-নীহাৰিকা গোস্বামী |
সকলো উৎসৱৰেই সৃষ্টি হৈছে কৃষিভূমিত। উৎসৱবোৰৰ স্ৰষ্টা হৈছে গাঁৱৰ কৃষক-গঞা। কিন্তু আজি পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে কৃষকৰ খেতি কৰিবলৈ মাটি নাই। বানে গৰকা অসমত হাজাৰটা সমস্যাত ভাৰাক্ৰান্ত আজি গঞা ৰাইজ। গঞা ৰাইজৰ প্ৰাণ আছিল এই উৎসৱবোৰ। কিন্তু উৎসৱক আদৰাৰ তেওঁলোকৰ শকতি নাই। উৎসৱবোৰ হৈ পৰিছে আজি পণ্য। বজাৰত বিক্ৰী হয় দুৰ্গা—আঢ়ৈশ টকাৰ দুৰ্গা, পাঁচশ টকাৰ দুৰ্গা, পাঁচ হাজাৰ টকাৰ দুৰ্গা, পাঁচ লাখ টকাৰ দুৰ্গা, আলোকসজ্জিত মিনাৰৰ দুৰ্গা—মুকেশ আম্বানীৰ দুৰ্গা, নৰেন্দ্ৰ মোদীৰ দুৰ্গা…।
গঞা ৰাইজৰ প্ৰণোৎসৱ আজি বণিয়াৰ বাণিজ্যিক পণ্য। কেলেণ্ডাৰৰ পাত বাগৰি বাগৰি শৰৎ কালত দুৰ্গা আহে ঠিকেই, কিন্তু নাহে চাৰিটাকৈ বানত বিধ্বস্ত অসমৰ অৰ্ধাহাৰী, অনাহাৰী খেতিয়কৰ পৰিয়াললৈ। দুৰ্গা আহে শ্বপিং মললৈ, দুৰ্গা আহে নতুন গাড়ীৰ অফাৰ লৈ, দুৰ্গা আহে ছেনছেক্স, ইনডেক্স আৰু কৰ্প’ৰেটৰ চিকমিকনিলৈ। দুৰ্গা হৈ থাকে আহিনৰ বানে চেলেকা মৰুসদৃশ পথাৰখনত এজনী নান, অৰ্ধহাৰা যুৱতী হৈ…।
এয়া এক বাস্তৱ চিত্ৰ আজিৰ উৎসৱৰ, আজিৰ এই শাৰদীয় উৎসৱৰ। অসমীয়াৰ প্ৰাণৰ প্ৰতিটো উৎসৱৰেই আজি এইখনেই উলংগ ছবি। ডাঙৰ ডাঙৰ হৰ্ডিঙত স্পনছৰশ্বিপ, বিজ্ঞাপনেৰে দুমাহ-তিনিমাহ আগৰপৰাই আৰম্ভ হয় দুৰ্গাদেৱীক আৱাহনৰ আয়োজন। অনলাইন শ্বপিং এপত প্ৰতিনিয়ত নটিফিকেছন আহে ‘‘পূজা চেল’’, ‘‘পূজা ধামাকা’’, ‘‘ফেটি ছিজন’’ অফাৰৰ। অৱশ্যে এইবোৰে চুব নোৱাৰে সমাজৰ সৰ্বসাধাৰণক। বিশ্বায়নৰ কৱলত আজি দুৰ্গাপূজা এক কোটিটকীয়া ব্যয়বহুল কাৰবাৰ। ধৰ্মীয়, আধ্যাত্মিকতা আদি দিশৰপৰা শতযোজন দূৰত অৱস্থান কৰে আজিৰ দুৰ্গাপূজাই, কনজিউমাৰিজমৰ কৱলত পৰি অসহায় অৱস্থাত আজিৰ দুৰ্গাদেৱী।