(গল্প)
-পল্লৱী কৌশিক শৰ্মা |
” দেউতা… .. দহ টকাৰ সেন্দুৰকণ শিৰত দি কাৰোবাক পত্নীৰ মৰ্য্যদা দিবলৈকে ,লাখ টকা খৰছ কৰাৰ পক্ষপাতী নহয় মই । সম্বন্ধ এটা ,আমাৰ আৰু উলুপিৰ ঘৰ দুখনৰ মাজত হে হ’বলৈ ওলাইছে । আমাৰ দুখন ঘৰৰ সন্মতি আছে । সমাজ বা ৰাইজৰ কি কথা আছে ইয়াত? ভগৱানক সাক্ষী কৰি মন্দিৰতে অহা বহা’গৰ বিশ তাৰিখে উলুপিক বিয়া পাতিম মই ।”
” কি কৈছ’ অ’ এইবোৰ .. ! ৰাইজ খনক এৰিব নোৱাৰো আমি । ইমান দিনে চলি অহা ৰীতি , পৰম্পৰাৰ বিপৰীতে গৈ এই বুঢ়া বয়সত ৰাইজৰ ৰোষৰ বলি হোৱাৰ মন নাই মোৰ । এনেইও সকলোৱে ইমান দিনে উলুপি আমাৰ ঘৰলৈ অহা-যোৱাক লৈ বু বু বা বা কৰিয়েই আছে । এতিয়া যদি সামাজিক ভাৱে বিয়া খন নাপাতি উলুপিক এইখন ঘৰৰ বোৱাৰী কৰি আনো কোদুৰ বাঁহত হাত দিয়াৰ লেখীয়া কথা হে হ’ব অ’ বোপাই.. ।মানুহে যি টি কথা উলিয়াব ।”
” কোন খন সমাজ…কোন খিনি ৰাইজৰ কথা ক’লে দেউতা ? উলুপিয়ে মাজে মাজে ৰুগীয়া মাক আহি ইখন সিখন কৰি দিয়াত, মোৰ অনুপস্থিতিত আপোনাক ডাক্তৰৰ ওচৰলৈ নিয়াত বা গাওঁ বুঢ়াৰ ল’ৰা-ছোৱালী দুটাক পঢ়াই কানিমুনি গধূলি ,পথাৰ খনৰ এছোৱা বাট অকলে আহিব ভয় কৰি মোৰ লগত অহাত অশ্লীলতা দেখা মানুহখিনিৰ কথা কৈছে নে.. ? নালাগে তেনে ৰাইজ, তেনে মানুহ মোক ।
উলুপিক মনেৰে পত্নীৰ মৰ্য্যদা ইতিমধ্যেই দিলো মই । এতিয়া জীৱনটো , এমাইল বাট চাইকেল কোবাই, স্কুল শিক্ষক হিচাপে কষ্টৰে উপাৰ্জন কৰা আপোনাৰ ধন কেইটা গাওঁৰ ৰাইজক ভোজ ভাত দি উলুপিক বিয়া পতাৰ নামত শেষ নকৰো মই । মইয়ো চাকৰিটোত সোমোৱা বেছি দিন হোৱাই নাই নহয়। সাঁচতীয়া যি কেইটা আছে জীৱনৰ বাকী চোৱা আৰামৰে কটাবলৈ আপোনালোককেই লাগিব । মুঠতে ঘৰৰ মানুহখিনি লৈ মন্দিৰতে নিয়মখিনি পালি বিয়া খন পাতিম মই ।”
মাকে , বাপেক পুতেকৰ কথা শুনি পাকঘৰৰ পৰা ওলাই আহিল ……।
” কি কথা কয় অ’ এই ল’ৰাটোৱে । হেৰৌ , আমাৰ বুঢ়া বুঢ়ীৰ দায়িত্ব এইটো , তোৰ ঘৰ খন ধুম ধামেৰে পাতি দিয়া… । সকলো মাক বাপেকৰ সন্তানক লৈ দেখা সপোন …। তোৰ বিয়া মন্দিৰত নহয় । ৰভাৰ তলত ,নিজৰ ঘৰৰ চোতালত হ’ব আৰু যি দৰে আনৰ ঘৰত হৈ আহিছে তেনেকৈয়ে হ’ব। গাঁওৰ মানুহখিনি মাতি লুচী-তৰকাৰী মিঠাই এটা খুৱাব নোৱাৰাকৈ দুখীয়া হোৱা নাই আমি । ৰাইজ সাক্ষী থাকিব, জ্যেষ্ঠ জনৰ আশীষ থাকিব, তেহে এই মাংগলিক কর্ম বোৰ হৈ উঠে । “
