-ড০ ৰাস্না ৰাজখোৱা |
নিখুত সময় কোৱাটো অতিশয় গুৰুত্বপূর্ণ৷ ই আপোনাক ৰাতিপুৱা শোৱাৰ পৰা উঠাত আৰু বাকী কামসমূহ নিয়াৰিকৈ পৰিচালনা কৰাত সহায় কৰাৰ উপৰিও সকলো ক্ষেত্ৰতে, বতাহৰ চলাচলৰ পৰা জি পি এছ প্ৰণালীলৈকে সকলোতে সহায় কৰে৷ যদি সময়টো যথেষ্ঠ নিখুত কৰিব পৰা হ্য়, তেনেহ’লে ইয়াক আনকি মহাকাশ, বহিঃমহাকাশৰ কার্য-প্ৰণালী নিয়ন্ত্ৰণটো ব্যৱহাৰ কৰিব পাৰি৷
কিন্তু সময় কোৱাটো এটা বৃহৎ কাৰিকৰী প্ৰত্যাহ্বান৷ পৃথিৱীৰ সকলো ঘড়ীয়েই কিছু পৰিমাণে অশুদ্ধ৷ যিমানেই আপোনাৰ ঘড়ীটোত টিকটিক শব্দটো জুখিবৰ কাৰণে উচ্চ প্ৰযুক্তি ব্যৱহাৰ নকৰক, সেই টিকটিক শব্দবোৰ পিছলৈ সঠিকভাবে জোখ-মাখ নহয়গৈ৷ সঠিকমাপৰ ছেকেণ্ডৰ কিছু শতাংশ হ’লেও হেৰফেৰ হয়৷
আনকি পাৰমাণৱিক ঘড়ীৰ ক্ষেত্ৰতো—যিবোৰ বিশ্বৰ আনুষ্ঠানিক স্বীকৃতীপ্ৰাপ্ত সময় নিৰূপণ কৰোতা সকলে স্বতন্ত্ৰ পৰমাণুৰ অতি নিখুত দোলন নিৰীক্ষণ কৰি সময়ৰ জোখমাখ কৰে আৰু নির্মাণ কৰে—সেইবোৰো নিখুত নহয়৷ সেইকাৰণে গৱেষকসকলে আগতে নিমার্ণ হোৱা ঘড়ীবোৰতকৈ বেছি নিখুত সময় কোৱা সজুঁলি অর্থা ঘড়ী এটা নিমার্ণ কৰিবলৈ অশেষ চেষ্টা কৰি আছে৷ আৰু বর্তমান প্ৰথমবাৰৰ কাৰণে চীনৰ গৱেষক দল এটাই মহাকাশত চলাই থকা পৰীক্ষা-নিৰীক্ষা আৰু যাবতীয় ঘটনাবোৰৰ কাৰণে আটাইতকৈ নিখুত পাৰমাণৱিক ঘড়ী প্ৰযুক্তি চিত্ৰিত কৰিছে বুলি জুলাইৰ ২৪ তাৰিখে ‘Nature Communications’ জার্নেলত এখন গৱেষণামূলক পত্ৰ প্ৰকাশ কৰিছে৷ চাংঘাই ইন্সিটিটউট অৱ অপক্টিছ (Shanghai Institute of Optics)আৰু চাইনীজ অকাডেমী অৱ চাইন্সৰ ফাইন মেকানিকছৰ দল এটাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে তেওঁলোকে সফলভাৱে পোন্ধৰ মাহতকৈ অধিক দিন শীতল পাৰমাণৱিক ঘড়ী এটা চাইনীজ স্পেছ ষ্টেচন Tiangong-2 ত কার্যকৰী কৰি আছে৷
শীতল পাৰমাণৱিক ঘড়ীত দোলনবোৰ জোখাৰ আগতে বিশেষ কৌশল প্ৰয়োগ কৰি লেজাৰৰ সহায়ত পৰম শূন্য উষ্ণতাৰ ওচৰলৈ উষ্ণতা কমোৱা হয়, কাৰণ খুব কম উষ্ণতা জোখা দোলনৰ সময় যথেষ্ঠ নিখুত আৰু ঘড়ীৰ টিকটিকবোৰ অত্যন্ত সামঞ্জস্য থকা৷ কিন্তু প্ৰকৃততে পৰমাণুবোৰ পৃথিৱীৰ ওপৰত এই উষ্ণতা পোৱাটো অসম্ভৱ, ইয়াক কেৱল মহাকাশযানৰ ভিতৰত আৱদ্ধ কৰিহে কৰিব পৰা গৈছিল৷
শীতল পাৰমাণৱিক ঘড়ীয়ে তেতিয়াহে পৰমাণুৰ কম্পন জুখিব পাৰিব যেতিয়া পৰমাণুবোৰ মুক্তভাৱে অধোগামী হ’ব যাতে আন কাৰো লগত পাৰস্পৰিক ক্ৰিয়া নকৰে৷ গৱেষক দলটোৱে পিছত পৃথিৱীৰ ওপৰত প্ৰয়োজনীয় উষ্ণতাৰ ব্যৱস্থা কৰাত সক্ষম হ’ল যদিও বায়ুৰ কাৰণে পৰমাণুবোৰ অধোগমন হোৱাত পলম হয়৷ গৱেষক দলটোৱে কয় এই ঘড়ীটোৱে মাইক্ৰ মহাকর্ষণ পৰিৱেশত বহু ছেকেণ্ডৰ পৰা বহু মিনিটলৈকে জোখ-মাখ কৰিব পাৰে৷