–হৰকুমাৰ গোস্বামী |
আশংকা কৰা ধৰণে ঘটনাবোৰ ঘটিবলৈ গৈ আছে।তপন পাটগিৰিৰ পিছত মিঠুৰঞ্জন দাস। ২৩ আগষ্টৰ নিশা নিজ বাসগৃহৰ এটা পৰিত্যক্ত ঘৰত চিপজৰী লৈ আত্মহত্যা কৰিলে মিঠোৰঞ্জন দাসে।
কোন এই মিঠুৰঞ্জন দাস? স্ব-নিৰ্ভৰশীল অসম গঢ়াৰ সপোনৰ পিচত দৌৰা শত সহস্ৰ অসম সন্তানৰ মাজেৰেই এজন মিঠুৰঞ্জন দাস, লালুক তিনিআলিৰ ‘মুকুল ষ্টুডিও’ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা এজন এজন ঠিকাদাৰ। অসমৰ প্ৰায়ভাগ সংবাদ মাধ্যমত পৰিবেশিত হৈছে এই খবৰ। ‘তীব্ৰ আৰ্থিক সংকটত ভুগি বিজেপি নেতাৰ আত্মহত্যা’ শীৰ্ষক বাতৰি অসমৰ ইলেকট্ৰনিক মিডিয়াৰ ২৪ আগষ্টৰ ব্ৰেকিং নিউজ।
খবৰটো আয়ৰণী। কিয়? আত্মঘাতী হোৱা মিঠুৰঞ্জন দাস কেৱল এজন ব্যৱসায়ীয়েই নাছিল, আছিল শাসক দল বিজেপিৰ এজন নেতাও। ব্যক্তি এক সামাজিক সত্বা। সামাজিক সত্বা হিচাপে ব্যক্তি এজন সামাজিক, ৰাজনৈতিক, পেচাগত তথা জাতি বৰ্ণগত পৰিচয়কে ধৰি বহু পৰিচয়ৰ অধিকাৰী। ব্যক্তি মিঠুৰঞ্জন দাসৰো আছিল তেনে কেবাটাও পৰিচয় আৰু থকাটোৱেই স্বাভাৱিক। প্ৰাসংগিক ভাবেই আত্মঘাতী হোৱা সংবাদটোৰ সতে উঠি আহিছে, আত্মঘাতী ব্যক্তিজনৰ পৰিচয়ৰ প্ৰশ্নটোৱো।
মিঠুৰঞ্জন দাস নামৰ ৫২ বছৰীয়া ব্যক্তি গৰাকীৰ কিয় এই আত্মহত্যা ? মিঠুৰঞ্জন দাসেই দি গৈছে সেই প্ৰশ্নৰ উত্তৰো। তেওঁ লিখি গৈছে তিনি পৃষ্ঠা জোৰা চুইছাইড নোট। চৰকাৰী ঠিকা কৰিবলৈ গৈ কিদৰে তেওঁ বান্ধ খাই পৰিলে ঋণ গ্ৰস্থতাৰ জালত, চৰকাৰৰ ঘৰৰ পৰা পাবলগীয়া প্ৰাপ্য ধন উলিওৱাৰ বাবে মাহৰ পিছত মাহ ধৰি তাঁত বাটি কাঢ়িও, সম্ভৱপৰ সকলো পন্থা অবলম্বনৰ পাছতো যেতিয়া বিফল হল, সিয়ে তেওঁক যি হতাশাৰ অটল গহ্বৰলৈ নিক্ষেপ কৰিলে, সিয়েই যে এই চৰম সিদ্ধান্ত লবলৈ বাধ্য কৰালে,তেৱেই কৈ গৈছে সেই কথা। চুইছাইড নোটৰ পাতে পাতে আছে তাৰ সবিশেষ।
ব্যৱসায়ী, ঠিকাদাৰ আদি শাসক দলৰ ঘনিষ্ঠ হোৱাটোত নাই কোনো নতুনত্ব। ক্ষমতাত কংগ্ৰেছ থাকিলে, তেওঁলোক কংগ্ৰেছত, ক্ষমতাত বিজেপি থাকিলে তেওঁলোক বিজেপিত, আকৌ যদি কংগ্ৰেছ ক্ষমতালৈ উভতি আহে তেওঁলোক বিজেপিৰ পৰা কংগ্ৰেছ হব। এয়া এক অলিখিত নিয়ম। বছৰৰ পিছত বছৰ ধৰি, দশকৰ পিছত দশক ধৰি চলি আহিছে এই