” মা, কিয় ভাবিছ’ … যে সকলোকে নিমন্ত্ৰণ জনাই লুচী তৰকাৰী খুৱালেহে মংগল হ’ব ! তাতকৈ সেই কেইটা টকা জমা কৰি থবি । তোৰ নাতি-পুতি ডাঙৰ হ’লে পঢ়াৰ খৰছ উলিয়াই দিবি । “
মিচিকিয়া হাঁহি মাৰি কাণৰ কাষতে ফুচফুচাই ক’লে সীমান্তই মাকক ।
” কটা নিলাজটো…. , বোলো গছত কঠাল ,ওঁঠত তেল.. ন’ পকোঁতেই চেলবেল । কণী আছোন ফুটাই নাই, চৰাই উৰুৱালেই সি । বিয়া খন পাতি ল’ আগেয়ে । ল’-ছোৱালীৰ কথা পিছে পৰে ও হ’ব ।”
মাকৰ খং উঠি গ’ল….. ।
” বাৰু মা ক’চোন ৰাইজক কিয় সাক্ষী কৰিব লাগে ?”
” চলি অহা নিয়ম এইবোৰ । মানিব লাগিব আমি । “
” নিয়ম মানে কি …? মানুহ গোটাই, কইনাক গহনা-গাঁঠৰী, কাপোৰ-কানি আৰু সেন্দুৰ পিন্ধা আৰু…ৰাতিলৈ সকলোকে ভোজ ভাত দি ফুলশয্যা ৰাত্রি যাপন কৰা । শুনিবলৈ বেয়া… । সত্য জানো সেইটোৱেই নহয় । তাকে সামাজক সাক্ষী কৰি কৰো যদি ধৰ্ম ,আৰু লুকাই চুৰকে কৰিলে পাপ । এইবোৰ নিয়ম মই নামনো অ’…. ।
দুই তিনিদিন নাৰ্ভৰ বেমাৰত ঢেল খাই বিচনাত পৰি থাক’ যে , কেইজনে আহি খবৰ লৈ তোৰ আল ধৰি পাইছে ? তই আক’ এই ৰুগীয়া দেহাৰে মানুহক খোৱাই ধুম ধামেৰে পুতেৰৰ বিয়া পাত’… । দৰকাৰ নাই এই অৰ্থহীন নীতি নিয়মবোৰৰ । তহঁতৰ আশীৰ্বাদ লগত থাকিলেই হ’ব ।”
সীমান্তৰ কথা শুনি মাক বাপেক সেইফালেই তাল খালে । বুজাবৰ ভাষাও বিচাৰি নাপালে তাক। সত্যবোৰ তিতাই হয় সদায় । তাৰ যুক্তিত জোৰ নথকা নহয়… । কিন্তু তাৰবাবে মানুহৰ পৰা এষাৰ শুনিব লগা হয় বুলি চিন্তাও হ’ল তেওঁলোকৰ । উলুপি আৰু তাৰ সম্বন্ধক লৈ দেখাই একো নক’লেও পেটে পেটে বহুতৰে যে ভাল ভাৱ নাই সেই কথা বুজে তেওঁলোকে । কেতিয়াকৈ বিয়াখন খুৱাব… নে উলুপিক কোনেও নজনাকৈ বোৱাৰী পাতি জুহালৰ দায়িত্ব দিলেই… সেই ধৰণৰ প্ৰশ্নও নকৰা নহয় দুই একে ।
ৰাতি ভাতৰ পাতত পুনৰ সেই বিষয়টোৱে প্ৰাধান্য পালে ।
” সীমান্ত, আমি বুজিছোঁ তোৰ কথাবোৰ। গতিকে ভাবিছোঁ গোটেই গাঁও খন নহলেও দুই এঘৰক নিমন্ত্ৰণ নজনালে কথাটো বেয়া হ’ব ..!!”
