• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Journalism

বিশিষ্ট সাহিত্যিক মুক্তি যুজাৰু যতীন গোস্বামীদেৱলৈ শ্ৰদ্ধাঞ্জলি

কুমাৰ দীপক দাস

by Admin
August 12, 2022
in Journalism, Newspaper, Remembrance, Special Report
Reading Time: 4 mins read
0
বিশিষ্ট সাহিত্যিক মুক্তি যুজাৰু যতীন গোস্বামীদেৱলৈ শ্ৰদ্ধাঞ্জলি
Share on FacebookShare on TwitterShare on LinkedIn

বিশিষ্ট সাহিত্যিক মুক্তি যুজাৰু যতীন গোস্বামী

কুমাৰ দীপক দাস

 বিশিষ্ট সাহিত্যিক , সাংবাদিক ,মুক্তি যুজাৰু তথা অসম আন্দোলনৰ সময়ত গণসংগ্ৰাম পৰিষদৰ মজিয়াত থাকি গণ আন্দোলনৰ নেতৃত্ব লোৱা সংগ্ৰামী সতীৰ্থ ,অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি , ১৯৪২ চনৰ স্বাধীনতা সংগ্রামৰ সৈনিক গুৱাহাটী নবগ্ৰহ নিবাসী আমাৰ অতি শ্ৰদ্ধাৰ যতীন গোস্বামীদেৱে যোৱা ০৩ আগষ্টৰ ৰাতিপূৱা ইহলীলা সম্বৰণ কৰে ।

RelatedPosts

English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023

অসমৰ জাতীয় জীৱনৰ প্ৰটিটো সংকটৰ সময়ত দৃঢ়তাৰে থিয় হৈ ইয়াৰ নিৰাময়ৰ বাবে অহোপুৰুষাৰ্থ কৰা এই গৰাকী মহান ব্যক্তিৰ মৃত্যুত আমি মৰ্মাহত। সমাজবাদী তত্বত বিশ্বাসী এগৰাকী জাতীয়তাবাদী হৃদয়ৰ গৰাকী পৰম হিতৈষী ব্যক্তি গোস্বামী দেৱে অসম সাহিত্য সভাৰ লগত ১৯৫২ চনৰ পৰাই জড়িত হৈছিল , তেখেত অসম সাহিত্য সভাৰ তিনিটা বৰ্ষৰ পত্ৰিকা সম্পাদক, দুটা কাৰ্যকালৰ উপ সভাপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷

বিশিষ্ট লিখক সদ্য প্ৰয়াত গোস্বামীদেৱে ৫০ খনৰো অধিক গল্প, উপন্যাস, ভ্ৰমণ কাহিনী, শিশু সাহিত্য, কবিতা, নাটক, জীৱনী আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে। 

বিশিষ্ট সাহিত্যিক মুক্তি যুজাৰু যতীন গোস্বামীদেৱলৈ শ্ৰদ্ধাজ্ঞলি
অসম আন্দোলন

   ১৯২৫ চনত পাটাচাৰকুছিত জন্ম গ্ৰহন কৰা এই গৰাকী মুক্তিযুজাৰু যতীন গোস্বামীদেৱে পুলিচী নিৰ্যাতন গ্ৰেপ্তাৰ বৰণ কৰাৰ উপৰিও শিক্ষা জীৱনৰ তিনিটা বছৰ কাল স্বাধীনতাৰ যুঁজৰ সৈতে অতিবাহিত কৰিছিল । জাতীয় সংকতৰ প্ৰতি মুহুৰ্তত গোস্বামীদেৱে এগৰাকী অগ্ৰনী সৈনীক হিচাবে নিজক সক্ৰিয় কৰি ৰাখিছিল ।অসমৰ অস্তিত্ব ৰক্ষাৰ চয় বছৰীয়া আন্দোলনৰ সময়চোৱাত এগৰাকী বিশিষ্ট সংগ্ৰামী সতীৰ্থ হিচাবে নেতৃত্বৰ বাঘজৰী হাতত তুলি লৈছিল ।

অসম আন্দোলনৰ সময়ত গোস্বামীদেৱে চৰকাৰী চাকৰী ত্যাগ কৰি , সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব আৰম্ভ হোৱা এই আন্দোলন গণ আন্দোলনলৈ ৰপান্তৰিত হোৱাত সংগ্ৰামৰ নেতৃত্ব নিয়াৰিকৈ আগুৱাই নিবলৈ গঠন কৰা গণ সংগ্ৰাম পৰিষদৰ অন্যতম আহ্বায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰি নেতৃত্বৰ দায়িত্ব পালন কৰিছিল ।

