(গল্প)
-অংকিতা বৰুৱা |
ঈষৎ হালধীয়া গ্ল’চাইন খনৰ জিলিকি থকা সেউজীয়া আখৰকেইটা লৈ চাই অলকানন্দা ই এক ধৰণৰ সকাহেৰে ভিতৰলৈ সোমাই গল অফিচটোৰ । ৰিচেপচনত বহি থকা ক্ষীনাংগী কম বয়সীয়া ছোৱালী জনীয়ে তাইক সম্ভাষণ জনাই বহিবলৈ কৈ কাষৰ কেবিনটোলৈ গ’ল ।
অলকানন্দাই এবাৰ চাৰিওফালে চালে ৰুমটোৰ । দেৱালত কেইবাখনো এক্সেলেন্সি চাৰ্টিফিকেট ওলমি আছে বিবাহ ডট কমৰ..
—-অলকানন্দা ৰ ভাল লাগিল ।
কেই মুহূৰ্ত্ত মানৰ পাছতে ছোৱালী জনী ওলাই আহি তাইক ভিতৰৰ ৰুম এটালৈ লৈ গল । শাৰী শাৰী কৈ গ্লাচ দিয়া কেইবাটাও কেবিন তাইৰ চকুত পৰিল । তাৰে দ্বিতীয় কেবিন তো অলকানন্দাৰ । আটোমটোকাৰিকৈ সজোৱা কেবিনটো তাইৰ বৰ পছন্ড হল । কেবিনটোলৈ সোমোৱাৰ সন্মুখৰ দেৱালত বুদ্ধৰ এখন ধুনীয়া অইল পেইন্টিঙ ——–
” Every morning we are born again. What we do today is what matters most “
—– এৰা তাইতো জ্বলি জ্বলি শেষ হৈ পুনৰ জী উঠে প্ৰতিদিনে —-
পাহৰিবলৈ অহৰ্নিশে চেষ্টা কৰি থকা কথাবোৰে তাইক সামান্য এটা সুৰুঙা পালেই ধৰাশায়ী কৰি পেলায় ……..!
— কাম আৰম্ভ কৰাৰ আগতে অলকানন্দাই এবাৰ ব্ৰান্স হে’ডক লগ কৰি আহিল ।
তেখেতৰ নিৰ্দেশতে কামবোৰ কলিগ মৃনালীয়ে বুজাই দিলে তাইক । ক্লায়েন্ট চাৰভিচ্ এক্সিকিউটিভ হিচাপে তাইৰ কাম বোৰ কেনে ধৰনৰ হব এটা চমু আভাস দিলে মৃনালীয়ে অলকানন্দাক । মৃনালী তাইতকৈ বয়সত হয়তো সৰু হব , ছোৱালী জনী বেচ স্মাৰ্ট আৰু মেচিউৰড্ কথা বতৰাত ! তাই বিবাহ ডট কমৰ পুৰনি এমপ্লয়ী । মিঠা মুখীয়া ছোৱালীজনীয়ে অলকানন্দাক শুভেচ্ছা জনাই নিজৰ কেবিনলৈ গ’ল ।
……. ভগৱানক অশেষ ধন্যবাদ জনাই তাই এবাৰ চকু কেইটা মুদি দীঘল কৈ উশাহ তো টানি ললে । সৰুকৈ হলেও এটা চাকৰি যোগাৰ কৰাতো তাইৰ বাবে কিমান প্ৰয়োজন আছিল , সেয়া কেৱল তাই জানে …….
নিজৰ কেবিনতোত অলপ সময় এনেয়ে বহি অলকানন্দাই এটা স্বস্তিৰ নিশ্বাস এৰিলে …..
………অৱশেষত ………. !
—-অলকানন্দাই সিঁহতৰ চাইট তো খুলি চাকচেচ্ফুল ষ্টৰী কেইটামানৰ বিষয়ে জানি ললে প্ৰথমে । ৰিভিউ বোৰ চাই তাইৰ মনতো ভাল লাগিল । বিবাহ ডট কমৰ জৰিয়তে বিয়া হোৱা কেইবাটাও কাপলৰ ফটো চালে তাই —– উজ্জ্বল হাঁহিৰে উদ্ভাষিত মুখবোৰ দেখিলে তাইৰ ভাল লাগি যায় —–
—-জৰুৰীতো নহয়—- সকলো সম্পৰ্কৰ আঁৰত অভিনয় থাকক !!