দেউতাকে গৰম ভাত কেইটা আঙুলিৰ আগেৰে বহলাই তালৈ নোচোৱাকৈ কথা কেইটা ক’লে ।
” কাক মাতিব , কাক বাদ দিব দেউতা ? ভদাই খুৰাৰ ঘৰ খন মাতি কাষৰ গোলোক বৰতাৰ ঘৰ খনক নজনাব নে জিনু পেহীক মাতিব, ওচৰৰ মিনতি বাইদেউক নক’ব ? ভাল হ’ব নে তেতিয়া ? তাতকৈ কাকোৱেই মাতিব নালাগে । আমাৰ পৰিয়াল দুটা থাকিলেই হ’ব। কাইলৈ মই মন্দিৰলৈ গৈ পুৰোহিতৰ লগতে ,যাৱতীয় যি য’ত লাগে সকলোবোৰ ঠিক কৰি আহিমগৈ ।”
” নাজানো আৰু তই কি ভাবি কি কৰিব ওলাইছ’ ।”
বাপেকে কাঁহী খনতে ঘটিটোৰে পানী ঢালি হাত খন ধুই আধা খোৱাকৈ উঠি গ’ল ।
পিছদিনা ৰাতিপুৱা সীমান্তৰ মাকে কাষৰ যতিনৰ মাকৰ লগত একমাত্ৰ পুতেকৰ বিয়া খন লৈ, ঘৰ খনত হোৱা দোধোৰ মোধোৰ অৱস্থাৰ বিষয়ে আলোচনা কৰিলে । কথাটো ইকান সিকানকে বাগৰি সকলোৰে আলোচনাৰ বিষয় হৈ পৰিল । পদূলি মুখত ৰৈ গাঁওৰ মাইকী মানুহবোৰে এগুনকে দুগুণ কৰি মুখৰোচক কাহিনী বনালে ।
” বোলো গম পাইছে নে নাই, সীমান্তই গাঁওৰ ৰাইজক বোলে বিয়া নুখুৱায় । কিটো নাকেৰে খুৱাব… ? যি হে লীলা খেলা দুইটাৰে । উলুপি আহি তাৰ ঘৰতে সোমাই থাকে বেচিভাগ । গাত চাগে লেঠাই লাগিলে কিবা… । ধৰা পৰাৰ ভয়ত মন্দিৰতে বিয়া পাতে এতিয়া । এইবোৰ মানুহৰ ঘৰত আগলৈ ভৰি থলেও পাপে চুব দেই …. ।”
মিনতিয়ে তিলটোকে তাল কৰি কোৱা কথা কেইটা কাষেদি পাৰ হৈ যোৱা সীমান্তৰ কাণত পৰিল । খঙে মূৰৰ চুলিৰ আগ পালেগৈ তাৰ । বহুত ধৈৰ্য ধৰি ঘৰলৈ আহি সি চাইকেল খন লৈ গাওঁবুঢ়াৰ ঘৰ পালেগৈ।
” বৰদেউতা বিশেষ প্ৰয়োজন এটাত আপোনাৰ ওচৰলৈ আহিলোঁ । শিক্ষিত আৰু জেষ্ঠ্য জন হিচাপে উচিত পৰামৰ্শ দিব বুলি আশা কৰিলোঁ মই । “
গাওঁবুঢ়াৰ ওপৰত বিশ্বাস আছিল সীমান্তৰ ।
” ক’চোন বোপাই , কি কথা, কি হৈছে ?”