   সমাজবাদী আদৰ্শৰে পুষ্ঠ যতীন গোস্বামীদেৱ ১৯৪৬চনৰ পৰা ছোচিয়েলিষ্ট দ’লৰ সৈতে জড়িত হৈ জয়প্ৰকাশ নাৰায়নৰ পৰা আৰম্ভ কৰি হেম বৰুৱা ,বিশ্ব গোস্বামী লৈকে বিভিন্ন নেতৃস্হানীয় ৰাজনৈতিক নেতাৰ সৈতে ৰাজনৈতিক আন্দোলনতো অংশগ্ৰহন কৰে । 

বিশিষ্ট সাহিত্যিক মুক্তি যুজাৰু যতীন গোস্বামীদেৱলৈ শ্ৰদ্ধাজ্ঞলি
Photo by brotiN biswaS on Pexels.com

  গোস্বামীদেৱ অসমৰ সাংবাদিক জগতৰ সৈতেও বিশিষ্ট ভাবে জড়িত আছিল ।তেখেতে সাংৱাদিকতাৰ কামত ব্ৰতী হৈ ১৯৫২ চনত প্ৰকাশিত মাহেকীয়া আলোচনী “ মাতৃভূমি”ৰ সম্পাদক ৰূপে আত্ম প্ৰকাশ কৰে । ১৯৫৪ চনৰ পৰা অসমৰ কেবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ লগত জড়িত হোৱাৰ উপৰিও নিজস্বভাবে মাহেকীয়া সাহিত্য আলোচনী ‘নতুন প্ৰৱাহ ‘ প্ৰকাশ কৰাৰ উপৰিও দুই দশক একেৰাহে সাপ্তাহিক ‘যোগাযোগ’ৰ সম্পাদনা কৰে ।ইয়াৰোপৰি সাপ্তাহিক ‘ বৰ্তমান ‘ কাকতৰ সম্পাদক হিচাবে নতুবা কেবাখনো কাকত আলোচনীৰ স্তম্ভ লেখক , নিয়মীয়া প্ৰৱন্ধকাৰ হিচাবে কৰ্মৰত আছিল ।

      গোস্বামীদেৱে প্ৰথমতে জীৱিকা হিচাবে নিজে কিতাপ ৰচনা কৰি নিজে বিক্ৰী কৰি পঢ়া শুনা কৰিছিল ।তাৰ পিচত গুৱাহাটীত সাংবাদিক জীৱন আৰম্ভ কৰে ।ইয়াৰ পিচত ১৯৫৪ চনত শ্বিলঙত কেৰানীৰ চৰকাৰী চাকৰীত যোগদান কৰে ।১৯৫৬ চনত সহকাৰী কিউৰেটৰ হিচাবে কুটিৰ শিল্প সংগ্ৰাহলয়ৰ চাকৰীত যোগদান কৰে। ১৯৭৯ চনত অসম আন্দোলনত যোগদান কৰি চাকৰী ত্যাগ কৰে ।

            প্ৰয়াত যতীন গোস্বামীদেৱে এগৰাকী বিশিষ্ট সাহিত্যিক হিচাবে অসমৰ সাহিত্যৰ ভড়াল নিজৰ চিন্তা আৰু মেধাৰে পুষ্ট এক গধুৰ অৱদানেৰে চহকী কৰি থৈ গৈছে ।আজীৱন অসমীয়া ভাষা সংস্কৃতিৰ বিকাশৰ বাবে কাম কৰি যোৱা গোস্বামীদেৱ গীত নাট নৃত্যৰ সৈতে ও লৰালি কালৰ পৰা জড়িত হৈ পৰে ,তেওঁ কেবাখনো নাট ৰচনা কৰাৰ উপৰিও অভিনয়ৰ লগতে আনকি যাত্ৰাদলৰ চোক্ৰা হিচাবে অংশগ্ৰহন কৰিছিল ।

