শিক্ষা
অৰবিন্দ ৰাভা
এবাৰ এইচ.জি.ৱেলছে কৈছিল- ইতিহাস হৈছে “শিক্ষা আৰু বিপৰ্যয়ৰ মাজৰ দৌৰ”।
সেই শিক্ষাই শেহতীয়াকৈ জয়ী হোৱা যেন লাগিছিল। ১৯৫০ চনত বিশ্বজুৰি থকা প্ৰাপ্তবয়স্কৰ প্ৰায় আধা অংশৰ হে কিবা প্ৰকাৰৰ স্কুলীয়া শিক্ষা আছিল; এতিয়া সেই পৰিমাণ কমেও ৮৫% হৈছে । ২০০০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত শ্ৰেণীত নামভৰ্তি নকৰা স্কুলীয়া বয়সৰ শিশুৰ অনুপাতো ২৬%ৰ পৰা ১৭%লৈ হ্ৰাস পাইছে।
কিন্তু উপস্থিতিৰ দ্ৰুত বৃদ্ধিয়ে এটা কুৎসিত সত্যক ঢাকি ৰাখিছিল- বহু ছাত্ৰ-ছাত্ৰীয়ে ডেস্ক-বেঞ্চৰ সৈতে বছৰ বছৰ ধৰি কটাবলগীয়া হৈছিল যদিও প্ৰায় একোৱেই শিকিব পৰা নাছিল। ২০১৯ চনত বিশ্ব বেংকে প্ৰাথমিক বিদ্যালয় শেষ হোৱাৰ সময়লৈকে, এতিয়াও ভালদৰে পঢ়িব নোৱাৰা শিশুৰ সংখ্যাৰ হিচাপ ৰাখিবলৈ আৰম্ভ কৰে। তেনে হিচাবৰ দ্বাৰা দেখা গ’ল যে উন্নয়নশীল দেশসমূহৰ (বিশ্বৰ ৯০% শিশুৰ বাসস্থান) দহ বছৰীয়া শিশুৰ আধা অংশই এটা সহজ কাহিনী পঢ়ি বুজিব পাৰে।
তাৰ পিছতে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাৰ পটভূমিত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ বাহিৰত থাকিবলগীয়া হয়। প্ৰথমতে যেতিয়া (এতিয়াও) জানিব পৰা হোৱা নাছিল যে শিশুসকল covid-19ৰ প্ৰতি দুৰ্বল নে বয়সস্থ লোকলৈ ক’ৰোনা ভাইৰাছ বিয়পোৱাৰ সম্ভাৱনা আছে, তেতিয়া বিদ্যালয় বন্ধ কৰাটো এক বিবেচনাপূৰ্ণ সাৱধানতা আছিল।

কিন্তু বহু ঠাইত শ্ৰেণীকোঠা পুনৰ খোলাৰ বিপদ তুলনামূলকভাৱে কম বুলি স্পষ্ট হোৱাৰ বহুদিনৰ পিছতো সেই বন্ধ পুৰাদমে চলি থাকিল। মহামাৰীৰ প্ৰথম দুবছৰত লেটিন আমেৰিকা আৰু দক্ষিণ এছিয়াৰ ৮০% তকৈ অধিক বিদ্যালয়ৰ দিনবোৰ কিবাকিবি বন্ধৰ ফলত বিঘ্নিত হৈছিল। আজিও ফিলিপাইনছৰ দৰে কিছুমান দেশৰ বিদ্যালয়সমূহ বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ বাবে বন্ধ হৈ আছে, যাৰ ফলত তেওঁলোকৰ মনটো স্থবিৰতাৰ ওপৰত ৰৈ আছে।
বিশ্বজুৰি বিদ্যালয় বন্ধৰ ফলত শিশুসকলৰ যি ক্ষতি হৈছে, সেই ক্ষতিৰ পৰিমাণে জনস্বাস্থ্যৰ বাবে হ’ব পৰা যিকোনো অসুবিধাক বহু পৰিমাণে বৃদ্ধি কৰিছে। বিশ্ব বেংকে জনোৱা মতে, মধ্যম আৰু নিম্ন আয়ৰ দেশসমূহত এটা সাধাৰণ কাহিনী পঢ়ি বুজিব নোৱাৰা দহ বছৰীয়া শিশুৰ অংশ ২০১৯ চনত পূৰ্বৰ ৫৭%ৰ পৰা প্ৰায় ৭০%লৈ বৃদ্ধি পাইছে। যদি তেওঁলোকৰ বাবে এনে প্ৰাথমিক দক্ষতাৰ অভাৱ হয়, তেন্তে তেওঁলোকে কিদৰে ভাল জীৱিকাৰ বাবে বা ভাল উপাৰ্জনৰ বাবে সংগ্ৰাম কৰিব!