” মই উলুপিক বিয়া পাতিব ওলাইছোঁ যে শুনিছে নিশ্চয় ।”
” শুনিছো , শুনিছো । ভাল ছোৱালী তাই , ব্যৱহাৰে পাতিয়ে । তোৰ দৰে ল’ৰা এটাৰ লগত বিয়া হ’ব ওলাইছে ,শুনি বৰমাৰে ময়ে বৰ ভাল পাইছো ।”
” আচলতে বৰদেউতা, মই মন্দিৰতে অনুষ্টুপিয়াকৈ বিয়া খন পাতিম বুলি সিদ্ধান্ত লৈছো । গাঁওৰ মানুহ নামাতি এনেকৈ বিয়া পতাত কিবা বাধা আছে নেকি ? নে সামাজিক নিয়ম আছে কিবা ..যে ৰাইজক সাক্ষী কৰিবই লাগিব ? “
” ঈশ্বৰক সাক্ষী মানিলেই যথেষ্ট …। তেৰাৰ ওপৰত কোনো নাই ।নিয়মবোৰ মানুহে নিজেই বনাই লোৱা । আজিকালি দেখাক দেখি কোনে কিমান খৰছ কৰি ধুম ধামেৰে বিয়া পাতে তাৰহে প্ৰতিযোগিতা চলা দেখা গৈছে আচলতে। তই একো ভুল সিদ্ধান্ত লোৱা নাই সীমান্ত । মাৰ ও অসুস্থ । বিয়া খন বুলি কম খিনি যা-যোগাৰ লাগিবনে ? তাতকৈ মন্দিৰত পাতি থব ওলাইছ’ , ঠিকেই কৰিছ’ । “
” কিন্তু গাঁওৰ মানুহখিনিৰ যিবোৰ কথা কাণত পৰিছে ,বৰ হতাশ হৈ পৰিছো মই বৰদেউতা… । উলুপিৰ চৰিত্ৰক লৈও কথা উলিয়াইছে । মানুহ মাতি নোখোৱাই বিয়া পাতো যদি মোৰ ঘৰত ভৰি নিদিয়া ধৰণৰ মন্তব্যও শুনা পাইছো মই । আপুনি লিখিত ভাবে কিবা এখন দিব নেকি যে তেনে কোনো নিয়ম কানুন নাই ।”
” ইমান চিন্তা নকৰিবি অ’ । কিহৰ বাবে লিখা দিব লাগে.. ? তই সংসাৰ কৰিবি, কেনেকৈ কৰ, তোৰ কথা …। ৰাইজে কিহৰ দোষ ধৰিব ? ধৰিবলৈ বা কোন তেওঁলোক ?? আগে পিছেও বহুত বিয়া মন্দিৰত হৈছে । আচল কথা হৈছে তহঁতৰ প্ৰেম বিবাহক লৈ হে আপত্তি তেওঁলোকৰ। আজিও বহুলোকে প্ৰেমক অন্তৰ খুলি স্বীকৃতি দিব নোখোজে । উলুপিৰ লগত তোৰ বিবাহ পূৰ্বৰ এই মিলা-মিচা সহজ ভাবে ল’ব বিচৰা নাই তেওঁলোকে । “
” বুজিছো বৰদেউতা, আচলতে মানুহখিনিৰ মুখ বন্ধ কৰিবলৈকে এই ধৰণৰ চিন্তা এটা মনলৈ আহিল মোৰ । এইখন গাওঁত আপোনাক অৱমাননা কৰাৰ বা আপোনাৰ বিপক্ষে যোৱাৰ সাহস নকৰে কোনেও । আপোনাৰ দৰে বিজ্ঞ জনৰ সেইবাবে প্ৰয়োজন আজিৰ সমাজত ।”
অলপ চিন্তা কৰি গাওঁবুঢ়াই কাগজ এখন উলিয়াই সন্মতি পত্ৰ এখন লিখি সীমান্তক আশীৰ্বাদ দি পঠাই দিলে ।
সীমান্তই উলুপিৰ মাক দেউতাক আৰু ককায়েকৰ লগত ও আলোচনা কৰি একমত হ’ল। উলুপিৰ খেতিয়ক বাপেকে ভালেই পালে কথাখিনি জানি । এবছৰৰ আগত পুতেকৰ বিয়া পাতি উঠিছেহে। এতিয়া জীয়েকৰ বিয়া বুলি খৰছ কৰিবলৈ সূতত টকা লোৱাৰ বাদে উপায় ও নাছিল তেখেতৰ । সীমান্তৰ কথাত সকাহ পালে তেওঁলোকে ।
শাহুয়েকে যতনাই দিয়া চাহ কাপ খাই ওলাই আহি নঙলা মুখৰ পৰা উভতি গৈ সীমান্তই শহুৰেকক কৈ আহিল ….
