বিশ্বজুৰি জন্মৰ হাৰ কমিছে
সমগ্ৰ বিশ্বতে জন্মৰ হাৰ হ্ৰাস পাইছে। অথচ জনসংখ্যা হ্ৰাস পোৱা নাই। ইয়াৰ মূল কাৰণ হ’ল মৃত্যুৰ হাৰ আগতকৈ বহুত কমি গৈছে! সেয়ে সমগ্ৰ বিশ্বৰ জনসংখ্যা এতিয়া ৭৬৫ কোটিৰো অধিক।
বিগত ১২ বছৰত জনসংখ্যা বাঢ়িছে ১০০ কোটি। কিন্তু আগন্তুক ১২ বছৰত ১০০ কোটি নাবাঢ়ে। এসময়ত সমগ্ৰ বিশ্বতে জনসংখ্যা হ্ৰাস কৰিবলৈ জন্ম নিয়ন্ত্ৰণৰ আঁচনি গ্ৰহণ কৰা হয়। এতিয়া তাৰেই প্ৰভাৱত জনসংখ্যা হ্ৰাস পাই পাই কোনো কোনো অঞ্চলত আৰু কোনো কোনো দেশত জনসংখ্যা বিৰল হৈ পৰিছে বুলি জনাইছে মাচাচুচেট্ছ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগে।
বিশাল অঞ্চলত নামমাত্ৰ লোকৰ চলাচল। ইয়াৰ ফলত যিদৰে একাকিত্ববোধ গঢ় লৈ উঠিছে, সেইদৰে বহুতৰ সঙ্গ লাভৰ প্ৰতিও অনীহাৰ মানসিকতা যেন গঢ়ি উঠিছে – সমাজতত্ববিদ সকলে তেনেদৰেই অনুমান কৰিছে। সমাজৰ বাবে ই এক বিষম কথা বুলি কৈছে মাচাচুচেট্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক থমাছ হেলদনে। তেওঁৰ মতে কোনো কোনো দেশত ২ জন লোকৰ মৃত্যুৰ বিপৰীতে জন্ম হৈছে মাত্ৰ ১ টা শিশু!
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি ৫১ খন দেশৰ জনসংখ্যা ক্ৰমশঃ কমি গৈছে আৰু বহুত দেশত বিগত ৫/৬ দশক ধৰি জনসংখ্যা আকাংক্ষিত হাৰত নাবাঢ়ি হ্ৰাস পাইছে।
প্ৰতিবেদনত কোৱা হৈছে, ২০৫০ চনৰ ভিতৰত বহু দেশৰ জনসংখ্যা এক তৃতীয়াংশ কমি যাব। জনসংখ্যাৰ এনে ক্ৰমহ্ৰাসমান চিত্ৰক কোৱা হয় ‘ডেমোগ্ৰাফিক টাইম বোম্ব’। বিশেষজ্ঞসকলে কৈছে, এনেবোৰ দেশে জন্মনিয়ন্ত্ৰণৰ পৰিকল্পনা পৰিহাৰ নকৰিলে জন্মৰ হাৰ বৃদ্ধি নহ’ব। গতিকে বিকল্প ব্যৱস্থা হিচাপে শৰণাৰ্থী আৰু অভিবাসী সকলক আৰু অধিকভাৱে আশ্ৰয় নিদিলে আগন্তুক ৩৫ বছৰ বা চাৰে- তিনি দশকত জনসংখ্যা গৈ তলিত পৰিব।
“২০২১ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি ১৯৭০ চন পৰ্যন্ত বিশ্বত এগৰাকী মহিলাৰ গড় সন্তান আছিল ৪.৫ । ২০১৫ চনত সেয়া হ্ৰাস পাই হয় ২.৫ । ইউৰোপত এই হাৰ মাত্ৰ ১.৫ । বিশ্বত সকলোতকৈ দ্ৰুততম ভাবে জনসংখ্যা হ্ৰাস পোৱা প্ৰথম ১০ খন দেশৰ অন্তৰ্গত হৈছে পূৱ ইউৰোপৰ দেশসমূহ। এইবোৰ দেশত এগৰাকী মহিলাৰ সন্তান গড়ে ১.২ ৰ পৰা ১.৩ মাথোন।”
আনকি এনেদৰেও কৈছে, এই শতিকাৰ শেষত বহুত জনবসতিপূৰ্ণ অঞ্চল, আনকি অনেক সভ্যতাও বিলুপ্ত হৈ পৰিব। বিগত কেইটামান দশকত জন্মৰ হাৰ বৃদ্ধি নোহোৱা হেতুকে বুলগেৰিয়া, স্পেইন, জাপান সহ ইউৰোপৰ বহুত দেশৰ বহুত অঞ্চল উদং হৈ পৰিছে। জনশূণ্য সেইবোৰ অঞ্চলত স্কুল-কলেজ, হাট-বজাৰ, অফিচ- কাছাৰী আদিৰ জপনা – দুৱাৰ বন্ধ হৈ পৰিছে। পৰিত্যক্ত হৈ পৰিছে বহুত ঘৰ, বহুত বাসস্থান। বাট -পথ হৈ আছে জনশূণ্য।
বুলগেৰিয়াত এনে বহুত অঞ্চল আছে, য’ত মাত্ৰ ১ জনৰ পৰা সৰ্বাধিক ৩০/৩৫ জন মানুহ আছে। অথচ মাত্ৰ ৩০-৪০ বছৰ আগতেও এনেবোৰ স্থান আছিল জনবহুল। কৰ’না ভাইৰাছৰ প্ৰভাৱত ইটালী, চীন, আমেৰিকা আদিকে ধৰি সমগ্ৰ বিশ্বতে বহুত লাখ লোকৰ প্ৰাণহানি হৈছে। বেচৰকাৰী সূত্ৰ অনুসৰি সেই সংখ্যাই কোটিৰ ঘৰ অতিক্ৰম কৰিছে। গতিকে সেই দিশেৰেও জনসংখ্যা হ্ৰাস পাইছে।
“এই শতিকাৰ শেষত বহুত জনবসতিপূৰ্ণ অঞ্চল, আনকি অনেক সভ্যতাও বিলুপ্ত হৈ পৰিব। বিগত কেইটামান দশকত জন্মৰ হাৰ বৃদ্ধি নোহোৱা হেতুকে বুলগেৰিয়া, স্পেইন, জাপান সহ ইউৰোপৰ বহুত দেশৰ বহুত অঞ্চল উদং হৈ পৰিছে। জনশূণ্য সেইবোৰ অঞ্চলত স্কুল-কলেজ, হাট-বজাৰ, অফিচ- কাছাৰী আদিৰ জপনা – দুৱাৰ বন্ধ হৈ পৰিছে। পৰিত্যক্ত হৈ পৰিছে বহুত ঘৰ, বহুত বাসস্থান। বাট -পথ হৈ আছে জনশূণ্য।”
২০২১ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি ১৯৭০ চন পৰ্যন্ত বিশ্বত এগৰাকী মহিলাৰ গড় সন্তান আছিল ৪.৫ । ২০১৫ চনত সেয়া হ্ৰাস পাই হয় ২.৫ । ইউৰোপত এই হাৰ মাত্ৰ ১.৫ । বিশ্বত সকলোতকৈ দ্ৰুততম ভাবে জনসংখ্যা হ্ৰাস পোৱা প্ৰথম ১০ খন দেশৰ অন্তৰ্গত হৈছে পূৱ ইউৰোপৰ দেশসমূহ। এইবোৰ দেশত এগৰাকী মহিলাৰ সন্তান গড়ে ১.২ ৰ পৰা ১.৩ মাথোন।
জাৰ্মানীৰ দৰে ইউৰোপৰ বহুত দেশে জনসংখ্যা হ্ৰাস পালেও শৰণাৰ্থী আৰু অভিবাসী সকলক আশ্ৰয় দি স্থিতিশীলতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। আনফালে হাঙ্গেৰী, মেচিড’নিয়া, বুলগেৰিয়া আদিয়ে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা স্বত্বেও শৰণাৰ্থীক আশ্ৰয় দিবলৈ নিবিচাৰে।
“জাৰ্মানীৰ দৰে ইউৰোপৰ বহুত দেশে জনসংখ্যা হ্ৰাস পালেও শৰণাৰ্থী আৰু অভিবাসী সকলক আশ্ৰয় দি স্থিতিশীলতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে।”
অথচ বিশ্বৰ সবাতোকৈ জনবহুল দেশ চীনেও এতিয়া জনসংখ্যা বৃদ্ধিৰ বাবে পৰিয়াল পৰিকল্পনা নীতি বিসৰ্জন দি ১ টা সন্তান, ২ টা সন্তানৰ নীতি বিসৰ্জন দি সন্তান বৃদ্ধি কৰিবলৈ নাগৰিক সকলক আহ্বান জনাবলগীয়া পৰিস্থিতি হৈছে। চীনেও বুজি পাইছে যে মানৱ সম্পদৰ অভাৱত শিল্পৰ চকা মন্হৰ হৈ যাব পাৰে, থমকি ৰ’ব পাৰে।
03-05-2022 [ Headline image: therevelator.org]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.