-মৌচুমী ফুকন |
সময় আমাৰ বাবে দুঃসময় হৈ পৰিছে। আজিৰ পিছত অহাকালিটোক লৈ আমি চিন্তিত হৈছো। কিছু নতুন পথ যদিও মুকলি হৈছে তাৰ বিপৰীতে বহু পথ বন্ধ হৈ পৰিছে।
বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ লগে লগে শিশুসকলৰ বাবে অনলাইন পাঠদান আৰম্ভ হৈছে। সাংঘাটিক নতুন কিবা শিকিব নোৱাৰিলেও কিন্তু তেওঁলোক কিছু পৰিমাণে হ’লেও উপকৃত হৈ আছে। কিন্তু তাৰে মাজত বহু বেছি অসুবিধা পোৱা দেখা গৈছে বিশেষভাৱে সক্ষম শিশুসকল (Special Child ) আৰু লগতে তেওঁলোকৰ অভিভাৱক সকলৰ মাজত। কিয়নো বিশেষভাৱে সক্ষম শিশুসকলক বিভিন্ন ক্ষেত্ৰত কাৰোবাৰ সহায়ৰ লগতে বিভিন্ন থেৰাপীৰ প্ৰয়োজন। যিবোৰ অনলাইনত দিয়াটো বহু কঠিন হৈ পৰে। তাৰবাবে এই সময়ত সেই বিশেষভাৱে সক্ষম শিশুসকলৰ অভিভাৱকে আগতকৈইও আৰু দুগুন কষ্ট কৰিব লগা হৈছে আৰু থেৰাপীবোৰ বন্ধ হৈ যোৱাৰ ফলত শিশুসকলৰ ক্ষেত্ৰত বিভিন্ন পৰিৱৰ্তন দেখা পোৱা গৈছে। সেই বিশেষভাৱে সক্ষম শিশুসকলৰ অভিভাৱক সকলক উদ্দেশ্য কৰি কিছু কথা তলত দিয়া হৈছে
প্ৰথমতে এই সময়ছোৱাত অভিভাৱক সকল আপোনালোক শিশুটিৰ বাবে হ’ব লাগিব এজন Therapist, এজন Counsellor । সকলো সময়তে মনত ৰাখিবলগীয়া কথাটো হৈছে যে আপোনাৰ শিশুটিক আপোনাতকৈই কোনেৱে ভালকৈ নাজানে আৰু নুবুজে।
এখন দৈনিক কাৰ্যসুচীৰ ৰুটিন মানি চলিবলৈ আৰম্ভ কৰাটো ভাল য’ত শিশুটিৰ ক্ষেত্ৰত প্ৰয়োজনীয় Occupational Therapy, Speech Therapy, Physiotherapy, Special Education ইত্যাদি সকলো থাকে। এই সকলোবোৰ আগতে Therapy Center -অত গৈ কৰাইছিল এতিয়া নিজে কৰিবলৈ চেষ্টা কৰাটো শিশুটিৰ বাবে প্ৰয়োজনীয়।
শিশুটিৰ বাবে নিজৰ মাজতে অভিভাৱক সকলে এটা Goal Set কৰিব পাৰিলে ভাল হয়। কি কি Activity শিশুটিক কৰাব এখন লিষ্ট নিৰ্ধাৰণ কৰি লোৱাতো ভাল।
যিমান পাৰে সিমান Therapist ৰ পৰা থেৰাপীবোৰ কৰোৱাৰ নিয়মবোৰ বা আগতে শিকোৱা বোৰ অভিভাৱক সকলে নিজে শিকি বুজি কৰাবলৈ চেষ্টা কৰাৰ প্ৰয়োজন। কিয়নো এতিয়া প্ৰায় প্ৰতিজন Therapist য়েই অনলাইন কামবোৰ কৰি থকা দেখা গৈছে।
ওপৰৰ এই কথাখিনি মানি চলিবলৈ অসুবিধা নোহোৱা নহয়। কিয়নো এজন বিশেষ শিশুক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শিশুটিৰ প্ৰতিটো বিষয় নিৰীক্ষণ কৰি আগুৱাই নিবলৈ যথেষ্ট ধৈৰ্য আৰু মনোবলৰ প্ৰয়োজন। কিন্তু সময়ে আমাক শিকায় আৰু এই সময়ত আমি বহু বিষয় নতুনকৈ শিকিবলগীয়া হৈ পৰিছে।
শিশুসকলৰ লগতে অভিভাৱক সকলেও নিজৰ শাৰিৰীক আৰু মানসিক দুয়ো দিশৰ ওপৰত চকু ৰাখিব। দৈনিক নতুন কিবা শিকিবলৈ চেষ্টা কৰাটো ভাল। বিভিন্ন ধৰণৰ অনলাইন হৈ থকা Session বোৰ, শাৰিৰীক ব্যায়াম, যোগভ্যাসৰ লগতে নিজৰ ভাল লগা কামবোৰৰ অভ্যাস কৰাটো সবল শাৰিৰীক মানসিক স্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজন। যিয়ে শিশুটোৰ বিকাশতও সহায়ক হয়।
যিমান পাৰে সিমান ধৈৰ্য ৰাখি কামবোৰ কৰিবলৈ চেষ্টা কৰাটো ভাল। পৃথিৱীৰ সকলো কাম আৰম্ভ কৰাৰ আগলৈকে টানেই থাকে। সেয়ে এবাৰ নিজৰ ফালৰ পৰা আৰম্ভ কৰক পিছৰ খিনিত প্ৰয়োজন হ’লে এই ক্ষেত্ৰৰ বিশেষ ব্যাক্তিসকলৰ লগত যোগাযোগ কৰাৰ প্ৰয়োজন।
••সমাপ্ত••
[মৌচুমী ফুকন, সমাজ সেৱিকা, ৰাষ্ট্ৰীয় জনসহযোগ আৰু শিশুবিকাশ সংস্হাৰ উত্তৰ পূৰ্ব্বাঞ্চলীয় আঞ্চলিক কেন্দ্ৰ, গুৱাহাটী নিপচদ, জৱাহৰনগৰ, খানাপাৰা,গুৱাহাটী-২২
ফোন নংঃ ৯১০১৫-৪৬৭১০]