” দেউতা, উলুপি গৈ শুবলৈ মোৰ ঘৰত বিচনা আছে । আলহী গ’লে বহিবলৈ দিবলৈ চকী টেবুলৰ যোগাৰো কৰি ৰাখিছো মই । বাচন বৰ্তনৰ ও অভাৱ নাই । আপুনি ছোৱালীৰ লগত এইবোৰ একোৱেই দিব নালাগে । মাত্ৰ দুসাজ কাপোৰ দি পঠিয়াব । এতিয়ালৈকে সেইয়াহে যোগাৰ কৰা হোৱা নাই মোৰ । আৰু জোঁৱাইক অন্তৰৰ পৰা আশীৰ্বাদ দিলেই হ’ব , আপোনাৰ ছোৱালীৰ দায়িত্ব যাতে সুচাৰুৰূপে পালন কৰিব পাৰো ।”
সীমান্তৰ কথাকেইটাই শহুৰেকৰ বুকুখন গর্বতে দুই ইঞ্চি যেন ফুলাই দিলে… । যোগ্য পাত্ৰৰ হাতত ছোৱালী গতাব পাৰি পৰম সন্তোষ লাভ কৰিলে তেওঁ । আবেগবোৰ চকুলো হৈ বৈ আহিল তেখেতৰ দুচকুৰে ।
মুকলি মন এটা লৈ এইবাৰ সি মিনতি বাইদেউৰ ঘৰ পালেগৈ ।
” মিনতি বাইদেউ, অহা ২০ ব’হাগত শিমলু তলৰ শিৱ মন্দিৰতে উলুপিক পত্নী ৰূপে স্বীকাৰ কৰিব ওলাইছো । উলুপিৰ চৰিত্ৰৰ দোষ নাই একো, মোৰ হে আৰ্থিক নাটনিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। পাৰে যদি আশীৰ্বাদ দিব যাব দুয়োকে । লুচী ভাজি কিন্তু নুখোৱাও দেই । মাহ প্ৰসাদৰ পাত এখন নিশ্চয় পাব ভাগত ।
অ’ আৰু এটা কথা, গাওঁবুঢ়া বৰদেউতাইও এই সিদ্ধান্তত সন্মতি জনাইছে । আপুনি বিয়নী মেল পাতি যি সকলক আমাৰ ঘৰত ভৰি দিলে পাপে চোৱাৰ কথা কৈছিল , তেওঁলোকক কথা খিনি জনাই দিলে সুখী হ’ম ।”
এইবুলি পকেটৰ পৰা কাগজ খন উলিয়াই মিনতি বাইদেউৰ মুখৰ আগত দাঙি ধৰি সীমান্ত উভটি আহিল ।
∆∆∆∆∆∆∆∆∆
মন্দিৰত সীমান্তৰ মাকে যোগালি জনৰ সৈতে মাহ প্ৰসাদৰ যোগাৰ কৰাত ব্যস্ত হ’ল। সীমান্ত আৰু উলুপিৰ ঘৰৰ মানুহখিনিৰ উপস্থিতিত আজি সিহঁতৰ বিয়া …। হোমৰ জুইক সাক্ষী কৰি জীৱনৰ বাটত নতুন খোজ পেলাই দুয়ো দুয়োকে আপোন কৰি লবলৈ সংকল্পবদ্ধ হ’ল । এজন দুজনকৈ গাঁওৰ বেছিখিনি মানুহেই সিহঁতৰ সেই মধুৰ মুহুৰ্তটিত সিহঁতক আশীৰ্বাদ দিবলৈ মন্দিৰত ভৰি দিলেহি । উলুপি আৰু সীমান্তৰ মাকে তিলপিঠা, নাৰিকল লাড়ু, বৰপিঠা আদিৰে সকলোকে চাহ খুৱালে ।
ওৰণিৰ তলেৰে স্বামী বৰণ কৰা নিৰ্ভীক, সাহসী সীমান্তৰ মুখলৈ চাই উলুপিৰ বুকু ভৰি আহিল । তাৰ সততা আৰু যুক্তিৰ ওচৰত গাঁওৰ মানুহখিনিৰ অভিমানবোৰ যে তেনেই মূল্যহীন হৈ পৰিল তাকে দেখি উলুপিয়ে উচুপি উঠিল ।
সীমান্তইও সকলোকে কৃতজ্ঞতা জনাই জ্যেষ্ঠ সকলৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে । ভাল লাগিল তাৰ ,সময়ৰ সোঁতৰ বিপৰীতে যোৱা সত্বেও, জাক জমক বিহীন সিহঁতৰ বিয়া খনক সকলোৱে আদৰি লোৱাত ।
সকলোতকৈ ভাল লগা কথাটো হ’ল ,সেই বিয়া খনৰ ঘোৰ বিৰোধী মিনতি বাইদেৱেও অৱশেষত জীয়েকৰ বিয়াও এইদৰে শিমলু তলৰ শিৱ মন্দিৰতে পাতিব বুলি সেইদিনাই ৰাজহুৱা ভাৱে ঘোষণা কৰিলে । •
( সমাপ্ত )