নিয়ম। ‘আগতে শাসক দলৰ ঘনিষ্ঠ হোৱা আৰু তাৰ পিছত ঠিকা ঠুকুলি বিচৰা’, এয়া আমি অতীতৰ পৰা দেখি অহা প্ৰতিখন চৰকাৰৰ অনুসৃত নীতি আৰু এই নীতিয়ে যে এক সামাজিক স্বীকৃতি আদায় কৰি লৈছে তাৰ পুনৰোক্তিৰ প্ৰয়োজন নাই। এইবোৰৰ উপৰিও আছে কমিছনৰ অংক। কমিছনৰ অংকত বৈধতাৰ ছিল মোহৰ প্ৰথম কেতিয়া পৰিছিল, সি আমাৰ জনা নাই। পাৰ্চেণ্টেজৰ অংকটো যে বহু পৰিমানে বিগত ৫ বছৰত সলনি হৈছে, সি অৱশ্যে বহুতৰ দৰে আমাৰো জ্ঞাত।
মই নিজে ঠিকাদাৰ নহয়, পিছে বহু বছৰৰ পৰা নিচেই কাষৰত থাকি তেওঁলোকক নিৰীক্ষণৰ সুযোগ ঘটিছে মোৰ। কেতিয়াবা ভাবি আচৰিত হৈ যাও, কিমান কি মেনেজ কৰিব লাগে তেওঁলোকে! তাহানিতে কংগ্ৰেছ আৰু এতিয়া বিজেপিৰ ঘনিষ্ঠ ঠিকাদাৰ এজনে অলপতে আক্ষেপেৰে সৈতে কৈছিল, ‘আগতে কংগ্ৰেছৰ দিনত কথাবোৰ বেলেগ আছিল, ডিৰেক্টৰ, চীফ ইঞ্জিনীয়াৰ আদিক মেনেজ কৰিছিলো, কামবোৰ হৈ গৈছিল, প্ৰয়োজনত ডিৰেক্টৰ-চীফ ইঞ্জিনীয়াৰ আদিয়ে মিনিষ্টাৰক মেনেজ কৰিছিল। বিজেপিৰ দিনত কথাবোৰ বেলেগ হল, ডিৰেক্টৰ-চীফ ইঞ্জিনীয়াৰ নহয়, আগতেই মেনেজ কৰিব লগীয়া হয় মিনিষ্টাৰক। মিনিষ্টাৰক পোৱাটোৱেই সমস্যা, আৰু পালেও সমস্যা কি কম? মিনিষ্টাৰকতো আৰু শুদা হাতে লগ কৰিব নোৱাৰি, কমছে কম এক- দুই পেটি (পেটি মানে ঠিকাদাৰৰ ভাষাত লাখ) লৈ যাব লগা হয়। মিনিষ্টাৰক বাৰু দিয়েই আহিলো, কামটো যে ময়েই পাম, তাৰো কোনো গেৰাণ্টি নাই। বাকী কম্পিটিতৰৰ কি অভাৱ? ডিৰেক্টৰ-চীফ ইঞ্জিনীয়াৰ আদিক পইচা দিলে, কিবা কাৰণত কামটো নাপালে ঘূৰাই আনিব পাৰি, নতুবা অন্য কামত এডজাষ্ট কৰি লব পাৰি, কিন্তু মিনিষ্টাৰক এবাৰ দিয়াৰ পিছততো আৰু ঘূৰাই নাপায়…..’এয়া কেৱল এজন ঠিকাদাৰৰ কথা নহয়, একে ধৰণৰেই কথা শুনিছোঁ আন কেবাজন ঠিকাদাৰৰ মুখতো। চৰকাৰৰ বহু ঘোষিত ‘শূণ্য সহনশীলতা’ৰ নীতিৰ প্ৰকৃত স্বৰূপটো বুজিব পৰা যায় ঠিকদাৰ সকলৰ লগত কথা পাতিলে।