       ভাষা সংস্কৃতিৰ লগতে অসমীয়া লিপিৰ বিকাশৰ বাবে জড়িত থকা এই গৰাকী মনীষাই তেখেতৰ জীৱন কালৰ শেষৰ ফালে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনত অসমীয়া লিপিৰ মূল আৰু বিকাশ সম্পৰ্কীয় বিষয়ৰ গৱেষণাৰ বাবে ফেলোশ্বিপ প্ৰদান ,অসমীয়া লিপি সম্পৰ্কীয় কামৰ সৈতে জড়িত হৈ অসমৰ ইতিহাস আৰু ভাষা সাহিত্য বিষয়ক নতুন তথ্য আহৰণত ব্যস্ত হৈ আছিল ।এই বিষয়ত অধিক তথ্য আহৰণ কৰি তেখেতে এই ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বিস্তৃতিৰ সীমা নিৰ্ণয় কৰিব পৰা যাব পাৰে ।

          সদ্য প্ৰয়াত শ্ৰদ্ধাৰ যতীন গোস্বামীদেৱৰ সৃষ্টি আৰু প্ৰতিভাৰ স্বাক্ষৰ হিচাবে প্ৰকাশ পোৱা উল্লেখনীয় গ্ৰন্থ সমুহ :

pile বিশিষ্ট সাহিত্যিক মুক্তি যুজাৰু যতীন গোস্বামীদেৱলৈ শ্ৰদ্ধাজ্ঞলিof books
Photo by Pixabay on Pexels.com

# উপন্যাস আৰু গল্প পুথি :

১। ঢৌ যেতিয়া আহে

২। মাটিৰ বুকুত

৩।অটব্য জটায়ু

৪।অব্যয়- অব্যক্ত

৫।কান্চনমতী

৬।দীৰ্ঘনাসা নগৰীয়া

৭।বান্দৰ

৮। ধুলিহে ধুলি

# নাটক :

১।শকুন্তলা

২।শেষ বিচাৰ

৩।কাৰেঙৰ সাপ

# কবিতা 

১। কল্পনাৰ ছবি 

২। মৃত্যুৰ সৈতে বুজাপৰা

#ভ্ৰমন কাহিনী :

বগামতী দেখিছো

# জীৱনী মূলক :

১।অসম কেশৰী অম্বিকাগিৰী

২। আমাৰ নন্দ তালুকদাৰ

 # ভাষা সাহিত্যৰ সমীক্ষাত্মক তথা তত্বমূলক ৰচনা :

১। অসমীয়া ভাষা সাহিত্যৰ

২। অসমীয়া লিপিৰ ইতিহাস

৩।কলা-ভাস্কৰ্যৰ ৰূপ

৪।অসমীয়া ভাষা আৰু সাহিত্যৰ সমীক্ষাত্মক ইতিহাস 

৫।বিমগ্ন লগন

৬। কামৰূপীয়া বৈষ্ণৱ দৰ্শন

৭।দৃষ্টিপাত

# অনুদিত গ্ৰন্থ :

১।বুঢ়া আৰু সাগৰ

২।বানভট্টৰ হৰ্ষ চৰিত

৩।বিচাৰ

৪।অকৰা

৫।উজ্জীৱন

৬।মোঁপাচাৰ গল্প

# সম্পাদিত গ্ৰন্থ :

১। সেই ৰণাংগন

২। মহাদুষ্ট

৩।অমৰ সাধু

৪।লোক সাধু সংগ্ৰহ

৫।ভাষা বিজ্ঞান 

#শিশু-সাহিত্য

১।পিং পি পৰুৱাৰ গাড়ী মটৰ

২।যখিনী বুঢ়ী আৰু নাতিনী

৩।পৃথিবী আৰু মানুহৰ আদি কথা

৪। জিক কৰি জি কলি

      ইত্যাদি

      শ্ৰদ্ধাৰ যতীন গোস্বামীদেৱৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ বাবে এক অপূৰনীয় ক্ষতি। আজিৰ এই পবিত্ৰ দিনটোত তেখেতৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো । গোস্বামীদেৱৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। 🙏🙏

কুমাৰ দীপক দাস

প্ৰাক্তন সাংসদ ; সভাপতি ,অসম নাট্য সন্মিলন ।

12-08-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

English Language Imperialism and Our Mother Tongues Today
Special Report

English Language Imperialism and Our Mother Tongues Today

by Admin
June 6, 2023
0

English Language Imperialism and Our Mother Tongues Today Sanjeev Kumar Nath Sanjeev Kumar Nath The English language is so much...

Read more
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 6, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
person holding clear plastic bottle

Media and its influence on issues related to climate change

June 3, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 6, 2023
Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 6, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 6, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    908 shares
    Share 363 Tweet 227
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    644 shares
    Share 258 Tweet 161
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    635 shares
    Share 254 Tweet 159
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    419 shares
    Share 168 Tweet 105
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    261 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: