বিশ্বজনীন বৰপেটাৰ দেউল
যুগান্ত বায়ন

শীতৰ ৰুক্ষ,শুষ্ক, অস্বস্তিদায়ক দিনবোৰৰ অন্ত পৰাৰ আগজাননী কঢ়িয়াই অনা ফাকুৱা বা ফল্গু উৎসৱে প্ৰতি বছৰে ৰাজ্যখনৰ আকাশ-বতাহ ৰোমাঞ্চিত কৰি আহিছে।
বহুদিন ধৰি বৰষুণ নোহোৱাৰ ফলত বতাহ, ধোৱা, ধূলিৰে ৰাজ্যখন প্ৰদূষিত হৈ থকাৰ মাজতো পৰম্পৰাক সন্মান জনাই দৌল উৎসৱ পালনৰ প্ৰস্তুতি চলিছে। পাৰিপাৰ্শ্বিক বিপৰ্যয়, খাদ্য-সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ পিছতো এনে বিপৰ্যয়ৰ কথা পাহৰি এই উৎসৱক মহামিলনৰ উৎসৱলৈ পৰিণত কৰাৰ কাৰণে আনন্দত ৰাইজ মতলীয়া হৈ পৰিছে।
ফাগুন আৰু বসন্তৰ সন্ধিক্ষণত উদযাপিত এই ৰঙৰ উৎসৱ কেৱল মহামিলনৰ উৎসৱৰ মাজতে সীমাবদ্ধ নাথাকি আধ্যাত্মিকতাকো সমানে গুৰুত্ব প্ৰদান কৰি এই উৎসৱ আশা আৰু প্ৰত্যাশাৰ উৎসৱ হিচাপেও সমাদৃত হৈ আহিছে।

অসমত এই উৎসৱৰ পাতনি কেতিয়া হৈছিল তাৰ প্ৰামাণিক তথ্য নাই যদিও বৈষ্ণৱ ইতিহাসৰ কিছু বিক্ষিপ্ত তথ্য মতে, এই উৎসৱ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পোনপ্ৰথমে বৰদোৱা সত্ৰত পালন কৰাৰ পৰম্পৰা আৰম্ভ কৰিছিল।
হিন্দু সনাতনী সংস্কৃতিৰ অন্যতম আধ্যাত্মিক উৎসৱ হোলী বা শ্ৰীকৃষ্ণৰ দৌল ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে পৰম্পৰাগতভাৱে পালন কৰা হয়। হোলী শব্দটো “হোলিকা” শব্দৰ পৰা উৎপত্তি হৈছে।
হোলিকা আছিল অসুৰৰ ৰজা হিৰণ্যকশিপুৰৰ ভগ্নী আৰু ভক্ত প্ৰহ্লাদৰ পেহী। জন্মৰে পৰা প্ৰহ্লাদ বিষ্ণুৰ ভক্ত আছিল যদিও হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ আছিল ঈশ্বৰ বিৰোধী। হিৰণ্যকশিপুয়ে নিজ পুত্ৰ প্ৰহ্লাদৰ ঈশ্বৰ আৰধনা সহ্য কৰিব নোৱাৰি পুত্ৰক বিভিন্ন প্ৰকাৰে শাস্তি দিবলৈ ধৰিলে।
কিন্তু ভগৱান বিষ্ণুয়ে প্ৰতিবাৰে প্ৰহ্লাদক ৰক্ষা কৰি গৈ থাকিল। উপায়বিহীন হিৰণ্যাক্ষ আৰু ককায়েক হিৰণ্যকশিপুই সহায় বিচাৰি ভনীয়েক “হোলিকা”ৰ ওচৰলৈ গ’ল। হোলিকাই ব্ৰহ্মৰ পৰা বৰদান সূত্ৰে অগ্নিয়ে তেওঁক দহন কৰিব নোৱাৰা বৰ লাভ কৰিছিল। সেয়েহে হোলিকাক ভক্ত প্ৰহ্লাদক কোলাত লৈ অগ্নিত নিৰ্দেশ দিলে যাতে প্ৰহ্লাদ সেই অগ্নিত অগ্নিদগ্ধ হয়। হোলিকাই মৰমৰ চলেৰে প্ৰহ্লাদক কোলাত লৈ অগ্নিত প্ৰৱেশ কৰিলে যদিও ভগৱানৰ কৃপাত প্ৰহ্লাদ ৰক্ষা পৰিলে।
কিন্তু অগ্নিত দাহ্য নোহোৱাৰ বৰদান পোৱাৰ পিছতো হোলিকা সেই অগ্নিত পুৰি চাই হৈ গ’ল। পৰম্পৰা অনুসৰি দৌল পূজাৰ গোন্ধৰ দিনা মেজি জ্বলাই হোলিকা দাহন কৰাৰ প্ৰথা এতিয়াও চলি আহিছে।

মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মধুৰা দাস বুঢ়া আতাৰ সময়ৰ পৰাই দৌল উৎসৱ আৰম্ভ হয়। তেতিয়াৰ পৰাই পৰম উচাহ আৰু মহাআড়ম্বৰেৰে বৰপেটাত পালন কৰা দৌল উৎসৱ “দেউল” হিচাপে পালন কৰা হৈ আহিছে। ৫৫০ বছৰৰো অধিক পুৰণি বৈকুণ্ঠৰ পৰম্পৰাৰে আজি লৈ উদযাপন কৰি অহা সত্ৰ নগৰী বৰপেটা এই দেউলৰ সময়ত ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে।
উৎসৱৰ প্ৰায় এমাহ আগৰ পৰাই মন পৰশা ছন্দময় সুৰীয়া হোলী গীতেৰে বৰপেটাৰ প্ৰতিটো প্ৰান্তৰ আকাশ-বতাহ গুঞ্জৰিত হৈ থাকে। শাস্ত্ৰীয় সংগীতৰ আধাৰত ৰচিত এই হোলী গীতবোৰে ৰাজ্যৰ পৰিধি ভাঙি দেশৰ বিভিন্ন প্ৰান্তত এক অনবৈদ্য স্থান দখল কৰি বৰপেটাৰ হোলী গীতক এক অনন্য আৰু সুকীয়া মৰ্য্যদা প্ৰদান কৰিছে।

অসমৰ বিভিন্ন জাতীয়, জনগোষ্ঠীয় উৎসৱসমূহৰ লগত সংপৃক্ত হৈ থকা জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ দৰে বৰপেটাৰ দেউল উৎসৱকো পৰম্পৰাগত আৰু ৰসিক খাদ্য-সম্ভাৰে উদ্ভাসিত কৰি ৰাখে। বৰপেটাৰ দেউলত বহুলভাৱে প্ৰচলিত “ৰাঙা ডিমা” “আলু ভাজা” আৰু “বগৰীৰ চপ”ৰ সোৱাদ ল’বলৈ দৰ্শনাৰ্থীসকল আকুল হৈ থকা নয়ন সাৰ্থক কৰা দৃশ্য বৰপেটাৰ দেউলৰ এক অনবৈদ্য সংযোজন।

ফাগুন আৰু বসন্তৰ সন্ধিক্ষণত উদযাপিত ৰঙৰ এই উৎসৱ মহামিলন আৰু সম্প্ৰীতিৰ উৎসৱ লৈ ৰূপান্তৰ হোৱা বৰপেটাৰ দেউল ৰাজনৈতিক হাতোৰাৰ পৰা মুক্ত হৈ থকাটো এক গৌৰৱৰ বিষয়। বৰপেটাৰ হোলী উৎসৱৰ মংগলময় বাৰ্তা দেশৰ সীমা পাৰ হৈ বিশ্বজনীন ৰূপ লাভ কৰিছে।
আশাৰ কথা এইয়ে যে, বৰপেটাৰ দেউলৰ সাৰ্বজনীন ৰূপটোয়ে গুৰুদুজনাৰ একশৰণ নামধৰ্ম আৰু বৈষ্ণৱ মাৰ্গ দৰ্শনৰ ভেটিটো অনাগত দিনবোৰত অধিক শক্তিশালী ৰূপত নিশ্চয় ধৰি ৰাখিব পাৰিব।
সাম্প্ৰতিক সময়ত একাংশই অসমীয়া জাতীয়তাবাদৰ ভেটি পূজা-পাতল বিৰোধী নামধৰ্মৰ মহত্বক তথাকথিত ৰাষ্ট্ৰীয়তাবাদৰ স্বাৰ্থত নস্যাৎ কৰাৰ চেষ্টা চলাই থকা সময়তে গুৰুদুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা স্বকীয় আধ্যাত্মিক মতবাদক বৰপেটাৰ এই দেউল উৎসৱে অৱধাৰিতভাৱে সৱল ৰূপত জীয়াই ৰখাৰ ক্ষেত্ৰত এক সঠিক আৰু শুদ্ধ পথৰ সন্ধান দিব।

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.