বেছিভাগ ঠিকাদাৰেই বেংকৰ বাহিৰেও পাৰিবাৰিক উৎস তথা ঋণদাতা বিভিন্ন বেচৰকাৰী তথা ব্যক্তিগত উৎসৰ পৰা উচ্চ হাৰত সুদত ঋণ লৈ সম্পন্ন কৰিব লগীয়া হয় আবন্তিত কাম, কেতিয়াবা কেতিয়াবা নাথাকে লিখিত ৱাৰ্ক অর্ডাৰো। মৌখিক আশ্বাস তথা নিৰ্দেশতে সম্পন্ন কৰিব লগীয়া হয় কাম। বহু সময়ত বিভাগীয় কতৃপক্ষৰ চাপৰ মুখত পৰি অনিচ্ছা স্বত্বেও কাম কৰে বহু ঠিকাদাৰ। যেতিয়া ৱাৰ্ক অৰ্ডাৰ নাথাকে, বিল কেতিয়া আদায় পাব তাৰ নিশ্চয়তা নাথাকে, কোন কণ্ট্ৰেক্টৰে বাৰু ধাৰ ঋণ কৰি অনা টকা খটুৱাব বিচাৰে? টকাতো আৰু গছত নালাগে! তথাপি খটুৱায়। বিভাগীয় ৰোষৰ বলি হৈ ভৱিষ্যতে কাম হেৰুওৱাৰ আশংকাত বহু ঠিকাদাৰে বাধ্য হয় ৱাৰ্ক অর্ডাৰ ব্যতিৰেকে মৌখিক আশ্বাসত কাম কৰিবলৈ।
কাহিনী বেছ দীঘল। আৰু আছে! ইখনৰ পিছত ইখনকৈ সন্মুখত পতা হাতবোৰ। সেই হাতবোৰ বিভাগীয় বিষয়া কৰ্মচাৰীৰ। কাম আৰম্ভ হোৱাৰ দিনৰে পৰা পিয়ন চকীদাৰৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট অফিছটোৰ বহু জনৰ হাত কণ্ট্ৰেক্টৰৰ সন্মুখত…..। সন্তুষ্ট কৰিব লগীয়া হয়। অলিখিত এক বাধ্য বাধকতা হিচাপে।
এই হাতবোৰৰ উপৰিও আছে আন কেতবোৰ হাত। এই হাত চান্দা পাৰ্টি বোৰৰ! এই চান্দা পাৰ্টিবোৰৰ ভিতৰত আছে দেশ জাতি উদ্ধাৰৰ স্বঘোষিত ঠিকাদাৰবোৰ, যিবোৰক মেনেজ কৰাৰ বাবে প্ৰয়োজন ধনৰ টোপোলাৰ লগতে ডিপ্লোমেচিৰো ! সিহঁতক সন্তুষ্ট কৰাটোৱো এটা কামৰ কাম, নহলে নেচেল।
কেৱল মেনেজ কৰি যাওক। মেনেজ কৰাৰ পাৰদৰ্শিতাৰ ওপৰতেই নিৰ্ভৰ কৰে কণ্ট্ৰেক্টৰ এজনৰ ভৱিষ্যত।
কাম বেয়া হলে চিধাই জগৰীয়া কৰা হয় ঠিকাদাৰক! কাম আবন্টনৰ আগতেই কমিছন কাটি লোৱা মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি অভিযন্তা- আমোলা, স্থানীয় সংবাদ দাতাৰ পৰা জনতালৈকে, সকলোৱেই ঠিকাদাৰক কাঠগঢ়াত থিয় কৰোৱায়। হয়, এনেকুৱা এক বাস্তৱতাৰ মাজতেই ঠিকাদাৰ এজনে কাম কৰিব লাগে। বিভাগীয় ৰেজিষ্ট্ৰেচনত উল্লেখিত কেটেগৰী ব্যতিৰেকে মুষ্টিমেয় কিছু সংখ্যকক বাদ দি সাধাৰণ ঠিকাদাৰ সকলৰ প্ৰায় প্ৰতিজনেই মানি লবলৈ বাধ্য এই বাস্তৱতাক।
এইসমূহৰ উপৰিও আছে জি এছ টি নামক এক কেঁকোৰা চেপা, যি কেঁকোৰা চেপাত ঠিকাদাৰে সুৱঁৰিব লগা হয় ত্ৰাহি মধুসূধন অৱস্থা। বিল দাখিলৰ লগে লগে আৰম্ভ হয় কাউন্ট ডাউন। বিল আদায় পাওক বা নাপাওক, নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত জমা দিব লাগে জি এছ টি, অন্যথাই ভৰিব লগা হয় পেনালটি। ভাবক এবাৰ কি চমৎকাৰ ব্যৱস্থা!?
এবাৰ ভাবি চাওক, ইমানবোৰ ৰিস্ক ফেক্টৰ মূৰৰ ওপৰত লৈ কাম কৰি উঠাৰ পিছত যেতিয়া বিলৰ ধন মকোলাবলৈ মূৰ আফলিয়াব লগা হয়, তেতিয়া ঠিকাদাৰ এজনৰ মানসিক স্থিতি কেনেকুৱা হব পাৰে?
ৰাজ্যত উন্নয়ন হৈছে, উন্নয়নৰ ঘোঁৰাই ৰকেটৰ গতিত চেকুৰ লৈছে, সেয়া প্ৰতীকী ভাবে ফুটাই তুলিবলৈ কিবা এটা লাগে….. ন ন শ্বপিং মল, এয়াৰ পোৰ্টৰ চাক-চিক্য, বহল ৰাস্তা আদিকে উন্নয়ন বুলি ভবা মধ্যবিত্তক যিয়ে ইমপ্ৰেছ কৰিব পাৰে, তেনে কিবা এটা চমক সৃষ্টিকাৰী…..। প্ৰতীক নিৰ্ভৰতা ফেচিষ্ট শাসনৰ সৈতে অঙ্গাঙ্গিক ভাবে যুক্ত,… কত পঢ়িছিলোঁ, পাহৰিলোঁ। এক্সলেতৰযুক্ত ফুট অভাৰব্ৰীজ(বাস্তৱত প্ৰয়োজন থাকক বা নাথাকক) তেনে এক চমক। গুৱাহাটী কেৱল অসমৰেই প্ৰাণ কেন্দ্ৰ নহয়, ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ। ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ অভাৱত মানুহে ৰাজপথৰ দাঁতিত প্ৰাকৃতিক কাম ফেৰা সমাপন কৰিবলৈ বাধ্য হোৱা ৰাজ্য ৰাজধানীৰ কেবা ঠাইতো বিগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত্বত নিৰ্মান হৈ উঠিছে কেবাখনো এক্সলেতৰযুক্ত ফুট অভাৰব্ৰীজ, উন্নয়নৰ ঘোঁৰাৰ ৰকেট গতিৰ প্ৰতীক হিচাপে। এইবোৰ ক্ষেত্ৰত চৰকাৰী ধন ডিজিটেল ইণ্ডিয়াৰ ডিজিটেল ষ্টাইলত মুকলি হৈ গৈছে, মন্ত্ৰীৰ উদ্বোধনৰ লগে লগে। খেনো খেনোৰ মুখত শুনিছিলো ‘ইয়াৰ এণ্ডিঙ’ৰ প্ৰাক মুহূৰ্ত্বত হেজাৰ বিজাৰ কন্ট্ৰেক্টৰৰ ধন মুকলি নহলেও দুদিন দুঘণ্টামানৰ বাবে ফাইনেন্স ডিপাৰ্টমেণ্টৰ দুৱাৰ মুকলি কৰি তড়িৎ তৎপৰতাৰে ফুট অভাৰব্ৰীজ কেইখনৰ বিল মোকোলাই দিয়া হৈছিল। সংশ্লিষ্টসকলে জানিব ইয়াৰ সত্য সত্যতা! চৰকাৰী ৰঙা ফিটাৰ মেৰপেছে ঢুকি নোপোৱা কোন এই কণ্ট্ৰেক্টৰ, কোন এই সৌভাগ্যশালী জনাই জানে। পেচাগত পৰিচয় একে হলেও স্থানীয় অযুত কণ্ট্ৰেক্টৰৰ সৈতে এওঁলোকৰ ব্যৱধান যে বিস্তৰ, তাক বহলাই বাখ্যা কৰাৰ প্রয়োজন জানো আছে?
‘ট্ৰমা’ শব্দটোৰ অসমীয়া প্ৰতিশব্দ কি, সেয়া মই নাজানো। কিন্তু এক ‘ট্ৰমা’সদৃশ পৰিস্থিতিৰ বলি হৈয়েই যে তপন পাটগিৰি কিম্বা মিঠুৰঞ্জন দাস নামৰ ব্যক্তি দুগৰাকীয়ে আত্মহননৰ লেখীয়া সিদ্ধান্ত ললে, তাত কোনো সংশয় নাই। অলপ সংবেদনশীলতাৰে বুজিব বিচাৰিলে আপুনিও বুজিব পাৰিব কি ভয়ানক এক মানসিক স্থিতিত উপনীত হলে মানুহে লয় এনে সিদ্ধান্ত!?
