• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Real Stories

বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ ‘আশ্ৰয় শিৱিৰ’ৰ আঁত ধৰি ‘শিৱসেনা’ৰ আশ্ৰয় শিৱিৰলৈ!

অৰবিন্দ ৰাভা

by Admin
June 24, 2022
in Real Stories, Special Report
Reading Time: 4 mins read
0
বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ ‘আশ্ৰয় শিৱিৰ’ৰ আঁত ধৰি ‘শিৱসেনা’ৰ আশ্ৰয় শিৱিৰলৈ!
Share on FacebookShare on TwitterShare on LinkedIn

বানাক্ৰান্তৰ ‘আশ্ৰয় শিৱিৰ‘ৰ আঁত ধৰি ‘শিৱসেনা’ৰ আশ্ৰয় শিৱিৰলৈ!

অৰবিন্দ ৰাভা 

অসমৰ বিশাল অঞ্চল এতিয়াও বানৰ তলত। কিছুমান ঠাইত পানী কমিছে যদিও বানাক্ৰান্ত হৈ আশ্ৰয় শিৱিৰত থাকিবলৈ বাধ্য হোৱা মানুহবোৰে নিজৰ নিজৰ ঘৰলৈ যাবলৈ এতিয়াও সমৰ্থ হোৱা নাই।

বজালী জিলাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা পহুমৰা নদীৰ কাষৰ গাওঁ এখন বানে যিদৰে মহতিয়াই পেলাইছে, নিজ চকুৰে নাচালে বিশ্বাস নহয়। চালৰ টিনপাট পৰ্যন্ত বানে মুচৰি পেলাইছে।

RelatedPosts

English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023

আশ্ৰয় শিৱিৰত থকা অসমৰ জীয়ৰী -বোৱাৰীয়ে কৈছে, এনে অৱস্থা জীৱনত এয়েই প্ৰথম। এতিয়া আশ্ৰয় শিৱিৰত থাকিও ভাল নালাগে আৰু ঘৰলৈও যাব নোৱাৰো- কাৰণ ঘৰেই নাই!

যিসকলৰ ঘৰ ৰক্ষা পৰিছে, সেইসকলৰ বিচনা পৰ্যন্ত পহুমৰাৰ পলসে ঢাকি পেলাইছে।

সকলো ডুবি গৈছে।

ডুবিছে আশা, আকাংক্ষা, সপোন, লাম- লাকটু, ধানৰ ভৰাল, পথাৰ।

ভোঁহ ফুলাই পৰি আছে মৃত গো-ধন, দুৰ্গন্ধত বতাহ বিষময় হৈছে, কিন্তু সেই গৰুৰ মৃতদেহ আতৰ কৰাও হৈ পৰিছে বিৰাট সমস্যা। 

বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ 'আশ্ৰয় শিৱিৰ'ৰ আঁত ধৰি 'শিৱসেনা'ৰ আশ্ৰয় শিৱিৰলৈ
Image: Saroj Choudhury

এয়া এক নমুনা। ভৱানীপুৰ সমষ্টিৰ সৈতে লাগি থকা সমষ্টি পাটাছাৰকুছিকো এইবাৰ বানে তহিলং কৰি পেলাইছে। পাঠশালাৰ মানুহে ১৯৮৪ চনৰ বানৰ কথা প্ৰায় পাহৰি গৈছিল, এইবাৰ তাতোকৈ বহুত বেছি প্ৰলয়ংকৰী বানে সমগ্ৰ সমষ্টিৰ কঁকালৰ জোৰা লৰক – ফৰক কৰি পেলালে। সমষ্টিৰ বিধায়ক তথা অসমৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী ৰঞ্জিত দাসৰ বাবে এইবাৰৰ পাটাছাৰকুছি সমষ্টিৰ বান আছিল এক অগ্নিপৰীক্ষা, কাৰণ তেওঁ নিজৰ সমষ্টি সৰভোগ ত্যাগ কৰি পাটাছাৰকুছি সমষ্টিৰ পৰা এইবাৰ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল আৰু এইবাৰৰ বান তেওঁৰ বাবেও প্ৰথম আছিল।

বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ 'আশ্ৰয় শিৱিৰ'ৰ আঁত ধৰি 'শিৱসেনা'ৰ আশ্ৰয় শিৱিৰলৈ

ভালেসংখ্যক ৰাইজৰ মতে, তেওঁ এইবাৰ মহা বিপদৰ সময়ত ৰাইজৰ লগত আছে, যিখিনি সম্ভৱ – তাতোকৈ অধিক কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি ৰাইজৰ আস্থাভাজন হৈছে। খোৱাপানীৰ সমস্যা, চাউল, দাইল, মিঠাতেল, নিমখ, গৰুৰ দানা পৰ্যন্ত তেওঁ পৰাখিনি তদাৰক কৰিছে। সেইবাবে ৰাইজখন অভিভাৱকহীন হোৱা নাই। পাটাছাৰকুছি সমষ্টি তথা বজালী জিলাৰ বানৰ বিষয়টো টানি অনা হ’ল এয়া উমান দিবলৈ যে বজালী জিলাখন এখন নতুন জিলা আৰু একেবাৰে এখন ক্ষুদ্ৰ জিলা, আৰু এই জিলাখনতেই যদি এনে হৈছে- অসমৰ ডাঙৰ ডাঙৰ জিলাবোৰত বানে কেনে পৰিস্থিতিৰ সৃষ্টি কৰিছে!

  • FB IMG 1656047229932
  • FB IMG 1656047266622
  • FB IMG 1656047496829
  • FB IMG 1656047303230
  • FB IMG 1656066674942
  • FB IMG 1656066685854
  • FB IMG 1656066680649

[ বানাক্ৰান্তৰ শিৱিৰত এটি কণমানি,  শিৱিৰত বায়েকজনীয়ে অভিভাৱকৰ দায়িত্ব লৈছে, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত দাস আৰু সাংবাদিক ৰাণা ডেকা; বানত মৃত্যু হৈছে গৰুৰ, ইত্যাদি; (কেইখনমান ছৱি: ৰাণা ডেকাৰ)]

পুনৰ পুনৰাবৃত্তি কৰিছোঃ বজালী জিলাত ক্ষতিগ্ৰস্ত হোৱা গাঁও হ’ল ১৪৫ খন( সৰুপেটা ৰাজহ চক্ৰৰ ৫১ খন আৰু বজালী ৰাজহ চক্ৰৰ ৯৪ খন), বাস্কাত ২৮ খন, বৰপেটাত ৬০৬ খন, বিশ্বনাথত ১০ খন, বঙাইগাঁওত ৮০ খন, কাছাৰত ৫৬৫ খন, চিৰাঙত ৭ খন, দৰঙত ৩৮১ খন, ধেমাজিত ৫০ খন, ধুবুৰীত ৫১০ খন, ডিব্ৰুগড়ত ১ খন, ডিমা-হাচাওত ২ খন, গোৱালপাৰাত ২৮৩ খন, গোলাঘাটত ৩৮ খন, হাইলাকান্দিত ৯৮ খন, হোজাইত ৭৯ খন, কামৰূপত ৪৪০ খন, কামৰূপ(মহানগৰ)ত ৩১ খন, পশ্চিম কাৰ্বি আংলং -অত ৩ খন, কৰিমগঞ্জত ৪৬৯ খন, লখিমপুৰত ৩৭ খন, মাজুলীত ১৮ খন, মৰিগাঁওত ২৮৩ খন, নগাওঁত ৩২১ খন, নলবাৰীত ২৫৮ খন, শিৱসাগৰত ২ খন, শোণিতপুৰত ৫৩ খন, দক্ষিণ শালমাৰাত ৮৫ খন, তামুলপুৰত ১৫ খন, তিনিচুকীয়াত ৮ খন, ওডালগুৰিত ৩৫ খন গাওঁ ধৰি সৰ্বমুঠ ৪৯৪১ খন গাওঁ বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে।

তথ্য অনুসৰি ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা বজালীত ২৫৯৭০০, বাস্কাত ২১১৯২, বৰপেটাত ১১২৯৩৯০, বঙাইগাঁওত ৭৪৫৪২, কাছাৰত ২৩২০০২, চিৰাঙত ২৪১৬, দৰঙত ৪১৫৯৭৬, ধেমাজীত ৩৫৫১৯, ধুবুৰীত ৫৯৭১৫৩, ডিব্ৰুগড়ত ৩৮৫৭, গোৱালপাৰাত ২৪০৮৩৬, গোলাঘাটত ২১৪২৯, হাইলাকান্দিত ৫১৩৯৯, হোজাইত ৫৩৫১০, কামৰূপত ৭৮৯৪৯৬, কামৰূপ (মহানগৰ)ত ৫৬৪৬, পশ্চিম কাৰ্বি আংলং-অত ৩৭৮৪, কৰিমগঞ্জত ২৮১২৭১, লখিমপুৰত ৩৯৮৪২, মাজুলীত ৮৯৭৯, মৰিগাঁওত ১১৩৩১৯, নগাঁওত ৫০৩৪৫০, নলবাৰীত ৩৫৩৭৩৬, শিৱসাগৰত ৪৮৭, শোণিতপুৰত ২৬৪২৯, দক্ষিণ শালমাৰাত ১৭০২০৭, তামুলপুৰত ১২৭১১, তিনিচুকীয়াত ১৩৩৮, ওদালগুৰিত ৭৯৮৫; অৰ্থাৎ সৰ্বমুঠ ৫৪৫৭৬০১ জন লোক ক্ষতিগ্ৰস্ত হৈছে।

বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ 'আশ্ৰয় শিৱিৰ'ৰ আঁত ধৰি 'শিৱসেনা'ৰ আশ্ৰয় শিৱিৰলৈ
Nagaon, (ANI): People wade through a waterlogged street as Flood situation worsens in Assam

বজালীৰ আশ্ৰয় শিৱিৰত থকা লোকৰ সংখ্যা ১৮৫৩, বাস্কাত ৫৬, বৰপেটাত ১০৭৫৩২, বঙাইগাঁওত ৪৪৭৯, কাছাৰত ৩৩৭৬৬, চিৰাঙত ১৩৬৩, দৰঙত ৩৫৬৮, ধুবুৰীত ৫৪৮৩, ডিমা-হাচাওত ১৯০৫, গোৱালপাৰাত ৩৩৩৬৩, হাইলাকান্দিত ১০৫১, হোজাইত ১৩৫৩৬, কামৰূপত ৯৩১৩, কৰিমগঞ্জত ২০৫৯৫, মৰিগাঁওত ১৭৫, নগাঁওত ১৬৪২২, নলবাৰীত ১৩৬১৫, শোণিতপুৰত ১৭০, দক্ষিণ শালমাৰাত ৪৭২, তামুলপুৰত ৫১৮, ওডালগুৰিত ১৮৯০; অৰ্থাৎ সৰ্বমুঠ ২৭১১২৫ জন লোক আশ্ৰয় শিৱিৰত আছে।

# # #

এইহেন এক দুঃসময়ত প্ৰায় সৰ্বস্ব হেৰুওৱা বানাক্ৰান্ত অসমৰ মানুহৰ সমস্যা তপতে তপতে উপলব্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সময় নহ’ল, গৃহমন্ত্ৰী অমিত শ্বাহৰ সময় নহ’ল, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সময় নহ’ল, বাণিজ্য মন্ত্ৰী পীযুষ গোৱেলৰ‌ সময় নহ’ল,… কিন্তু তেওঁলোকে ‘টুইট‘ কৰিছে, তেওঁলোকে ‘ফোন‘ কৰিছে!