বিশ্ব বেংকে অনুমান কৰিছে যে তেওঁলোকৰ জীৱনজোৰা উপাৰ্জনৰ পৰা ২১ ট্ৰিলিয়ন ডলাৰ মচি পেলোৱা হ’ব— যিটো আজি বিশ্বৰ বাৰ্ষিক জিডিপিৰ প্ৰায় ২০%ৰ সমতুল্য।
এইটোও কি এক ধৰণৰ বিশ্বব্যাপী জৰুৰীকালীন অৱস্থা? মানৱতাৰ সন্মুখীন হোৱা প্ৰায় প্ৰতিটো সমস্যাই ভাল স্কুলীয়া শিক্ষাৰ দ্বাৰা উপশম কৰিব পাৰি। উন্নত দেশৰ শিক্ষিত লোকসকলে স্বচ্ছ শক্তিৰ উৎস, মেলেৰিয়াৰ নিৰাময় বা স্মাৰ্ট টাউন প্লেন উদ্ভাৱন কৰাৰ সম্ভাৱনা বেছি। পঢ়ি শুনি বুজিব পৰা পৰা শ্ৰমিকসকল অধিক উৎপাদনশীল হয়। গ্ৰন্থৰ সৈতে সম্পৰ্কিত জনসংখ্যাই জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খাবলৈ সহজে পাৰে। তেওঁলোকৰ সন্তানো কম হ’ব, আৰু তেওঁলোকক ভালদৰে শিক্ষিত কৰিব পাৰিব।
কৰ’না মহামাৰীয়ে শিক্ষা ক্ষেত্ৰত যি বিৰাট ক্ষতি কৰিছে, সেয়া পূৰণ নকৰিলে এই সকলোবোৰ লক্ষ্যত উপনীত হোৱাটো অধিক কঠিন হ’ব৷
ৰাজনীতিবিদসকলে স্কুলীয়া শিক্ষাৰ গুৰুত্বৰ বিষয়ে অন্তহীন কথা কয়, কিন্তু তেওঁলোকৰ শব্দবোৰ তেনেকৈ সস্তীয়া, আৰু উদ্দেশ্য পূৰণৰ বাবে উপযুক্ত ব্যৱস্থা নহয়। যোৱা দশকবোৰত শিক্ষা ক্ষেত্ৰত ব্যয় সামান্য বৃদ্ধি পাইছে যদিও মহামাৰীৰ সময়ত বহু দেশত ব্যয় হ্ৰাস পাইছে। বহু চৰকাৰে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীতকৈ ধনী ছাত্ৰ-ছাত্ৰীৰ বাবে অধিক খৰচ কৰে আৰু ইয়াক এক কলংক বুলিও ক’ব পাৰি।
তদুপৰি শিক্ষাৰ ক্ষেত্ৰত উন্নয়নমূলক সাহায্য অতি কমেইহে হয়। এটা অংশ দাতা দেশৰ নিজা বিশ্ববিদ্যালয়লৈ যায়, দৰিদ্ৰ ঠাইৰ পৰা শিক্ষাগ্ৰহণ কৰিবলৈ অহা তুলনামূলকভাৱে সুখীসকলৰ বাবে বৃত্তিৰ বাবে ধন হিচাপে। এনে আদান-প্ৰদান আদৰণীয়, কিন্তু দৰিদ্ৰ দেশৰ প্ৰাথমিক বিদ্যালয়সমূহক পুঁজিৰ যোগান ধৰাটোৱে অধিক উপকাৰ কৰে।

