নিপন গোস্বামীৰ দেহাৱসান
কুমাৰ দীপক দাস
৭৫ বছৰ বয়সত জীৱন নাট সামৰিলে বোলছৱি আৰু নাট্য জগতৰ বিশিষ্ট তাৰকা অভিনেতা গৰাকীয়ে ।
নিপন গোস্বামীদেৱে প্ৰথমে মঞ্চত অভিনয় কৰি পাছলৈ বোলছবিত নায়কৰ অভিনয় কৰে। নিপন দা আছিল অসমীয়া বোলছবিৰ ‘তাৰকা অভিনেতা’ৰ শাৰীৰ মুষ্টিমেয় কেইজনমানৰ অন্যতম।
১৯৪৭ চনত জন্মলাভ কৰা বলিষ্ঠ অভিনেতা জনে অসমৰ অভিনয় জগত খনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল।
পুনে ফিল্ম ইনষ্টিটিউট’ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীদেৱে অমৰ পাঠকৰ ‘সংগ্ৰাম’ বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণ মৰ্মেই নিপন গোস্বামীয়ে ‘সংগ্ৰাম’ বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে।
কালানুক্ৰমিক ভাৱে তেখেতৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰদ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’।
তেখেতৰ পিতৃ চন্দ্ৰধৰ গোস্বামীদেৱে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনত কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথমে কেমেৰাত ভূমুকি মাৰিছিল।
‘সংগ্ৰাম’ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডক্তৰ বেজবৰুৱা’ ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে।
১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।
নিপন গোস্বামীদেৱৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি ।
অসম নাট্য সন্মিলনৰ এগৰাকী জ্যেষ্ঠ সতীৰ্থ আৰু আমাৰ অতি শ্ৰদ্ধাৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলোঁ আৰু
নিপন দা’ৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনালোঁ ।
২৭-১০-২০২২