—— অলকানন্দাৰ কেবিনলৈ এগৰাকী মধ্য বয়সীয়া মহিলা সোমাই আহিল , লগত এগৰাকী যুৱতী । সম্পৰ্কত তেঁওলোক মাতৃ-কন্যা । তেওলোকক সম্ভাষন জনাই বহিবলৈ দি তাই জানিব বিচাৰিলে তেওলোক অহাৰ উদ্দেশ্য । এটা বিৰক্তিকৰ চাৱনিৰে ছোৱালী জনীয়ে মাকলৈ চালে । ছোৱালী জনীৰ অভিব্যক্তিত অসহজ হল মাক গৰাকী —–
তেখেতৰ কথাৰ পৰা বুজা গল , যুৱতী গৰাকী বিবাহিত । পিতৃ মাতৃৰ পচন্ডতে বিয়া হৈছিল তেওঁৰ ।
ছমাহমানলৈ সকলো ঠিকে আছিল । এদিন হঠাত তেওঁৰ স্বামী নোহোৱা হল । কামলৈ ওলাই গৈ ঘূৰি নাহিল । দেউতাক আৰু ককায়েকে গৈ পুলিচত খবৰ দিছিল । দুদিনৰ পাছত খবৰ আহিল —– মানুহজন আৰু কোনোদিন ঘৰলৈ ঘূৰি নাহে । কিবা সংগঠনত যোগ দিলে তেও ! দিশহাৰা হৈ পৰা এটা পৰিয়াল !
—– কি হব ছোৱালীজনীৰ ভৱিষ্যত ……!
ভয় খাইছিল তেওলোকে মানুহজনক বিচাৰি আহি যদি পুলিচে তেওলোকৰ ছোৱালীক হাৰাশাস্তি কৰে !
ঘৰলৈ ঘূৰাই আনিলে নিজ কন্যাক —— ।
তাৰপাছত স্বাভাৱিকতে , যুৱতীগৰাকীয়ে জীৱনত পুনৰ বাৰ সংসাৰ কৰাৰ কথা ভাবিব পৰা নাছিল ! কেৱল পিতৃ – মাতৃৰ হেচাঁত পৰি অলকানন্দাহতঁৰ অফিচলৈ আহিছে।
সুধিছিল অলকানন্দাই, মানুহজন কোনোদিনে ঘূৰি নাহিল নে ?
—- যুৱতী গৰাকীয়ে প্ৰথম বাৰলৈ মুখ খুলিছিল সেই প্ৰশ্নত —–
: তেওঁ নাহিল আৰু কেতিয়াও —— চাৰি বছৰ পাৰ হৈ গল । একো খবৰ নাই ! সেই অতীতক আৰু কঢ়িয়াব নিবিচাৰো । কিন্তু বিয়া বুলি কলেই মোৰ একপ্ৰকাৰ ভয় সোমাই গল । এজন পুৰুষ ইমান দায়িত্বহীন হব পাৰে , কাৰোবাৰ জীৱনৰ লগত খেলা তো পুৰুষৰ বাবে ইমান সহজ হব পাৰে —— কি দৰে বিশ্বাস কৰো আন এজন পুৰুষক , কওক বা …….
…….. অলকানন্দা ভিতৰৰ পৰা জোকাৰ খাই গল তেওঁৰ প্ৰশ্নত —–
—– এৰা….. কি দৰে বিশ্বাস কৰে আন এজন পুৰুষক এগৰাকী নাৰীয়ে , যি প্ৰতাৰিত হৈছে যুগ্ম জীৱনত …..
——বুকুৰ গভীৰৰ পৰা এটা হুমুনিয়াহ ওলাই আহিল অলকানন্দাৰ ——-
তথাপি নিজৰ মনৰ ভাব লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলে তাই । এইতো যে তাইৰ চাকৰি , ক্লায়েন্টৰ দুখত সমানে দুখী হোৱাতো তাইৰ জব্-প্ৰফাইল নহয় !
—- এইটো চাকৰি তাইৰ বৰ্ত্তমান জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় —–
তাই অলপ হাঁহিবলৈ চেষ্টা কৰি এখন ফৰ্ম আগবঢ়াই দিলে যুৱতী গৰাকী লৈ
: তোমাৰ ফটো ও দিবা !