বিভিন্ন অতি জটিল পৰিৱৰ্তন ধনে কিনিব পৰা বস্তু নহয়। পৰীক্ষা কৰাটো এক বাহ্যিকতা, যাৰ ফলত চৰকাৰবোৰে সাক্ষৰতাৰ মাত্ৰাক অতিৰিক্তভাৱে অনুমান কৰিবলৈ প্ৰয়াস কৰে। শিক্ষা ক্ষেত্ৰত নতুন নতুন শিক্ষক নিযুক্তি দিয়া হৈছে যদিও উপযুক্ত প্ৰশিক্ষণ দিয়া হোৱা নাই। বাওঁপন্থী পশ্চিমীয়াসকলৰ নৈতিক নিশ্চয়তাৰ পৰা আৰম্ভ কৰি জি জিনপিঙৰ চিন্তালৈকে আন যিকোনো বিষয়ৰ শিক্ষাৰ বাবে ঠাই দিব নোৱাৰাকৈ পঢ়া আৰু গণিতৰ পাঠবোৰ বহু সময়ত চুটি কৰা হয়।
যি যি শিক্ষা ব্যৱস্থাৰ উন্নতি হ’ব লাগে, সেই একেই শিক্ষা ব্যৱস্থাৰ মাজেৰে অহা শিক্ষকসকলে প্ৰায়ে পঢ়ুৱাবলৈ সংগ্ৰাম কৰে। তেওঁলোকে স্পষ্ট পাঠ্যক্ৰমৰ পৰিকল্পনা কৰিলে লাভৱান হ’ব, লগতে থমকি ৰৈ পিছ পৰি যোৱা শিশুসকলক সহায় কৰাৰ স্বাধীনতাও লাভ কৰিব।
ইউনিচেফে চলিত বৰ্ষৰ আৰম্ভণিতে কৰা এক সমীক্ষা অনুসৰি বৰ্তমান এক চতুৰ্থাংশ দেশৰ ক’ৰোনা মহামাৰীৰ সময়ত হেৰুওৱা শিক্ষণৰ ক্ষতি ঘূৰাই আনিবলৈ শিশুসকলক সহায় কৰাৰ কোনো পৰিকল্পনা নাই। আনহাতে এক- চতুৰ্থাংশৰ শিক্ষা কৰায়ত্ব কৰা কৌশল অপৰ্যাপ্ত। এসময়ত বিদ্যালয় নিৰ্মাণ আৰু শ্ৰেণীকোঠা ভৰপূৰ কৰিবলৈ যি শক্তি ঢালি দিয়া হৈছিল, সেই শক্তি এতিয়া সেইবোৰৰ ভিতৰত সংঘটিত হোৱা পাঠসমূহৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰা উচিত।
প্ৰত্যাহ্বান কেৱল মহামাৰীৰ ফলত শিক্ষাৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হোৱা প্ৰজন্মৰেই নহয়, ইয়াৰ পিছতো আহিবলগীয়া বিভিন্ন প্ৰজন্মৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছে। ৰাজনীতিবিদ সকলে আৰু শিক্ষাবিদ সকলে লক্ষ্য ৰাখিব লাগিব যাতে কোনো শিশুৱে পঢ়িবলৈ বা শিকিবলৈ স্কুলীয়া দিনবোৰত উজুটি খাব নালাগে।
[headline Image: Unesco]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)