ব বুলি ঘোষণা কৰিবলৈ বাধ্য হ’ল। এতিয়া ভাৰত চৰকাৰে ১৫০ টকাকৈ ডোজ কিনিব আৰু চৰকাৰী বিনামূলীয়া আঁচনি অনুসৰি কোভিশ্বিল্ড আৰু কোভাক্সিনেই দিয়া হ’ব। ৰাছিয়াৰ ‘স্পুটনিক -ভি’ বিনামূলীয়াকৈ দিয়া নহ’ব, কিন্তু আপদকালীন ব্যৱহাৰৰ বাবে ‘স্পুটনিক-ভি’ক ‘ড্ৰাগচ্ কন্ত্ৰোলাৰ অব ইন্ডিয়া’ই অনুজ্ঞাপত্ৰ প্ৰদান কৰি থৈছে। ডা° পল-এ কৈছে যে ভাৰতত যিদিনিই স্পুটনিক-ভি তৈয়াৰ কৰা হ’ব, তেতিয়াৰে পৰা বিনামূলীয়া আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব। কিন্তু বেচৰকাৰী চিকিৎসালয়সমূহে যদি ইচ্ছা কৰে, স্পুটনিক-ভি আমদানি কৰিব পাৰে আৰু প্ৰয়োগ কৰিবও পাৰে – সেইক্ষেত্ৰত কোনো বাধা নাই। বিত্ত মন্ত্ৰালয়ৰ চিন্তা বাঢ়িছে, কাৰণ প্ৰধানমন্ত্ৰীয়ে সোমবাৰে, ৭ জুন তাৰিখে গৰীৱ কল্যাণ যোজনাৰ সময়ো নৱেম্বৰ মাহলৈ বৃদ্ধি কৰিছে, গতিকে তাৰবাবেও কৰে হ’ব অতিৰিক্ত ১২০০০ কোটি টকা। এতিয়া সম্প্ৰতি একমাত্ৰ আশা হ’ল ৰিজাৰ্ভ বেংকৰ ধনৰাশি! গতিকে নীতি আয়োগৰ সদস্যসকলৰ মূৰৰ কামোৰণি আৰম্ভ হৈছে। দেখা যাওক, ইতিমধ্যে জুই লগা নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য আগন্তুক দিনবোৰত কেনে হয়!