  • Modi 1
  • amit shah
  • nirmala sitharaman
  • Goel

ক্ষমতালৈ আহিলে বাংলাদেশীয়ে অসমৰ পৰা টালি-টোপোলা লৈ বাংলাদেশলৈ উভতি যাব লাগিব বুলি কোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৬ নং দফা ডাড়ি ক’মা পৰ্যন্ত অক্ষুণ্ণ ৰাখি ৰূপায়ন কৰা হ’ব বুলি ঘোষণা কৰা অমিত শ্বাহ ডাঙৰীয়াৰ পৰা তেনে আশা কৰি লাভ নাই বুলি আমি বাৰুকৈয়ে অৱগত যদিও তেওঁলোকৰ নামবোৰ উল্লেখ কৰিলো এইবাবেই – তেওঁলোকৰ এবাৰলৈও বিবেক- দংশন নহ’ল নে এয়া ভাবি যে এনে সময়ত অসমলৈ এবাৰ নগলে কেৱল ডিঙিত গামোচাখন লৈ থাকিলেই নহ’ব !

এনে এক দু: সময়ত ‘পৰ্যটন‘ৰ বাবে চুৰাটৰ পৰা ১০ গন্ডামান চেতনাহীন বিধায়কে অসমৰ ‘ৰেডিশ্যন ব্লু’ নামৰ ‘আশ্ৰয় শিৱিৰ‘লৈ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ অহাৰ আগে আগে সেই ৰাইজৰ প্ৰতিনিধি সকলৰো বিবেক দংশন নহ’ল নে!? মহাৰাষ্ট্ৰত প্ৰচন্ড খৰাং হ’লে বা ভয়ংকৰ বান হ’লে তেনে সময়ত যদি অসমৰ ‘ৰাইজৰ প্ৰতিনিধি’য়ে মুম্বাইত ‘ঘোঁৰা’ হৈ পৰ্যটন কৰাৰ নামত ‘তাজ হোটেল’ৰ আশ্ৰয় শিৱিৰত থাকি এনেদৰে নৌটংকী কৰি মহাৰাষ্ট্ৰৰ মানুহৰ দু:খ- বেদনাক বৃদ্ধাঙ্গুষ্ঠ দেখুৱালেহেতেন, শিৱসেনাই ভাল পালেহেতেন নে গতিয়াই উলিয়াই দিলেহেতেন? গুজৰাটৰ ভূমিকম্পৰ সময়ত যদি এনে নৌটংকী গুজৰাটৰ আহমেদাবাদত কৰিলেহেতেন?

বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ 'আশ্ৰয় শিৱিৰ'ৰ আঁত ধৰি 'শিৱসেনা'ৰ আশ্ৰয় শিৱিৰলৈ
ৰেডিশ্যন

‘ফটুৱা বিদ্ৰোহ’ কৰা শিৱসেনাৰ চেতনালুপ্ত হোৱা বিধায়ক সকলে এবাৰলৈও কিয় চিন্তা নকৰিলে যে অসমতো মানুহ আছে আৰু সেই মানুহবোৰৰ সংখ্যাগৰিষ্ঠ সংখ্যক মানুহ এতিয়া পানীত ডুবি আছে! অইন ৰাজ্যৰ ‘আশ্ৰয় শিৱিৰ’, যেনে উত্তৰপ্ৰদেশৰ ‘তাজ’ বা ‘ৰেডিশ্যন’ আদিতো তেওঁলোকে একেই খৰছত ইয়াতকৈও ভাল সুবিধা পালেহেতেন! কিন্তু অসমৰ ‘ আশ্ৰয় শিৱিৰ’ কিয়!!কোনোবাক ভাৰতভিত্তিক ৰাজনৈতিক গুৰুত্ব দিয়াবলৈ নে অসমৰ মানুহক উপহাস কৰিবলৈ?

বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ 'আশ্ৰয় শিৱিৰ'ৰ আঁত ধৰি 'শিৱসেনা'ৰ আশ্ৰয় শিৱিৰলৈ
মহাৰাষ্ট্ৰৰ ‘ৰাইজৰ প্ৰতিনিধি’ গুৱাহাটীৰ ‘আশ্ৰয় শিৱিৰ’ ৰেডিশ্যন ব্লুত

তদুপৰি, এই ‘বিদ্ৰোহী’ বিধায়কসকলৰ চৰিত্ৰও বুজিবলৈ কাৰো বাকী নাই, কাৰণ অসমলৈ ‘পৰ্যটন’ৰ বাবে আহিও এইপৰ্যন্ত অসমৰ এজনো বানাক্ৰান্তৰ খবৰ নোলোৱা, এটাও শিৱিৰ পৰিদৰ্শন নকৰা, ডুবি থকা অসমৰ পৰ্যটন ক্ষেত্ৰবোৰক লৈ এবাৰো ‘উস- আস’ নকৰা, বানপীড়িতক এবটল খোৱা পানীও নিদিয়া মহাৰাষ্ট্ৰৰ এইসকল ‘ৰাইজৰ প্ৰতিনিধি’য়ে গুৱাহাটীৰ ‘আশ্ৰয় শিৱিৰ’ ৰেডিশ্যন ব্লু ত ৭ দিনৰ বাবে বিলাসবহুল কোঠা বুক কৰোতে খৰছ কৰিছে ৫৬ লাখ টকা, দৈনিক খাদ্যৰ ইত্যাদিৰ বাবদ ৮ লাখ টকা, অৰ্থাৎ দুয়োটা মিলাই ৭ দিনত ১ কোটি ১২ লাখ টকা( যোৱাকালিৰ আনন্দবাজাৰ পত্ৰিকাৰ তথ্য)! ইয়াৰ সৈতে চাৰ্টাৰ্ড প্লেনৰ খৰছ আদি আছেই।

কোনে বহন কৰিছে এইবোৰ? চাৰ্টাৰ্ড প্লেনখন কাৰ?

এনে প্ৰশ্ন এতিয়াও অসমৰ ‘সাংবাদিকে’ নুসুধি কেৱল টেটু ফালি আছে – মহাৰাষ্ট্ৰৰ চৰকাৰৰ ভৱিষ্যত কি হ’ব!! 

যিসকলে অসমৰ বানলৈ কেৰাহিকৈও চোৱা নাই, তেওঁলোকৰ ৰাজ্য মহাৰাষ্ট্ৰৰ কি হ’ব – তোমালোকে বাপু কিয় টেটু ফালিব লাগে?

অৱশ্যে বাপুসকলে সুধিবই, কাৰণ অসমৰ আশ্ৰয় শিৱিৰতো প্ৰৱেশ কৰি দুই- একে সুধিছে -‘ আপোনাৰ ঘৰ পানীৰ তলত, সকলো বস্তু পানীৰ তলত, এতিয়া আপোনাৰ ‘অনুভৱ’ কেনে আৰু ‘বান’ক আপুনি কি বুলি জগৰীয়া কৰিব’?

আজিকালি সততে ভাব হয়, ‘আমি এতিয়া ক’ত?’

২৪-০৬-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

English Language Imperialism and Our Mother Tongues Today
Special Report

English Language Imperialism and Our Mother Tongues Today

by Admin
June 6, 2023
0

English Language Imperialism and Our Mother Tongues Today Sanjeev Kumar Nath Sanjeev Kumar Nath The English language is so much...

Read more
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 6, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 6, 2023
Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 6, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 6, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    908 shares
    Share 363 Tweet 227
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    644 shares
    Share 258 Tweet 161
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    635 shares
    Share 254 Tweet 159
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    419 shares
    Share 168 Tweet 105
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    261 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: