• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, December 5, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

বিশিষ্ট জাতীয়তাবাদী নেতা খনীন মহন্তৰ বিয়োগত

কুমাৰ দীপক দাস

by Admin
December 7, 2022
in Remembrance
Reading Time: 2 mins read
0
বিশিষ্ট জাতীয়তাবাদী নেতা খনীন মহন্তৰ বিয়োগত
Share on FacebookShare on TwitterShare on LinkedIn

খনীন মহন্তৰ বিয়োগত

কুমাৰ দীপক দাস

অসমীয়া ভাষাৰ সুৰক্ষা বিচাৰি কৰা ছাত্ৰ আন্দোলনৰ পৰা আৰম্ভ কৰি অসম আন্দোলনৰ সময়ৰে পৰা খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সমুখৰ পৰা সংগ্ৰামক নেতৃত্ব দিয়া আমাৰ জ্যেষ্ঠ আৰু আদৰ্শবাদী নেতা , ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা বৰপেটা জিলাৰ নেতৃত্বত থাকি নামনি অসমৰ চুকে-কোণে আন্দোলনটোৰ নেতৃত্ব প্ৰদান কৰি মাধ্যম আন্দোলনৰ সফল সমাপ্তি ঘটোৱাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা আপোচহীন জাতীয়তাবাদী নেতা খনীন মহন্তদেৱে আজি ৭ ডিচেম্বৰ তাৰিখে ২বাজি ৩০ মিনিটত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শেষ নিঃশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ। তেখেতৰ সুযোগ্যা পত্নী বিশিষ্ট লেখিকা শ্ৰীমতী অমিয়া মহন্তৰ লগতে দুগৰাকী কন্যা আৰু পুত্ৰ সন্তান এৰি থৈ যোৱা খনীন মহন্তদেৱে মাধ্যম আন্দোলনৰ সময়ত সেইসময়ৰ হাউলীৰ ছাত্ৰ নেতা প্ৰয়াত নিশিথ দাসৰ সৈতে চৰকাৰী প্ৰতিহিংসাৰ বলি লৈ শিলচৰ কাৰাগাৰত কাৰাবাস খাটিবলগীয়া হৈছিল।

RelatedPosts

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

December 3, 2023
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

December 2, 2023
বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস

বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস

December 1, 2023

তেওঁ ১৯৬৮ চনত ভাৰতৰ ছাত্ৰ ফেডাৰেচন বৰপেটা জিলাৰ সাধাৰণ সম্পাদক ১৯৭২-৭৩ চনত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক। ১৯৭২ চনত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।

মাধ্যম আন্দোলনৰ সমাপ্তিৰ পিছতে প্ৰয়াত নিবাৰণ বৰাৰ নেতৃত্বত পূৰ্বাঞ্চলীয় লোক পৰিষদ নামেৰে এক আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দি মহন্তই অসমৰ বিভিন্ন প্ৰান্তত আঞ্চলিক ৰাজনীতি জনপ্ৰিয়তা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে আজিও অসমত আঞ্চলিক শক্তিক সৱল কৰি ৰাখিছে।

তেওঁ ১৯৭৭ চনত পূৰ্বাঞ্চলীয় লোক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা ঐতিহসিক অসম আন্দোলনৰ সময়ত পূৰ্বাঞ্চলীয় লোক পৰিষদৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰি সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ দায়িত্ব পালন কৰিছিল।

অসম আন্দোলনৰ সমাপ্তিৰ পিছত তেওঁ পি এল পি দলৰ সতীৰ্থ সকলৰ লগত অসম গণ পৰিষদ দলত যোগদান কৰি দলৰ প্ৰতিস্থাপক কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। মহন্তই বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীষৰ আদালতত অধিবক্তা হিচাপে যোগদান কৰাৰ উপৰিও অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ অধ্যক্ষৰ উপৰিও ১৯৯৭ চনত অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ বৰপেটাৰ সুন্দৰীদিয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি কটন কলজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা প্ৰাক বিশ্ববিদ্যালয় আৰু বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা কলাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। মহন্তই বৰপেটা চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ এগৰাকী সুবক্তা আৰু তাৰ্কিক হিচাপে অতি জনপ্ৰিয় আছিল।

অসমৰ জাতীয়তাবাদী আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা, বিশিষ্ট সমাজসেৱক খনীন মহন্তদেৱৰ বিয়োগত আমি এগৰাকী আঞ্চলিকতাবাদী তথা জাতীয়তাবাদী নেতাক হেৰুৱালো। আমাৰ আদৰৰ খনীন মহন্ত দা’ৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।

07-12-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

 

 

 

 

 

 

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ
Justice

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

by Admin
December 3, 2023
0

মানৱ সভ্যতাৰ ইতিহাসৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ কল্যাণ কলিতা কল্যাণ কলিতা প্ৰাচীন আৰু আধুনিকতাৰ সংমিশ্ৰণত গঢ় লৈ...

Read more
ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

ৰাষ্ট্ৰনিৰ্মাতা হিচাপে চুকাফাৰ মূল্যায়ন

December 2, 2023
বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস

বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস

December 1, 2023
Henry Kissinger Is Dead at 100

Henry Kissinger Is Dead at 100

November 30, 2023
Lachit Borphukan: Architect of Assam’s Resistance and Legacy of Valor

Lachit Borphukan: Architect of Assam’s Resistance and Legacy of Valor

November 24, 2023
“লাইলিট্ বুৰঞ্জী”ত লাচিত বৰফুকন

“লাইলিট্ বুৰঞ্জী”ত লাচিত বৰফুকন

November 24, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
COP28: A Crucial Confrontation on Climate, Petrostates, Fossil Fuels, and the Human Future

COP28: A Crucial Confrontation on Climate, Petrostates, Fossil Fuels, and the Human Future

December 4, 2023
COP28 and the Global Health Imperative

COP28 and the Global Health Imperative

December 4, 2023
A Monk with a Key

A Monk with a Key

December 4, 2023
BJP’s Triumph in Three States and Congress’s Telangana Revival

BJP’s Triumph in Three States and Congress’s Telangana Revival

December 4, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1740 shares
    Share 696 Tweet 435
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2106 shares
    Share 842 Tweet 527
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1566 shares
    Share 626 Tweet 392
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2487 shares
    Share 994 Tweet 622
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    946 shares
    Share 378 Tweet 237
  • মাজুলী আৰু ৰাস

    439 shares
    Share 176 Tweet 110
  • FREEDOM FIGHTERS OF ASSAM

    3032 shares
    Share 1213 Tweet 758
  • অসমৰ লোকসংস্কৃতি

    1280 shares
    Share 512 Tweet 320
  • ইতিহাসৰ জলঙাইদি হাজো

    1058 shares
    Share 423 Tweet 265
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    1207 shares
    Share 483 Tweet 302
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: