ড০ ৰাস্না ৰাজখোৱা
চিকিৎসা বিজ্ঞানঃ কেন্সাৰ – আলঝেইমাৰ
কেইদশকমান আগতে বিজ্ঞানীসকলে, কেন্সাৰকে ধৰি স্নায়ু সম্বন্ধীয় ৰোগবোৰ সৃষ্টি কৰা এক বিশেষ শ্ৰেণীৰ প্ৰটিন চিনাক্ত কৰিছে। এই আভ্যন্তৰীণভাবে বিশৃংখলিত প্ৰটিনবোৰ (IDP-Intrinsically Disordered Protein) কোষৰ চিনাকী দৃঢ় গঠন সম্পন্ন প্ৰটিনবোৰৰ পৰা দেখাত পৃথক। আই ডি পি (IDP) বোৰ আছিল আকৃতি পৰিবৰ্তক, দেখাত অহৰহ বিন্যাস পৰিবৰ্তন ঘটাই থকা কিছুমান উপাদানৰ সংগ্ৰহ যেন লাগিছিল। এই শিথিল গঠনৰ বাবে আই ডি পি বোৰে সংকটৰ মূহুৰ্তত (যেনে- মানসিক চাপৰ সময়ত কোষৰ প্ৰতিক্ৰিয়া) বিচিত্ৰ প্ৰকাৰৰ অণু একগোট কৰিবলৈ সক্ষম হয়। শিথিল প্ৰটিনবোৰে সাধাৰণতে অধিক সীমিত সংখ্যক বন্ধন সংগী (binding partners) পাব বিচাৰে। যেতিয়া আই ডি পিয়ে সঠিকভাবে কাম নকৰে, ৰোগ তেতিয়াই আৰম্ভ হয়।
তথাপিও চিকিৎসা গৱেষকসকলে সঠিকভাবে কাম নকৰা আই ডি পিবোৰক বাহিৰ কৰিবলৈ বা নিয়ন্ত্ৰিত কৰিবলৈ চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিব পৰা নাছিল। বিজ্ঞানীসকলে জৈৱ পদাৰ্থ বিজ্ঞান, গাণনিক ক্ষমতা আৰু আই ডি পি কাৰ্ষ সৰ্ম্পকীয় এটা উন্নত ধাৰণাৰ সহায়ৰে এই প্ৰটিনবোৰক প্ৰতিহত কৰা যৌগবোৰ চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰে কিছুমানে বিশ্বস্ত ঔষধ হিচাবে জনাজাত হৈছে।
2017 চনত ফ্ৰান্স আৰু স্পেইনৰ গৱেষক সকলে আই ডি পি এটাৰ পৰিবৰ্তনশীল অস্পষ্ট আন্তঃপৃষ্ঠ লক্ষ্য কৰি আঘাত কৰিবলৈ সক্ষম হৈছিল বুলি প্ৰকাশ কৰিছিল। তেওঁলোকে দেখুৱাইছিল যে ‘ট্ৰাইফ্লুঅপেৰাযাইন’ (trifluoperazine) নামৰ এফ ডি এ (FDA) অনুমোদিত ঔষধ এটাই (ইয়াক মানসিক বিকাৰ আৰু উদে্গজনিত ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়) এন ইউ পি আৰ 1 (NUPR1), যি এক প্ৰকাৰৰ অগ্ন্যাশয়ৰ (pancreatic) কেন্সাৰত জড়িত, ই এটা বিশৃংখল প্ৰটিনৰ সৈতে আৱদ্ধহৈ ইয়াক প্ৰতিহত কৰে। আৰোগ্যৰ ক্ষমতা থকা কেইবাহাজাৰো ঔষধৰ বৃহৎ মাত্ৰাত কৰা পৰীক্ষা-নিৰীক্ষাত প্ৰকাশ হৈছে যে কেইবাটাও প্ৰটিনে c-Myc প্ৰতিহত কৰিব পাৰে আৰু কিছুমানৰ ৰোগ চিকিৎসা সম্বন্ধীয় উন্নয়ন সাধন হৈছে। আলঝেইমাৰ (Alzheimer)-ৰ দৰে ৰোগৰ কাৰক হিচাবে চিহ্নিত ‘বিটা-এমাইলয়ড’ (beta-amyloid) নামৰ আই ডি পিবোৰৰ ক্ষেত্ৰত কাম কৰিবলৈ সক্ষম হোৱা কিছুমান উপৰঞ্চি অণুকো চিনাক্ত কৰা হৈছে।

এই তালিকাখন দীঘল হৈ গৈ থাকিব, বিশেষকৈ আৱৰণহীন অঙ্গাণু (organelles) নামে জনাজাত গুৰুত্বপূৰ্ণ কোষৰ অংশৰ ক্ষেত্ৰত আই ডি পিয়ে পালন কৰা ভূমিকা যেতিয়া অধিক স্পষ্ট হ’ব, ক্ষুদ্ৰ টোপাল বা ঘনীভূত কণিকা হিচাবে জনাজাত এই অঙ্গাণুবোৰে প্ৰটিন আৰু আৰ এন এ (RNA)ৰ দৰে জীৱন্ত কোষীয় অণুবোৰক আনবোৰৰ পৰা পৃথক কৰি নিৰ্দিষ্ট সময়ত ওচৰ চপাই আনে। নিকট দূৰত্বই কিছুমান বিশেষ বিক্ৰিয়া সহজে সংঘটিত হোৱাৰ সুবিধা প্ৰদান কৰে আৰু দূৰত্বই বিভিন্ন প্ৰকাৰৰ বিক্ৰিয়াক বাধা দিয়ে। বৈজ্ঞানিকসকলে নতুন আণৱিক আকৃতিৰ শক্তিশালী নিয়ন্ত্ৰক আঁহিলাৰ (molecular manipulation tools) ৰূপাংকন কৰিছে যিবোৰক ‘ক’ৰলেটচ্’(Corelets) আৰু কাচড্ৰপ (CasDrop) নামেৰে জনা যায়। ‘ক’ৰলেটচ আৰু কাচড্ৰপৰ সহায়ত গৱেষকে এই ক্ষুদ্ৰ টোপালবোৰ গঠন হোৱাৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে। এইবোৰ আহিলাৰ সহায়ত গৱেষকসকলে জানিবলৈ সক্ষম হৈছে যে আই ডি পিবোৰ ক্ষুদ্ৰ টোপালৰ সমাৱেশ, কাৰ্য আৰু বিয়োজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। এই আৱিষ্কাৰটো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ক্ষুদ্ৰ টোপাল গঠন আৰু বিয়োজনৰ সময়ত আই ডি পিয়ে বিভিন্ন বন্ধন সহযোগীৰ (binding partners) সৈতে আন্তঃক্ৰিয়া কৰিব পাৰে আৰু কেতিয়াবা এইেবাৰে কিছুসময়ৰ বাবে নতুন আকৃতি ধাৰণ কৰে, আই ডি পি অন্যান্য ভেশত থাকোতে ইহঁতক আঘাত কৰিব পৰা যৌগ বিচৰাতকৈ যিবোৰ ঔষধে এনে আকৃতিবোৰ বিচাৰি ইহঁতক আৱদ্ধ কৰিব পাৰে তেনেকুৱা ঔষধ পাবলৈ সহজ।

এই ক্ষুদ্ৰ টোপাল সৰ্ম্পকীয় বল বিজ্ঞানৰ ৰহস্য উদ্ঘাটন কৰিবলৈ বিশ্বৰ গৱেষকসকলে চেষ্টা কৰি আছে। চিকিৎসা উদ্যোগে আই ডি পি ৰোগ সৰ্ম্পকীয় সক্ষমতাৰ ওপৰতো আশা পালি আছে। আই ডি পি ফাৰ্মা (IDP Pharma) নামৰ বায়’প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে বহুমুখী ‘মাইলোমা’ (myeloma) আৰু ক্ষুদ্ৰ কোষীয় হাওঁফাওঁ কেন্সাৰৰ চিকিৎসাৰ বাবে এক বিশেষ প্ৰকাৰৰ প্ৰস্তুত কৰিছে। নেভলিক্স (NovAliX)ৰ বৰ্তমানৰ অংশীদাৰ গ্ৰেফিনিটি ফাৰ্মাচিটিকেলচ (Graffinity Pharmaceuticals) নামৰ প্ৰতিষ্ঠানটোৱে আলঝেইমাৰ ৰোগ বিদ্যাত জড়িত টাউ (tau) নামৰ বিশৃংখলিত প্ৰটিনটোক লক্ষ্য হিচাবে লোৱা কিছুমান সৰু অণু চিনাক্ত কৰিছে।

কান্তাবায়’ ফাৰ্মাচিটিকেলচে (Cantabio Pharmaceuticals) স্নায়ু অৱক্ষয় (neurodegeneration) প্ৰক্ৰিয়াত আই ডি পি-ক সুস্থিৰতা প্ৰদান কৰিবলৈ কিছুমান ক্ষুদ্ৰতৰ অণুৰ সন্ধান কৰি আছে। আকৌ এটা নতুন প্ৰতিষ্ঠান ডিউপইন্ট থেৰাপিউটিকছে (Dewpoint Therapeutics) ক্ষুদ্ৰ টোপাল আৰু সিহঁতৰ বিশৃংখল উপাদানবোৰক সিহঁতে অণুবোৰক বৰ্দ্ধিত বিক্ৰিয়াৰ অনুকুলে যি ধৰণে ওচৰ চপাই আনে তালৈ চাই এইেবাৰক ঔষধৰ লক্ষ্য হিচাবে বিবেচনা কৰিব পাৰি নেকি তাৰ অধ্যয়ন কৰি আছে। অহা তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত এই এসময়ৰ ‘ঔষধ অসমৰ্থ’ (undruggable) প্ৰটিনবোৰ ঔষধীয় বিকাশৰ লক্ষ্য বিন্দুত পৰিণত হ’ব–এই সম্ভৱনা খুবেই তীব্ৰ। ( Caption Pic: ‘News Medical’; Alzheimer’s and its helper protein)