• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tourism

বিশ্বনাথ ঘাটৰ সৌন্দৰ্য্য 

গৌতম শৰ্মা

by Anjan Sarma
August 18, 2024
in Tourism, Environment, Nature
Reading Time: 3 mins read
0
বিশ্বনাথ ঘাটৰ সৌন্দৰ্য্য 
Share on FacebookShare on TwitterShare on LinkedIn

বিশ্বনাথ ঘাট

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

ঐতিহাসিক আৰু প্ৰাকৃতিক সম্পদৰ সমাহাৰেৰে চহকী উত্তৰ অসমৰ এখন অতি মনোৰম ঠাই হৈছে ইতিহাসপ্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীগাং নদীৰ সংগমস্থলত অৱস্থিত বিশ্বনাথ ঘাট।

পুৰণি শোণিতপুৰ জিলাৰ এটি প্ৰধান মহকুমা আৰু নৱগঠিত বিশ্বনাথ জিলাৰ মাজমজিয়াৰ পৰা প্ৰায় দহ কিলোমিটাৰ দক্ষিণত অৱস্থিত বিশ্বনাথ ঘাট হৈছে পুৰণি অসমৰ এখন পবিত্ৰ তীৰ্থস্থান।
সাধাৰণতে বিশ্বনাথ নগৰখনক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ (উত্তৰ) পাৰতে এই ঐতিহাসিক ঠাইখন অৱস্থিত হোৱা বাবে বহু বছৰজুৰি ইয়াক বিশ্বনাথ ঘাট হিচাপে জানি অহা হৈছে।

অসমৰ ইতিহাসৰ পাতত সমগ্ৰ বিশ্বনাথ ঘাট অঞ্চলটোৰ এক বিশেষ গুৰুত্ব আছে। ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰাই এই ঠাইখনৰ ঐতিহ্য আৰু সৌন্দৰ্যই সকলোকে মুগ্ধ কৰি আহিছে।

ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত এই ঘাটৰ গুৰুত্ব দুগুণে বৃদ্ধিপ্ৰাপ্ত হৈছিল। কিয়নো সমগ্ৰ বিশ্বনাথ অঞ্চলটোৰ পৰা এই বিশ্বনাথ ঘাটেদিয়েই অসমৰ বাহিৰৰ ঠাইসমূহলৈ চাহকে আদি কৰি বিভিন্ন বয়-বস্তুসমূহ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পৰিবহণ কৰা হৈছিল।

অপূৰ্ব ঐতিহাসিক, প্ৰাকৃতিক পৰিৱেশৰ আবেষ্টনীত বহু যুগ ধৰি থিয় হৈ থকা বহুবোৰ ঐতিহাসিক সম্পদ এই বিশ্বনাথ ঘাটতেই আজিকোপতি অক্ষত অৱস্থাত আছে। এককথাত বিশ্বনাথ ঘাট হৈছে অসমৰ সোণোৱালী ইতিহাসৰ পাতত খোদিত হৈ ৰোৱা বহু ঐতিহাসিক ঘটনাপ্ৰবাহৰ চিৰন্তন সাক্ষী।

বিশ্বনাথ ঘাটৰ সৌন্দৰ্য্য 

এই বিশ্বনাথ ঘাটৰ ঐতিহাসিক গুৰুত্ব খুঁচৰি চালে আমি পাওঁ যে, বিশ্বনাথকে কেন্দ্ৰ কৰি এই বৃহৎ বিশ্বনাথ ঘাট অঞ্চলটোৰ সৈতে সংপৃক্ত হৈ ইয়াৰ আশে-পাশে প্ৰায় ত্ৰিশখনমান দ’ল-দেৱালয় আছে।

যিসমূহ হৈছে ক্ৰমে- উমা, চক্ৰেশ্বৰ, হৰিহৰ-কৰ্দমেশ্বৰ, বাসুদেৱ, নাংগলেশ্বৰ, ভৈৰৱেশ্বৰ, বাঘেশ্বৰী, সিদ্ধেশ্বৰ, বিশ্বনাথ, চণ্ডী, কমলেশ্বৰ, শিৱনাথ, মুক্তিনাথ, বানেশ্বৰ বা বৰদ’ল, জাগ্ৰা, প্ৰতাপগড়ৰ বুঢ়ামাধৱ, কালভৈৰৱ, বীৰভদ্ৰ বা বৰলা শিল, জোঙাশিল,পূৰ্বশংকৰ, সুৰ্য্যমাধৱ, অণ্ণপূৰ্ণা, গণেশ, বৃষধ্বজ, কাশীনাথ, উদ্ৰেশ্বৰ, গৌৰীবল্লভ, বিষ্ণু, দুৰ্গাশক্তি, মংগল চণ্ডিকা ইত্যাদি।

উল্লেখনীয় কথাটো হ’ল যে, এইসমূহ ঐতিহাসিক ঠাইৰ বহুকেইখনেই সম্প্ৰতি এই বিশ্বনাথ ঘাটৰ সৌন্দৰ্যক উজলাই ৰাখিছে। মূলতঃ এইসমূহ ধৰ্মকেন্দ্ৰিক হ’লেও ঐতিহাসিক, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক আদি প্ৰতিটো দিশতে যিসমূহৰ বহু গুৰুত্ব আছে। যদি এই ঠাইসমূহক সুন্দৰৰূপত আমি পৰিৱেশন কৰোঁ তেন্তে ইয়াৰ গুৰুত্ব যথেষ্ট বৃদ্ধি হ’ব; আৰু লগতে অসমত পৰ্যটন উদ্যোগটো সম্প্ৰসাৰণৰো এখন নতুন দুৱাৰ খোল খাব।

বিশ্বনাথ ঘাটৰ সৌন্দৰ্য্য 

অন্যহাতেদি, ধৰ্মীয় আৰু ঐতিহাসিক গুৰুত্বৰ বিপৰীতে প্ৰাকৃতিক দিশটো অত্যন্ত চহকী বিশ্বনাথ ঘাট। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযুক্ত হৈ থকা বিশ্বনাথ ঘাটত দেখিবলৈ পোৱা মহাবাহু ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা নান্দনিক সৌন্দৰ্য, বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ সিটো পাৰে জিলিকি ৰোৱা বুঢ়াপাহাৰৰ অন্তহীন সেউজীয়াই আৰু বিশ্বনাথ ঘাটৰ কাষতেই ব্ৰহ্মপুত্ৰৰ এটি সৰু সুতি পাৰ হৈ উপস্থিত হ’ব পৰা উমাটুমুনিৰ সেউজীয়া আৰু শীতলতাই প্ৰকৃতি প্ৰেমীসকলক সদায় বিশ্বনাথ ঘাটলৈ হাতবাউল দি মাতে।

তদুপৰি বিশ্বনাথ ঘাটৰ আশে-পাশে কৰা নৌকা ভ্ৰমণ বৰ ৰোমাঞ্চকৰ; বিশেষক ইয়াত হাত নাওঁৰ যথেষ্ট সুবিধা আছে। অৱশ্যে বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী ফেনফুটুকাৰে বাঢ়ি অহাৰ ফলত এই নৈসৰ্গিকতাত কিছু ম্লান পৰিলেও এয়া অতি ক্ষন্তেকীয়া।

বিশ্বনাথ ঘাটৰ জনপ্ৰিয়তা নিতৌ ইয়ালৈ অহা-যোৱা কৰা লোকসকলে আমাক সদায় কৈ আহিছে। কিন্তু এইখিনিক আৰু অধিক ফলপ্ৰসূ ৰূপত পাবলৈ হ’লে আমাক প্ৰয়োজন আৰু অলপ নতুন উচ্চ চিন্তা-চৰ্চাৰ; যিটো কথাক শেহতীয়া আমাৰ বিশ্বনাথ ঘাট ভ্ৰমণৰ অভিজ্ঞতাই অনুভৱ কৰাই গ’ল। কিয়নো ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা মাত্ৰ ২৬৫ কিলোমিটাৰ দূৰত্বত থকা এই বিশ্বনাথ ঘাট ঠাইখনক পৰ্যটনৰ এখন সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰাৰ বহুখিনি থল এতিয়াও বাকী ৰৈ আছে।

বিশ্বনাথ ঘাটৰ সৌন্দৰ্য্য 

আমাৰ বিচাৰত, সম্প্ৰতি ইয়াৰ শূণ্য পৰ্যটনে ঠাইটুকুৰাক জনমানসৰ পৰা বহুদূৰ নিলাগাই ৰাখিছে। বিশ্বনাথ ঘাটলৈ যোৱা পথটোৰ মেৰামতি এতিয়াও সম্পূৰ্ণৰূপে সকলো দিশৰ পৰা হৈ উঠা নাই। দ্বিতীয়তে, নিজৰ বাহন নহ’লে বিশ্বনাথ নগৰৰ পৰা ইয়ালৈ যাব পৰাটোও বহুজনৰ বাবে অসমৰ্থৰ কথা।

আকৌ বিগত কেইটামান বছৰ ধৰি বিশ্বনাথ ঘাটৰ চৌপাশে অবৈধ লোকসকলৰ আবাসেৰে ভৰি পৰাৰ লগতে উপযুক্ত চোৱাচিতাৰ অভাৱত প্লাষ্টিকজাতীয় বস্তুবোৰ য’তে ত’তে পেলোৱাৰ ফলত ব্ৰহ্মপুত্ৰকে কেন্দ্ৰ কৰি এই বিশ্বনাথ ঘাট ঠাইখনত পৰিৱেশ প্ৰদূষণৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে; যিসমূহ দিশৰ প্ৰতি চকু দিয়াৰ আজি বিশেষ সময় আহি পৰিছে।

অসম চৰকাৰৰ পৰ্যটন বিভাগে যদি সমগ্ৰ অঞ্চলটোৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰি লগতে ঠাইখনৰ উপযুক্ত প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে নিশ্চিতভাৱে ইয়াৰ স্থানীয় লোকসকলৰ পৰা পৰ্যটন উদ্যোগটোও যথেষ্ট লাভৱান হ’ব।

লগতে ঐতিহ্য, সংস্কৃতি আৰু ধৰ্মীয় দিশটো বিশ্বনাথ ঘাট অঞ্চলটোৰ গুৰুত্ব আগতকৈ বৃদ্ধি পাব। ইয়াৰ বাবে প্ৰয়োজন সংশ্লিষ্ট পক্ষ আৰু বিশ্বনাথ ঘাটৰ স্থানীয় ৰাইজৰ এক সন্মিলিত প্ৰচেষ্টাৰ।

[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক, ফোন: ৯৯৫৪০ ০০২০০]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 
Climate Change

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

by Astha Bharadwaj
August 17, 2026
0

Hakama Beel: A Community’s Effort to Protect a Changing Wetland  Astha Bharadwaj There are places that become part of us...

Read moreDetails
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d