: ঠিক আছে — ফেচবুকৰ পৰা লৈ ল’ব ।
—– নিৰ্লিপ্ত উত্তৰ যুৱতীৰ ।
——- নিলাদ্ৰী গগৈ ।
ভেটাপাৰা , গুৱাহাটী ।
ওপৰে ওপৰে ফৰ্মখনত চকু ফুৰাই তাই এক আশ্বাসেৰে তেওলোকক বিদায় দিলে । মাক গৰাকীয়ে বৰ অনুনয়েৰে তাইক কৈ থৈ গল —–
: চাব আৰু ! তাই আমাৰ একমাত্ৰ সন্তান । তাইৰ সুখী সংসাৰ এখন চাবলৈ আমাৰ বৰ হেপাঁহ ! আমি পচন্ড কৰা বাবেই তাইৰ এনে হল যেন লাগে…..
পাছলৈ তেওৰ মাততো থোকাথোকি হৈ ওলাল —– নিলাদ্ৰীয়ে মাকক মৰমৰ ধমক এটা দি হাতত ধৰি ওলাই গল ——-
কথাবোৰে অলকানন্দাৰ বুকুখন বহু দেৰিলৈ গধুৰ কৰি ৰাখিলে ……
……. জীৱনৰ আচল সত্যবোৰ আমি কেতিয়াও আশা নকৰাৰ দৰে— নিৰ্মম !
বাহিৰৰ পৰা দেখিলে বুজা নাযায় — আঁৰৰ যন্ত্ৰনা বোৰ —–
—– সকলো পুৰুষৰে ভিতৰত এজন অনিৰুদ্ধ লুকাই থাকে নেকি ……..!
নিজক সংযত কৰি তাই কামত মন দিলে । নিলাদ্ৰীৰ অনলাইল প্ৰফাইল এটা ক্ৰিয়েট কৰি তাইৰ ফেচবুক একাউন্টৰ পৰা দুখন মান ফটো ডাউনল’ড কৰিলে অলকানন্দাই । প্ৰফাইল আই ডি আৰু পাচৱৰ্ড নিলাদ্ৰী আৰু মাক দুয়োৰে নাম্বাৰত হোৱাটচ্আপ কৰিলে তাই । এটা দায়িত্ব যেন শেষ কৰিলে অলকানন্দাই । সময়ে প্ৰতাৰণা কৰা এগৰাকী নাৰীৰ জীৱন তো পুনৰ সজাবলৈ অলকানন্দাই এটা পথ দেখুৱাব পাৰিছে ….. তাইৰ বাবে এয়া সৌভাগ্য !
পিহু লৈ মনত পৰি আছে তাইৰ কামৰ ফাঁকে ফাঁকে । বহুদিনৰ মূৰত ছোৱালী জনীক এইদৰে দিনটোলৈ বুলি এৰি আহিছে তাই । অকলশৰীয়া ঘৰখনত এজনী সাত বছৰীয়া ছোৱালীক এগৰাকী সহায়িকা ৰ লগত এইদৰে এৰি কোনো মাকেই যে শান্তিত থাকিব নোৱাৰে —– স্কুলখন খুলিলে তাই অকলশৰীয়া নহব ইমান ! অলকানন্দাই সময়ৰ হিচাপ কৰে মনতে —— স্কুলৰ সময় আৰু তাইৰ অফিচৰ সময় প্ৰায় একে —- এটা ঘন্টাৰ ইফাল সিফাল ……।
——- ছটা মাহ পাৰ হৈ গল অলকানন্দাৰ বিবাহ ডট কমত । বহু লোক আপোন যেন হৈ পৰিছে তাইৰ এই কেইমাহত । বহুতৰ জীৱনৰে বহু অকথিত কাহিনী শুনিছে তাই ! বহুতৰে চকুপানী দেখিছে । এনে নহয় যে কেৱল নাৰীয়েহে বেদনা কঢ়িয়াই , বহু পুৰুষ আহিছে এই অফিচ তোলৈ — কোনো জন পিতৃ আহিছে নিজ পুত্ৰৰ বিবাহৰ বাবে , আন কোনো জন নিজেই নিজৰ বাবে কন্যা বিচাৰি আহি বহু কাহিনী কৈ গৈছে তাইক । তাই যিমান পাৰে আশ্বাস দিয়ে সকলোকে —— তাইৰ চাকৰি য়ে তাইক বাধ্য কৰে সিঁহতৰ ওচৰলৈ অহা প্ৰতিজনকে
আশ্বাস দিয়াতো —-
—– “আমি আছো আপোনালোকৰ লগত —– এখন সুখী সংসাৰ সকলোৰে কাম্য । আমি আপোনালোকৰ সহায়ৰ বাবে সদায় আছো “
পিহুৱে ও আজিকালি তাইক কয় —-” মা, তুমিও দেখোন পাপা এজন ঠিক কৰিব পাৰা —– তোমাৰো লগ হব , মই ও পাপা পাম ” —–
পিহুৰ কথাত অলকানন্দাই কষ্ট পায় । তাই ৰ মনৰ অভাব তাই বুজে । এই কম বয়সতে তাই মাকৰ কষ্ট দেখিছে , একাকীত্ব দেখিছে । কিন্তু তাই যে চৌপাশৰ জটিলতাবোৰ বুজি পোৱা হোৱা নাই এতিয়াও । কিদৰে বুজাই তাইক —- তাইৰ পাপা যে থাকিও নাই । কিদৰে বুজাই তাইক —- অনিৰুদ্ধ ই যে তাইৰ মাকক প্ৰবঞ্চনা কৰি আতৰি গল ——
—– কেৱল অনিৰুদ্ধই তাইৰ লগত প্ৰবঞ্চনা কৰিলে নে ?
অলকানন্দাৰ বাবে প্ৰতিটো সম্পৰ্কই যে এটা প্ৰত্যাহ্বান ! ” প্ৰেম “—- “বন্ধুত্ব ” কোনোটোৱে যে তাইৰ আপোন নহল ——
——কিয় নুবুজিলে ৰাস্নাই অলকানন্দাক । এবাৰো কিয় নাভাবিলে ৰাস্নাই তাইৰ পৰা অনিৰুদ্ধক কাঢ়ি লৈ গলে কি হব অলকানন্দাৰ ! কিদৰে জীৱন পাৰ কৰিব এজনী চাৰিমহীয়া ছোৱালীৰ সৈতে । ৰাস্নাই তো অলকানন্দাক তাইৰ প্ৰিয়বান্ধবী বুলি দাবী কৰিছিল । ক’ত ভুল হৈ গল তাইৰ ! ৰাস্নাক জোখতকৈ বেছি আপোন কৰি লৈছিল তাই । হয়তো অলকানন্দাৰ সৰলতাই সহজ কৰি পেলাইছিল অনিৰুদ্ধ আৰু ৰাস্নাৰ মাজৰ সম্পৰ্কতো আগবঢ়াত । অনিৰুদ্ধ ই বিশেষ ভাবে তাইক গুৰুত্ব কেতিয়াৰ পৰা দিবলৈ লৈছিল অলকানন্দাই সেয়াও নাজানিলে । তাইৰ অলক্ষিতে অনিৰুদ্ধ আৰু ৰাস্না ইমান কাষ চাপিছিল —- অথচ স্বামী হিচাপে সন্দেহ কৰাৰ একো সুৰুঙাই ৰখা নাছিল অনিৰুদ্ধই !
আৰু ৰাস্না —-! তাইতো তাক সেই দৃষ্টিৰে চাব পাৰে বুলি তাইৰ সপোনৰো অগোচৰ আছিল ——
—–ইমান নাটক ৰচিছিল সিহঁতে —— ইমান নিখুত আছিল সিঁহতৰ অভিনয় —-
——– এসপ্তাহৰ বাবে অফিচিয়েল টুৰত যোৱা অনিৰুদ্ধই ৰাস্নাক কাষত পাবলৈ এটা সহজে বিশ্বাসযোগ্য উপায় উলিয়াইছিল —– অলকানন্দাই বুজি উঠে মানে কথাবোৰ বহু দেৰি হৈ গল —–
——- স্তব্ধ হৈ গৈছিল তাই —– অনিৰুদ্ধই তাইক যিদিনা কৈছিল ——
:অলি , ৰাস্নাই মোক ভাল পায় —–
বিস্ফোৰক চাৱনি এটাৰে তাই চাই ৰৈছিল অনিৰুদ্ধৰ দোষী দোষী দুচকুলৈ ——
: আৰু —— আৰু তুমি ——?
: ……….. হয়তো মই ও ………
একো কোৱা নাছিল তাই —–
নাছিল আৰু কবলৈ একো । আতৰি গৈছিল অনিৰুদ্ধ আৰু ৰাস্না তাইৰ জীৱনৰ পৰা । অসহজ কথাবোৰ বৰ সহজ ভাবেই ঘটি গল তাইৰ জীৱনত । অসহনীয় কথাবোৰ সহি সহি পাৰ কৰিলে তাই অত বছৰ ! পিহুক ডাঙৰ কৰাতো এক বিৰাট প্ৰত্যাহ্বান হৈ পৰিছিল তাইৰ বাবে । বিধ্বস্ত মন এটাক তাই বৰ সাহসেৰে জোৰা লগাই ৰাখিছে কেৱল পিহুৰ বাবে ——-
—— এক্সকিউজ মি —–
এটা পুৰুষ কন্ঠত তাইৰ তন্ময়তা ভাগিল ।
—– চক্ খাই উঠাৰ দৰে সন্মুখত ৰৈ থকা মধ্যবয়সীয়া পুৰুষ জনক দেখি অপ্ৰস্তুত হল তাই —–
: বহক !
নমস্কাৰ এটা জনাই সেই ভদ্ৰলোক জনে কৈছিল তাইক—–
তেওঁ এটা প্ৰফাইল ক্ৰিয়েট কৰিব বিচাৰে অলকানন্দাহতঁৰ মেট্ৰিমনিয়েল চাইটত । নিজৰ বাবে ।
তাই অলপ আচৰিত হল । দেখাত মানুহজনৰ বিয়াৰ বয়স পাৰ হোৱাৰ দৰে অনুমান হয় ।
তাই আগ্ৰহেৰে জানিবলৈ বিচাৰিলে তেওৰ বিষয়ে থুলমুল কৈ ——
——- তেওঁৰ বয়স পঞ্চলিছৰ বেছি হব । তেওঁক এগৰাকী লগ লাগে , হৃদয়ৰ সম্বন্ধৰে বান্ধ খাব পৰাকৈ —- জীৱনৰ এছোৱা সময় তেওঁ কেৱল কেৰিয়াৰৰ পাছত দৌৰিলে ! তেতিয়া তেওঁৰ ধাৰণা আছিল যে মানুহৰ জীৱনত পইচা থাকিলে সকলো সম্ভৱ । বৈষয়িক দিশতোৰ পাছত এটা মূল্যৱান অধ্যায় পাৰ কৰিলে তেও । এটা বিশৃংখল জীৱন মানুহজনৰ এক কথাত ! দেৰিকৈ হলেও তেও অনুভব কৰিছে তেওৰ অভাৱ —– হৃদয়ৰ সম্পৰ্কৰ অভাৱ ……..
……. জীৱনৰ প্ৰতিটো অধ্যায়ৰে প্ৰয়োজনবোৰ বেলেগ বেলেগ হয় । প্ৰতিটো প্ৰয়োজনেই প্ৰয়োজনীয় ! জীৱনটোৰ প্ৰতি ন্যায় কৰাতো সকলোৰে নিজৰ নিজৰ দায়িত্ব ! জীৱনক সজোৱাৰ অধিকাৰ —— জীৱনক উদযাপন কৰাৰ অধিকাৰ সবৰে আছে । নিৰ্দিষ্ট কিছুমান ঘটনাই জীৱনৰ সূত্ৰ সলনি কৰিব পাৰে সচা কথা ; কিন্তু তাৰ পাছত জীৱনটোক সঠিক পথত গতি দিয়াৰ অধিকাৰ আমাৰ নিজৰ ওপৰত …….
……..অলকানন্দাই দিয়া ফৰ্মখন খুব সোনকালেই তেওঁ ফিল-আপ কৰি তাইৰ হাতত তুলি দিলে ! এক বিশ্বাস লৈ তেও ঘূৰি গল …….
…….. মানুহজনে অলকানন্দাৰ মনত কিছুমান প্ৰশ্ন আৰু সমাধান যেন একে সময়তে দি থৈ গল ……… কিছু কথাই খুন্দিয়াই থাকিল তাইৰ মনত ——
…….পিহুলৈ মনত পৰিল তাইৰ ……. পিহুৰ মানসিক অভাৱ বোৰক আজিলৈকে অলকানন্দাই নিজৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰি তাইক বুজাই আহিছে ; এটা শিশুৰ কোমল মনে অলকানন্দাৰ কথাবোৰ কিমান গভীৰ ভাবে গ্ৰহণ কৰিব পাৰিছে তাই নাজানে ……..
…….. প্ৰতিটো অধ্যায়ৰে প্ৰয়োজন বোৰ বেলেগ বেলেগ হয় …… প্ৰতিতো প্ৰয়োজনেই প্ৰয়োজনীয় ……জীৱনটোক সঠিক পথত গতি দিয়াৰ অধিকাৰ আমাৰ নিজৰ …….
——- অলকানন্দাই বিবাহ ডট কমৰ চাইট তো খুলি এটা প্ৰফাইল ক্ৰিয়েট কৰিলে ……..
—– অলকানন্দা চলিহা
—–মেৰিটেল ষ্টেটাচ — চেপাৰেটেড
—– ইচ্ছ্যু — ওৱান গাৰ্ল চাইল্ড
••••••••
( সমাপ্ত )