তপন পাটগিৰিৰ আত্মহনন সম্পৰ্কীয় লেখাটোত আমি ব্যক্ত কৰিছিলো আমাৰ আশংকাৰ কথা, কৈছিলোঁ এণ্টাৰপ্রিণাৰ তথা ব্যৱসায়ী সকলৰ আৰু বহুজনেই হয়তো লব একেই পন্থা। আমাৰ শংকাক বাস্তৱ ৰূপ দি মিঠুৰঞ্জন দাসে অনাকাংক্ষিত হলেও সাব্যস্ত কৰিলে শংকাৰ বস্তুগত ভিত্তিক। বিকল্পহীনতাৰ ৰুঢ় বাস্তৱতাই তিল তিল কৈ দেশৰ শত সহস্ৰ নাগৰিকক থেলি দিছে আত্মহত্যাৰ জৰিয়তে মৃত্যুৰ শীতল কোলাত আশ্ৰয় লবলৈ। তামিলনাডু, মহাৰাষ্ট্রকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত ঋণ গ্ৰস্থ খেতিয়কৰ আত্মহত্যাৰ সংখ্যাই ইতিমধ্যেই অভিলেখ ৰচিছে।
অসমো ব্যতিক্ৰম নহয়। ‘ট্ৰমা’ এটা ইংৰাজী শব্দ। মানসিক স্থিতিৰ এক সূচক, যত জীৱন হৈ পৰে ভীতিময় এক বীড়ম্বনা। এই ‘ট্ৰমা’ৰ বলি হৈয়েই দেশজুৰি গা কৰি উঠিছে আত্মহত্যাৰ প্ৰৱণতাই। ‘ট্ৰমা’সদৃশ পৰিস্থিতিৰ বলি হোৱা মানুহৰ তথ্য বিচাৰি অসমৰ চাৰিসীমা গৰকি বাহিৰলৈ ঢাপলি মেলাৰ প্ৰয়োজন নাই, ইয়াতেই আছে বিগত দুই তিনিটা বছৰত তেনে মৃত্যুৰ দেধাৰ উদাহৰণ।
নিৰোদ বৰণ দাস। চৰকাৰী হাইস্কুল এখনৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা মঙলদৈ কোৰ্টৰ এজন এডভোকেট। নিবাস- খাৰুপেটীয়া। দৰং জিলাৰ এখন সৰু চহৰ। ২০১৮ চনৰ ২০ অক্টোবৰ। সদায় প্ৰাতঃভ্ৰমণলৈ যোৱা শ্ৰী দাসক সেইদিনা পৰিয়ালে আবিষ্কাৰ কৰিলে ড্রইং ৰুমত চিপ লৈ ওলমি থকা অৱস্থাত। যেতিয়া পুলিচৰ উপস্থিতিত ওলমি থকা অৱস্থাৰ পৰা নমাই অনা হৈছিল, পকেটত আৱিষ্কৃত হৈছিল সৰু এটা চুইছাইড নোট……
১৯৫১ চনৰ ‘নাগৰিক পঞ্জী’ত নাম উল্লেখ থকা নিৰোদ বৰণ দাস আছিল ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ।অৱসৰ গ্ৰহণৰ পিছতো তেওঁ প্ৰধান শিক্ষক হিচাপে অৱসৰ লোৱা স্কুল খন যেতিয়া হায়াৰ চেকেণ্ডাৰী স্কুললৈ উন্নীত হল সেইখন স্কুলতে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কিছুদিনৰ বাবে কৰ্মৰত আছিল এম এ, এল এল বি শৈক্ষিক অৰ্হতাসম্পন্ন নিৰোদ বৰণ দাস।
২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খন খচৰা তালিকাত নিৰোদ বৰণ দাসৰ নাম নাহিল, তেওৰ নাম কটা গল সন্দেহযুক্ত নাগৰিক হিচাপে। এইটোৱেই যথেষ্ঠ আছিল নিৰোদ বৰণ দাস নামৰ বৃত্তিত শিক্ষক তথা এডভোকেট জনৰ মানসিক সুস্থিৰতা কাঢ়ি লোৱাৰ বাবে। তেওঁ ভাগি পৰিছিল, দেশহীনতাৰ আতংকত তেওঁ ভুগিবলৈ আৰম্ভ কৰিছিল… সোমাই পৰিছিল ‘ট্ৰমা’সদৃশ পৰিস্থিতিৰ মাজত……
তিস্তা শীতলবাদৰ মানবাধিকাৰ সংগঠন ‘চি জে পি’ ৰ এটা সজাতি দলৰ সৈতে ২০১৮ৰ ২৩ অক্টোবৰত খাৰুপেটীয়াৰ নিৰোদ বৰণ দাসৰ বাসগৃহত উপস্থিত হৈ আমিও সাক্ষী হৈছিলো সেই মৰ্মান্তিক ঘটনাৰ।
‘চি জে পি’ৰ সূত্ৰ মতে নিৰোদ বৰণ দাস নাগৰিকত্ব হীনতাৰ আতংকত আত্মহননৰ পথ লোৱা ২৯ ৰং ব্যক্তি। তেওঁলোকৰ মতে নিৰোদ বৰণ দাসৰ পূৰ্বে নাগৰিকত্ব হীনতাৰ আতংকত আত্মহত্যা কৰা কোনোজনে নাছিল আৰ্থিক তথা সামাজিক মাপকাঠিত দাসৰ সম পৰ্যায়ৰ।
নাগৰিকত্ব হীনতাৰ আতংকত আত্মঘাতী হৈছে কমেও অৰ্ধ শতাধিক মানুহ, অসমে প্রত্যক্ষ কৰা মানৱিক সংকটৰ সেয়া এক ভিন্ন ছবি।
‘ট্রমা’জনিত কাৰণত আত্মঘাতী হোৱাৰ কাহিনী তাতেই থমকি ৰোৱা নাই, তাৰ আগ্রাসী হাতোৰাই প্রাণকাঢ়িছে বন্ধ হৈ যোৱা দুটাকৈ কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীৰ মাজৰো কেবাজনৰ। তাতো সূত্রপাত ঘটিছে এক মৃত্যু মিচিলৰ…..
এইবাৰ মৃত্যু মিচিল আৰম্ভ হৈছে এণ্টাৰপ্রিণাৰ-ব্যবসায়ীৰ। এই মিচিলৰ যতি ক’ত, আমি কোনেও নাজানো….
ওপৰত উল্লেখ কৰিছিলো, মিঠুৰঞ্জন দাসৰ আত্মহত্যাৰ খবৰটো আয়ৰণী। মধ্যমীয়া আয়ৰ এজন ব্যৱসায়ী, ক্ষমতাৰ অলিন্দত যাৰ অহা যোৱা, সেই মিঠুৰঞ্জন দাসে আত্ম হননৰ লেখীয়া পদক্ষেপ লবলৈ বাধ্য হৈছে আৰ্থিক সংকটজনিত ‘ট্ৰমা’ৰ বলি হৈ। আয়ৰণী এই বাবেই, মধ্যবিত্তীয় বৃত্তিধাৰী তথা শাসক শ্ৰেণীৰ ঘনিস্থ হৈয়ো নিস্তাৰ পোৱা নাই আৰ্থিক সংকটৰ ভয়াবহতাৰ পৰা। সংকট আজি কিমান গভীৰত, এই ঘটনাই চকুত আঙুলি ৰাখি আমাক দেখুৱাই দিছে। মধ্য বিত্ত শ্ৰেণীটোৰেই একাংশৰ যদি এইটো অৱস্থা হয়, তেনে আৰ্থিক মাপকাঠিত ইয়াৰ তলত অৱস্থান কৰা বাকী সকলৰ অৱস্থা কিমান দুৰ্বিসহ হব পাৰে, ই তুলি ধৰিছে তাৰো এক প্ৰতিচ্ছবি।
এক সার্বিক সংকটৰ গৰাহলৈ গতি কৰা ৰাজ্যখনত আৰ্থ-সামাজিক তথা ৰাজনৈতিক চিন্তা-চৰ্চা অহা দিনবোৰত আজিৰ দৰে হিন্দু-মুছলিম বাইনাৰীৰ মাজতেই আৱৰ্তিত হৈ থাকিব নে পৰিধি ভাঙি নতুন চিন্তাৰ উন্মেষ ঘটিব, এইটোৱেই হৈছে সাম্প্ৰতিক সময়ৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ লুকাই আছে অনাগত সময়ৰ গৰ্ভত…..